“Mission BIRUBALA“ আৰু এক সংগ্ৰামী সত্বা: প্ৰত্যয় ৰাজকুমাৰ

এগৰাকী সাধাৰণ জনজাতীয় মহিলা, যাৰ নেতৃত্বত সুদীৰ্ঘ দিন ধৰি চলি আহিছে এক অসাধাৰণ আন্দোলন, ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতাৰ অভিযান৷ সেই গৰাকী মহিলা সমাজ সংস্কাৰকৰ নাম বীৰুৱালা ৰাভা, তেওঁৰ জন্ম হৈছিল 1949 চনত গোৱালপাৰা জিলাৰ ঠাকুৰবিলাত (অসম-মেঘালয় সীমান্ত অঞ্চল)৷ তেখেতৰ পিতৃ আৰু মাতৃৰ নাম ক্ৰমে কালিয়া ৰাম ৰাভা আৰু সাগৰবালা ৰাভা৷ অত্যন্ত পিছপৰা অঞ্চল আৰু দৰিদ্ৰ পৰিয়ালৰ বীৰুৱালাৰ বয়স কেৱল 15 বছৰ হওঁতেই বিয়াত বহিবলগীয়া হৈছিল৷ বীৰুৱালাৰ পতি আছিল এজন কৃষক, গতিকে তেওঁ স্বামীৰ লগত কৃষিকৰ্মত সহায় কৰিছিল লগতে কাপোৰ-বোৱা আদি কাম কৰিব লগা হৈছিল৷ এখন সুখৰ সংসাৰ এনেকৈ চলি আছিল কিন্তুু 1985 চনত যেতিয়া তেওঁৰ লৰা সন্তান এজনৰ বেমাৰ হৈ অসুস্থ হব লগা হল আৰু কিছুদিনৰ পিছত পতিও অসুস্থ হোৱাত গাঁৱৰ কিছুমান মানুহে বীৰুৱালাই বেজালি আৰু তন্ত্ৰ-মন্ত্ৰ কৰাৰ বাবে এনেকুৱা অৱস্থাত পৰিবলগীয়া হল বুলি কিছুমান মিছা অপবাদ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ কিছুমান দুষ্টলোকে নিৰীহ বীৰুৱালা আৰু তেওঁৰ পৰিয়ালৰ ওপৰত আৰম্ভ কৰিলে বিভিন্ন মানসিক অত্যাচাৰ৷ তন্ত্ৰ মন্ত্ৰ, বেজালি আদি যে কেৱল মাত্ৰ অন্ধবিশ্বাস এই কথা অশিক্ষিত গাওঁ বাসীক বুজাবলৈ বীৰুৱালাই সিদ্ধান্ত গ্ৰহণ কৰে৷ 80 দশকৰ পৰাই গাঁৱত এটি মহিলা সমিতি গঠন কৰি, ডাইনী হত্যা বিৰুদ্ধে আৰু অন্ধবিশ্বাস ৰ বিৰুদ্ধে মানুহৰ মাজত সজাগতা আনিবলৈ প্ৰচেষ্টা আৰম্ভ কৰে৷ প্ৰথমতে নিজৰ গাঁৱতেই আৰম্ভ কৰা এই সজাগতাৰ যাত্ৰা পিছলৈ বহু দূৰলৈ বিয়পি পৰিল৷ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰি মানুহক এইবোৰ কু সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ চেষ্টা অব্যাহত ৰাখিলে৷ সময় সলনি হল, তেওঁৰ লগত আৰু মানুহ জড়িত হল৷ ৷ 2011 চন ত তেওঁ Mission Birubala নামেৰে এই আন্দোলনক এক নতুন নাম দি সংগঠিত কৰিলে৷ 2012 চনৰ, 30 ছেপ্টেম্বৰ তাৰিখে Mission Birubala অনুষ্ঠানিক ভাবে NGO ৰ স্বীকৃত লাভ কৰিলে৷ এতিয়ালৈকে বহুতো মহিলা, পুৰুষক এই কু সংস্কাৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ তেখেতৰ যাত্ৰা অব্যাহত থাকক৷
ৰাভাই বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বহুতো বঁটা আৰু সন্মান লাভ কৰিছে৷ ইয়াৰ ভিতৰত কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাও আছে৷ ৷
Awards and Recogntion
The active role played by Birubala Rabha in eradication of Witch hunting is an inspiration for many who wish to bring a positive change to the world. She has been felicitated with numerous awards and other recognitions in India as well as abroad throughout these years. The most important among them are briefly mentioned below:
Nomination to Noble Peace Prize: (2005): The hard work of Birubala Rabha was recognized by the Noble Peace Prize Committee in the year 2005. By nominating her for this respectable Award, they identified her as a rare jewel who toils day in and day out to make this world a better place to live in.
Real Heroes: (2005): Our Chief Functionary, Birubala Rabha, was recognized as a “Real Hero” of India by IBN 18 Network and Reliance Group in the year 2005
Samajpran Sarbeswar Dutta Memorial Award: (2011): In 2011, Birubala Rabha was awarded with the prestigious Samajpran Sarbeswar Dutta Memorial Awardby S.I. Foundation, Jorhat (Assam)
.Urmila Das Memorial Award: (2011): This Award was bestowed upon her by the Assam Academy, Guwahati for her persistent works towards the society.
Joymoti Award: (2012): The Dibrugarh Ladies Club awarded the prestigious Joymoti Award to this courageous woman in 2012.
Man of the Year Award: (2013): The Ingkhang Welfare Society of Kokrajhar District in Assam felicitated Birubala Rabha with the prominent Man of the Year Award in the year 2013.
Biranggana Mulagabhoru Award: (2014): In 2014, The Sivasagar Sonari Tai Ahom Yuva Parishad recognized the significant work of Birubala Rabha with the Biranggana Mulagabhoru Award.
আৰু বহুতো…..
বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ যুগটো আমাৰ কিছুমান অঞ্চলত প্ৰচলিত এনেকুৱা কু সংস্কাৰৰ বিৰুদ্ধে সকলোৱে সজাগতা সৃষ্টি কৰাটো জৰুৰী৷
তেখেতৰ এই আন্দোলন সফল হওক আৰু সমাজৰ পৰা এই ব্যাধি আঁতৰ হৈ পৰক৷ ৷ ৷ ৷
(তথ্য সংগ্ৰহ~internet)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!