মোৰ প্ৰেমৰ দুটিমান পংতি লগতে এখন চিঠি (বিকাশ দাস)

 

মোৰ প্ৰেমৰ দুটিমান পংতি লগতে এখন চিঠি

বিকাশ দাস

 

 

 

মৰমৰ

—–
মৰম ল’বি বুলি ক’বলৈ এতিয়া তুমি দেখোন মোৰ কাষতেই নাই । কুশলে আছনে নাই সেয়া বিধাতাই হে জানে । কি সতেনো চিঠি লিখোঁ তাকেহে ভাবি আছিলোঁ । আঁতৰি যাবা বুলি জানিলে কাষ নাচাপিলোঁহেঁতেন  । কপালখনক দোষ নিদিওঁ । দোষ কাৰ মইও নাজানোঁ । ছেহ কিয়নো চিঠিখন লিখিম বুলি মন মেলিলোঁ, কাক পঠাম ,কোনে পঢ়িব ? তুমি………..

বোৱঁতী নদীখনক সুধিছোঁ
প্রেম মানে নো কি?
ই এক সুখালাপ
নে ধুমুহাৰ শুভ সংকেত…

বিষাদৰ ডাৱৰবোৰ
লাহে লাহে আঁতৰি
আকাশখন ফৰকাল হব ধৰিছে …
ক্ষণ গণিছোঁ
কেৱল একাজলি পোহৰৰ… ( ২ জুন,২০১২)

তুমি এন্ধাৰ হৈ নামি নাহিবা । এনেও অমাৱস্যাৰ ক্লান্ত নিশাবোৰ বহুত ভয়ানক হয় । হুৰহুৰাই নামি আহে নিসংগতা । কিৰীলি পাৰি উঠে নিগৰি সৰি পৰা মাণিকবোৰে । এয়া ডায়েৰিখন খুলি লৈছোঁ । আজি লিখিম কেইটামান নগ্নতাৰে ভৰা নিৰ্লজ্জ কাহিনী । মোৰ নিশাবোৰত দাগ বহি গল । জুবীনে যে গাইছিল “ দাগ মোৰ বুকুতে দাগ মোৰ তেজতে দাগ মোৰ কলিজাতে ”– সেই দাগ এতিয়াও মোৰ প্ৰতি ডাল শিৰাই শিৰাই জিলিকি আছে ।

মৰম
এই শব্দটো তাই বুজি নাপালে
তাই হয়তো নাজানে ভালপোৱাৰ সুবাস…(১১ জুলাই , ২০১২)

মহাসাগৰৰ বিধ্বংসী ৰূপত মুগ্ধ
মোৰ অস্তিত্ব ;
পলে পলে যেন বিচাৰি ফুৰে
বান্ধোন এৰাব নোৱাৰা এনাজৰী… ( ১২ জুলাই , ২০১২)

প্ৰেমৰ সাগৰখনত সাতুৰি ভাগৰি পৰিছোঁ ।

অকণমানি মৰম পাবলৈ
ৰৈ থকা
নিজান দেশৰ;
অচিন যুৱকৰ,
অক্লান্ত চিঞৰ
শুনিবলৈ আহিব নে কোনোবা ?
ৰৈ আছো
ৰৈ থাকিম … (৭ জুন, ২০১২ )

এতিয়া বেলিতোও ডুবিব চাগৈ !!

সাগৰখনৰ পাৰত বহি দিন ৰাতি কটাইছোঁ । নাৱৰীয়াও নাৱ পাৰ চপাইছে ।

নীলিম বুকুত
অলেখ নিশা ,
সাৰ পাই উঠে
তমসা ।।

শীতল আৱৰণ
মুগ্ধ নয়ন,
চিঞৰি উঠে
যৌৱন ।।

জোনাকীৰ দৰে ৰং
কঁপি উঠে দু-নয়ন,
শুভ্ৰ বৰণ
সিক্ত ওঁঠৰ শিহৰণ ।।( ১৫ চেপ্তেম্বৰ,২০১২ )

বহু ৰাতি হ’ল । মৰমৰ…. এতিয়া এৰিছোঁ । সময় পালে লিখিম দুটিমান পংতি মোৰ জীৱনৰ ।।

কবিতা হৃদয়ৰ বিজ্ঞাপন নহয়
কিন্তু মই জনাব খোজো তেখেতক
যাৰ বাবে মোৰ কবিতা অহৰহ নিগৰি পৰে
কোনো জাননী নিদিয়াকৈ,
তেওঁক মই পাব খোজো স্বীকৃতি প্ৰাপ্ত বুকুৰ ভাষাৰে ।। ( ২৯ আগষ্ট ,২০১২)

ইতি
বিকাশ

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!