প্ৰাকৃতিক (-মালৱিকা বৰা)
সৌহাৰ্দ্যৰ বন্দৰত
এজন বন্ধুৰ বাবে অপেক্ষা কৰিছিলোঁ
তেওঁক সেইদিনা শিল বৰষুণে পালে
আদবাটৰ পৰাই উভতিল চিনাকি জাহাজ
মই উভতি নাহিলোঁ
চৌপাশে গঢ় দিলোঁ এখন বিশাল অৰণ্য
য’ত গছবোৰে বিস্তৃত শাখাৰে
মোক সকলো সময়তে আগুৰি থাকে
সূয্যৰ বিপৰীতমুখী সেউজীয়া ছাঁৰে
বুকুৰ ভিতৰখন সেমেকাই ৰাখে
থিয়দঙা দিব খোজা বেপেৰুৱা পাহাৰখনৰ তলীত
থুপ খায় অনুৰাগৰ এসোপামান গোট মৰা শিল
আকাংক্ষাৰ মেলি থোৱা হাত দুখন
মই কোঁচাই আনো সযতনে আৰু
অৰণ্যৰ মাজতে লুকুৱাই থওঁ
বন জুই নালাগিলে
বন্ধুৰ অপেক্ষাত মই এনেকৈয়ে ৰৈ যাম
ভাল লাগিল।