লোকচানৰ চুক্তি (মূল(উৰ্দু): ঘাটে কা সৌদা – চআদত হচন মণ্টো, অনুবাদ: মিতালী বৰ্মন)

দুজন বন্ধুৱে লগ হৈ দহ-বিশজনীমান ছোৱালীৰ মাজৰ পৰা এজনী বাচি ল’লে আৰু বিয়াল্লিছ টকাৰে কিনি পেলালে।
নৈশ যাপনৰ পাছত এজন বন্ধুৱে ছোৱালীজনীক সুধিলে, “তোমাৰ নাম কি?”
ছোৱালীজনীয়ে নিজৰ নামটো কোৱাৰ লগে লগে তেওঁ হতভম্ব হৈ ক’লে, “আমাকতো কোৱা হৈছিল যে তুমি অইন ধৰমৰহে…!”
ছোৱালীজনীয়ে উত্তৰ দিলে, “মিছা কৈছিল।”
এই কথা শুনি তেওঁ ল’ৰি-ঢাপৰি আনজন বন্ধুৰ ওচৰলৈ গ’ল আৰু ক’লে, “সেই হাৰামজাদাটোৱে আমাক ঠগিলে… আমাৰ ধৰমৰে ছোৱালী গোটাই দিলে… ব’ল, ঘূৰাই থৈ আহোঁগৈ…।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!