কৈশোৰ : উৎপলা কৌৰ

কেইবাদিনৰ দপদপীয়া বৰষুণৰ পাছত থমকি ৰোৱা আকাশখনৰ তলৰে মাকে জীয়েকক হাতত ধৰি গৈ আছে৷

গ্ৰীষ্মকালীন বন্ধত হোৱা “তিনিদিনীয়া ৰিউবিক  কিউবৰ শিবিৰটোত জীয়েকক দি মাকজনী আশ্বস্ত হৈছে, বন্ধটোত কিবা এটাতো শিকিছে!

.

.

“কি হ’ল চাৰ অহা নাই? “

“নাই, যিবোৰ এক্সপেৰিয়েন্সড লাৰ্নাৰ, তেওঁলোকক নিউ লাৰ্নাৰবোৰক শিকাই থাকিব দিছে চাৰে“৷

দুটা দলত বিভক্ত ছাত্ৰ ছা্ত্ৰীবোৰক শিকাই থকা ছাত্ৰ এজনক মাকজনীয়ে ক’লে “তাইকো শিকোৱ৷”

মেম, “তাক কওঁক, সি শিকাব।“

মাকে আকৌ সিজন “এক্সপেৰিয়েন্সড লাৰ্নাৰ“ৰ ওচৰলৈ আহি একেখিনি কথাকে পুনৰোক্তি কৰিলে৷ বাৰ/তেৰ বছৰীয়া ল’ৰাটোৰ কাণ ৰঙা পৰি আহিল, সিজন এক্সপেৰিয়েন্সেড লাৰ্নাৰৰ মুখৰ অভিব্যক্তি দেখি৷

লাহে লাহে মাকে হাতত ধৰি লৈ যোৱা বাৰবছৰীয়া কণমানজনীৰ গাললৈ সেই ৰঙা ৰংটো বিয়পি আহিল!

জীয়েকক এৰি থৈ অহা মাকজনীৰ বুকুখন বৰ খালী খালী লাগিল, জীয়েকৰ শৈশৱটো ক’ত, কেতিয়া এৰি থৈ আহিল তেওঁ?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!