গ্ৰন্থ সমালোচনা – “অশ্বিন ভিলা” (-পদ্মিনী হাজৰিকা)

 

aswin villa 1aswin villa2

ধৰ্মক লৈও চলে ৰাজনীতি । এনে ৰাজনীতিয়ে সাধাৰণ মানুহৰ জীৱনত যি বিষবাস্প ছটিয়াই দিয়ে, তাৰে শেষ পৰিণতি অতি ভয়াবহ । সেয়েহে ‘অশ্বিন ভিলা’ নামৰ উপন্যাসখন্ত উপন্যাসিকা পূৰবী বৰুৱাই লিখিছে “ ধৰ্মনিৰপেক্ষ চৰকাৰৰ বাবেও যে জেহাদীসকলৰ ৰম্যভূমিত পৰিণত হৈছে কাশ্মীৰ ।” উল্লেখ্য যে, কাশ্মীৰৰ ধৰ্মীয় মৌলবাদ বা সন্ত্ৰাসবাদৰ পৰিস্থিতি নতুন কথা নহয় । এই মৌলবাদে বছৰ বছৰ ধৰি কাশ্মীৰৰ জনজীৱন বিপৰ্যস্ত কৰি আহিছে । যাৰ বাবে ভিন্ন ধৰ্মাৱলম্বীৰ মাজত সৃষ্টি হৈছে বিভেদৰ। আৰু এই বিভেদে ৰূপ লৈছে কাশ্মীৰত বিছিন্নতাবাদৰ । এগৰাকী সংবেদনশীল লেখিকা হিচাপে পৰিচয় থকা লেখিকা পূৰবী বৰুৱাৰ নৱতম উপন্যাস “অশ্বিন ভিলা”, তাৰে বহিঃপ্ৰকাশ; য’ত কাশ্মীৰৰ সাম্প্ৰদায়িক বিছিন্নতাবাদৰ কিছু প্ৰতিচ্ছৱি উপন্যাসিকতাই খুউৱ গভীৰ, মৰ্মস্পৰ্শী, সংবেদন্শীল ভাষাৰে উদ্ভাসিত কৰিছে । সঁচা অৰ্থত, সন্ত্ৰাসবাদ আৰু সাম্প্ৰদায়িক গোড়ামিৰ কাহিনীক প্ৰেমৰ কাহিনীৰ মাজেৰে ৰূপায়িত কৰা এখন অসমীয়া উপন্যাস এই “অশ্বিন ভিলা”। উপন্যাসখনত চিত্ৰিত কৰা আদ্ৰিকা ইৰফান, চালেহা আদিৰ চৰিত্ৰসমূহ খুৱ বাস্তৱৰূপত ফুটাই তুলিছে লেখিকাই । সাম্প্ৰদায়িক সংঘৰ্ষই কঢ়িয়াই অনা ধ্বংস, মৌলবাদে জন্ম দিয়া ভয় আৰু বিছিন্নতা – এই ঋণাত্মক পৰিস্থিতিবোৰৰ কৱলত পৰি অদ্ৰিকা আৰু তাইৰ বান্ধৱী চালেহাৰ মাজত কেনে এক প্ৰাচীৰ সৃষ্টি হৈছিল, তাৰ বৰ্ণনাই উপন্যাসখন পঢ়া প্ৰত্যেককে উদ্বেলিত কৰিব ।
সাম্প্ৰতিক সময়তো অসম তথা দেশৰ চৌপাশে ধৰ্মক লৈ চলা ৰাজনীতি, তাৰ জটিলতা আদিৰ সম্ভাৱনাই লেখিকা পূৰবী বৰুৱাকো ব্যাকুল কৰি তুলিছে। কাশ্মীৰৰ দৰে ভয়াৱহতা ক’তো নহওক, সেই আশা লৈয়ে লেখিকাই “অশ্বিন ভিলা”ৰ ছৱি আঁকিছে। এনে পৰিপ্ৰেক্ষিততে ‘অশ্বিন ভিলা’ ই বহন কৰা বাৰ্তাৰ গুৰুত্ব অনেক । সেই কাৰণতে গ্ৰন্থখনৰ প্ৰকাশক “বনলতা’’ ধন্যবাদৰ পাত্ৰ ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!