কে এফ চি!! (কৌৰচ্ ফ্ৰাইদ চিকেন ) -উৎপলা কৌৰ

কে.এফ. চি.ত পোৱা মচমচীয়া ভজা মাংস খাই বৰ ভাল লাগে।কিন্তু সদায় কিনি খোৱা পেট আৰু পকেট দুয়োটাৰ বাবেই বেয়া। ঘৰতে উপলব্ধ উপকৰণেৰে তেনেকৈ ভাজিবলৈ চেষ্টা কৰাত ফলাফল বেয়া নহ’ল আৰু সোৱাদটোও প্ৰায় ওচৰে পাজৰেই গ’ল।

KFC
সামগ্ৰী:
আধা কেজি ব্ৰইলাৰ(বুকুৰ অংশ হ’লে ভাল , ঠেং দিলে মেৰিনেট কৰাৰ আগত কটাৰিৰে খুচি ল’ব আৰু আধা ভজা হওঁতে কেৰাহিৰ পৰা নমাই ১-২মিনিট মাইক্ৰৱেভত ৯০০পাৱাৰত গৰম কৰি ল’ব তাৰ পাছত পুনৰ ভাজিব) মধ্যম আকাৰত কটা,
সৰু চাহ চামুচেৰে একোচামুচকৈ আদা বটা, নহৰু বটা জোখমতে নিমখ, আৰু দুচামুচমান চয়াচচ সানি মাংসখিনি আধাঘণ্টা মান থৈ দিব।আধাঘণ্টাৰ পাছত মাংসৰ পৰা বাহিৰ হোৱা পানী সাৱধানেৰে পেলাই দিব। এতিয়া একাপমান কৰ্নফ্ল’ৰ সানিব মাংসখিনি শুকান যেন লগালৈকে। বেলেগ এটা বাতিত কণী এটা ফেটি লওক আৰু মাংসখিনিত দিয়ক। শুকান হাতেৰে ক’ৰ্ণফ্লেকচ আধা গুড়ি কৰি লওক।মাংস এডোখৰ এডোখৰকৈ কৰ্নফ্লেকচত লেটিয়াই কম জুইত ভাজক। নমোৱাৰ আগে আগে জুই বঢ়াই টিচু পেপাৰত সাৱধানে টুকি থওঁক…চাট মচলা চটিয়াই চচ বা ধনিয়াৰ চাটনিৰে সেমেকা শীতৰ ৰাতিত উপভোগ কৰক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!