নাৰীপ্ৰধান সমাজৰ পৰা লুপ্তপ্ৰায় ফোঁট : দীনদয়াল শৰ্মাৰ ব্যঙ্গ ৰচনা

অনুবাদ: মিতালী বৰ্মন

বিদেশত পুৰুষ আৰু মহিলাৰ পিন্ধন-উৰণৰ পৰা তেওঁ পুৰুষ নে মহিলা তৎক্ষণাত বুজা নাযায়; কিন্তুু আমাৰ দেশত এনে নহয়৷ আমাৰ সংস্কৃতিত এনেধৰণৰ পিন্ধন-উৰণৰ ব্যৱস্থা আছে যাৰ দ্বাৰা তেওঁ পুৰুষ নে মহিলা নিলগৰ পৰাই চিনিব পাৰি৷ অকল ইমানেই নহয়, আমাৰ সুদৃঢ় সংস্কৃতিৰ কাৰণে নাৰীৰ পৰিচয়ত আৰু গূঢ়াৰ্থ সোমাই আছে৷ নাৰীগৰাকী বিবাহিত নে অবিবাহিত, সাধবা নে বিধবা – এই সকলোবোৰৰ ইংগিত তেওঁৰ পিন্ধন-উৰণে বহন কৰে৷ বিবাহিত নাৰীৰ ক্ষেত্ৰত পিন্ধনত তেওঁৰ কপালত ফোঁট, শিৰত সেন্দূৰ, ডিঙিত ‘মঙ্গলসূত্ৰ’, হাতত ৰং-বিৰঙৰ খাৰু আৰু উজ্জ্বল, চকমকীয়া ৰঙৰ চেলোৱাৰ-কামিজ নাইবা শাৰী দেখা যায়; আনহাতে অবিবাহিতা নাৰীৰ বাবে প্ৰধানতঃ ডিঙিৰ ‘মঙ্গলসূত্ৰ’ আৰু শিৰৰ সেন্দূৰ বৰ্জনীয় বুলি জনা যায়৷

পুৰুষৰ এগৰাকী বিবাহিত নে অবিবাহিত তাক জানিবলৈ এনেধৰণৰ কোনো বিশেষ পোচাক নিৰ্দ্ধাৰণ কৰা হোৱা নাই৷ হয়তো পুৰুষপ্ৰধান সমাজেই ইয়াৰ মুখ্য কাৰণ৷ যিহওক! কিন্তুু বৰ্তমান আমাৰ সমাজখন নাৰীপ্ৰধান সমাজলৈ পৰিণত হৈ গৈ আছে৷ এতিয়া নাৰীয়ে কি পিন্ধিব আৰু কি নিপিন্ধিব তাৰ সিদ্ধান্ত নিজে লয়৷ আজিৰ দিনত সেন্দূৰ, মঙ্গলসূত্ৰ আৰু খাৰুৰ ফেশ্বন প্ৰায় নাইকিয়া হৈ গৈছে৷ এতিয়াৰ বিবাহিত মহিলাই কেৱল কপালত ফোঁটটো লৈয়ে বিবাহিতৰ পৰিচয় সীমিত ৰাখে৷ আকৌ কিছু মহিলাই ফোঁট লগোৱাটোও দৰকাৰী বুলি নাভাবে৷

এদিন মোৰ খুলশালীজনী আমাৰ ঘৰলৈ আহিল৷ ঘৰত সোমায়ে ক’লে, “কি হ’ল বাইদেউ, ভিনদেউ ঘৰত নাই নেকি? ”

শ্ৰীমতীয়ে ক’লে, “ঘৰতে আছে৷ সিফালে চা, তাতে বহি আছে৷ বিছনাতে বহি বাদাম চোবাই চোবাই টিভি চাই আছে৷ ”

মই খুলশালীৰ পিনে চাই দুটামান গল-হেকাৰি মাৰিলোঁ৷

শ্ৰীমতীয়ে খুলশালীজনীক সুধিলে, “কিন্তুু তইনো কিয় সুধিলি ভিনিহিয়েৰ ঘৰত আছে নে নাই বুলি? ”

“তোৰ কপালখন উকা দেখি, কপালত ফোঁট নেদেখি! ” খুলশালীজনীয়ে হাঁহি মাৰি ক’লে৷

“আহ-আ! ” বুলি উচ্পিচ্ কৰি শ্ৰীমতীয়ে তেওঁৰ উকা কপালত হাত বোলালে আৰু ড্ৰেচিং টেবুলত পৰা এটা সস্তীয়া ফোঁট এৰুৱাই নিজৰ কপালত আঠা লগাই ল’লে৷

মই খুলশালীজনীক ক’লোঁ, “তোমাৰ বায়েৰাই আজিকালি মোৰ একেবাৰে আদৰ নকৰে, একেবাৰে মোৰ মূল্য নুবুজে৷ কেতিয়াবা মোক বাথৰুমৰ কোনোবা দেৱালত, কেতিয়াবা দুৱাৰত আৰু কেতিয়াবা ড্ৰেচিং টেবুলত আঠা লগাই থয়৷ ফোঁট কিনিবলৈ মোৰ পৰা প্ৰতি সপ্তাহে বহুত পইচা নিয়ে, কিন্তুু ফোঁটৰ সস্তীয়া পেকেট কিনি আনি তাৰেই প্ৰতিদান সামৰে মাথোঁ! ”

এদিন মই দেখিলোঁ যে মই ঘৰৰ বাহিৰৰ লেতেৰা নলাটোত পৰি আছিলোঁ৷ মই শ্ৰীমতীক চিঞৰি মাতিলোঁ, “হেৰা, শুনিছানে? ”

“কিয় চিঞৰি আছা? কিনো হ’ল? ”বুলি চিঞৰি চিঞৰি তেওঁ মোৰ কাষ পালেহি৷

মই নলাত পৰি থকা ফোঁটটোলৈ আঙুলিয়াই ক’লোঁ, “সেয়া চোৱা, আজিকালি মোৰ মাথোঁ এয়াহে আদৰ, এয়াহে মূল্য! লেতেৰা নলাটোত মোক কেনেকৈ দলিয়াই পেলাইছা! ”

ঠিক তেতিয়াই আমাৰ অকণমান আঁতৰত থকা প্ৰতিবেশীৰ সুন্দৰী পত্নীগৰাকীয়ে মুখত মিচিকিয়া হাঁহি লৈ আমাৰ শ্ৰীমতীৰ কাষলৈ আহি ক’লে, “অ’ বাইদেউ, আজি – মাত্ৰ আজিৰ বাবে মোক আপোনাৰ ফোঁটটো দিয়কচোন! কালিলৈ মই উভতাই দিম৷ ”

প্ৰতিবেশীৰ অনুৰোধটো শুনি মই মনে মনে ফূৰ্তি আৰু গৌৰৱত ফুলিবলৈ ধৰিলোঁ৷ শ্ৰীমতীয়ে মোক উৎফুল্ল হোৱা দেখি ভিতৰি ভিতৰি জ্বলিবলৈ ধৰিলে৷ তথাপি প্ৰতিবেশীৰ ধৰ্ম পালন কৰিবলৈ গৈ মোক নিজৰ কপালৰ পৰা এৰুৱাই আনি তেওঁৰ কপালত আঠা লগাই দিলে৷ প্ৰতিবেশীগৰাকীয়ে সন্তুষ্ট হৈ ঘৰলৈ গুচি গ’ল৷

মই শ্ৰীমতীৰ ফালে চাই মিচিককৈ হাঁহি এটা মাৰি ক’লোঁ, “একাপ চাহকে দিয়াচোন, মোৰ মইনা! ”

“তাইৰ পৰাই খুজি খোৱাগৈ৷ ” খঙত ভোৰভোৰাই শ্ৰীমতী পাগঘৰলৈ সোমাই গ’ল৷

মই ক’লোঁ, “আৰে খং নো কিয় কৰা মোৰ, মইনাজান! নিজৰ সন্তান আৰু আনৰ ঘৈণী সকলোৰে ভাল লাগে৷ এয়াইতো মানৱ প্ৰবৃত্তি! ” মাত্ৰ এইখিনি কৈয়ে মই চাহৰ বাবে অপেক্ষা কৰিলোঁ৷ দুঘণ্টা হৈ গ’ল৷ চাহ এতিয়ালৈ নাহিল৷

 

One thought on “নাৰীপ্ৰধান সমাজৰ পৰা লুপ্তপ্ৰায় ফোঁট : দীনদয়াল শৰ্মাৰ ব্যঙ্গ ৰচনা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!