কচুৰ সৈতে কুকুৰা মাংস -(সুজাতা পাঠক বৰা)

কচুৰ সৈতে কুকুৰা মাংস

-সুজাতা পাঠক বৰা

kochure-murgi-mangxo_sujata-pathak-borah

লৰা-ছোৱালীবোৰে সাধাৰণতে কচু শাক বা যিকোনো শাকেই খাবলৈ বেয়া পায়৷ নহয়নে? সিহঁতক এইবোৰ বস্তু খুৱাবলৈ বৰ যত্ন কৰিব লাগে৷ পঢ়ি থকা লৰাছোৱালীৰ বাবে খুব ভাল কচু শাক৷ স্মৃতি শক্তি বঢ়ায় কচুৱে৷

মই কচু শাক দি মুৰ্গী মাংস বনাইছিলোঁ৷ প্ৰথমে কচুখিনি ভালকৈ ধুই, সৰুকৈ কাটি নিমখ দি সিজাই লৈ পানী টুকি থ’ব৷ তিনি-চাৰিটা পিয়াজ, নহৰু এটা, আদা অলপ, জলকীয়া আৰু বিলাহী এটা একেলগে পিহি পেষ্ট্ কৰি লব৷ কেৰাহীত মিঠাতেল গৰম কৰি মাংসখিনি হালধি, নিমখ সানি আধা ভজা কৰি উঠাই থ’ব৷ তাৰপিছত সেই তেলতে পিয়াজৰ পেষ্টখিনি দি ভাজিব, লগত হালধি, নিমখ আৰু অলপ MDH মিট্ মছলা দিব৷ মছলা পেষ্টখিনি ভাজি তাতে কচু শাকখিনি দিব৷ কচু শাকখিনি আধাভজা কৰি তাতে মুৰ্গী মাংসখিনি দিব৷ ভালকৈ ভাজিব৷ হৈ গলে সুন্দৰকৈ সজাই পৰিৱেশন কৰিব৷ চাবছোন কিমান ভালকৈ খাব আপোনাৰ সন্তানে!

বিঃদ্ৰঃ মই মছলা বেছি নিদিওঁ, কিন্তুু আপোনালোকৰ সোৱাদ বঢ়াবলৈ আলু আৰু মছলা নিজৰ ইচ্ছামতে দিব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!