মাইক্ৰ’ কাহিনী – আব্দুল ৰাকিব
“ হুঁ: …..ইমান ফুটনি! ! !
“চহৰত থাকে বুলিয়েই ,গাড়ীখন গোটালে বুলিয়েই,মোৰ ফালে কেৰাহিকেও নেচালে।”
ভোৰভোৰাই দিগন্ত ঘৰ সোমাল৷
সৰুপোনা আজি তহঁতৰ লগৰ বিতুপন আহিছিল…….
এতিয়াও তাৰ ইমান হেঁপাহ……
মোৰ বাবে এখন পাটৰ চাদৰ আৰু তোলৈ এটা দামী চোলা লৈ আহিছিল৷ পিছে তালৈহে বৰ দুখ লাগিল৷ দ্বিতীয় ছোৱালীজনীক জন্ম দিয়েই ঘৈনীয়েকে চকু মুদিলে৷ দুজনী এমা দিমা ছোৱালীক লৈ তাৰ সংসাৰখন বৰ দুখৰ।বৰ গধূৰ।কথাই প্ৰতি সি অন্যমনস্ক হৈ পৰে
মাকৰ কথাখিনি শুনাৰ পিছত পুৱাই উঠা দিগন্তৰ খংটো,দুধাৰি লোটক হৈ বাগৰি পৰিল৷