কিতাপ এখনৰ বেটুপাতটো দেখিয়েই কিতাপখনৰ সমালোচনা নকৰিবা-(অঞ্জল বৰা )

কিতাপ এখনৰ বেটুপাতটো দেখিয়েই কিতাপখনৰ সমালোচনা নকৰিবা
-অঞ্জল বৰা

সাধাৰণ ঘৰত তৈয়াৰ কৰা সাজ−সজ্জাৰে এগৰাকী মহিলা আৰু তেওঁৰ গিৰিয়েকে বুষ্ট’ন চহৰত ট্ৰেইনৰ পৰা নামিল আৰু কোনো ধৰণৰ আগতীয়া অনুমতি নোলোৱাকৈ হাৰভাৰ্ট বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বাহিৰৰ কোঠাত উপস্থিত হ’ল৷

উপাচাৰ্যৰ ব্যক্তিগত সচিবজনে কিছুসময়লৈ তেওঁলোকক লক্ষ্য কৰিলে আৰু হাৰভাৰ্টত তেওঁলোকৰ কোনো ধৰণৰ কাম নাই এনে ভাৱত পুনৰ নিজৰ কামত নিমগ্ন হ’ল৷

∀আমি উপাচাৰ্যক লগ কৰিব বিচাৰোঁ,” মানুহজনে লাহেকৈ ক’লে৷
∀তেওঁ গোটেই দিনটো ব্যস্ত থাকে,” সচিবজনে গেঙেৰি মাৰি উঠিল৷
∀আমি অপেক্ষা কৰিম,” মহিলাগৰাকীয়ে উত্তৰ দিলে৷

চাৰি ঘণ্টা ধৰি সচিবজনে তেওঁলোকক উপেক্ষা কৰিলে৷ কিন্তু তথাপি তেওঁলোক তাৰ পৰা আঁতৰি নোযোৱাত সচিবজনে অতি কঠোৰভাৱে তেওঁলোকলৈ চালে আৰু উপায় নাপায় শেষত উপাচাৰ্যক আমনি দিয়াটোকে সিদ্ধান্ত কৰিলে৷ যদিও এইটো তেওঁৰ দৈনন্দিন কাম যাক তেওঁ সদায় মানি চলিব লাগে৷

∀তেওঁ ওলাই যোৱাৰ আগতে কিছু মিনিটৰ বাবে তেওঁক দেখা কৰিবলৈ দিব পাৰে” মহিলাগৰাকীয়ে সচিবজনক ক’লে৷
মানুহজনে কোনো কথা নকৈ মাথো মুৰ দুপিয়ালে৷ নিশ্চিতভাৱে তেওঁৰ পছন্দৰ যিকোনো ব্যক্তিকে তেওঁ ইমান সময় অপেক্ষা কৰিবলৈ নিদিয়ে, কিন্তু তেওঁৰ কোঠাত সাধাৰণ সাজ−সজ্জাৰে অহা মানুহহালক তেওঁ কোনো গুৰুত্ব দিব বিচৰা নাছিল৷

উপাচাৰ্যই গহীনভাৱেৰে মুৰ তুলিলে আৰু মানুহহালক ভালদৰে লক্ষ্য কৰিলে৷

মহিলাগৰাকীয়ে তেওঁক ক’লে, “আমাৰ এজন ল’ৰা এবছৰ ধৰি হাৰভাৰ্টত আছিল৷ তেওঁ হাৰভাৰ্টত বৰ ভাল পাইছিল৷ তেওঁ ইয়াত বহুত সুখী আছিল৷ কিন্তু যোৱা বছৰ এটা দুৰ্ঘটনাত তেওঁৰ মৃত্যু হ’ল৷ মোৰ স্বামী আৰু মই তেওঁৰ স্মৃতিত বিশ্ববিদ্যালয়ৰ চৌহদত কিবা এটা কৰিব বিচাৰোঁ৷∀

উপাচাৰ্যজনক কথাটোৱে কোনো স্পৰ্শ কৰিব নোৱাৰিলে…. মাথো তেওঁ আচৰিত হ’ল৷

∀মহাশয়া,” লাহেকৈ তেওঁ ক’লে, “আমি হাৰভাৰ্টত অধ্যয়ন কৰা প্ৰত্যেকজন ছাত্ৰৰ মৃত্যুৰ পিছত এটা স্মৃতিস্তম্ভ তৈয়াৰ কৰাৰ বাবে অনুমতি দিব নোৱাৰোঁ, যদি আমি ইয়াক কৰিবলৈ দিও, এই ঠাইখন কবৰস্থানৰ দৰে হৈ পৰিব৷∀

∀অ’ নহয়,” মহিলাগৰাকীয়ে তৎক্ষণাত উত্তৰ দিলে, “আমি কোনো স্মৃতিস্তম্ভ নিৰ্মাণ কৰিব বিচৰা নাই৷ আমি আশা কৰিছোঁ হাৰভাৰ্টৰ এটা ভৱন নিৰ্মাণ কৰি দিওঁ৷∀

উপাচাৰ্যগৰাকীয়ে চকু দুটা চাৰিওফালে ঘূৰালে৷ তেওঁ সাধাৰণ সাজ−সজ্জাৰে তেওঁৰ সন্মুখত বহি থকা মানুহহালক চালে আৰু ক’লে. ∀এটা ভৱন!! আপোনালোকৰ কোনো ধাৰণা আছেনে যে এটা ভৱন নিৰ্মাণৰ বাবে কিমান টকা খৰছ হ’ব পাৰে? আমি হাৰভাৰ্টৰ মাত্ৰ এটা খালী ভৱন নিৰ্মাণৰ বাবত চাৰে সাত মিলিয়ন ডলাৰ খৰছ কৰিছোঁ৷∀

কিছু সময়ৰ বাবে মহিলাগৰাকী মনে মনে থাকিল৷

উপাচাৰ্যজনে ভাবিলে তেওঁলোক এতিয়া ইয়াৰ পৰা নিশ্চয় উঠি যাব৷

মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ পিনে ঘূৰিলে আৰু লগে লগে ক’লে, “এইখিনি মাত্ৰ পইচা খৰছ কৰিলেই কি এখন বিশ্ববিদ্যালয় আৰম্ভ কৰিব পাৰি?” তেন্তে কিয় আমি নিজেই এখন বিশ্ববিদ্যালয় আৰম্ভ নকৰোঁ? তেওঁৰ স্বামীয়ে মুৰ দুপিযালে৷

উপাচাৰ্যজনৰ মুখ চিন্তাৰে ভৰি পৰিল আৰু বিবুদ্ধি হ’ল৷ মিষ্টাৰ আৰু মিচেচ লেলাণ্ড ষ্টেনফ’ৰ্ড থিয় হ’ল আৰু লাহেকৈ তাৰ পৰা আঁতৰি আহিল৷ কেলিফৰ্ণিয়াৰ পলো অল্টোলৈ ঘুৰি আহিল আৰু তেওঁৰ সন্তানৰ স্মৃতি চিহ্ন হিচাপে ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিলে৷ যি বহু বছৰ ধৰি হাৰভাৰ্টৰ সমকক্ষ হিচাপে আত্মপ্ৰকাশ কৰি আহিছে৷

আপুনি সহজতে কাৰোবাৰ বাহ্যিকতাখিনি দেখি চৰিত্ৰ বিশ্লেষণ কৰিব পাৰে, কিন্তু তেওঁ কেনেকৈ চিন্তা কৰে তাক কেতিয়াও বিশ্লেষণ কৰিব নোৱাৰে৷
(ইংৰাজীৰ অনুবাদ)

জীৱনৰ উদ্দেশ্য

জীৱনৰ প্ৰতি হতাশ হৈ এদিন মই এই পৃথিৱীৰ সকলো মায়া−মমতা, সকলো সম্বন্ধ, মোৰ বন্ধু−বৰ্গক এৰি থৈ জীৱনটো শেষ কৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ কিন্তু যোৱাৰ আগতে মই শেষবাৰৰ বাবে ভগৱানৰ লগত কথা পাতিবলৈ এখন হাবিলৈ যাবলৈ ঠিক কৰিলোঁ৷

“ভগৱান∀ মই সুধিলোঁ, ∀মই এই পৃথিৱীখন এৰি যাব নলগাৰ এটা ভাল কাৰণ মোক দিব পাৰিবনে?”

তেওঁ আচৰিত হৈ মোক ক’লে ∀চাৰিওফালে চোৱাচোন, তুমি ঢেঁকীয়া আৰু বাঁহগছবিলাক দেখিছানে?”
“হয়∀, মই উত্তৰ দিলোঁ৷

যেতিয়া মই ঢেঁকীয়া আৰু বাঁহগছৰ বাবে গুটি পচাও, তেতিয়া মই দুয়োটাৰে বাবে সমানেই যত্ন লওঁ৷ মই দুয়োটাতে সমানেই পোহৰ আৰু পানী দিওঁ৷ ঢেঁকীয়াজোপা অতি সোনকালে মাটিৰ ভিতৰৰ পৰা গজি উঠে আৰু ই গোটেই হাবিখন সেউজীয়া কৰি তোলে৷ কিন্তু তেতিয়ালৈকে বাঁহৰ বীজটোৰ পৰা একো অংকুৰ ওলাই নাহে৷ সেইবুলি মই তাক মাটিৰ ভিতৰৰ পৰা উলিয়াই পেলাই নিদিওঁ৷ এটা বছৰৰ পিছত ঢেঁকীয়াজোপাই অনেক নতুন ঢেঁকীয়াৰ জন্ম দিয়ে আৰু আগতকৈ অধিক বিস্তৃত ৰূপত হাবিডৰা আৱৰি ধৰে৷ কিন্তু তেতিয়াও বাঁহৰ গুটিটোৰ পৰা কোনো অংকুৰ ওলাই নাহে৷ মই তেতিয়াও তাক মাটিৰ পৰা উলিয়াই নেপেলাওঁ৷ তিনিবছৰৰ পিছতো বাঁহৰ গুটিৰ একো পৰিৱৰ্তন নহয়৷ কিন্তু মই তেতিয়াও অপেক্ষা কৰোঁ৷ চাৰিবছৰৰ পিছতো একেদৰে কোনো পৰিৱৰ্তন নহয়৷ তথাপি মই হতাশ নহওঁ৷ পাঁচবছৰৰ পিছত বাঁহৰ গুটিটোৰ পৰা এটা সৰু অংকুৰ বাহিৰ হয়৷ ঢেঁকীয়াৰ তুলনাত ই অতি সৰু আৰু চকুত নপৰা… কিন্তু ছয় মাহৰ পিছতেই সেই অংকুৰটো ১০০ ফুট ওখ হৈ পৰে৷ মই সেই অংকুৰটোৰ বাবে পাঁচবছৰ অপেক্ষা কৰিলোঁ৷ সেই বীজটোৱে তাৰ
পৰিৱেশৰ লগত যুঁজিবলৈ মাটিৰ তলতে পাঁচবছৰে শক্তি সংগ্ৰহ কৰি আছিল৷ যাৰ বাবে মই ইয়াৰ পিছত কোনো ধৰণৰ সহায় কৰিব লগা হোৱা নাছিল আৰু সি সকলো প্ৰত্যাহ্বান স্বীকাৰ কৰি আগুৱাই যাবলৈ সক্ষম হৈছিল৷ ভগৱানে মোক ক’লে৷ তুমি জানানে? তুমি তোমাৰ জীৱনৰ সেই সকলো সময় মাথো সংগ্ৰাম কৰি আছিলা৷ তুমি প্ৰকৃততে বাঁহজোপাৰ দৰে বীজৰ অৱস্থাতে
আছিল৷ যাক মই উলিয়াই পেলোৱা নাছিলোঁ৷ সেয়ে আজিও মই তোমাক এই পৃথিৱীৰ পৰা আঁতৰাই নপঠিয়াওঁ৷ আনৰ লগত নিজকে কেতিয়াও তুলনা নকৰিবা৷ তেওঁ ক’লে৷ বাঁহ আৰু ঢেঁকীয়া দুয়োজোপাকে বেলেগ বেলেগ কামৰ বাবে তৈয়াৰ কৰা হৈছে৷ যদিও দুয়োজোপাই হাবিখন একেদৰেই শুৱনি কৰি আছে৷
“তোমাৰো সময় আহিব, তুমি ওখ হৈ গৈ থাকিবা৷” ভগৱানে মোক ক’লে৷
“মই কিমান ওখ হ’ব পাৰিম?” মই ভগৱানক সুধিলোঁ৷
“বাঁহজোপা কিমান ওখ হ’ব পাৰিব?” ভগৱানে মোক ওলোটাই প্ৰশ্ন কৰিলে৷
“সি যিমান পাৰে সিমান হ’ব পাৰিবনে?” মই প্ৰশ্ন কৰিলোঁ৷
“হয়”, তেওঁ ক’লে, “তুমি যিমান ইচ্ছা কৰা সিমান ওখ হৈ মোক গৌৰাবাম্বিত কৰি তোলা৷∀
মই হাবিৰ পৰা ওলাই আহিলোঁ আৰু এই কাহিনীটো লিখি উলিয়ালোঁ৷ মই আশা কৰোঁ এই কাহিনীটোৱে আপোনালোকক এই কথা জনাত সহায় কৰিব যে, ভগৱানে কেতিয়াও আমাক আত্ম−সমৰ্পণ কৰিবলৈ নিদিয়ে৷ তেওঁ কেতিয়াও আমাক হতাশাগ্ৰস্ত হ’বলৈ শিক্ষা নিদিয়ে !!
(অনুবাদ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!