মোৰ বিদেশী বোৱাৰীজনী –  পৰী শ্যামলী ভূঞা

“হাই ম’ম, হাউ আৰ ইউ? আই এম এঞ্জেলিনা, বাট ইউ কেন ক’ল মি এঞ্জেল”,

শব্দকেইটাই বিস্ফোৰক পদাৰ্থৰ দৰে আহি মোৰ কানত মুহূৰ্ততে বিস্ফোৰণ ঘটাই তুলিলেহি৷ বিনা মেঘৰ বজ্ৰপাতত মই থৰ হৈ ৰৈ গলো৷ থত-মত খোৱা মোৰ চকুৰ চাৱনি তীব্ৰ গতিত তাইৰ সৰ্বশৰীৰৰ ওপৰেদি পাৰ হৈ গল৷ পিন্ধনত মেখেলা চাদৰ, কোনোমতে টানি টুনি থিকেই পিন্ধিছে তথাপিও টলটলিয়া চকুৰে গোটেইজনি বিদেশীয়েই, কথাৰে এইমাত্ৰ বিস্ফোৰণ ঘটালেই৷ অলপ সময়ৰ বাবে চকুৱে ধুৱলী কোঁৱলীয়ে দেখি গলো৷ তাৰ মানে মই এতিয়া বিদেশী বোৱাৰীৰপৰা এইবোৰহে শুনিবলৈ অভ্যালস কৰিব লাগিব? আৰু বা কি কি খেল দেখুৱাব মোৰ এই হবলগীয়া বিদেশী বোৱাৰীজনীয়ে৷ মনে মনে ভগৱানকে খাটিব ধৰিলো কৃপা দৃষ্টি বনাই ৰাখিবা আৰু তোমাৰ ওপৰতে চব এৰিলোঁ৷ লৰাটোলৈকে বিৰাট খং উঠি আহিল৷ প্ৰেম বাৰু অন্ধ সেয়া মই বুজি পাইছোঁ৷ কিন্তু এইটোনো কেনেকুৱা মোৰ পুতেক নিজৰ হবলগীয়া ঘৈণীয়েকজনীক মাকৰ আগত কেনেকৈ কথা পাতিব লাগে এবাৰো শিকাবলৈ মনলৈ নাহিল নে? চকুটো পেন্দোৱা কৰি এবাৰ তালৈ চালোঁ৷ দেখিলো তাৰচোন অৱস্থাই বেয়া, একেবাৰে জিউ যাও যাও যেন৷ চকুৱে নিজৰ হবলগীয়া ঘৈণী জনীক কিবা ইংগিত দি বাৰে বাৰে বুজাই যাব বিচাৰিছে৷ ইফালে তাইৰ চকুত প্ৰশ্নবোধকৰ এক অসহায় চাঁৱনি৷ সিহঁত দুটাৰ চকুৰ ভাষা বুজিবলৈ মোৰ বাকি নাথাকিল৷ তথাপিও কি কৰেনো চাও বুলিয়ে ৰ’লো৷ আফটাৰ অল মই হ’ব লগীয়া শাহু হয়৷ তিনিমিনিটমান সম্পূৰ্ণ নিস্তদ্ধ৷ নিমাও মাও পৰিবেশ৷ তিনিওৰে মাজত মাথো চকুৰ চাৱঁনিবোৰ ঘূৰিব ধৰিছে৷ হঠাতে যেন মোৰ গাত গৰম তেলহে উফৰি আহি পৰিলেহি৷ যি দেখা পালো মই চক খাই উঠিলো৷ তাই নমস্কাৰ বুলি হাতযোৰ কৰি মোৰ ফালে আগবাঢ়ি আহিল৷ চক খাই মই সম্বিত হেৰাই পেলালো৷ একো তত ধৰিব নোৱাৰোতেই হাতযোৰ কৰি ’ব্লেচ মি ম’ম’ বুলি মোৰ ভৰিৰ ফালে হাওলিয়ে দিলে৷ মই তভক লাগিলো৷ আধাতে তাইক বাধা দি হাত পাতি ধৰিলো৷ ইংৰাজীত কি বুলি কওঁ ভাবি নাপায় অসমীয়াতে কব ধৰিলো …’মোৰ আশীৰ্বাদ সদায়ে তোমাৰ লগত, সুখী হোৱা ’…মুখেৰে আশীৰ্বাদ দি মই তাইৰ মূৰতে হাতখন ফুৰাই দিলো৷
…. ’ঠেংকিউ মম’…. তাই মিছিকিয়াকৈ হাঁহি এটা মাৰিলে৷ ময়ো মনতে অলপ শান্তি পোৱা যেন পালো৷ বোৱাৰী বিদেশী হলেও তাইৰ মাজত এই সংস্কাৰখিনি যে দেখিব পালো৷ মোৰ মুখেৰে সন্তুষ্টিৰ হাঁহি এটা ওলাই আহিল৷ যি হলেও বিদেশী ছোৱালীজনীয়ে আমাৰ কালচাৰ গ্ৰহণ কৰিব পাৰিছে, আপোন ভাব এটা আহি গ’ল তাইলৈ৷ তাকে ভাবি ভাবি লৰাটোৰ ফালে চালো৷ গোটেইটো গপচত ফুৰ্তিত ফুলি গংগাটোপটো হৈ পৰিছে৷ ময়ো মিছিকিয়াই থকা মোৰ মুখৰ হাঁহিটো তৎক্ষণাত জপাই তালৈ আকৌ পেন্দোৱাকৈ এবাৰ চালোঁ৷ ৰ’ বেটা বেছি নুফুলিবি বাতৰিয়ে পত্ৰই এনে ঘটনা পঢ়িবলৈ পায়ে থাকো, বিদেশী ছোৱালী বিয়া পাতি লৰা বিদেশৰ ঘৰ জোঁৱাই হল৷ মোৰ আচল টেষ্ট লবলৈ বাকিয়েই আছে৷ তাই বুজি নাপায় দেখি কথাকেইটা অসমীয়াত ফটাফটকৈ কৈয়ে পেলালোঁ৷

মোৰ চকু তাইৰ মুখখনৰ চাৰিওফালে এপাক ঘূৰি গল৷ ৰঙা চুলিকোচাৰে ধুনীয়াজনী দেখিবলে৷ বগীজনী! যেন পুতলাজনীহে৷ গালবোৰ ৰঙা ৰঙা৷ সচা ৰংনে লাজতে ৰঙা পৰিছে তাকেহে ভাবিবলৈ ধৰিলো৷ হঠাতে মনলৈ আহিলে অহ, এইজনী বিদেশীহে, কৰপৰানো লাজত গাল ৰঙা পৰিব পাৰে, ময়ো যে এজনী আৰু বুলি মোৰ ওঁঠটোৰ কোন এটা বেকা হৈ শুকান হাঁহি এটা ওলাই গল৷ তাই হাঁহি দিয়া চকুজুৰিত চকু পৰিল৷ মুগা বৰণৰ চকুৰ মণিকেইটা৷ যেন ৰানী মুখাৰ্জী৷ তাইক ধৰা নিদিয়াকৈ মোৰ আওঁচকুৱে ওপৰৰ পৰা তললৈ তাইক পিৰিক পাৰাক কৰিবলৈ ধৰিলে৷ টেষ্টটো লবই লাগিল৷ আফটাৰ অল মই তাইৰ শাহু হয়৷ এনে শাহু তাই ভাগ্যঙৰ বলত পাইছে৷ নহলে আমাৰ দিনত হোৱা হলে টেষ্ট দিওঁতেই তাইৰ বাৰ বাজিলেহলে, তাৰ পাছতো চিলেক্ট হব নে নহয় তাৰো ডাউট থাকি গ’লহেঁতেন৷ যি কি নহওক ছোৱালীজনী ধুনীয়া, লাহী লিচ পিছ বডিৰে আকৰ্ষণীয়, হাঁহিটিৰে সৈতে মুখখিও মৰমলগা৷ লৰাটোলৈকে দয়া জাগি উঠিল৷ ঠিকেইটো লৰাটোক দোষ দি কি লাভ! এনে এজনী অপৰূপা সদায় সন্মুখত দেখি থাকিলে লৰাটো প্ৰেমত পৰিবই৷ হব বাৰু থিক আছে দেখা শুনাই ব্যৰৱহাৰ পাতিৰে পাছ মাৰ্ক দিয়া যাওক বুলি ঠিক কৰিলো৷ মনে মনে বোৱাৰী পচন্দ হল কিন্তু সেইবুলি লগে লগেই মানি ললেইতো নহব৷ ৰূপে সংসাৰ নতৰে গুণেহে তৰে৷ তাইৰ এতিয়া পত্নী হব পৰাৰ গুণ আছেনে নাই, বুজা বুজি কৰিব পৰা ছোৱালী হয় নে নহয়, সেয়াহে আচল কথা৷ ধৈৰ্য্য সৈহ্য সেইবোৰ গুণটো মানুহ মাত্ৰেই হোৱা উচিত৷ লৰাটো যিহে সহজ সৰল এজনী বিদেশীনীৰ হাতত গটাই দিবলৈ কলিজাই ধপধপাই উঠিছে৷ ইফালে সি থাকিবও সেই বিদশতে, তাইৰ দেশতেই৷ আকৌ খং উঠি আহিল মোৰ তালৈ, প্ৰেমত পৰিবলৈ আৰু দেশী এজনী নাপালিগৈ নে৷ ইফালে উপায়ো নাই প্ৰেমতো অন্ধ৷ কেতিয়া ক’ত কনেকৈ কাৰ প্ৰেম হয় কাৰণো সামৰ্থ্যৰ ভিতৰত থাকে৷ হিয়া কঁপি উঠিল মোৰ, লৰাটোক এতিয়া এইহে বিয়া কৰাই লৈ যাব! ! ! লৰাটোলৈ আকৌ পেন্দোৱাকৈ চকুৰ চাৱঁনি এটা গুচি গল৷ মেট্ৰিকৰ ৰিজাল্টলৈ অপেক্ষা কৰি থকা যেন হৈ থকা তাৰ চেহেৰাখনৰ অৱস্থা দেখি বেয়াও লাগি আহিল৷ বেচেৰাটো হিয়া দিয়া নিয়াত ফচি এনেও ডুবি মৰি আছে তাতে আকৌ শাহুমাৰ টেষ্টবোৰৰ! ৰিজাল্ট বা কি হয়৷ তাৰ চেহেৰাটো দেখি বেয়া লাগি বোৱাৰী পাছ নকৰিলেও টিউচন কেইটামান দিয়াই যেনেতেনে পাছ কৰাব লাগিব বুলিয়ে ভাবি পেলালো৷ ইফালে চুইমিং পুলৰ কাষতে ধুনীয়াকৈ সজাই থোৱা টেবুল সজাই থোৱাতে থাকিল৷ বহিবলৈয়ে কাৰোৱেচোন হোচেই হোৱা নাই৷ ৱেটাৰে আহি অৰ্দাৰেই লব ধৰিলেহি৷ নাৰ্ভাচ হৈ থকা ইহঁত দুয়োটাকে বহিবলে কওঁতেই বেচৰী জোঁট-পোট খাই মেখেলাত ভৰি ফচি পৰিবলৈকে ধৰিলে৷ বেয়া লাগি আহিল মোৰ মনটো বেচৰী কি কি কৰা নাই প্ৰেমৰ বাবেই৷ ভালদৰেই মেখেলা চাদৰযোৰ পিন্ধা চকুত পৰিল৷ যি হলেও পিন্ধিব শিকিছে যে সেয়াই বহুত৷ লৰাটোৱে কৈছিল ইণ্টাৰনেটত চাই চাই শিকাৰ কথা৷ বেয়াই লাগি আহিল দুয়োটালৈ৷ ৱেটাৰৰ মুখখনলৈ চাই লৰাটোক কলো, দে কিবা এটা অৰ্দাৰ, বোৱাৰীক লগ কৰাবলৈ এই ঠাইলৈ আনি এতিয়া কোনেও একো অৰ্দাৰ নিদিয়াকৈ কথায়ে পাতি থাকিবিনে?
..এঞ্জেল হোৱাট ইউ ইট ? হবলগীয়া বিদেশী বোৱাৰীক সম্বোধি হকে নহকে অলপ কবলে চেষ্টা কৰিলো৷

..’আপুনি যি খায় তাকে খাব মা’… লৰাটোৱে তৰপৰাই মাত লগালে৷ তাৰ কথাকেইটাত অলপ মাখন লগোৱা গোন্ধ এটা উৰি অহা যেন পালো৷

তাই কবলৈ ধৰিলে….’আই লাইক ইণ্ডিয়ান ফুড ম’ম৷ আই দোনট হেভ এনি অবজেকচেন অব হেভিং দাল, ৰাইচ, পাৰাঠা, খিৰ, আচামিজ পিঠা, ইভেন ড’চা ইদলি অলচ’৷ ম’ষ্ট অব দ টাইম ব’থ অৱ আচ ইউজদ টো প্ৰিফাৰ ইণ্ডিয়ান ফুদ ইন আৱাৰ কাণ্ট্ৰি৷ এন্দ আই এম লাৰনিং অসমীয়া অলপ অলপ৷

মোৰ চকু কপালত উঠিল৷ কথাবোৰ ভালদৰে বুজিয়ে নাপালো যদিও লৰাটোৰ সহযোগতে যেনিবা বুজি ললো৷ অসমীয়া অলপ অলপ শিকিছে বুলি জানি বিৰাট শান্তি পালো৷ তদুপৰি তাই ইণ্ডিয়ান খানা চবেই চিনি পাই৷ সেয়াও শান্তি পালো৷ তভক লাগি গলো৷ তাৰ মানে লগ কৰোৱাৰ আগত লৰাই সকলো ট্ৰেইনিং কমপ্লিত কৰায়ে আহিছে৷ সিহঁতৰ চেটিং হৈয়ে আছে৷ যিয়ে নহওক ইহঁত দুটাৰ খোৱা বোৱাত কষ্ট নহব তাকে ভাবি ক্ষন্তেকতে চকু দুটাও ভৰি আহিল মোৰ, প্ৰেমত ইটো সিটোৰ প্ৰতি সিহতৰ ত্যা গ দেখি৷ ইফালে লৰাৰ চকুত যি হে ফুৰ্তি৷ কথা ভালেখিনি আগবাঢ়িছে মানে, তাৰ চেহেৰাত এনেহেন ভাব৷ ময়ো আচল কথালৈ আহি গলো, ৰ’ ইমান ফুৰ্তি নাপাবি৷ মোক খুচ কৰিব নালাগে, তহঁত দূয়োটায়েহে ইটোৱে সিটোক খুচ ৰাখিব পাৰিবি নাই তাৰ হে চিন্তাই মোক খাই যাব লাগিছে৷ পৰিয়াল বুলি কোনো দৃঢ় কনচেপ্ত নথকা এই বিদশীসকলে কেতিয়া বিয়া ভাঙি দিয়ে কি ঠিক৷ তহঁতি দূয়োটাই বাৰু দুয়োয়ে দুয়োকে বুজি উঠিলিনে নাই৷ কথাখিনি সুধিয়ে পেলালো তাক৷ জনাই নজনাই তাইৰ লগতো কথা আৰম্ভ কৰিব ধৰিলো৷

..চাপ’জ, মাই চান কাম বেক ইণ্ডিয়া৷ ইউ উইল কাম? ইউ লাইক আৱাৰ হ’ম….কথাবোৰ কলোহে হয় তাই বা কি বুজি পালে৷ লৰাই যেনিবা ভালদৰে অনুবাদ কৰি দিয়াত যেনে তেনে মনৰ কথাবোৰ প্ৰদান কৰিলো৷

তাই কবলৈ ধৰিলে…’হোৱাই নট ম’ম! ! আই উদ লভ টু ষ্টে হিয়েৰ, হোৱেৰএভাৰ মাই হাবি ইজ৷ ইট হেজ বিন এ লং টাইম উই ন’ ইচ আদাৰ৷ এন্দ ইণ্ডিয়া ইজ ভেৰি ফেমিলিয়াৰ টো মি, ইভেন আই লাইক ইন্দিয়া, সি অলৰেদি ইণ্ট্ৰদিয়োচদ মি উইথ অল ইউৰ কাষ্টমচ৷ ইণ্ডিয়া ইজ এজ কিউট এজ ইয়ৰ চান’….৷

….’অকে অলৰাইট৷ বাট, প্ৰেক্টিকেল লাইফ ইজ ডিফাৰেণ্ট’…. তাকে কৈ মই মোৰ মনৰ বাকি কথাখিনি লৰাটোকে বুজাই তাকে সুধিবলৈ দিলো৷ যদি কালিলৈ তহঁতৰ সমন্ধত কিবা সমস্যাে আহে, তাই পৃথক হৈ যাবলৈ বিচাৰিব নেকি, যিটো সাধাৰণতে পাশ্চাত্যমৰ দেশবোৰত দেখা পাবলৈ পোৱা যায়, নে বুজাপৰা কৰিব বিচাৰিব৷ মোৰ ফালৰপৰা কথাষাৰ সি তাইক সুধিব ধৰিলে৷

…’নো ম’ম চেপাৰেচন ইজ নট এ চলোউচন৷ উই উইল বি অলৱেজ টোগেদাৰ৷ উই উইল ফেচ ইচ এন্দ এভৰি চিটুৱেচন টোগেদাৰ৷ আই চ মাই পেৰণ্টচ৷ দে আৰ অলৱেজ টুগেদাৰ’,
তাইৰ কথাখিনি শুনি মোৰ শান্তি লাগি গল৷

এইজনী চমজদাৰ আৰু জনা বুজা ছোৱালীচোন বুলি ভাবি ভাল লাগি আহিল৷ মনৰ ডাঙৰ চিন্তা এটাও আতৰি গল৷ মনতে লৰাটো পচন্দক তাৰিফ কৰিলো আফটাৰ অল মোৰ লৰাই পচন্দ কৰিছে৷ তাৰ পছন্দত নিশ্চয় কিবা এটা আছে৷ বিদেশী হলেও বোৱাৰী পোৱাৰ ফুৰ্তিতে কব নোৱাৰা হলোঁ৷ কাম কৰি খুৱাব বুলি আশা নকৰো কিবাকৈ দুয়োটাই মিলি জুলি খুটি খাই থাকিব পাৰিলেই হল৷ এই বুলি ভাবি বংশগত ভাবে চলি অহা সোণৰ খাৰুদাল মোৰ হাতৰ পৰা খুলি তাইৰ হাতত পিন্ধাই দিবলৈ ললো৷ পিছে খাৰু নোসোমায়৷ সৰু হৈছে৷ নোসোমায়হে নোসোমায়৷ শেষত তাই ওহ দুখ পাইছো বুলি মোৰ হাতখনকে ঠেলা মাৰি দিলে৷ এক ঠেলাত মোৰ চকু খোল খাই গল৷ দেখিলো লৰাটোৱে মোক ঠেলা মাৰি টল টলকৈ মোলৈ চাই আছে৷

..তইচোন অকণমানি হৈ আছ…বিয়াৰ কথাবোৰ …..
চকু মেলিয়ে মুখৰ পৰা হৰহৰাই ওলায়ে আহিল৷
..কি কৈ আছা এইবোৰ৷ সপোন দেখি আছিলা নেকি৷ আৰু টোপনিত এইবোৰ কি ইংৰাজী গাই আছিলা৷
..নহয়, বোৱাৰীজনী বিদেশী আছিল৷
..কি! ! ! তাৰ মুখখন মেল খাই পৰিল৷

..’নহয় অ একো নহয় শুই থাক’বুলি তাৰ মুখখন জপাই তাক শুৱাবলৈ লাগি গলো৷ সপোনটো সঁচা নহওক আৰু চকু মুদি ওপৰজনকে ভাবিবলৈ ধৰিলোঁ৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!