মোৰ কল্পনাৰ ৰং তুলিকাৰ সৈতে নৈ পাৰৰ এটি সন্ধিয়া
নৈখনে বুকুৰ মাজলৈ আকোৱালি লোৱা হালধীয়া বেলিটো,
দেখি এনে লাগিল যেন মাকৰ কোচত মুখ গুজি নির্ভয়ে টোপনি যোৱা ভাগৰুৱা এটি কোমল শিশু
লাহে লাহে নৈখন গহীন হ’ল,
ৰূপোৱালী সাজযোৰ সলাই মেৰিয়াই ল’লে এখনি এন্ধাৰ চাদৰ,
যেন ঘনঘোৰ তমসাৰ ওচৰত ভাগৰুৱা পোহৰৰ আত্মসমর্পণ
চঞ্চল কহুৱাডৰাও এতিয়া নিথৰ,
হ’ব পাৰে এয়া অধীৰতা, অনাগত ৰহস্যময়ী ৰজনীৰ অপেক্ষা
শীতল বতাহজাকৰ সতে কি জানো সিহতৰ গোপন আলাপ?
ঘৰমুখী পখীবোৰৰ সতে ব্যস্ত হৈ পৰিছে ঘন নীলা আকাশ,
উজ্জ্বল সিহতৰ চকুবোৰত সেয়া
অপেক্ষাৰত আপোনজনৰ সতে মিলনৰ ব্যাকুলতা
ভাগৰুৱা ভটিয়ালী নাওবোৰৰ পৰা ভাহি অহা সুৰৰ ঝংকাৰ
ঠিক ধৰিব পৰা নাই বিষাদ নে আনন্দৰ!
কোনো অজান প্রেয়সীৰ সতে বিচ্ছেদৰ ৰাগ নে প্রতিশ্রুতি মিলনৰ
নিস্তব্ধতাৰ বুকু ফালি বৈ আহিছে সেয়া কৰুণ বাঁহীৰ সুৰ,
হ’ব পাৰে কোনোবা প্রেমিকৰ বিৰহ গাঁথা, নতুবা প্রেমৰ ভাষা,
সেই সুৰৰ তৰংগই সিচৰিত কৰা বনৰীয়া সুবাসেৰে কৰা
এয়া যেন উৎসৱৰ এক মহা আয়োজন,
কিছুক্ষণৰ বাবে পোহৰক বিদায় যাছি কৰা আন্ধাৰৰ আগমনৰ
মোৰ কল্পনাৰ ৰং তুলিকাই সঁজা,
এয়া এখন ছৱি নৈ পাৰৰ এটি সন্ধিয়াৰ।
নৈখনৰ সতে একাত্ম হৈ শুনি আছো
মই আৰু মোৰ আত্মা।
————————-000—————-
– ৰঞ্জু শৰ্মা