লোকভাষাৰ অনন্য সম্পদ বিয়াগীতত সাময়িক ঘটনা: মুকুন্দ হালৈ

লোকভাষাৰ এটা অন্যতম সম্পদ হ’ল- বিয়াগীত৷ বিয়াগীতত লোকভাষাৰ প্ৰয়োগ আৰু প্ৰভাৱ মন কৰিবলগীয়া৷ থলুৱা জীৱনত ব্যৱহৃত শব্দৰে এই বিয়াগীতসমূহ জীপাল হৈ উঠে৷ এখন ঠাইৰ লোকজীৱনৰ সাময়িক ঘটনাসমূহে বিয়াগীতত লোকভাষাৰ মাধ্যমেৰে স্থিতি গ্ৰহণ কৰে৷ বিয়াগীতৰ এনেবোৰ বৈশিষ্ট্য সম্পৰ্কে কিছু কথা তলত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো৷

বিবাহ মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান বা পৰ্ব আৰু সংস্কাৰ৷ সৰু সৰু ল’ৰাছোৱালীয়ে দৰা-কইনা খেলে, বিয়া-বিয়া খেলে৷ সেইবুলি বিয়া শিশুৰ খেলা নহয়৷ ই সংসাৰ যাত্ৰাৰ প্ৰথম পদক্ষেপ আৰু ভবিষ্যত নিৰ্মাণৰ ভেটি স্বৰূপ৷ বিভিন্ন সম্প্ৰদায়, ধৰ্ম বা ঠাই বিশেষে বিয়াৰ পদ্ধতি, আচাৰ অনুষ্ঠান ভিন ভিন হলেও ইয়াৰ উদ্দেশ্য বংশৰ উন্নয়ন আৰু সুপ্ৰজননৰ ই এক সামাজিক নৈতিক ব্যৱস্থা৷ অসমীয়া বিবাহত আয়তীৰ স্থান অতি গুৰুত্বপূৰ্ণ আৰু বিয়াৰ গীত-জোকাৰ অপৰিহাৰ্য্য৷ বিবাহ যদিও এদিনেই হয়, কিন্তু ইয়াৰ প্ৰস্তুতি কেবাদিন আগৰ পৰা আৰম্ভ হয়৷ বিয়াৰ প্ৰস্তুতিৰ পৰা ওচৰ চুবুৰীয়া বিষেশকৈ আয়তী সকলৰ আনন্দে নধৰে হিয়া৷ বিবাহ স্থলীত গীত পৰিবেশন কৰাৰ বাবে তেওঁলোক হৈ পৰে প্ৰস্তুত৷ অসমীয়া বিয়াত বিয়াগীত এক এৰাব নোৱাৰা বিষয়৷ বিয়াগীতবোৰৰ শব্দ সংযোজন, ছন্দ, ভাবৰ প্ৰকাশ আৰু সুৰলৈ লক্ষ্য কৰিলে ভাব হয় প্ৰতিজনী অনাক্ষৰী মহিলাই একোগৰাকী সাৰ্থক কবি আৰু গীতিকাৰ৷ পৰিবেশৰ লগত ৰজিতা খুৱাই, বিয়াৰ অনুষ্ঠান সমূহৰ লগত মিলাই ঠাইতে তেওলোকে নতুন নতুন গীত সৃষ্টি কৰি, সুৰ দি গাই বিবাহস্থলী আনন্দমুখৰ আৰু গভীৰ কৰি তোলে৷ ই যেন তেওঁলোকৰ সৃষ্টিশীল মনৰ বাংময় প্ৰকাশ৷ এই গীতসমূহ আনুষ্ঠানিক গীত আৰু জোৰাগীত বা খিচাগীত এই দুই ধৰণে ভগাব পাৰি ঠাইভেদে গীতৰ সুৰ বা ঢেক আৰু শব্দৰ গাঁথনি বেলেগ বেলেগ হয়৷ যুগ যুগ ধৰি অনাক্ষৰী স্বভাব কবিৰ ক’ত গীত কালৰ বুকুত হেৰাই গৈছে তাৰ হিচাপ পাবলৈ নাই৷ এই গীতসমূহত লোকজীৱনৰ চিত্ৰ, সামাজিক পট, যুগ্মজীৱনৰ উদ্দেশ্য আৰু পৰা ওলোৱা বেদনা, নতুন ঘৰত চলিবলৈ পৰামৰ্শ, শহুৰ শাহু আদি শ্ৰেষ্ঠজনলৈ কৰ্তব্য, উপৰি পুৰাণ কাব্য আদিৰ নানা আখ্যান-উপাখ্যান, হৰ-গৌৰী, ৰাম-সীতা, কৃষ্ণ-ৰুক্মিনী, নলদময়ন্তী, উষা-অনিৰুদ্ধ আদিৰ প্ৰেম কাহিনীৰ বৰ্ণনাৰ লগতে সমসাময়িক ঘটনাসমূহো অতি প্ৰাঞ্জল আৰু সাবলীল গতিৰে বিয়াগীতত প্ৰকাশ পায়৷

ঊনৈশ ষাঠি চন, অসমৰ ইতিহাসত এটি স্মৰণীয় অধ্যায়৷ অসমীয়া ভাষা আন্দোলনে অসমৰ আকাশ বতাহ উত্তাল কৰি তুলিছিল৷ অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা অসমীয়াৰ ন্যায্য দাবী৷ এই লৈ চৰকাৰৰ ওচৰত দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰা হ’ল৷ চৰকাৰ আৰু জনসাধাৰনৰ (বিশেষকৈ ছাত্ৰ সমাজ) যুঁজ তীব্ৰ হৈ উঠিল৷ আন্দোলন দমনৰ নামত চৰকাৰ পক্ষই চলালে মাৰধৰ, লাঠি, আটক বন্দী আদি উৎপীড়ন কটন কলেজৰ বাৰাণ্ডাত গুলী কৰি হত্যা কৰিলে এজন সম্ভাৱনাময় শিক্ষাৰ্থী ৰঞ্জিত বৰপূজাৰীক৷ সেই ঘটনাৰ চিত্ৰ আৰু মৰ্মবেদনা পঢ়াশালীৰ মুখ নেদেখা স্বভাব শিল্পী আয়তীয়ে এনেদৰে প্ৰকাশ কৰিছিল:

তোকে নেদেখাৰে পৰা৷ সমস্যাৰ সমাধান হ’ল৷ অসমত অসমীয়া ভাষাই প্ৰতিষ্ঠা লাভ কৰিলে৷ আকৌ অসমত নামি আহিল ভয়ানক সংকট৷ চীন ভাৰতৰ বিবাদ ভয়ানক যুদ্ধৰ ৰূপ ল’লে৷ তদানীন্তন ভাৰত চৰকাৰে এক প্ৰকাৰ গা-এৰা দিয়াত অসম আৰু অসমীয়াৰ সম্প্ৰীতিয়ে অতি জটিল ৰূপ ধাৰণ কৰিলে৷ সেই সময়ত অসমীয়া আয়তীয়ে বিবাহ থলীত অতি দৃঢ় কষ্ঠে গাইছিল: আমি অসমীয়া নহওঁ বহতীয়া নিজে ৰান্ধি-বাঢ়ি খাম অ’ লগৰী নিজে ৰান্ধি বাঢ়ি খাম, হাতত হিলৈ লৈ যাম আগে বাঢ়ি ৰাখিম অসমৰ মান অ’ লগৰী ৰাখিম অসমৰ মান৷ বিশাল ব্ৰহ্মপূত্ৰৰ বুকুত দুখলপীয়া দলঙ নিৰ্মাণৰ যো-জা চলিল৷ এই খবৰে প্ৰতিজন অসমীয়াৰ অন্তৰত থৌকি-বাথৌ লগালে৷ এই অভাবনীয় সু-সংবাদ আয়তীসকলৰ সৃষ্টিৰ আধাৰ হ’ল৷ তেওঁলোকে বিবাহ বাহৰত জাত-জাত গাবলৈ ধৰিলে: জালুকবাৰীৰ কাষতে পাণ্ডুৰ ঘাটতে অ’ব্ৰহ্মপূত্ৰ দলঙ হোৱাৰ কথাহে, ৰেল মটৰগাড়ী যাব শাৰী শাৰী অ’ব্ৰহ্মপূত্ৰ শিল দি পুতিলে খুটাহে৷ লগতে সেইসময়ৰ অসম সিংহ বুলি খ্যাত সাংসদ হেম বৰুৱাই ব্ৰহ্মপূত্ৰৰ দলঙৰ দাবী উত্থাপন কৰি ব্ৰহ্মপুত্ৰৰ বুকুত দলঙৰ অনুমোদন লোৱাৰ বাবে গীতৰ মাজেৰে অসমীয়া গাঁৱলীয়া মহিলাই তেওঁকো শলাগিলে: অ’ হেম বৰুৱা, তুমি সৰু নোহোৱা আমাৰ মান ৰাখিলা দলঙ তুমি আনিলা৷ সময়ৰ পিঠিত সময় বাগৰে৷ সৰু বৰ অনেক ঘটনা ঘটে৷ স্বভাব কবি আয়তীৰ কণ্ঠত সিবোৰে সুৰ হৈ প্ৰকাশ পায়৷ সময়ৰ সোঁতত সেয়া পাহৰণিৰ গৰ্ভত লীন যায়৷ নতুন নতুন ঘটনা ঘটে৷ সেইবোৰ সৃষ্টিশীলা, অশিক্ষিতা মহিলাৰ মুখত গীত হয়৷ ১৯৬৪ চনৰ ২৭ মেৰ দিনা অকস্মাতে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী অকণিহঁতৰ খুৰা পণ্ডিত জৱাহৰলাল নেহৰু স্বৰ্গী হয়৷ সেই মৰ্মান্তিক ঘটনা অসমীয়া জীয়ৰী বোৱাৰীহতৰ কষ্ঠত প্ৰকাশ হ’ল:

অ’ নীলা চৰে(চৰাই), জৱাহৰলালৰ বুকু বিষাবলৈ ধৰে, দুটা বজাতে অ’ নীলা চৰে প্ৰাণকে তেজিলা অ’ নীলা চৰে নেহৰু গ’ল স্বৰ্গপুৰী নীলা চৰে জৱাহৰলালৰ বুকু বিষাবলৈ ধৰে৷ নেহৰুৰ মৃত্যুৰ পিছত লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল৷ ভাৰতবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ হ’ল৷ বিয়াৰ গীতত ই প্ৰকাশ হ’ল এনেদৰে: লাল দুয়ানি (দুই অনা) বন্ধ হ’ল আমাৰ ভাৰত স্বাধীন হ’ল ভয় নকেৰবা ভাৰতবাসী লাল বাহাদুৰ মন্ত্ৰী হ’ল৷ ঊনৈশ বাসত্তৰ চন৷ উচ্চ শিক্ষাত অসমীয়া মাধ্যম প্ৰচলনৰ বাবে দশোদিশে প্ৰতিবাদ সাব্যস্ত হ’ল৷ অসমৰ আকাশ-বতাহ গৰম হৈ পৰিল৷ আকৌ অসমত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ’ল৷ সেই সময়ৰ শাসন যন্ত্ৰই প্ৰতিবাদীসকলৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ চলালে৷ হাজাৰ হাজাৰ বিক্ষোভকাৰীক জেলত ভৰালে৷ ম’জানিল হক, অনিল বৰা, নৰেন মহন্ত আদি কেবাজনো শ্বহীদ হ’ল৷ সিয়েই অসমীয়া জীয়ৰীৰ কণ্ঠত স্বত:স্ফুৰ্ত্ত হৈ প্ৰকাশ পালে: অ’ ডেকাল’ৰা বহিনো কি কৰা সকলো লগ হৈ কাম আদায় কৰা৷ মাগুৰ মাছৰ পোৱালি ভয় নকেৰবা ডেকাহত স্বাধীন দেশৰ ছোৱালী৷ সময় আগবঢ়াৰ লগে লগে আকাশী লতাৰ দৰে নানা সমস্যাই আগুৰি ধৰে৷ সমস্যাৰ সমাধান বিচাৰি জনগণ সজাগ হয়৷ খাদ্য সমস্যা, তেল শোধানাগাৰ সমস্যা, বানপানী আদি নানা সমস্যাৰ উদ্ভৱ হয়৷ সমস্যা সমূহৰ সমাধান বিচাৰি দাবী উত্থাপন হয়৷ সামাজিক, ৰাজনৈতিক নানা সমস্যাৰ আৰু ঘটনাৰ ভেটিত অনেক গীতৰ সৃষ্টি হয়৷ সিবোৰে সমাজত প্ৰভাব পেলায় আৰু অতীত হ’লে সিবোৰ হেৰাই যায়৷ এনেদৰে বিস্মৃতিৰ গৰ্ভত ক’ত গীত, ক’ত সুৰ হেৰাই গৈছে তাৰ হিচাপ পাবলৈ নাই৷ অসম আকৌ অগ্নিগৰ্ভ হৈ পৰিল৷ ঊনৈশ ঊনাশী চন আৰম্ভ হোৱাৰ লগে লগে অসমত বিদেশী বিতাৰণ আন্দোলন আৰম্ভ হ’ল৷ ই এক অতি ভয়ানক আৰু গুৰুত্বপূৰ্ণ সমস্যা৷ সদৌ অসম ছাত্ৰ সন্থাই এই আন্দোলনৰ গুৰি ধৰিলে৷ গোটেই ভাৰতবৰ্ষতে ইয়াত কঁপনি উঠিল৷ বিদেশী বহিষ্কাৰ নকৰা পৰ্যন্ত অসমত নিৰ্বাচন পাতিব নোৱাৰিব বুলি চৰকাৰ পক্ষক সাৱধান কৰি দিয়া হ’ল৷ ছাত্ৰসন্থাৰ আহ্বানত আবাল-বৃদ্ধ-বনিতা কোনেও ৰৈ নাথাকিল৷ কণ্ঠে ধ্বনি তুলিলে৷ অসমৰ পৰিস্থিতিয়ে ভয়ানক ৰূপ ধাৰন কৰিলে৷ চৰকাৰ পক্ষ বিতত হৈ পৰিল৷ অনেক ঠাইত জুই জুলিল, অনেক সম্পদ বিনষ্ট হ’ল, বহুতৰ প্ৰাণ হানি হ’ল৷ আন্দোলনে তীব্ৰতৰ ৰূপ ধাৰণ কৰিলে৷ অসমীয়া নাৰী কণ্ঠত সুৰ হৈ প্ৰকাশ পালে এনেদৰে

বিদেশী বিদেশী অ’ হেৰ’ বিদেশী আহিলি আমাৰ ঘৰে অ’ বিদেশী, আহিলি আমাৰ ঘৰে সকলো হৰিলি কাঙাল কৰিলি অসমীয়া কেনেকে তৰে অ’ বিদেশী, অসমীয়া কেনেকে তৰে৷ বিদেশী খেদোতে ঘৰত জুই লগাওতে ভাখৰীৰ পুৰি গ’ল ধান অ’ বিদেশী, ভাখৰীৰ পুৰি গ’ল ধান জীয়াৰী বোৱাৰী মাতে গেৰি পাৰি বিদেশীক টানি আন অ’ বিদেশী, বিদেশীক টানি আন৷ অভূতপুৰ্ব আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই৷ সেই সময়ৰ ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক আছিল ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন৷ দুয়োজন নেতাকে উদ্‌গনি দি আয়তীসকলে গাইছিল: অ’ ছাত্ৰ সন্থা, নাভাবিবি অইন কথা বিদেশী খেদিম আমি লগত আছে জনতা৷ ভিৰগু পৰফুল্ল (ভৃগু প্ৰফুল্ল), কৰিছো আনন্দ আমি বুজিছো বঙালক খেদিবি আশীৰ্বাদ কৰিছো৷ আন্দোলন যিমানে তীব্ৰতৰ হৈ উঠিল চৰকাৰ পক্ষয়ো অতি কঠোৰ হৈ পৰিল৷ বিদ্ৰোহ দমনৰ নামত অসমীয়াই কোনোদিনে নেদেখা চি আৰ পি, মিলিটাৰী নিয়োগ কৰিলে৷ পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিলে৷ চৰকাৰৰ দমন নীতিক উপলুঙা কৰি মহিলাসকলে গালে: লাঠিৰে কোবাবি লাঠিৰে মাৰিবি ভয় নকৰো চি আৰ পি, স্বাধীন দেশৰ ছোৱালী৷ তিৰাশী চন৷ নিৰ্বাচনৰ বতৰ বিদেশী বিতাৰণ নকৰা পৰ্যন্ত আন্দোলনকাৰী জনতাই নিৰ্বাচন পাতিব নিদিয়ে৷ ই দৃঢ় মত৷ ইপিনে চৰকাৰ পক্ষ অলৰ-অচৰ৷ যিকোনো উপায়ে নিৰ্বাচন পাতিবই৷ প্ৰাৰ্থৰ পৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ দিন ধাৰ্য কৰা হ’ল৷ আন্দোলনকাৰী অতি সজাগ হৈ পৰিল৷ সম্ভাব্য প্ৰাৰ্থীসকলক অহৰ্নিশে পহৰা দিয়াৰ ব্যৱস্থা কৰা হ’ল৷ মনোনয়ন জমা দিয়াৰ নিৰ্দিষ্ট তাৰিখত ভূতপুৰ্ব ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ ঘৈণী আবেদা বেগম চৰকাৰৰ চিপাহী চন্তৰীৰ আবেষ্টনীত বৰপেটালৈ মনোনয়ন পত্ৰ দিবলৈ গ’ল৷ ভবানীপুৰত পহৰাদাৰ, প্ৰতিৰোধকাৰী ছাত্ৰ খৰ্গেশ্বৰ তালুকদাৰক মাৰি থৈ গ’ল৷ জলা জুইত ঘিউ ঢলাৰ নিচিনা আন্দোলনে অতি ভয়ংকৰ আৰু সৰ্বনাশী ৰূপ ধাৰণ কৰিলে৷ এই কামত আবেদাৰ প্ৰতি তীব্ৰ নিন্দা আৰু ঘৃণা আয়তীসকলৰ মুখত প্ৰকাশ পালে: ৰৌ মাছৰ বাকলি, মন্ত্ৰী আকেলি অ’ আমাৰ ছলি মাৰিলি, কিয় বেটী চাগৈলী অ’ খৰ্গেশ্বৰৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তুলিলে৷ অসমীয়া নাৰীয়ে গালে: আদৰত বাঢ়ালো লাহৰ চুলিটাৰি তেল দি বান্ধিলো খোপা অ’ আজি একে তিলে এৰি গুচি গ’লি মাওৰ বুকু হৈ গ’ল সুদা অ’৷ পিতাৰাই কান্দিছে আবুয়েৰে কান্দিছে কান্দিছে সোদৰৰ ভাই অ’ তোমাৰ মুখ চাই জগতে কান্দিছে শোকে হিয়া ফাটি যায় অ’৷ অনেক বাক-বিতণ্ডা, এৰা-ধৰাৰ মাজেৰে চৰকাৰ আৰু আন্দোলনকাৰী নেতৃবৰ্গৰ মাজত চুক্তি স্বাক্ষৰিত হ’ল৷ আন্দোলনে শাম কাটিলে৷ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ল৷ নবগঠিত অসম গণ পৰিষদ দল জয়ী হ’ল৷ ভৃগু ফুকন, প্ৰফুল্ল মহন্তহঁতৰ হাতলৈ অসমৰ শাসনৰ দায়িত্ব আহিল৷ লগে-লগে অসমীয়াৰ মাজলৈ আহিল আনন্দ-উল্লাস৷ বিয়াৰ থলী ৰজন-জনাই আয়তীয়ে গালে: খবৰত আহিছে বাতৰিত আহিছে ভিৰগু পৰফুল্লক বৰ মন্ত্ৰী পাতিছে৷ গোলাপ ফুল ফুলিব গোন্ধে মলমলাব যৰে বিদেশী তলৈ গুচি যাব৷ ভৃগু, প্ৰফুল্লৰ দল মন্ত্ৰী হ’ল৷ বিদেশী বিতাৰণ হ’ল নে নহ’ল তাৰ বিচাৰ জনতাৰ হাতত৷ সুদূৰ অতীতৰ পৰা বৰ্তমানলৈ কিমান সমস্যাৰ উদ্ভব হ’ল, কিমান ঘটনা ঘটি মাৰ গ’ল তাৰ লেখ দিয়া দুঃসাধ্য৷ প্ৰতিটো সমস্যা বা ঘটনাৰ পটভূমিত অসমীয়া নাৰীয়ে কিমান গীতৰ সৃষ্টি কৰিলে তাৰ লেখ-জোখ কোনেও দিব নোৱাৰে৷ বিস্মৃতিৰ অটল গৰ্ভত সিবোৰ চিৰদিনলৈ নিঃশেষ হৈ গ’ল৷ আমি নলবাৰী অঞ্চলত এই গীত-পদবোৰ শুনিছিলো, স্মৃতিয়ে প্ৰতাৰণা নকৰা হ’লে হয়তো আৰু বহুতো গীত-পদ আজিৰ লেখাত উল্লেখ কৰিব পাৰিলোহেঁতেন৷ এই লোকগীতসমূহ সাহিত্যৰ অমূল্য সম্পদ৷ উপযুক্ত সংৰক্ষণ আৰু প্ৰচাৰৰ অভাবত সিবোৰ য’তেই গজিল ততেই মৰহি গ’ল৷ আজি সেই দিনো নাই, বিয়াৰ সেই পৰিবেশো নাই৷ পশ্চিমীয়া সভ্যতাৰ প্ৰভাবত, কু-সংস্কৃতিৰ প্ৰৰোচনাত, স্ব-বৈশিষ্টক বাদ দি বিশিষ্ট হোৱাৰ আকাংক্ষাত বিয়াগীত গোৱা আৰু শুনাৰ আগ্ৰহ বৰকৈ দেখা নাযায়৷ চহৰমুখী শিক্ষা আৰু সংস্কৃতিয়ে গ্ৰাম্য নিভাজ সংস্কৃতিৰ ফালে আওকাণ কৰা যেন লাগে৷ ফলত সহজ সৰল গাঁৱলীয়া জনজীৱনৰ গীত-পদ, আচাৰ অনুষ্ঠানবোৰ নিঃশেষ হোৱাৰ পথত৷ শিক্ষিত আৰু বিজ্ঞসকলে সেইবোৰৰ সংৰক্ষণ আৰু তথ্যপূৰ্ণ আলোচনা কৰিলে সংস্কৃতিৰ পথাৰখনিত নতুন নতুন সম্পদৰ সৃষ্টি হব আৰু অসমী আইৰ ৰূপত ৰূপ চৰিব৷

লেখকৰ সম্পূৰ্ণ ঠিকনা: শ্ৰীমুকুন্দ হালৈ বৰসৰকুছি ডাক – মিলনপুৰ নলবাৰী, ৭৮১৩৩৭ (ফোন: ৯৭০৬৬০১৯২৪)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!