কাটাৰৰ ডায়েৰী– ২১ (-ডা০ ভূপেন শইকীয়া)

 

কাটাৰলৈ আহি কোনোবাই যদি মিউজিয়াম অৱ ইচলামিক আাৰ্টচ চমুকৈ ‘মিয়া’ নোচোৱাকৈ গুছি যায়, তেতিয়া হ’লে ক’ব লাগিব তেওঁৰ ভ্ৰমণ সঁচাই আধৰুৱা থাকি গ’ল৷ কাটাৰৰ বৰ্তমানৰ শাসক শ্বেইখহামাড বিন খলিফা অল থানিৰ সপোন হ’ল কাটাৰক এক সংস্কৃতিৰ ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰা৷ ড’হাক বিশ্বৰ সৈতে সংলগ্ন কৰা আৰু গোটেই বিশ্বক ড’হালৈ চপাই অনা৷ মিয়াৰ স্ৰষ্টা হল আধুনিক আৰ্কিটেক্সাৰৰ গুৰু আখ্যা পোৱা আই এম পাই৷৯০বছৰ বয়সতো ৬মাহ ধৰি মুছলিম বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰি নানান তথ্য আহৰণ কৰি এই মিউজিয়ামৰ কামত হাত দিয়ে৷ আই এম পাইৰ জন্ম ১৯১৭ চনত চীন দেশত হৈছিল৷ স্কুলীয়া শিক্ষা চীনৰ শ্বাঙ্ঘাই চহৰত শেষ কৰি ১৯৩৫ চনত আৰ্কিটেক্সাৰ শিক্ষাৰ বাবে আমেৰিকাত ভৰি দিয়ে৷ ১৯৪০ চনত আৰ্কিটেক্সাৰৰ স্নাতক ডিগ্ৰী লাভ কৰে৷১৯৪২চনত হাভাৰ্ড বিশ্ববিদ্যালয়ত আৰ্কিটেক্সাৰ পঢ়ি থকা এলিয়েন ল’ৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু আমেৰিকাতেই ব্যস্ততা পূৰ্ণ কৰ্ম জীৱন আৰম্ভ কৰে৷এই দম্পত্তিহালৰ তিনিটি সন্তানৰ দুটিয়েই সফল আৰ্কিটেক্ট৷ নানান দেশৰ পৰা বিভিন্ন সন্মানেৰে বিভূষিত আই এম পাইৰ উল্লেখযোগ্য কৃতীসমূহ হ’ল : ব’ষ্টনৰ জন এফকেনেডী লাইব্ৰেৰী, পেৰিচৰ নেশ্বনেল গেলেৰী অৱ আৰ্টচ, হংকঙৰ বেংক অৱ চাইনা টাৱাৰ আৰু ড’হাৰ মিউজিয়াম অৱ ইচলামিকআাৰ্টচ ৷

ড’হাৰ মিউজিয়াম অৱ ইচলামিকআাৰ্টচ সৰ্বসাধাৰণ ৰাইজৰ বাবে ৮ ডিচেম্বৰ ২০০৮ তাৰিখে মুকলি কৰা হয়৷ড’হাৰ পাৰস্য সাগৰৰ ভিতৰলৈ এটা অংশ সোমাই থকা এই মিউজিয়ামৰ মাটিকালি হ’ল ৪৫০০০ বৰ্গ মিটাৰ৷ মিউজিয়ামৰ বাবে সমল সংগ্ৰহ আৰম্ভ হৈছিল ১৯৮০ চনৰ পৰা৷ বিভিন্ন দেশৰ পৰা ইয়াত সংগৃহীত সামগ্ৰীসমূহে প্ৰায় দেৰ হাজাৰ বছৰ সন্নিবিষ্ট কৰি লৈছে৷ সামগ্ৰীসমূহ ঘাইকৈ ইজিপ্ত, ইৰাক,ইৰাণ, টাৰ্কি,স্পেইন,ভাৰত আৰু মধ্য এচিয়াৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰা৷ কেইবামহলীয়া মিউজিয়ামৰ ভিতৰত সুন্দৰ আৰু পৰিপাটিকৈ বৰ্ণনা সহ সজাই থোৱা আছে পুৰণি গ্ৰন্থ, কাঠৰ-ধাতুৰ-ৰূপৰ-হাতী দাঁতৰ নিৰ্মিত সামগ্ৰী, বস্ত্ৰ,আ-অলংকাৰ, মণি মুকুতা আদি৷ মিউজিয়ামৰ ভিতৰত আছে লাইব্ৰেৰী, চ’ভেনিয়াৰ বিক্ৰী কেন্দ্ৰ আৰু কেইবাখনো ৰেষ্টু’ৰা৷ কেইবা ঠাইতো তথ্যচিত্ৰৰ প্ৰদৰ্শন চলি থাকে৷ প্ৰৱেশ বিনামূলীয়া৷ ফটো তোলাত কোনো বাধা নিষেধ নাই৷ মঙলবাৰ সাপ্তাহিক বন্ধৰ বাদে অইন দিনা পুৱা দহ বজাৰ পৰা নিশা এঘাৰ বজালৈ মিউজিয়াম খোলা থাকে৷ মিউজিয়াম ভৱনটোৰ অন্তঃগাথনি চাবলগীয়া৷ ইতিহাস, দৰ্শন, আৰ্কিটেক্ট, ডিজাইন আৰু টুৰিজমৰ ছাত্ৰৰ বাবে ইয়াত অধ্যয়নৰ অনেক সমল ওলাব৷ প্ৰৱেশদ্বাৰত আপোনাক আদৰিব সুদৃশ্য পানীৰ ফোঁৱাৰাই৷ মিউজিয়ামৰ পৰাই অৰ্ধচন্দ্ৰাকাৰ কৰনীচৰ মোহনীয় দৃশ্য দেখিবলৈ পাব৷ সাগৰত চলা নানা ধৰণৰ সৰু বৰ নৌকাৰ দৃশ্যও উপভোগ কৰিব পাৰে৷ সন্ধিয়া হোৱাৰ পিছৰ পৰা নানা ৰঙী লাইটৰ পোহৰে গোটেই পৰিবেশ মায়াবী কৰি তোলে৷ মিউজিয়ামত সংলগ্ন হৈ আছে তাল, খেজুৰ আৰু নানা গছ গছনি আৰু ফুলেৰে আৱৰা বিশাল পাৰ্ক৷ পৰিষ্কাৰ সেউজী ঘাঁহনিৰ দলিচাত বহি আপুনি আপোন পাহৰা হব পাৰে নাইবা সন্ধিয়া বহা হাটত আৰবী সংস্কৃতিৰ পৰিচায়ক সৰু ডাঙৰ কিবা স্মৰণিকাও সংগ্ৰহ কৰিব পাৰে৷

অৰ্ধচন্দ্ৰাকাৰ কৰনীচৰ সাগৰৰ পাৰৰ এটা কোণত আছে মিউজিয়াম অৱ ইচলামিকআাৰ্টচ আৰু আনটো কোণত আছে “ম্যেশ্বইৰেব এনৰিচমেন্ট চেন্টাৰ” নামৰ আন এক চাবলগীয়া যাদুঘৰ৷এই যাদুঘৰকো পাৰস্য সাগৰে আৱৰি ৰাখিছে৷ওচৰত আছে ড’হাৰ এক বিখ্যাত আৰু পুৰণি হোটেল – “হোটেল শ্বেৰাটন”৷ ইয়াত ঘাইকৈ কাটাৰৰ বিবৰ্তনৰ চিত্ৰায়ণ কৰা হৈছে৷ নানান ডকুমেন্টৰী, নতুন আৰু প্ৰাচীন গ্ৰন্থ, পৌৰাণিক স্মাৰক বা সংগৃহীত সমলৰ সহায়ত কাটাৰৰ অতীত,বৰ্তমানআৰু ভবিষৎ অনুসন্ধিৎসু দৰ্শকক সহজকৈ বুজাবৰ ব্যৱস্থা কৰা হৈছে৷ইতিহাস, ইচলামিক দৰ্শন আৰু আৰ্কিটেক্সাৰৰ ছাত্ৰৰ অধ্যয়নৰ বাবে অনেক সমল এই মিউজিয়ামত উপলব্ধ৷ ওচৰৰ বিশাল ঘাঁহনি আৰু ফুলনিয়ে গোটেই পৰিবেশটো মোহনীয় কৰি ৰাখিছে৷ ইয়াত প্ৰবেশ কৰিবলৈও কোনো মাচুল নালাগে৷ কাটাৰক জানিবলৈ ইচ্ছুক যি কোনো লোকে এই দুয়োটা মিউজিয়াম অৱশ্যেই চাব লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!