৬৪তম Lindau Nobel Laureate Meeting-ত উত্তৰ-পূৱক প্ৰতিনিধিত্ব কৰি দুই অসম সন্তান -(মল্লিকা কলিতা)

৬৪তম Lindau Nobel Laureate Meeting-ত উত্তৰ-পূৱক প্ৰতিনিধিত্ব কৰি দুই অসম সন্তান গুৱাহাটীৰ অনিন্দিতা ডেকা আৰু গোলাঘাটৰ য়াছিনে চমক সৃষ্টি কৰিবলৈ সক্ষম হয়। প্ৰত্যেক বছৰেই অনুষ্ঠিত হৈ আহিছে জাৰ্মানীৰ লিনদাউ (Lindau) নামৰ দ্বীপত এই সন্মিলনখন। এইবছৰ ২৯জুনৰ পৰা ১২জুলাইলৈ, ৮০খন ৰাষ্ট্ৰৰ ৬০০গৰাকী অতি মেধাৱী গৱেষক, বিজ্ঞানীয়ে অংশ গ্ৰহণ কৰে। ৩৭ গৰাকী নবেল বিজয়ী বিজ্ঞানীৰ সান্নিধ্য, আৰু তেখতসকলৰ লগত মত-বিনিময়ৰ সুযোগ লাভ কৰিছিল গৱেষকসকলে। দুয়োৱে পোন্ধৰ দিন কটাইছিল তাত। গোটেই ভাৰতৰ পৰা সৰ্বমুঠ ২০ গৰাকী অতি মেধাৱী শিক্ষাৰ্থী নিৰ্বাচিত হৈছিল। DST অৰ্থাৎ,  ভাৰত চৰকাৰৰ Department of Science & Technology  য়ে এই ভ্ৰমণৰ বাবে ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ পৰা আবেদন বিচাৰি  বিজ্ঞাপন  দিছিল, আৰু সম্পূৰ্ণ খৰছ বহন কৰিছিল। ১৯৫১চনৰ পৰাই স্বাস্থ্য বিজ্ঞান, ঔষধ, পদাৰ্থ আৰু ৰসায়ন বিষয়ৰ নৱেল বিজয়ী বিজ্ঞানীয়ে নৱ প্ৰজন্মৰ অতি মেধাৱী বৈজ্ঞানিকসকলক সন্মান জনাবলৈ আৰু নতুন প্ৰজন্মক উত্সাহিত কৰিবলৈ একেলগ হয় লিনদাউত।

 

এইবাৰ স্বাস্থ্য আৰু ঔষধ মুখ্য বিষয় আছিল। ইয়াৰ মূল উদ্দেশ্য হ’ল- Educate, Inspire and connect । গুৱাহাটীৰ অনিন্দিতা ডেকা স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা শাখাতে প্ৰাণীবিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত । তেঁও বৰ্তমান কৰ্কট ৰোগৰ গৱেষক। অনিন্দিতাক ৰাইব’জ’মৰ আৱিষ্কাৰক Oliver Smithies,  য়ে কৈছিল , ‘মই আপোনাৰ কাষত বহিব পাঁৰোনৱ?’  তদুপৰি Ada Yonath, Walter Gilbert আদি বিজ্ঞানীক ক লগ পায় অভিভূত হৈ পৰিছিল তেঁও। একেলগে পুৱাৰ জলপান কৰিছে ন’বেল বিজয়ীৰ সৈতে, খুৱেই নম্ৰ, মই বৰ ভাৱ নাইকিয়া বুলি উল্লেখ কৰে।ন’ৱেল বিজয়ী সকলেও বহু বাধাৰ সন্মুখীন হৈছিল আৰু দৃঢ় মনোভাৱে হে সফলতা আনে বুলি বিজ্ঞানীসকলে নিজৰ অভিজ্ঞতাৰ পৰা ব্যক্ত কৰিছিল।

আনজন ছাত্ৰ য়াছিন গুৱাহাটী মেডিকেল কলেজৰ এম বি বি এচ নৱম ষান্মাষিকৰ ছাত্ৰ। য়াছিনে তাত ২০/২৫ জন নৱেল বিজয়ী বিজ্ঞানীৰ সৈতে কথা পাতিবলৈ সক্ষম হয়, তাৰ ভিতৰত এইডচ ৰোগৰ আৱিষ্কাৰক Francoise Barre-Sinoussi ,Roger Tsien অন্যতম। Françoise Barré-Sinoussi, এগৰাকী মহিলা হোৱা বাবে, গৱেষণা কৰিবলৈ যাওঁতে তেখেতক কৈছিল ‘ এইবিলাক কৰি একো লাভ নাই!’ তেখেত ইন্টাৰনেচনেল এইডচ চ’চাইটিৰ প্ৰেচিডেন্ট।। সময়ৰ অভাৱত যিয়ে নেকি লেব’তে বিবাহ কৰিছিল। বিজ্ঞানী সকলে ব্যক্ত কৰিছিল- ‘scientific idea should develop”। তেওঁলোকে প্ৰায় ২০জন বিজ্ঞানীক গামোচা উপহাৰ দিয়ে, আৰু সেই বিজ্ঞানী কেইজনেও পৰম উত্সাহেৰে ডিঙিত পিন্ধি লয় অসমৰ সন্মানৰ প্ৰতীক। যিমানে ওলাই যাবা সিমানে জ্ঞান পাবা, কষ্ট কৰিব লাগিব, নিজৰ সপোন এৰি দিব নালাগিব-এয়া তেওঁলোকৰ মত। তাত বিজ্ঞানৰ কোনো জ্ঞানকে তুচ্চ বুলি ভৱা হোৱা নাছিল। অনিন্দিতাৰ হীনমন্যতা নাইকিয়া হৈছে। এইবাৰ আটাইতকৈ মহিলা গৱেষিকাৰ স্ংখ্যা সৰ্বাধিক আছিল পুৰুষতকৈ, যিটো অভিলেখ বুলি উল্লেখিত। অসমৰ শিক্ষা ব্যৱস্থা পৃথিৱীৰ অন্য দেশতকৈ কোনো গুণে পিছ পৰা নহয় সেয়া দুই মেধাৱীয়ে প্ৰমাণ কৰিলে। গৌৰব আৰু আনন্দৰ বিষয় তেওঁলোক ভাৰততে থাকি কাম কৰি যাব বুলি উল্লেখ কৰে।

 

[সম্পাদনা সমিতিৰ তৰফৰ পৰা অতিৰিক্ত সংযোগ:-

২০১৫ চনৰ Lindau Nobel Laureate Meeting ত অংশগ্ৰহণ কৰিবৰ বাবে ভাৰতীয় স্নাতকোত্তৰ, পিএইচডি গৱেষক আৰু ৩৫ বছৰৰ অনুৰ্দ্ধ পোষ্টডক্ট’ৰেট গৱেষকৰ পৰা আৱেদন বিচৰা হৈছে। আৱেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ। কেবল বিজ্ঞান শাখাৰ ব্যক্তিয়েহে আৱেদন কৰিব পাৰিব, আভিযান্ত্ৰিক শাখাৰ ব্যক্তিয়ে নোৱাঁৰে। অকবৰ ইচ্ছুক সদস্যসকলক আৱেদন কৰিবলৈ আহ্বান জনালোঁ। লগতে এই বিষয়ে অসমৰ চুকে-কোণে থকা ছাত্ৰ-ছাত্ৰী সকলক যাতে খবৰটো প্ৰদান কৰে। সবিশেষ এই সূত্ৰত উপলব্ধ! http://dst.gov.in/whats_new/whats_new14/Nobel-Laureates-Meeting-2015.pdf

—পংকজ বৰা।]

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!