ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

মাজুলী ভ্ৰমণলৈ যাব বিচৰা সকললৈ – মৌচুমী বৰুৱা

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলীলৈ যাবলৈ বহুতেই হেঁপাহ কৰে। কিন্ত্ত কেনেকৈ যাম ,ক’ত থাকিম আদি কথাবোৰ চিন্তা কৰি বহুতকে বিমোৰত পৰা দেখা যায়। মাজুলীত কেইবাখনো সত্ৰৰ নিজা অতিথিশালা আছে।ব্যক্তিগত উদ্যোগতো কিছুমান অতিথিশালা গঢ় লৈ উঠিছে।থকা খোৱাৰ সমস্যা সেয়েহে নাপায়।

পৰ্যটন উদ্যোগটো এতিয়াও চালুকীয়া অৱস্থাতে আছে মাজুলীত। তথাপিও প্ৰতি বছৰে দেশী বিদেশী বহু পৰ্যটকে মাজুলী ভ্ৰমণ কৰিবলৈ আহে।মাজুলীৰ সত্ৰসমূহ আৰু তাত থুপ খাই থকা আমাৰ সাংস্কৃতিক ঐতিহ্য সমূহ,মৃৎশিল্প ,থলুৱা চৰাইৰ কল কাকলি,মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য আদিবোৰেই ঘাইকৈ পৰ্যটকক আকৰ্ষণ কৰে।
মাজুলীলৈ যোৰহাটৰ নিমাতীঘাট ,দিখৌমূখ, লক্ষীমপুৰৰ পৰাও যাব পাৰি। মোৰ ব্যক্তিগত অভিজ্ঞতা নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ আছে। কমলাবাৰী ঘাটত বাছ, আৰু আন সৰু গাড়ী আদিৰ সুবিধা আছে।
যিসকলে মাজুলীত গৈ ক’ত থাকিম সেই চিন্তা কৰিছে তেওঁলোকৰ বাবে দুটামান অতিথিশালাৰ নাম উল্লেখ কৰিলো।আশাৰাখিছো আগ্ৰহী সকল উপকৃত হ’ব।
১/ উত্তৰ কমলাবাৰী সত্ৰৰ অতিথিশালা
২/ প্ৰশান্তি ইক’ টুৰিষ্ট লজ
৩/ মে প’ অকাম
৪/ লা মেজুদি আনন্দ
৫/য়গড্ৰাচিল বেম্ব’ কটেজ

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Pinku
8 years ago

Thanks for the information..

Copying is Prohibited!