মেডিকেল কলেজৰ হাঁহি চকুলো -(ডা: দীপুল চন্দ্ৰ হালৈ)

মেডিকেল কলেজৰ হাঁহি চকুলো
-(ডা: দীপুল চন্দ্ৰ হালৈ)


১৬// এটা গাহৰিৰ হত্যাকান্ড :
মানুহৰ হত্যাকাণ্ড হয়, কিন্তু গাহৰিৰো হত্যা হয়নে? আচৰিত নহ’ব; হয় | হৈছিল | অসম চিকিত্সা মহাবিদ্যালয়ৰ নতুন ছাত্ৰাবাসটো ও আকৃতিৰ (O pattern), আয়তাকাৰ | সোমাবলৈ এটাই ৰাস্তা | এই ৰাস্তাটো গৈ হোষ্টেলৰ পদুলিত লাগিছেগৈ | সেই চিনাকী পদুলিটোৰে পাঁচটা বছৰ ওলাই সোমাই চিকিত্সক হৈছিলোঁ | মাদকতা ভৰা এটা পদুলি | মাজত প্ৰকাণ্ড এখন চোতাল | বন্ধৰ দিনত আমি আড্ডা দিয়া এখন চোতাল | মক্কেলৰ বাবে এটুকুৰা ভয়ংকৰ জেগা | চাৰিওফালে বাঘৰ মাজত যেন এজনী ভয়তুৰা হৰিণী | মক্কেলৰ কাৰণে যেনেদৰে চোতালখন ভয়ংকৰ এবিধ প্ৰানীৰ বাবে মৃত্যুৰ দুৱাৰদলি | হয়, ইয়াত যদি কেনেবাকৈ প্ৰবেশ কৰে আৰু বিশেষ কেইজনমান ছাত্ৰৰ চকুত পৰে তেনেহলে তাৰ মৃত্যু নিৰ্ঘাত | তেনেকৈ এদিন আবেলি এটা গাহৰি কৰবাৰ পৰা আহি হোষ্টেলৰ চাৰিচুকীয়া চোতালত প্ৰবেশ কৰিলে | লগে লগে চিঞৰ বাখৰ আৰম্ভ হ’ল | বহুতো ল’ৰা জাঠি-জোং, দা আদি লৈ গাহৰিটোক আক্ৰমণ কৰিলে | দৌৰা-দৌৰি আৰম্ভ হ’ল | গাহৰিটো এবাৰ ইফালে এবাৰ সিফালে দৌৰিছে, ওলাই যোৱাৰ বাটত সশস্ত্ৰ প্ৰহৰী | এবাৰত কোনো এজনে প্ৰকাণ্ড এটা কোব সোধালে, এজনে ঘাপ মাৰিলে | গাহৰিটো বাগৰি পৰিল | আৰু উপৰ্যুপৰি আক্ৰমণত মৃত্যু হ’ল | দৃশ্যটো দেখি আদিম মানবে চিকাৰ কৰা যেন লাগিছিল | মই হোষ্টেলৰ বাৰাণ্ডাত মোৰ ৰূমৰ সমুখত অসহায় ভাবে ঠিয় হৈ আছিলো এজন নিৰব দৰ্শক হৈ | তাৰপাচত কোনোজনে ঠেং, কোনোৱে মূৰটো, কোনোৱে বেলেগ এটা অংশ কাটি লৈ গ’ল | অলপ সময় পাচত এজন মানুহ কান্দি কান্দি হোষ্টেলত ওলালহি | হৰিজন বস্তিৰ লোক, দৰিদ্ৰ হৰিজন | তেওঁলোকৰেই গাহৰি | কান্দি কান্দি ওলাই গ’ল | মই মৰ্মাহত হ’লো | মনটো বেদনাত ভাগি পৰিল | এনেকৈ হৈছিল মোৰ সন্মুখত এটা গাহৰিৰ হত্যাকাণ্ড !

১৫// মুখ্যমন্ত্ৰীৰ বিশেষ কোটা :
নতুনকৈ ল’ৰা-ছোৱালী ভৰ্ত্তি হ’বৰ হ’ল | এদিন শুনিলোঁ এইবাৰৰ পৰা হেনো এটি বিশেষ কোটাৰ সৃষ্টি হ’ব- মুখ্যমন্ত্ৰীৰ বিশেষ কোটা য’ত ৩০টা চিট থাকিব | মেডিকেল কলেজত সেই লৈ নানা ধৰণৰ আলোচনা হ’ল | সকোলো জকি উঠিছে- এয়া কেনেকৈ হ’ব; হ’বই নোৱাৰে | ছাত্ৰ একতা সভাৰ মিটিং হ’ল | ইখনৰ পাচত সিখন মিটিং | শেষত সিদ্ধান্ত হ’ল – আন্দোলন কৰা হ’ব | অনশন | প্ৰতিটো ক্লাছে পাল পাতি অনশন কৰাৰ সিদ্ধান্ত ল’লে | ডিব্ৰুগড় বিশ্ববিদ্যালয়টো সিদ্ধান্তটো জনোৱা হ’ল | তেওঁলোকে আমাৰ সতে আন্দোলনত অংশ গ্ৰহন কৰিব বুলি জনালে | আমাৰ ক্লাছেও অনশনত বহিলোঁ; ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অহা এটা দলেও আমাৰ লগত অনশনত বহিল | পূৰাদমে আন্দোলন চলিল | আন্দোলন নকৰি, মানে অনশন নকৰি ঘৰলৈ যোৱা দুই এক ছাত্ৰৰ বেডিং পত্ৰ বাহিৰত উলিয়াই জ্বলাই দিলে | আবেগিক ৰূপ ল’লে | আৰু এদিন চৰকাৰে ডিব্ৰুগড়ৰ চাৰ্কিট হাউছত নামভৰ্ত্তিৰ ব্যৱস্থা কৰিলে | কলেজৰ সৰহ সংখ্যক ল’ৰা-ছোৱালী চাৰ্কিট হাউছত অবস্থান ধৰ্মঘট কৰিলে | এটা সময়ত প্ৰশাসনে উপায়হীন হৈ লাঠি চালনা কৰিলে, বহুতো ল’ৰা-ছোৱালী আহত হৈ চিক ৰুম(Sick Room) পালেহি | কলেজত হুৱাদুৱা লাগিল | সন্ধিয়া অধ্যক্ষ খবৰ কৰিবলৈ আহোতে চিক ৰুমত সোমাবলৈ দিয়া নহ’ল | পিচদিনাও অধ্যক্ষক নিবলৈ পুলিছৰ গাড়ী আহিল | আমি ৰাস্তাত বহি দিলো | কিন্তু আমাক উদ্যত ৰাইফলৰে ভয় খুৱাই আঁতৰাই পঠালে | পুলিছৰ গাড়ী আগবাঢ়ি গ’ল | আমাৰ লগৰ এজনে পুলিছৰ জীপত প্ৰচণ্ড গোৰ এটা সোধালে আৰু লগে লগে গাড়ী ৰখাই পুলিচে আমালৈ ৰাইফল টোঁৱালে | আমি প্ৰাণটাকি দৌৰিলো ; মই ভাবিছিলো আজি আৰু শেষ | পিছে গুলি নুফুটালে | প্ৰশাসনে বাধ্য হৈ মুখ্যমন্ত্ৰীৰ কোটা প্ৰত্যাহাৰ কৰিলে | আমাৰ আন্দোলন সফল হ’ল |

১৪// চিলিং ভগাৰ কাহিনী :
প্ৰেম মেডিকেল কলেজৰ এক অভিন্ন অংগ | প্ৰেমিক যুগলবিলাকৰ প্ৰেম দেখিলে ভাল লাগে | প্ৰেমত পৰিবৰ মন যায় | পিছে কলেজত সকলোৰে প্ৰেম নহয় | কিছুমান প্ৰত্যাখিত হয় আৰু কিছুমানে আজি কালি কৰি থাকোতে যায়গৈ | বহু কবিৰাজৰ বাবে আকৌ পঢ়া কালত প্ৰেম নিষিদ্ধ বস্তু ! আমাৰ নতুন ছাত্ৰাবাসলৈ প্ৰেমিকাৰ সোঁত প্ৰায়েই বয় | আমাৰ ছাত্ৰাবাসত থকা প্ৰেমিক দাদাসকলৰ ৰুমলৈ বাইদেউ বা ভন্টী প্ৰেমিকা সকল আহে অন্তৰংগ প্ৰেমালাপৰ বাবে | কোনোবা এনেকৈ আহিলে কিছুমান দুষ্ট বুদ্ধিৰ ল’ৰাই গোপনে প্ৰেমালাপ লক্ষ্য কৰে | হোষ্টেলত কেইজনমান এনে কুখ্যাত পিপিংটম আছে | গোপন প্ৰেম-প্ৰেমালিংগন গোপনে জুমি জুমি চায় | কোঠাৰ চিলিংফেনৰ ফুটাৰে চিলিঙৰ ওপৰৰ পৰা জুমি জুমি চায় | সেয়েহে বহুত ৰুমৰ চিলিং ফেনৰ চিলিং সংলগ্ন ফুটাটো বাতৰি কগজেৰে বন্ধ কৰি থয় | কথাবোৰ শুনি থাকো | এদিন এটা ঘটনা দেখি মোৰ চকু কপালত উঠিল | দুপৰীয়া এক মান বজাত মই ওপৰ মহলাৰ কৰিদৰেৰে গৈ আছিলো আৰু হঠাত এক কৰ্কশ শব্দ কৰি এজন চিনিয়ৰ দাদা এজন ধুপুচকৈ পকাত সৰি পৰিছে | উহ: বুলি চিঞৰি দিছে | লাজত মূৰ দাঙিব পৰা নাই বেচেৰাই | ভাগ্য ভাল আছিল আন কোনেও ঘটনাটো নেদেখিলে | লোকৰ প্ৰেম-পিৰিতি লুকাই লুকাই চাই বেচেৰা দাদাজনে ভালকৈয়ে এসেকা পালে |

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!