মাহী আই – নিকুঞ্জ কাশ্যপ

মই তেতিয়া সৰু । মাৰ অকাল বিয়োগ আৰু দেউতাৰ দ্বিতীয় বিবাহ । মই খুব ভালদৰে বুজি পোৱা হোৱা নাছিলোঁ হলেও কিছু কিছু বুজি পাইছিলোঁ। মাৰ শ্ৰাদ্ধত পিন্ধা বগা ধূতী আৰু গলত লোৱা গামোচাখনেৰে হেনো মোক সাইলাখ গোসাঁই যেন লাগিছিল আৰু মোক দেখি সেইদিনা বহুতৰে হেনো চকুলো ওলাইছিল। হ’লেও মোক দেখাকৈ কিন্তু কোনেও চকুলো টোকা মই দেখা নাছিলোঁ।
যদিও মাহীআইয়ে মোক অপাৰ মৰম কৰিছিল মই মাৰ অভাৱ কিন্তু বৰকৈ অনুভৱ কৰিছিলোঁ। যিমান হলেও মোৰ মাৰ আসন মই মাহীআইক দিব পৰা নাছিলোঁ । হয়তু সেয়া মোৰ দুৰ্বলতা আছিল ।
” সেইকাৰণে মই পুনৰ বিয়া কৰাব খোজা নাছিলো ……পিছে তহঁতেহে ”
দেউতাই মোৰ মুখলৈ চাই মাজে মাজে আইতাক তেনেদৰে কথা শুনাইছিল। মাহীআইয়ে পাকঘৰত গৈ উচুপিছিল দেউতাৰ কথা শুনি। আৰু মই মনে মনে উচুপিছিলোঁ মাৰ ফটোখন বুকুত বান্ধি। কিন্তু মাহীআইয়ে মোক মাৰ সমানেই মৰম কৰি গৈছিল। কিন্তু তথাপিও মোৰ মনত এটা ভাৱনাই বাৰে বাৰে কিয় জানো আহিছিল যে এইজনী মোৰ মা নহয় আৰু কোনোদিনে হবই নোৱাৰে।
মই পঢ়া টেবুলত মন মাৰি বহি থাকিলে মাহীআইয়ে গৰম গাখীৰ এগিলাছ আনি মোক দি কৈছিল
“বাবা অ’ মই জানো তোমাৰ মা লৈ মনত পৰিছে, চাওঁ…… মই আছো নহয়”? মাহীআইয়ে মোৰ চকুলো মচি দিছিল আৰু গাখীৰৰ গিলাচটো মোৰ মুখত পৰ্য্যন্ত লগাই দিছিল। তথাপিও মোৰ কিয় জানো মাহীআইক মোৰ মাৰ দৰে লগা নাছিল ।
বাৰে বাৰে মোৰ মনত পৰিছিল আইতাই চোতালত কোৱা তেজীমলাৰ সাধুতোলৈ ।
“হাতো নেমেলিবি ফুলো নিচিঙিবি
ক’ৰে নাৱৰীয়া তই……………………তেজীমলাহে মই”
মোৰ বৰ ভয় লাগিছিল। আইতাৰ কাষলৈ লৰ দিছিলো মই। মাহীআইয়ে হয়তু তেতিয়া বৰ দুখ পাইছিল।
কিছুদিন পিছত মোৰ ভনী এজনী জন্ম হ’ল। তথাপিও মাহীআইয়ে মোক আগৰদৰেই মৰম কৰিয়ে থাকিল। কোনো কথাতে যাতে মোৰ মাৰ অভাৱ অনু্ভৱেই নহয় তাৰ বাবে সকলো কৰি গ’ল। কিন্তু মই তথাপিও মাৰ অভাৱ কিয় জানো পদে পদে অনুভৱ কৰিছিলো। হয়তু সেয়া মোৰ দুৰ্বলতা। হলেও ভনীজনীক পাই মোৰ সেই দুৰ্বলতা কিছু পৰিমানে কমিল ।
°°°°°°°°°°°°
আৰু মই এতিয়া ডাঙৰ হ’লোঁ। ভনীজনীও ডাঙৰ হ’ল। তাইক বিয়া দিব পৰাও হ’ল। সিদিনা ভনীক চাবলৈ মানুহ আহিল। ৰুমৰ ভিতৰত মা-দেউতাহঁতৰ লগত দৰাঘৰীয়াৰ মানুহে কথা পাতিছে।
“আপোনাৰটো নিজৰ বুলিবলৈতো ছোৱালীজনীয়ে নহয় জানো ,ল’ৰাটো আগৰ………… মাকজনীৰ বুলিহে শুনিছো” ।
মই বেৰখনৰ ইফালৰ ৰুমটোৰ পৰা সকলো শুনি আছিলোঁ। মোৰ বুকুখনে তেতিয়া হাঁহাকাৰ কৰি উঠিছিল। তেওঁলোকে মোক আকৌ এবাৰ সোঁৱৰাই দিছিল সঁচাকে মোৰ মা-নাই। মই আকৌ মাৰ অভাৱ বাৰুকৈ অনুভৱ কৰিছিলোঁ। মাৰ ফটোখন বুকুত সাৱটি লৈ মই আকৌ উচুপিছিলোঁ। হেঁপাহ পলুৱাই কান্দিছিলোঁ ।
কিন্তু সিদিনা মোতকৈও হয়তু মাহীআইয়ে বেছিকৈ অন্তৰত দুখ পাইছিল। মাহীআইয়ে আৱেগিক হৈ ল’ৰাঘৰৰ মানুহক কৈছিল
“হয় আপোনালোকে ঠিকেই কৈছে কিন্তু ল’ৰাটোও মোৰেই কিয়নো মই যে তেজীমলাৰ মাহীমাকৰ দৰে মাহীআই নহওঁ ”
মাহীআইয়ে সেইদিনা মোৰ ওচৰলৈ আহি উচুপি কৈছিল! বাচা ………তই আনৰ কথাত মন নকৰিবিচোন। আনে কলেও তই মোক মাহীআই বুলি নাভাবিচোন। চাওঁ এবাৰ মোক মা…… বুলি মাতচোন। মোৰ বুকুখন ভৰি যায় অ’ ।
মই সিদিনা মা বুলি চিঞৰি গৈ মাহীআইৰ বুকুত সোমাই পৰিছিলোঁগৈ। আৰু মোৰ এনে লাগিছিল মই ভুল কৰিছিলোঁ মোৰ মাৰ মৃত্যু হোৱা নাই মোৰ মা এতিয়াও পৃথিৱীত জীয়াই আছে এইগৰাকীয়ে মোৰ মা।
তেতিয়া দেউতা ,ভনী আৰু আইতা সকলোৱে আহি মোক সাৱটি ধৰিছিল ।।

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!