মেঘমল্লাৰ ৰাগীত – পৰিস্মিতা গগৈ

বসন্তৰ গান শেষ হ’ল
কুলিজনীয়েও মঞ্চ এৰি গ’ল
সাজি কাচি
এইবাৰ উঠিল বৰ্ষাজনী
মেঘমল্লাৰ সুৰ তাল লৈ।
ডাৱৰবোৰ চঞ্চল হ’ল
ময়ূৰীজনীও গাভৰু হ’ল
বৰ্ষাৰ প্ৰেমৰ ৰাগীত
দেওৰাজ হাঁহটো
ক’ৰবালৈ উৰি গুছি গ’ল।
নদীখনৰ মাতলামিত
পথাৰখন গৰ্ভৱতী হ’ল
নদাইহঁ‌তৰ দুচকুত
সপোন এজাক আহি ওলমি ৰ’ল।
পুখুৰীটোৰ বুকুখন বহল হ’ল
পুঠি খলিহনা কেইটাৰ
সংসাৰখন সুদৃঢ় হ’ল
ভেকুলীটোৱেও বিয়াখন পাতোঁ বুলি
গাঁ‌তৰ পৰা বাহিৰ হ’ল।
বালিমাহীজনীয়ে তাইৰ
এধানমান দেহাটি চোতালত পেলাই
তোমাৰ কথাকে সোঁৱৰাই গ’ল
ঘৰ এৰি যোৱা তোমাৰ জানা
আজি এবছৰেই হ’বৰ হ’ল।।।

■■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!