মেণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা- অগ্নিভ দত্ত

দক্ষিণ আফ্ৰিকাৰ ইতিহাস তাৎপৰ্যপূৰ্ণ৷ দক্ষিণ আফ্ৰিকাৰ ইতিহাসৰ আৰম্ভণি বুলিলে হয়তো এক লাখ বছৰ পাছলৈ ঘূৰি যাব লাগিব৷ এক লাখ বছৰৰ আগতে যেতিয়া মানুহে এইখন ঠাইত বাস কৰিবলৈ লৈছিল তেতিয়াৰ পৰাই এইখন দেশৰ ইতিহাসৰ আৰম্ভণি৷ আজিৰ পৰা হয়তো ৪০০০০ বছৰমান আগতে চিকাৰী জনগোষ্ঠী বুশ্বমেনসকল আছিল দক্ষিণ আফ্ৰিকাত বসবাস কৰাসকলৰ অন্যতম৷ বৰ্তমান প্ৰায় লুপ্তপ্ৰায় এই জনগোষ্ঠীৰ ৪০০০০ৰ পৰা ২৫০০০ বছৰৰ আগতে কৰা বিভিন্ন চিত্ৰকলা এতিয়াও বিভিন্ন ঠাইত উপলদ্ধ৷

ভাৰতত বেপাৰ বাণিজ্য কৰিবলৈ অহা ইউৰোপৰ বিভিন্ন জাতিৰ লোকসকলৰ বাবে ভাৰতলৈ অহা যোৱা কৰিবলৈ চমু পথৰ আৱশ্যক আছিল৷ এনেদৰেই চমু পথৰ সন্ধানত এদিন পূৰ্তূগীজসকল আহি দক্ষিণ আফ্ৰিকাৰ কেপ অঞ্চলত উপস্থিত হৈছিল৷ সেইয়াই আৰম্ভণি দক্ষিণ আফ্ৰিকাৰ বুকু ইউৰোপীয়ান সকলৰ হাতলৈ যোৱাৰ৷ এনেকৈ এদিন ভাৰতলৈ যোৱাৰ চমু পথৰ সন্ধানত ওঠৰ শতিকাত নেদাৰলেণ্ডৰ পৰা ডাচ্চসকল আহি কেপ অঞ্চলত প্ৰবেশ কৰিছিল৷ কেপ অঞ্চলতেই ৰছদ পাতিৰ যোগাৰ কৰি তাৰ পৰা ভাৰতলৈ মা-মচলা আনিবলৈ গতি কৰিছিল ডাচ্চসকল৷ তেনেকৈ কেপত বিশেষ ৰছদ পাতিৰ যা যোগাৰ কৰিবলৈ দিগদাৰ হোৱাত ডাচ্চ কোম্পানীয়ে এটা সময়ত নেদাৰলেণ্ডৰ পৰা খেতিয়ক আনি কেপ অঞ্চলত থিতাপি দিয়াত লাগিল৷ সেইসকল ডাচ্চ খেতিয়কক ব’ৰ (Boer) বোলা হৈছিল৷ লাহে লাহে ডাচ্চ খেতিয়কসকল সম্প্ৰসাৰিত হব ধৰিলে বিভিন্ন অঞ্চললৈ৷

ডাচ্চসকল অহাৰ পাছতেই একেই উদেশ্যেৰে বৃটিছসকল আহি দক্ষিণ আফ্ৰিকাৰ কেপ অঞ্চলত উপস্থিত হলহি৷ সেইসময়ৰ পৃথিৱীৰ অন্যতম শক্তিশালী বৃটিছসকলেও প্ৰথম অৱস্থাত দক্ষিণ আফ্ৰিকাক কেৱল ভাৰতলৈ অহা যোৱা পথত জিৰণি লোৱাৰ কাৰণেই ব্যৱহাৰ কৰিছিল৷ কিন্তু সেইয়া সদায় একে হৈ নাথাকিল৷ দক্ষিণ আফ্ৰিকাত সোণৰ খনিবিলাক আৱিস্কৃত হোৱাৰ লগে লগেই পৰিস্থিতিয়ে নতুন ৰূপ লয়৷ লাহে লাহে ব’ৰসকল আৰু বৃটিছসকলৰ মাজত সংঘাত আৰম্ভ হয়৷ এই সংঘাতে যুদ্ধৰ ৰূপ লয় ১৮৮০ চনত, সেইখন যুদ্ধক প্ৰথম এংগল’ ব’ৰ যুদ্ধ বুলিও জনা যায়৷

ব’ৰসকল খুব সাহসী, সেই ব’ৰসকলৰ হাতত তিনিমাহৰ ভিতৰতে বৃটিছসকলে পৰাজয় স্বীকাৰ কৰিব লগা হয়৷ অৱশ্যে সেইয়াই শেষ যুদ্ধ নাছিল৷ ১৮৮৯ চনত আকৌ বৃটিছসকল আৰু ব’ৰসকলৰ মাজত যুদ্ধ আৰম্ভ হয়৷ ব’ৰসকলে গেৰিলা যুদ্ধৰে বৃটিছসকলক নগুৰ নাকটি কৰিবলৈ ধৰিলে৷ কিন্তু এইবাৰ বৃটিছসকলে হাৰ মানি নললে৷ নৃশংস বৃটিছসকলে ব’ৰ যোদ্ধাসকলক গেৰিলা যুদ্ধত বলে নোৱাৰি ব’ৰ মহিলা, লৰা ছোৱালীবোৰক ধৰি বান্ধি কেম্পত ৰাখিবলৈ ধৰিলে৷ সেইবোৰ কেম্পত হাজাৰ বিজাৰ মহিলা, লৰা ছোৱালীয়ে মৃৰ্ত্যুক সাৱটি ধৰিব লগা হল৷ এইদৰে প্ৰায় তিনিবছৰৰ পাছত ব’ৰসকলে বৃটিছৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈ পৰে যুদ্ধত পৰাজয় স্বীকাৰ কৰি৷

এতিয়া আহো সেই ফুলৰ ইতিহাসৰ কথালৈ৷ দক্ষিণ আফ্ৰিকাত বিভিন্ন প্ৰকাৰৰ ইণ্ডিজিনিয়াচ উদ্ভিদকে আদি কৰি ফলে ফুলে ভৰি আছে৷ “প্ৰতিয়া” এই দেশৰ জাতীয় ফুল৷ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট টীমটোক সেইকাৰণে “প্ৰতিয়া“ বুলিও জনা যায়৷

এতিয়া আহো আন এবিধ ফুলৰ কথালৈ৷ ফুলবিধৰ নাম হৈছে কচমচ৷ বগা, গোলপীয়া ৰঙেৰে জিলিকি থকা এইবিধ ফুলক দক্ষিণ আফ্ৰিকাৰ প্ৰায়বোৰ ৰাস্তাৰ কাষে কাষেই শৰৎকাল (এতিয়া দক্ষিণ আফ্ৰিকাত শৰৎকাল) অহাৰ লগে লগেই ফুলি উঠা দেখা যায়৷ ৰাস্তাৰ দুয়োকাষে ফুলি উঠা কচমচ ফুলবোৰৰ মাজেৰে দীঘল দীঘল ৰাস্তাবোৰ অতিকে মনোমোহা হৈ পৰে৷ এই কচমচ ফুলবিধ কিন্তু দক্ষিণ আফ্ৰিকাৰ নিজস্ব ফুল নহয়৷ বিভিন্ন ইতিহাসবিদৰ মতে এই ফুলবিধ আহে মেক্সিকোৰ পৰা৷ কিন্তু মেক্সিকোৰ পৰা কোনোবাই আনি ৰুই দিয়া নাছিল ফুলবোৰ৷ ওপৰত উল্লেখ কৰা এংগলো ব’ৰ যুদ্ধৰ সময়ত বৃটিছবিলাকে ঘোঁৰাৰ খাদ্য অনাইছিল মেক্সিকোৰ পৰা৷ সেই ঘোঁৰাৰ খাদ্যত মিহলি হৈ আহিছিল এই কচমচ ফুলৰ গুটি৷ আৰু সেই খাদ্য খোৱাৰ পাছত যুদ্ধ যিফালেই বৃটিছ বাহিনী গৈছিল সেইফালেই লগত যোৱা ঘোঁৰাবোৰৰ গোবৰবোৰো ৰাস্তাৰ কাষে কাষে পৰি যাবলৈ ধৰে৷ সেইদৰেই এদিন কচমচ ফুলে ৰাস্তাৰ কাষবোৰ জিলিকাবলৈ ধৰিলে৷ সেই কচমচ ফুলক লৈ আকৌ লোককথাও আছে৷ যি বছৰ বগা কচমচ ফুল বেছি ফুলে সেইবছৰ দক্ষিণ আফ্ৰিকাত শীতৰ প্ৰকোপ বাঢ়ে৷

এইদৰেই অহা কচমচ ফুলে দক্ষিণ আফ্ৰিকাৰ বিভিন্ন ৰাস্তা পদূলি মনোৰমকৈ সজাই তোলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!