মাধ্যম বিতর্ক, মাতৃভাষাৰ চর্চা ইত্যাদি(-প্ৰিয়াংকু নাৰায়ণ বৰুৱা)

মাধ্যম বিতৰ্ক কোনো নতুন বিষয় নহয়। বিশেষকৈ আমাৰ অসমত শেহতীয়াকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়তহে নিজৰ সন্তানক পঢ়ুৱাব এনে বদ্ধমূল পৰিকল্পনাৰে আগবাঢ়ে নতুনচাম অভিভাৱকৰ অধিকাংশই। অৱশ্যেই এইক্ষেত্ৰত বহু অসমীয়া মাধ্যমৰ তথাকথিত চৰকাৰী শিক্ষানুষ্ঠানৰ দুৰ্বল শিক্ষাপ্ৰদান পদ্ধতি,আওপুৰণি শিক্ষণ কৌশল আৰু সোৰোপালিৰ ফলসৃষ্ট সামগ্ৰিক ফলাফলেও বহু অভিভাৱকক স্বাভাৱিকতে বীতশ্ৰদ্ধ কৰি তুলিছে। অনস্বীকাৰ্য যে প্ৰক্ৰিয়াটোত সামগ্ৰিকভাৱে আসোঁৱাহ আছে। ফলস্বৰূপে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত বিশেষতঃ অধিকাংশ বেচৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ভিৰ পৰিলক্ষিত হয়। এনে বিদ্যালয়সমূহৰ কটকটীয়া অনুশাসন আৰু মেধাৱী শিক্ষকসকলৰ শিক্ষাদানে সামগ্ৰিকভাৱে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ ফলাফল উন্নত কৰাত সহায়ক হৈছে। বিশেষকৈ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাসমূহৰ ফলাফল ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত বহু উন্নত পৰিলক্ষিত হৈছে। বিপৰীতে চৰকাৰী অনুদান,দা-দৰমহাৰে পৰ্যাপ্ত সা-সুবিধা পোৱাৰ পিছতো অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ অধিকাংশৰে শোচনীয় ফলাফল লক্ষণীয়। বিগত পাঁচবছৰৰ পৰিসংখ্যা অনুসৰি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি কেইখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ফলাফল উন্নত দেখা গৈছে তাৰ অধিকাংশই বেচৰকাৰী বিদ্যালয়হে। প্ৰশ্নটো হ’ল-এয়া অসমীয়া মাধ্যমৰ দোষ নেকি? উত্তৰত ক’ব লাগিব মাধ্যমৰ দোষত পৰীক্ষাৰ সামগ্ৰিক ফলাফলৰ অৱনতি মুখ্য কাৰণ হ’ব নোৱাৰে। এতিয়াও আঙুলিৰ পাৱত লেখিব পৰা হ’লেও এনে কিছুমান অসমীয়া মাধ্যমৰ বিদ্যালয় আছে যিয়ে একেৰাহে ভাল ফলাফল দেখুৱাব সক্ষম হৈছে।

এনে বহু অধ্যাপক, গৱেষক, আইনজীৱী, চৰকাৰী বিষয়া আছে (নতুন প্ৰজন্মৰ মাজতো) যাৰ ঘাই শিপাডাল অসমীয়া মাধ্যম। কিন্তু এনে বহুতো শীৰ্ষ পদবীধাৰী অসমীয়াও আছে যিয়ে অসমীয়া ভাষা ক’বলৈ সংকোচ কৰে। বহুতৰে আকৌ অসমীয়া ভাষাৰ উচ্চাৰণত খোকোজা লাগে! নিশ্চয়কৈ চিন্তনীয়! কেৰোণটো ক’ত? অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তিত মানসিকতা, শিক্ষা ব্যৱস্থাটোৰ অগণন খেলিমেলি, চৰকাৰী শিক্ষানুষ্ঠানৰ অনিয়মানুৱৰ্তিতা, পাঠ্যক্ৰমৰ বিজুতি,অপৈণত শিক্ষাদান-অনুন্নত শিক্ষাপদ্ধতিৰ বাবেই অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানৰ চৰম অৱনতি ঘটিছে নেকি? সম্ভৱতঃ এইসমূহ কাৰণ ইটেো সিটোৰ পৰিপূৰক। অন্যহাতেদি বেচৰকাৰী বিদ্যালয়সমূহৰ ব্যক্তিগত প্ৰচেষ্টা আৰু নিয়ম-শৃংখলাৰ সুপ্ৰয়োগে সফলতাৰ মাপকাঠি উৰ্দ্ধগামী কৰাত মুখ্য ভূমিকা ল’বলৈ সক্ষম হৈছে।
সমান্তৰালভাৱে স্বীকাৰ্য যে অসমীয়া ভাষা মূলৰ অসমীয়া ল’ৰা-ছোৱালীয়ে বা অসমৰ অথবা প্ৰৱাসী অসমীয়া মানুহৰ লৰা ছোৱালীয়ে যি মাধ্যমতেই নপঢ়ক কিয় ৰাষ্ট্ৰীয় পৰ্যায় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত সফল হ’বলৈ হ’লে সৰুৰেপৰাই ইংৰাজী ভাষাৰ কথন আৰু ব্যাকৰণসন্মত সুস্থ জ্ঞান আহৰণৰ চেষ্টা কৰাটো জৰুৰী। এইক্ষেত্ৰত অভিভাৱক সকল সচেতন হোৱাটো নিত্যান্তই প্ৰয়োজনীয়। কিন্তু ইয়াৰ অৰ্থ এয়া নিশ্চয় নহয় যে নিজৰ মাতৃভাষাক অৱজ্ঞা কৰিব। সমান্তৰালভাৱে নিজৰ মাতৃভাষাক শ্ৰদ্ধা আৰু যথাযথ মাতৃভাষা জ্ঞান আহৰণ নিশ্চয়কৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। অধিকাংশ ইংৰাজী বিদ্যালয়ত পঢ়া ল’ৰা-ছোৱালীয়ে ঘৰে-বাহিৰে তথাকথিত ইংৰাজী শব্দৰ ভুলে শুদ্ধই প্ৰয়োগ কৰে যদিও মাতৃভাষাক এটা বিষয় হিচাপে অধ্যয়নৰ কোনো তাগিদা অনুভৱ নকৰে। এইক্ষেত্ৰত অভিভাৱক সকলৰ গুৰুত্বহীনতাও অন্যতম নেতিবাচক দিশ। আমাৰ আহ্বান বিশেষকৈ অসমৰ শিক্ষানুষ্ঠানসমূহে যাতে ইংৰাজী-অসমীয়া দুইটা ভাষা শিকাৰ এটা পৰিবেশ সৃষ্টি কৰিবলৈ দায়বদ্ধ হয়। আধুনিক- উচ্চশিক্ষিত অভিভাৱকসকলেও যেন অনুভৱ কৰিবলৈ সক্ষম হয় যে সমান্তৰালভাৱে মাতৃভাষাৰ জ্ঞান আহৰণ প্ৰতিজন অসমীয়াৰ বাবে জৰুৰী। সাম্প্ৰতিক সময়ত অনাহক মাধ্যম বিতৰ্ক নহয় বৰঞ্চ অসমীয়া ভাষাটোৰ সুস্থ আৰু প্ৰক্ৰিয়াগত অধ্যয়নৰ ৰুচিসন্মত প্ৰয়াস আৰু পৰিকল্পনাত সকলোৱে হাত উজান দিয়াটোহে প্ৰয়োজনীয়। বিতৰ্কৰ উৰ্দ্ধত ক’ব লাগিব যে মাধ্যম যিয়েই নহওক স্ব-স্থানত ইংৰাজী জ্ঞান আহৰণ আৰু মাতৃভাষাৰ চৰ্চা দুয়োটাই সমান্তৰালভাৱে অতি জৰুৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!