ম’বাইল : অঞ্জল বৰা

হাতৰ মুঠিত মোৰ সি হাঁহে
কথা কয় আৰু…
কঢ়িয়াই আনে কাণৰ পৰা বুকুলৈ
এজাক ভালপোৱা !!
প্রতি পল অনুপল বাজি উঠে মিছকল
এক দুই তিনি চাৰি পাঁচ… স্তব্ধ হৈ পৰে…
চাই থাকোঁ মই…
মোৰ প্ৰিয় এখন মুখ !!
শুনি থাকোঁ মই মোৰ প্ৰিয় এটা গীত…
আলফুলীয়া… ক’ত দেখি ক’ত পালা…
তুলি লওঁ আলফুলে তাক…
নম্বৰ মিলাওঁ… শব্দৰে গাঁঠি ৰখা নম্বৰ
এটা চিনাকি মাত… চিনাকি কণ্ঠস্বৰ
বুকুৰ গভীৰতালৈ বিয়পি পৰে
অযুত ভালপোৱা !!
অলপ অভিমান… অলপ মৌনতা…
কাণৰ পৰা বুকুলৈ বাগৰি আহে ঘন ঘন উশাহ
কেতিয়াবা সাবটি ধৰি শুই থাকোঁ তাক… 
বিচাৰি ফুৰোঁ পাৰহৈ যোৱা শব্দবোৰ
আছে নেকি বাৰু… মোৰ
অবুজ অকণমান বুকুৰ ভিতৰত
জীপাল হৈ উঠিব পৰাকৈ মৰম !!
এযোৰ ওঁঠৰ স্পৰ্শ !!
কেতিয়াবা চুমা দিওঁ তাক…
তাঁৰৰ কুণ্ডলীৰে কঁপি উঠে আন এখন হৃদয় !!

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
10 years ago

Eta upovugyo monurom kobita..

Copying is Prohibited!