মাছৰ কণীৰ ব্যঞ্জন – কৰবী দত্ত

সামগ্ৰী: মাছৰ কণী 200 গ্ৰাম, পিয়াজ 2 টা, নহৰু, আদা, জলকীয়া, (আন্দাজমতে), নৰসিংহ পাত, আলু এটা, জালুক গুৰি অকণমান৷

পদ্ধতি: ১) প্ৰথমে মাছৰ কণীখিনি তেলত দিলে নুফুটিবৰ বাবে পিয়াজ, নহৰু, আদা, জলকীয়াৰ লগত মিক্সিত দিলো৷ এতিয়া আন্দাজমতে নিমখ, হালধি দি কেৰাহীত তেল দি বহলকৈ মেলি দিলো৷ জুই কমাই ঢাকি দিলো৷ অলপ পাছত সুন্দৰকৈ ফুলি উঠিল৷ সিজা যেন দেখি নমাই থ’লো৷ চেঁচা হ’লত টুকুৰা কৰি কাটি ল’লো৷ এতিয়া বেলেগে পিচি লোৱা নৰসিংহ পাতৰ লগত সিজোৱা আলুটো সানি লৈ নিমখ, হালধি দি নহৰুৰে তেল মাৰি কেৰাহিত দিলো৷ উতলা পানী অলপ দি অলপ সময় উতলাই কণীৰ টুকুৰা কেইটা দি গ্ৰেভীৰ দৰে হ’লত নমাই থ’লো৷

২) বেঙেনা – মাছৰ কণী ভাজি :

সামগ্ৰী : মাছৰ পেটু, জলকীয়া, পিয়াজ, আদা, নহৰু, মাছৰ কণীৰ টুকুৰা

পদ্ধতি: তেলত পিয়াজ, নহৰু, আদা, জলকীয়াৰ মিশ্ৰণ খিনি দিয়া পিছত মাছৰ পেটু আৰু সৰু সৰুকৈ কাটিলোৱা বেঙেনা খিনি দি নিমখ, হালধি দি কম জুইত ভাজি ভাজি শেষত আগতে কাটি থোৱা কণীৰ টুকুৰা কেইটা দি বেঙেনাৰ সৈতে মিলাই দিলো… …৷

■■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!