মেঘদূত- কালিদাস (ভাৱানুবাদ- কৌস্তুভমণি শইকীয়া দত্ত)

মেঘদূত- শ্লোক ১-
যাত্ৰা
মূল- কালিদাস
(ভাৱানুবাদ – কৌস্তুভমণি শইকীয়া দত্ত)
===============================
সুখঘন আকুল সান্নিধ্য
কৰ্তব্যবিমুখ প্ৰণয়-উন্মাদ যক্ষ
হৃদয়ত ফুলাম প্ৰহৰ

কিন্তু কুবেৰ যে প্ৰভূ
প্ৰভূত্বই হাতৰ তলুৱাত বান্ধি থয়
হৃদয়ৰ সূৰ্য!

যাগৈ তই! বুকু সুদা কৰি যাগৈ তই!

অভিশপ্ত নিৰ্বাসনত কঁপি উঠে
দিকচৌ বাটৰ ঘন অৰণ্যানিৰ আন্ধাৰ।
বনবাসী ৰঘূুমণি জিৰোৱা সেই শিখৰত
পুনৰ দুখত থৰ লাগে
কোন বিটপীৰ আন্ধাৰুৱা তল।

বিচ্ছেদৰ নিশ্বাসত কঁপি উঠে
বনবাসী আশ্ৰমৰ
বৈদেহীৰ স্নানেৰে বৰপ্ৰাপ্ত নীড়।

আঃ
বিতাড়িত প্ৰহৰৰ শতযুগ যেন এটা বছৰ।

=========

মেঘদূত -শ্লোক – বাৰ্তা ৪৩ (অনুবাদ)

অচিৰেই পৰিবহি তোমাৰ মগ্ন আত্মাৰ কোমল ছাঁ
গম্ভীৰ নৈৰ শান্ত পানীত

তাই ৰৈ আছে তোমালৈ
পানীৰ দাপোণত হৃদয় আঁৰি
অপেক্ষাৰ দুৱাৰ খুলি

এটা কটাক্ষতে তুমি হেৰুৱালা নেকি শৌৰ্য
উটিলা নেকি তাইৰ বুকুৰ হ্ৰদত ভেঁটফুল হৈ৷

==============

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!