মাইক্ৰ কাহিনী – আব্দুল ৰাকিব

তেজেৰে তুমৰলি হৈ মানুহজন কলেজৰ আগত পৰি আছিল। কলেজৰ আগত বাইক ষ্টাণ্ট্ কৰা অঘাইটংকেইটাই প্ৰথমতে সহায়ৰ বাবে দৌৰি আহিছিল। ভাগ্যে তেনেতে অহা মাৰুটি ভেনখনে মানুহজনক হস্পিতাললৈ তুলি লৈ গ’ল।

দুদিনমানৰ পিছত ভেনখন আকৌ কলেজখনৰ আগেদি আহোঁতে প্ৰত্যাশিত ভাৱে ষ্টাণ্ট্ কৰা লৰাকেইটাক লগ নেপালে।

“আমাৰ বাটৰ নাট সফল হ’ল দাদা।”

ভেনৰ দ্ৰাইভাৰৰ কথাত সেইদিনাৰ দুৰ্ঘটনাটোক সজীৱতাৰে দাঙি ধৰা জ্যেষ্ঠ নাট্যকৰ্মীজনে তৃপ্তিৰে মূৰ দুপিয়ালে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!