মেণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা: অগ্নিভ দত্ত

ৰবীন আইলেণ্ডৰ পৰা লং ৱাক টু ফ্ৰিডম:

ইতিমধ্য দক্ষিণ আফ্ৰিকাত থকা কেইবাবছৰো হৈ গৈছে৷ দেশখনৰ যতে যেনেকৈ সুবিধা পাইছো ঘূৰিছো ফুৰিছো৷ যিমানেই ঘূৰিছো সিমানেই দেশখনক দেশখনৰ মানুহবোৰৰ প্ৰতি মনবোৰ শ্ৰদ্ধাৰে ভৰি পৰিব ধৰিছে৷ দেশখন যিদৰে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা সেইদৰেই দেশখন বিভিন্ন ঐতিহ্যৰেও ভৰা৷ এইখন দেশতে নিযুত বছৰৰ আগৰ জীৱাস্ম আৱিষ্কাৰ হৈছে ঠিক সেইদৰেই এইখন দেশতেই দশক যোৰা বৰ্ন বৈষম্যৰ বিৰুদ্ধে যুঁজি ন্যায় প্ৰতিষ্ঠা কৰি ইতিসাহ গঢ়ি তোলা হৈছে৷

দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্য্য, আকৰ্ষনীয় মানুহ, সমৃদ্ধিশালী বুৰঞ্জী আৰু সংস্কৃতি আদিয়ে দক্ষিণ আফ্ৰিকালৈ অহাৰ দিনাৰ পৰাই টানি নিছিল ইখনৰ পৰা সিখন ঠাইলৈ৷ প্ৰত্যেকখন ঠাইয়েই শিকাছে দেশখনৰ নতুন নতুন কথা৷ জোহান্সবাৰ্গত ঘূৰি ফুৰোতে যদি সোণৰ খনিৰে গঢ়ি তোলা চহৰখনৰ অতীত বিচাৰি পাইছো ঠিক সেইদৰেই ডাৰবান নামৰ চহৰখনত বিচাৰি পাইছো দেৰশ বছৰীয়া ভাৰতীয় সংস্কৃতিৰ পোহৰ৷ এনেদৰে ইফালে সিফালে ঘূৰি ফুৰোতে কিন্তু্ত কেপ টাউনখন থাকিয়েই গৈছিল৷

কেপটাউন! ! বহুতৰ মতে কেপটাউনখন কেৱল দক্ষিণ আফ্ৰিকাৰে অন্যতম ধুনীয়া চহৰ নহয় ই বিশ্বৰে অন্যতম ধুনীয়া চহৰ৷ এফালে হিমচেঁচা আটলাণ্টিক মহাসাগৰ আনফালে টেবুল মাউণ্টটেন তাৰমাজতে গঢ়ি উঠা সপ্নৰ চহৰ যেন এই কেপটাউন৷ 1488 চনতে প্ৰথমবাৰৰ বাবে ইউৰোপীয়ান সকলৰ চকুত পৰিছিল এই খন ঠাই৷ খৈ খৈ বুলি আফ্ৰিকান জাতিটোৰ বাসস্থান আছিল এইখন ঠাই৷ লাহে লাহে আহি তাত বাহৰ পতা ইউৰোপীয়ানসকলে এদিন গোটেই কেপ টাউনখনেই দখল কৰি পেলালে৷ সেইবোৰ এক অন্য ইতিসাহ৷ সেইখন কেপটাউন চাবলৈ বুলি 2012 চনৰ 21 ফ্ৰেব্ৰুৱাৰী দিনা পৰিয়ালহঁহ জোহানেন্সবাৰ্গৰ পৰা উৰাজাহাজেৰে উৰা মাৰিলো৷ দুঘণ্টা লাগে উৰাজাহাজাত৷ কেপটাউন বিমান বন্দৰত নামি বাহিৰলৈ ওলাই অহাৰ লগে লগেই এজাক হিমশীতল বতাহে আদৰণি জ্বনালে৷ ফ্ৰেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাত গৰমেই থাকে সাধাৰণতে৷ মে মাহত শীতকাল আৰম্ভ হয়৷ ইয়াত মানে কেপটাউনত কথা বেলেগ৷ ইয়াত দিনটোতেই বোলে চাৰিটা ঋতু দেখা পোৱা যায়৷

এয়াৰপৰ্টৰ পৰা ওলায়েই গাত জেকেট কেইটা সুমুৱাই লৈ ৱাটাৰফ্ৰণ্টত বুক কৰি থোৱা “প্ৰতিয়া কেপ কেছেল“ বুলি হোটেলখনলৈ বুলি হোটেলৰ পৰা পঠাই দিয়া গাড়ীখন উঠিলোগৈ৷ এয়াৰপৰ্টৰ পৰা গাড়ী ওলোৱাৰ লগে লগেই অনুভৱ কৰিলো কেপটাউনৰ সৌন্দৰ্য্য৷ চিক- চিকিয়া ৰাস্তাইদি হোটেল অভিমুখে গাড়ী আগবঢ়াৰ লগে লগে গাড়ীৰ চালক এন্দ্ৰেই আমাক কেপটাউনখনৰ বিষয়ে থুল মুলকৈ বুজাই আহিব ধৰিলে৷ এন্দ্ৰেই আমাক কলে যেতিয়াই বতৰ ভাল যেন পালে তেতিয়াই টেবুল মাউনটেইনলৈ এপাক মাৰি লোৱাতো ভাল৷ নহলে বতৰ বেয়া হব লাগিলে কেপটাউনৰ পৰা 1089 মিটাৰ ওপৰত থকা টেবুল মাউনটেনলৈ যোৱা “কেৱল কাৰ“ খন চলাটো বন্ধ কৰি দিয়ে যাতে কোনো বিপদজ্জনক পৰিস্থিতিৰ সৃষ্টি নহয়৷ কেতিয়াবা কেইবাদিনলৈও বতৰ বেয়া হলে ঘন কুৱলীৰে পৰ্বতটো আগুৰি থাকে৷

আমি গৈ পোৱা দিনা বতৰ ঠাণ্ডা যদিও ফৰকাল আকাশ৷ গতিকে এন্দ্ৰেৰ পৰামৰ্শকে মানি হোটেলত সোমায়েই বস্ত্ত বাহিনী ৰুমত যেনেকে তেনেকে দলিয়াই থৈয়েই একেকোবে টেক্সিত উঠিলোগৈ টেবুল মাউনটেইনলৈ বুলি৷ টেবুল মাউনটেইন পাও মানে আবেলিৰ বেলিটোৱে পাগ মাৰি উঠি গোটেইখন সোণোৱালী ৰঙেৰে উপচাই পেলাইছে৷ তলৰ পৰাই মন্ত্ৰমুগ্ধৰ দৰে চাই পঠালো ওপৰলৈ৷ পাহাৰখনৰ ওপৰ খন সমান কাৰণেই তাক টেবুল মাউনটেইন নাম দিছিল৷ ইতিমধ্যে পাহাৰৰ ওপৰখন ঘন কুৱলীৰে এখন টেবুল ক্লথৰ দৰে ঢাকি ধৰিছেহি৷ কি এক অপৰুপ দৃশ্য সেইয়া৷ তলতে টিকেট কাটি “কেৱল কাৰ“ ত উঠি 1089 মিটাৰ ওপৰলৈ যাবলৈ ধৰিলো৷ কাৰ খনে 360’ ঘূৰি ঘূৰি ওপৰলৈ চলি যাব ধৰিলে৷ যিমিনেই ওপৰলৈ গৈছো এক উত্তেজনাই চেঁপা মাৰি ধৰিছে৷ ছয়-সাত মিনিটত আমি গন্তব্য স্থান পালোগৈ৷ কাৰখনত যোৱা 30-40 টা মানুহে চিঞৰি উঠিছে ওপৰৰ নৈসৰ্গিক সৌন্দৰ্য্য দেখি৷ ফটো তোলাই ফটো তোলাত লাগিছে কোনোবাই ইফালে সিফালে ঘূৰি ঘূৰি হেপাহ নপলোৱাকৈ চাব ধৰিছে৷ আমিও এফালৰ পৰা সৌন্দৰ্য্যৰ সুধা পান কৰাত লাগিছো৷ ওপৰৰ পৰা কেপটাউন চহৰখন কিবা সপোনপুৰী যেন লগা হৈ পৰিছে৷ দুৰৰ পৰা আটলাণ্টিকৰ নীলাবোৰ দুৰ দুৰলৈ বিয়পি পৰিছে৷ দুৰৈত আটলাণ্টিকৰ মাজত থকা বিশ্ব বিখ্যাত ৰবীন আইলেণ্ডটোও জিলিকি আছে৷ লাহে লাহে পাহাৰলৈ সন্ধিয়া নামি আহিব ধৰিলে৷ হঠাত ফেৰ ফেৰিয়া বতাহ আৰু কূৱলীয়ে গাবোৰ ধুৱাই যাব ধৰিলে৷ আটলাণ্টিকৰ নীলাবিলাক ডুবিব ধৰা বেলিটোৰ ৰঙাবোৰে বাংময় কৰি তুলিলে৷ ইফালে এটা দুটাকৈ কেপটাউন চহৰখনৰ জ্বলি উঠা লাইটবোৰে মুকুটাৰ দৰে উজ্জ্বলি উঠিব ধৰিলে৷ গোটেই পৰিবেশটোৱেই সলনি হৈ উঠিব ধৰিলে৷

মাউনটেইন কেফেৰ পৰা হাতে হাতে কফি, বিয়েৰ আদিলৈ আটলাণ্টিকত অস্তগামী বেলিটো চাই চাই সকলো আপোন পাহৰা হৈ উঠিছে৷ এটা সময়ত চাওতে চাওতেই চকুৰ আগতেই বেলিটো আটলাণ্টিকৰ বূকুত হেৰাই যোৱাৰ দৃশ্য জীৱন পাহৰিব নোৱাৰো৷ লাহে লাহে পাহাৰৰ ওপৰৰ পৰা তললৈ নামি আহিবলৈ আকৌ “কেৱল কাৰ“লৈ খোজ ললো৷ কেৱল কাৰেদি তললৈ নামি আহোতে দেখা কেপটাউনখনৰ দৃশ্যবোৰ যেন চকুত জীৱনৰ কাৰণে বানীবদ্ধ হৈ গল৷ এক পাহৰিব নোৱাৰা আভিজ্ঞতা৷ তাৰ পৰা নামিয়েই মাতি থোৱা টেক্সিত উঠি ৱাটাৰ ফ্ৰণ্ট পালোগৈ৷

সেইদিনা আৰু বিশেষ কৰিব নথকাত সোণকালে খাই বই হোটেলতে জিৰণি লোৱাতোৱেই ঠিক কৰিলো৷ ৱাটাৰফ্ৰণ্টক ভিক্টৰিয়া ৱাটাৰফ্ৰণ্ট বুলিও জানে৷ ৰাণী ভিক্টৰীয়াৰ নামত পুতেক এলফ্ৰেদে বনোৱা বন্দৰ আছিল এইটো৷ এতিয়া প্ৰায় এশ বিছ বছৰৰ পাছত সেই ৱাটাৰফ্ৰণ্ট কেপটাউনৰ যেন হৃতপিণ্ডহে৷ তাক কেন্দ্ৰ কৰি বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠান হোটেল ৰেষ্টুৰেণ্ট মনোৰঞ্জনৰ ভিন্নতাৰে ৱাটাৰফ্ৰণ্টৰ গধুলীবোৰ মাথো মায়াময়হৈ পৰে৷ গান গোৱাই গান গাইছে নচাই নাচিছে প্ৰেম কৰাই প্ৰেম কৰিছে ব্যস্ত নিজৰ দুনিয়াক লৈ৷ আমিও তাতে অকণমান ইফাল সিফালে ঘূৰি পৰ্তুগীজ ৰেষ্টুৰেণ্ট এখনত সোমালো ৰাতিৰ আহাৰৰ কাৰণে৷ সাগৰীয় মাছেৰে সুন্দৰকৈ পৰিবেশন কৰা আহাৰেৰে পেট ভৰাই খাই হোটেলত সোমালোগৈ৷

পাছদিনা বতৰটো ইমান ভাল নোহোৱাত কেপটাউনৰ ভিতৰতে ইটো সিটো কৰি দিনটো কটালো৷ ইতিমধ্য বতৰৰ আগজাননি অনুসৰি তাৰ পাছদিনৃ বতৰ ভাল হব বুলি জানি সেইদিনাই আমাৰ কাৰণে ৰবীন আইলেণ্ডলৈ যোৱা জাহাজত টিকেট কাটি আনি থলো৷ পাছদিনা ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰিয়েই ওলালো আকৌ ৱাটাৰফ্ৰণ্টলৈ আৰু তাৰ পৰাই যাব লগা জাহাজৰ কাৰণে লাইনত ঠিয় হলোগৈ৷ ৰবীন আইলেণ্ড সৰুৰে পৰাই শুনি অহা এটা নাম৷ শত সহস্ৰজনৰ মুক্তিৰ প্ৰতিক নেলচন মেণ্ডেলাৰ জীৱনৰ এক গূৰুত্বপূৰ্ণ সময় কটোৱা দীপটোৰ নামেই আছিল ৰবীন আইলেণ্ড৷

মনত এক তীব্ৰ উত্তেজনা; মেণ্ডলাৰ কাৰাগাৰৰ কুঠৰীটো নিজ চকুৰে দেখাৰ উত্তেজনা সেইয়া৷ এই ৰবীন আইলেণ্ডৰ এক দীঘলীয়া ইতিহাস আছে৷ 17 শ শতিকাৰ পৰাই আটলাণ্টিকৰ মাজত কেপটাউন চহৰৰ পৰা প্ৰায় সাত কিল মিটাৰ দুৰত অৱস্থিত এই ৰবীন আইলেণ্ডক সেইসময়ত দক্ষিণ আফ্ৰিকাত খোপনি পোতা ডাচ্ছসকলে তেওলোকৰ বিভিন্ন ঔপনিবেশৰ ৰাজনৈতিক বন্দীসকলক পৃথককৈ ৰাখিবলৈ ইয়াক ব্যৱহাৰ কৰিছিল৷ সেইয়াই আৰম্ভ৷

ইতিমধ্যে দেশ বিদেশৰ বিভিন্নজন গোট খাইছেহি জাহাজত উঠি ৰবীন আইলেণ্ডলৈ যাবলৈ৷ লাইন পাতি এজন এজনকৈ জাহাজত উঠিলোগৈ৷ ঠিক এঘাৰ বজাৰ লগে লগেই জাহাজে কেপটাউন এৰি আটলাণ্টিকৰ নীলা পানীৰ মাজেদি তীব্ৰ গতিত ৰবীন আইলেণ্ডলৈ গতি কৰিলে৷ কি এক অনন্য যাত্ৰা৷ সাগৰৰ ঢৌ একো একোটাহতে প্ৰকাণ্ড জাহাজখন একো একোবাৰত জোৰকৈ লৰাই দিয়ে আকৌ কিছুসময় একেবাৰে যেন ঠাণ্ডা৷ প্ৰায় ছল্লিছ মিনিটৰ মুৰত গৈ ৰবীন আইলেণ্ডৰ বন্দৰত জাহাজে লঙ্গৰ পেলালেগৈ৷

জাহাজৰ পৰা নামিয়েই তাত ৰখাই থোৱা সুন্দৰ বাছবোৰত মানুহবোৰে নিজৰ সুবিধা মতে উঠাত লাগিল৷ বাছবোৰত একো একোজন গাইড আছিল৷ বাছ চলাৰ লগে লগে গাইডজনে আইলেণ্ডটোৰ ইতিহাস তাৰ বৈশিষ্ট আদি বুজোৱাৰ লগে লগে আমাক 3, 5 কিল মিটাৰ দীঘল আৰু 2, 0 কিলমিটাৰ বহল ৰবীন আইলেণ্ডৰ কি কি দেখুৱাব তাকো বিস্তৃত ৰুপত কলে৷ বাছখন এটা ঠাইৰ পৰা আন ঠাইত ৰখাই আৰু সেইখিনিৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়ে৷

আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ অন্যতম কাণ্ডাৰী ৰবাৰ্ট চুকুবেক গ্ৰেপ্তাৰ কৰি ৰখা ঘৰটো, ৰাজনৈতিক বন্দীসকলে কাম কৰা চূণশিলৰ খনিটো আৰু সেইখনিটোৰ সন্মূখতে 1995 চনত মেণ্ডলাকে ধৰি বিভিন্ন জন প্ৰাক্তন কাৰবন্দীয়ে মিলি বনোৱা শিলৰ সৰু পাহাৰ এটা যাক “ইচিভিভেন“ বুলি জনা যায়৷

এইবোৰ এটা এটাকৈ বাছেৰে ঘূৰাই আনি আমাৰ সকলোৰে আকাংক্ষিত স্থান টুকুৰত আনি বাছ ৰখালেহি৷ তাতেই আমাৰ গাইডজনে আন এজন গাইডৰ হাতত আমাক গতাই দিলে৷ নতুন গাইডজনে যেতিয়া নিজৰ পৰিচয় দিলে গা মুৰ শিয়ৰি গল৷ গাইডজন এজন প্ৰাক্তন ৰাজনৈতিক বন্দী সেই ৰবীন আইলেণ্ডৰ৷ দেশৰ ৰাজনৈতিক স্বাধীনতাৰ পাছত বহুজন ৰাজনৈতিক বন্দীয়েই ৰবীন আইলেণ্ডতে থাকি গল আৰু সেইসকলে এতিয়া এই আইলেণ্ডটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এম এচ পি মানে মেক্সিমাম চিকিউৰিটি প্ৰিছনটোৰ গাইড৷

এই এম এচ পিতে নেলচন মেণ্ডেলাকে ধৰি অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক বন্দীয়ে বন্দীত্ব কটাইছিল৷ ১৯৬৪ চনৰ পৰা ১৯৮২ চনলৈ ১৮ বছৰ কাল মেণ্ডেলাই ইয়াৰ কাল কুঠৰীত বন্দীত্ব দিন কটাইছিল৷ ২৭ বছৰীয়া কাৰাগাৰৰ জীৱনৰ বাকী সময়খিনি দক্ষিণ আফ্ৰিকাৰ বিভিন্ন কাৰাগাৰত কটাইছিল৷

ৰবীন আইলেণ্ডৰ এম এচ পি কাৰাগাৰৰ আঠ ফুট বহল সাত ফুট দীঘল অতিপাত আনহাইজেনিক কুঠৰীত থাকিব দিয়া হৈছিল মেণ্ডেলাক৷ লগত এটা সৰু বাল্টি দিয়া হৈছিল যত ৰাতি বিয়লি শৌচ প্ৰসাৱ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল কাৰণ ৰাতি এবাৰ কুঠৰীত সোমোৱাৰ পাছত বাহিৰলৈ ওলোৱা নিষেধ; সেইটোৰ উপৰি শুবলৈ এখন পাতল কম্বল দিয়া হৈছিল৷ কাৰাগাৰৰ কুঠৰীটোত আজিও সেইকেইপদ বস্ত্ত তেনেকৈয়ে সজাই থোৱা আছে৷

তাৰ পাছতেই লৈ যোৱা হল কুঠৰীৰ বাহিৰৰ মুকলিখিনিলৈ৷ ইয়াতে দিনটো শিল ভঙা কামত লগোৱা হৈছিল বন্দীসকলক৷ তাতেই দেখুউৱা হল মেণ্ডেলাই গছৰ জুপুহাৰ তলত লুকাই চুৰকৈ লিখা মেলা কৰা ঠাইদোখৰ৷ তাৰ পৰাই লিখি উলিয়াইছিল বিশ্ব বিখ্যাত “লং ৱাক টু ফ্ৰিদম“৷ সেইখন লিখাৰ পাছত তাৰপৰা ইমান কঠোৰ নিৰাপত্তাৰ মাজৰ পৰা উলিয়াই অনা সহজ কথা নাছিল৷

মেক মহাৰাজ বোলা এজন ভাৰতীয় মূলৰ স্বাধীনতা যোদ্ধাই সেইখনৰ মূল পাতবিলাক উলিয়াই আনিবলৈ সক্ষম হৈছিল৷ আমোদজনক এটা কোৱা কথা, মেণ্ডেলা ইমানেই আনন্দিত হৈছিল যে মেক মহাৰাজৰ সেই পৰিবহণৰ কৌশলত তাৰ প্ৰতিদান স্বৰুপে মেণ্ডেলাই তেখেতৰ প্ৰথম মন্ত্ৰীসভাত মেক মহাৰাজক পৰিবহণ মন্ত্ৰিত্ব প্ৰদান কৰিছিল৷

যি কি নহওক সেই এম এচ পি কাৰাগাৰৰ ভিতৰত সোমাই থকা প্ৰতি মূহূৰ্ততে আমাক সোৱৰাই দিয়ে কিমান নৃশংস আছিল বৰ্ন বৈষম্য৷ তীব্ৰ ক্ষোভ ঘৃণাৰ লগতে বন্দীসকলৰ অৱস্থাৰ কথাৰে চকু সেমেকি উঠে সকলোৰে৷ তাতে আমাৰ গাইডজনৰো নিজা অভিজ্ঞতাৰ কথাৰে সকলোৰে অন্তৰ চুই যাবলৈ সক্ষম হল৷ গোটেই কাৰাগাৰৰ প্ৰত্যেকটো চুক কুন চাই আমাক নিদিষ্ট ঠাই এদোখৰত আনি গোটেইখিনিকে হাজিৰ কৰা হল৷ তাতেই গাইডজনে আমাক বিদায় দি জাহাজঘাটটোলৈ দেখুৱাই কলে This is your long walk to freedom. মনটো এক অবুজ আনন্দ বেদনাই জুমুৰ মাৰি ধৰিলেহি৷ পাছ ফাললৈ এবাৰ চাই গাইডজনক বিদায় জনাই ভাৰাক্ৰান্ত মন এটাৰে এখোজ দুখোজকৈ জাহাজৰ ফালে খোজ পেলালো৷ মনৰ ভিতৰতে বাজি উঠিল “লং ৱাক টু ফ্ৰিডম “৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!