বিষয়-কবিতা; কিছু ব্যক্তিগত অনুভৱ – (নিবেদিতা হাজৰিকা)

(কাব্য সাহিত্য বিশেষ)

বিষয়-কবিতা; কিছু ব্যক্তিগত অনুভৱ
– নিবেদিতা হাজৰিকা

‘কাব্য সাহিত্য’ এই সংখ্যাৰ সাহিত্য ডট অৰ্গৰ মূল বিষয়টো দেখিয়েই মনটো ভাল লাগি গৈছিল। কিয়নো অকব-ৰ মজিয়াত আন বিষয়ৰ দৰে কবিতা বিষয়ক লেখা, কবিতাৰ আলোচনা-সমালোচনা আদি হ’ব লাগে বুলি বহুদিনৰ পৰাই আলোচিত হৈ আহিছিল আৰু আমিও তাত পূৰ্ণ সমৰ্থন জনাইছিলোঁ। ১৬ ডিচেম্বৰ,২০১২ ত গুৱাহাটীত হোৱা অকব-ৰ ‘বনভোজ আৰু সাহিত্যৰ আড্ডা’তো বিষয়টো আমি আলোচনা কৰিছিলোঁ তিনিজনকৈ প্রশাসকৰ উপস্থিতিত। সেয়েহে ভাল লাগিছিল এইবাৰৰ মূল বিষয়টো জানি। লগতে ভাল লাগিছিল সম্পাদকদ্বয় ( মিতালী বৰ্মন আৰু উচ্চজিত কলিতা)-ৰ নাম দেখি। কাৰণ আমাৰ দৃঢ় বিশ্বাস যে তেখেতসকলৰ অভিজ্ঞ সম্পাদনাত কবিতাপ্রেমী সকলে এটি সুন্দৰ সংখ্যা উপহাৰ পোৱাটো নিশ্চিত। কবিতাৰ বিষয়ে আমি নিজে লিখাৰ কথা ভাবিবই নোৱাৰোঁ। কিন্তু আগ্রহেৰে অপেক্ষা কৰি আছিলোঁ সাহিত্য ডট অৰ্গৰ এই বিশেষ সংখ্যাটিলৈ। হঠাতে এটি ব্যক্তিগত বাৰ্ত্তা পালোঁ সম্পাদক মিতালী বৰ্মনৰ পৰা। তেখেতে মোৰ পৰাও কবিতাৰ বিষয়ে তথ্য সমৃদ্ধ এটি লেখা বিচাৰিছে। কিন্তু মই নিজে ভালকৈয়ে জানো, তেনে এটি লেখাৰ বাবে মোৰ ওচৰত অধ্যয়ন আৰু অভিজ্ঞতা দুয়োটাৰে অভাৱ। সেয়েহে সেই সময়ত যেনেকৈ মনলৈ আহিল তেনেকৈয়ে মোৰ অপাৰগতা প্রকাশ কৰিলোঁ যদিও তেখেতে নামানিলে। ক’লে- “আপুনিও ভাল কবিতা লিখে…আপুনি কবিতা কিয় লিখে? কবিতা লিখিবলৈ ক’ৰপৰা অনুপ্রেৰণা পায়? আপোনাৰ মতে কবিতা মানেনো কি? এই কথাখিনি সামৰিয়ে কিবা এটা লিখিবলৈ চেষ্টা কৰিবচোন!” মই নিজে ভাল কবিতা লিখোঁ বুলি নাভাবোঁ, কিন্তু তেখেতৰ কথাখিনিয়ে মনটো জোকাৰি গ’ল। প্রশ্নকেইটাই বাৰে বাৰে ভাৱবোৰৰ লগত খকা-খুন্দা কৰি থাকিল।
 
মই কবিতা কিয় লিখোঁ? কবিতা বহুত বেছি ভাল পাওঁ। লিখাতকৈ ভাল লগা কবিতা পঢ়ি বা আবৃত্তি কৰি বেছি ভাল পাওঁ। কলাগুৰু বিষ্ণুৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, দেৱকান্ত বৰুৱা, হীৰু দাৰ কবিতাৰ পৰা আৰম্ভ কৰি নৱপ্রজন্মৰ প্রতিস্থিত দুই এজন কবিৰ কবিতাৰ লগতে ফেচবুকত লিখা দুই এজন কবিৰ কবিতায়ো মোক সততে বিশেষভাৱে আকৰ্ষিত কৰি আহিছে। এতিয়া “কিয় লিখোঁ” বুলি সুধিলে একেআষাৰতে ক’বলৈ গ’লে মনৰ তাগিদাত বুলিয়েই কম। কিছুমান অনুভূতিয়ে, কিছুমান আবেগে, চকুৰ আগত ঘটি থকা কিছুমান ঘটনাক্রমে যেতিয়া মনৰ মাজত তোলপাৰ লগাই তেতিয়াই কিবা এটা লিখিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা যেতিয়া কিবা এটা ভাৱে মনত ঘৰ কৰি লয় তাক প্রকাশ কৰিব নোৱাৰিলে অশান্তিত থাকোঁ। সেয়ে মনৰ মাজৰ খেলি-মেলি ভাৱখিনি চিধা-চিধিকৈ নিলিখি শব্দৰে, ছন্দেৰে সজাবলৈ প্রয়াস কৰোঁ। কিন্তু এই ক্ষেত্রত মই এতিয়াও সফল হৈছোঁ বুলি অলপো ধাৰণা হোৱা নাই। মোৰ লেখাত সদায়ে কিবা এটাৰ অভাৱ থাকি যোৱা যেন অনুভৱ হয় নিজৰে।
 
কবিতা লিখিবলৈ অনুপ্রেৰণা ক’ৰ পৰা পাওঁ? যিখন সমাজক কেন্দ্র কৰি ঘূৰি আছে মোৰ জীৱন ঘড়ীৰ প্রতিটো পল, এই সমাজখন, এই পৰিক্রমাত লগ পোৱা প্রতিজন মানুহ, প্রতিজন আত্মীয়-অনাত্মীয়ৰ সুখ-দুখ, হাঁহি-কান্দোন, আশা-নিৰাশাই সততে প্রভাৱ পেলাই আহিছে মোৰ জীৱনত। বিভিন্ন উৎসৰ বিভিন্ন ঘটনাপ্রবাহে, বিভিন্ন ভাৱনাই আন্দোলিত কৰি ৰাখে মোৰ অনুভৱৰ পৃথিৱীখন। কেতিয়াবা অকণমান সময়ৰ বাবেও কিবা এটা ভাল লাগি যায়, বিশেষ কাৰোবাৰ এষাৰ বাক্যই যেতিয়া মনত জোঁৱাৰৰ সৃষ্টি কৰি যায়, কাৰোবাৰ একোটি বিশেষ লেখা অথবা কবিতাইও যেতিয়া মনত সাঁচ বহুৱাই যায় তেতিয়া ইয়ো হৈ পৰিব পাৰে অনুপ্রেৰণাৰ উৎস। এই সকলোবোৰৰ প্রেৰণাতে হয়তো গজালি মেলে মোৰ ভাৱনাৰ শইচেও। কিন্তু সেই শইচক কেতিয়াবা সাৰ-পানী দি আগবঢ়াই লৈ যাব পাৰোঁ আৰু কেতিয়াবা নোৱাৰোঁ।
 
কবিতা কি? কবিতাৰ সংজ্ঞা বহুতে নিজা নিজা ধৰণেৰে দি আহিছে যদিও প্রকৃত শুদ্ধ সংজ্ঞা দিয়াটো বৰ কঠিন কাম। কিন্তু একেবাৰে সহজভাৱে ক’বলৈ হ’লে মনৰ তীব্র অনুভূতিৰ স্বতঃস্ফূৰ্ত আৰু উন্মুক্ত প্রকাশেই হ’ল কবিতা। কিন্তু এনে লাগে মনৰ অনুভুতিক স্বতঃস্ফূৰ্তভাবে উন্মুক্তকৈ প্রকাশ কৰি দিলে জানো শুনিবলৈ ভাল লাগিব? মই মোৰ ‘কবি’ নামৰ কবিতাটোত লিখিছিলোঁ,
“গোপনীয়তাৰ আৱৰণ খুলি বিলাই দিব পাৰে
আনে পাতিব নোৱাৰা কথাবোৰ…”
—-হয়, কবিসকলে আনে ক’ব নোৱাৰা বহু কথাই কৈ দিব পাৰে অনায়াসে। কিন্তু তাক সজাই-পৰাই, অকণমান আবুৰ ৰাখি আকৰ্ষণীয়কৈ পাঠকৰ হাতত তুলি দিব পাৰিলেহে কবিয়ে শান্তি পায় আৰু তাৰ কাৰণেই কবিয়ে বহুত কষ্ট কৰিব লগা হয়।
“বাৰে বাৰে তেওঁ অন্তঃসত্ত্বা হয় কবিতাৰে
নৱজাতকক পিন্ধাবলৈ একোযোৰ নতুন পোছাক
প্রয়োজন হ’লে কটাই দিব পাৰে একোটি বিনিদ্র ৰাতি” (কবি)
অনুভূতিক ন ন আংগিকেৰে সজাই সুখপাঠ্য কৰি তুলিব পৰাতে মই ভাৱোঁ কবিৰ সফলতা। কবিৰ আটাইতকৈ ডাঙৰ গুণ হৈছে- নিজৰ সৃজনশীল, মননশীল বিচিত্র ভাৱনাৰ বাহনস্বৰূপে শব্দ ব্যৱহাৰ কৰাৰ ক্ষমতা। কিন্তু ইয়াৰ অৰ্থ এইটো বুলিও নাভাবোঁ যে কবিতাত সাংঘাতিক টান কিছুমান শব্দ ব্যৱহাৰ কৰিবয়ে লাগিব। অপ্রয়োজনত কেতিয়াবা কিছুমান টান শব্দৰ ব্যৱহাৰে কবিতাৰ সৌন্দৰ্য হ্রাস কৰিবও পাৰে। কেতিয়াবা বিষয়বস্তুৰ খাতিৰত দুই-এটা টান শব্দ ব্যৱহাৰৰ প্রয়োজনীয়তা নুই কৰিব নোৱাৰি। কিন্তু যিমান পাৰি সহজ শব্দ, সুন্দৰ চিত্রকল্প, সহজ প্রতীক আদি ব্যৱহাৰ কৰি লিখা কবিতাহে সকলো শ্রেণীৰ পাঠকৰ বাবে গ্রহণযোগ্য হোৱাৰ লগতে সুখপাঠ্যও হয়। এইখিনিতে কবিতাৰ বিষয়ে হীৰুদাই কোৱা কিছু কথা উল্লেখ কৰিবলৈ মন গৈছে। কবি হীৰেন ভট্টাচাৰ্যদেৱে কৈছে, “কবিতা এক বাক্ বিশেষ। কবি হ’ল দেশ, কাল, মানুহৰ ইতিহাস চেতনাই সৃষ্টি কৰা এক বিশিষ্ট কণ্ঠ। শব্দ, ছন্দ, উপমা, বাক্-প্ৰতিমা লৈয়েই কবিৰ ভাষা। কবিতাৰ ভাষা। কবিতা শব্দৰে নিৰ্মিত ভাষাৰ শিল্প। এই ভাষা কবিৰ বৰ্ত্তমান আৰু অতীতৰ দানেৰে সক্ৰিয় আৰু সমৃদ্ধ। গ্ৰহণে-বৰ্জনে বহু শ্ৰম আৰু সাধনাৰে কবিয়ে আয়ত্ব কৰে এই ভাষা। ভাৱে নিজৰ প্ৰয়োজনতেই, নিজৰ বিকাশৰ তাড়নাতেই নিৰ্মাণ কৰে শব্দ। কবিতাৰ শব্দ কেৱল শব্দই নহয়, ই ধ্বনিও। কবি কণ্ঠৰ এটা শব্দ যেতিয়া প্ৰতিধ্বনি হৈ আমাৰ কাষলৈ উভতি আহে সি জানো সেই পুৰণি অৱয়বেই? শব্দৰ এই বাঢ়ি অহাকণেই হৈছে কবিৰ নিৰ্মাণ। শব্দ চয়ন, শব্দ বয়নেই হৈছে কবিৰ নিপুণতাৰ চিনাকি। কিন্তু শব্দই জানো কবিতা? শব্দৰ অৰ্থই জানো কবিতা? শব্দৰ আভিধানিক অৰ্থই যদি কবিতাৰ অভ্যন্তৰ প্ৰৱেশৰ সঁচাৰ-কাঠি হ’লহেঁতেন, তেনেহ’লে আজিৰ কবিতাৰ দুৰূহতাৰ বহু অভিযোগৰ অৱকাশ নেথাকিলহেঁতেন।” হীৰুদাৰ এই কথাখিনিৰ মাজতে সোমাই আছে কবিতাৰ বিষয়ে বহু প্রয়োজনীয় কথা।
 
আমি ভাৱোঁ, কবিতা এটাৰ সাৰ্থকতা তাতেই, য’ত কবি, কবিতা আৰু পাঠক একাত্ম হ’ব পাৰে। কবিৰ অন্তঃশীল আবেগৰ স’তে পাঠক এক হ’ব পৰাতে লুকাই থাকে কবিতাৰ সাৰ্থকতা। লাগিলে তেওঁ বিখ্যাত বা প্রতিস্থিত কবি হওকেই বা নহওকেই। এইখিনিতে আৰু এটি প্রয়োজনীয় কথা হ’ল অধ্যয়ন; যি কোনো এটা বিষয়ত দক্ষতা দেখুৱাবলৈ হ’লে বা বিষয় এটাক আমি ভাল পাওঁ বুলি ক’বলৈ হ’লেও যি দৰে বিষয়টোৰ ওপৰত কিছু জ্ঞান আৰু দখল থকা প্রয়োজন সেই একেই কথা কবিতাৰ ক্ষেত্রতো খাটে। লগতে প্রয়োজন আলোচনা আৰু গঠনমূলক সমালোচনাৰ। কিন্তু দুখৰ বিষয় বৰ্তমান যি হাৰত কবি বা কবিতাৰ সৃষ্টি হৈছে তাৰ তুলনাত এই বিষয়টো লৈ লেখা বা আলোচনা-সমালোচনা বহু কম হোৱা দেখা যায়। ফলত আমি বিষয়টোৰ অভ্যন্তৰলৈ যাব পৰা নাই। কিন্তু আমি আশাবাদী; আমি আশা ৰাখিম পৰৱৰ্ত্তী সময়তো সাহিত্য ডট অৰ্গ আৰু অকব ৰ মজিয়াত বিজ্ঞজনৰ পৰা কবিতা বিষয়ক লেখা, আলোচনা-সমালোচনা আদি পাই থাকিবলৈ সক্ষম হ’ম।
 
 

One thought on “বিষয়-কবিতা; কিছু ব্যক্তিগত অনুভৱ – (নিবেদিতা হাজৰিকা)

  • August 25, 2018 at 10:27 pm
    Permalink

    Bhali lagile pohi …..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!