দুঘণ্টাৰ পৃথিৱী (-নন্দিতা খাখলাৰী)
ৰাতিপুৱাই আছিল এপইন্টমেন্টটো। পিছে অন্যান্য কামবোৰ কৰি মেলি গৈ পাওঁতে দুপৰীয়া বাৰটা মানেই বাজিল। লৰি-ঢাপৰি ৰিচেপচন কাউন্টাৰত গৈ সুধিলো, “ডাক্তৰ আছে নে গ’লগৈ বাৰু”? ল’ৰাজনে কলে, ” আছে, কিন্তু আপুনি অলপ বহিব লাগিব। ভালে কেইজন ৰোগী ৰৈ আছে”। ৰাতিপুৱাই চাহ খাই ওলাই যোৱা। পেটটোৱে অলপ কলমলাইছে। ঘড়ীটোলৈ চালো, বাৰ বাজি পোন্ধৰ মিনিট। “হব, কোনো কথা নাই, ৰৈ আছোঁ” বুলি কৈ নামটো ৰেজিষ্টাৰত লিখাই লৈ ৰোগী বহা নিৰ্দিষ্ট কোঠালৈ গৈ বহিলো।
শীত-তাপ নিয়ন্ত্ৰিত কোঠা। গৰমত ঘামি জামি অহা দেহাটো অলপ শাঁত পৰাৰ পিছত চাৰিওফালে এবাৰ চকু ফুৰালোঁ। মোকে ধৰি মুঠ আঠজন ৰোগী বহি আছে। তিনি গৰাকী মহিলা। কথা-বতৰা, সাজ-পোছাকৰ পৰাই ধৰিব পাৰি, এগৰাকী হয়তো উজনি অসমৰ, গোৱালপাৰালৈ বিয়া হৈছে বা চাকৰি সংক্ৰান্তত আছেহি, এগৰাকী দখনা পিন্ধা বড়ো জনগোষ্ঠীৰ মহিলা, হয়তো কিছু ভিতৰ অঞ্চলৰ আৰু আন গৰাকী মুছলিম সম্প্ৰদায়ৰ গোৱালপাৰা টাউনৰে মহিলা হ’ব। নিজৰ মাজতে তেওঁলোকে কথা পাতি আছে। শুনাৰ বা ভাগ লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলো।
স্মাৰ্ট ফোনটো লোৱাৰে পৰা সুবিধা পালেই মোবাইল খুচৰাটো অভ্যাস হৈ গৈছে। বেয়া বুলি জানিও কমাব পৰা নাই, বাঢ়িছেহে। ইয়াতো ব্যতিক্ৰম নহ’ল। হোৱাটচ্এপ, ফেচবুক, গেম, নিউজ সকলো সমানে চলাই গ’লো। এটা সময়ত আমনি লাগিল। “ইমান দেৰি নো লাগে নে”?, মূৰ তুলি চালো। আঠজনৰ পৰা ছজন হৈছে। মহিলা তিনি গৰাকীৰ কথা এতিয়াও চলিয়েই আছে। “কি নো পাতিছে ইমান কৈ”?, এইবাৰ কাণ উনাই অলপ শুণাৰ চেষ্টা কৰিলো। অসমীয়া হলেও ভাষাৰ সুৰ শব্দ বেলেগ বেলেগ হোৱাত ইজনীয়ে সিজনীৰ কথা ভালকৈ বুজি পোৱা নাই। কিবা এটা কৈ আকৌ বুজাই দিব লাগে। তথাপি কথা এৰা নাই। মুছলিম সম্প্ৰদায়ৰ মানুহজনীৰ হয়তো সন্তান এটি কোনো দুৰাৰোগ্যত ঢুকাইছে কিছুদিন আগতে। নামটো কি আছিল তেখেতে ক’ব পৰা নাই ভালকৈ। কিশোৰ পুত্ৰৰ মৃত্যুৰ কাৰণটোও তেওঁ ভালকৈ নাজানিলে বুলি কৈ আবেগিক হৈ উচুপি উঠিল। আন দুগৰাকী মহিলাই হাতত খামুচি ধৰি তেওঁক সমবেদনা জনালে সহমৰ্মিতাৰে। তেওঁলোকৰ চলচলীয়া চকু কেইটা দেখি ভাবিলো, “এৰা, মাতৃৰ হৃদয়। ভাষাই জানো পাৰে প্ৰভেদ ৰাখিব?”
জনজাতীয় মহিলা গৰাকীৰ নম্বৰ আহিল। ভিতৰলৈ সোমাই গ’ল তেখেত। পৰবৰ্তী চল্লিশ মিনিটত মানুহ তিনিজনীৰ কাম হৈ গ’ল। এজনী এজনীকৈ তেওঁলোক গ’লগৈ। বাকী থাকিলো দুজন পুৰুষ ৰোগী আৰু মই। কাৰো মুখত কথা নাই। মহিলা তিনি গৰাকী যোৱাৰ পিছত কোঠাটো নীৰৱ হৈ পৰিছে। আকৌ হাতত মোবাইলটো – হোৱাটচ্এপ, ফেচবুক, গেম। কিছুদেৰি পিছত আকৌ আমনি। এইবাৰ ওলাই আহিলোঁ বাৰাণ্ডালৈকে।
বাৰাণ্ডা খনক চুইয়ে সৰু টাউনখনৰ মূল পথটো গৈছে। সমুখত বিভিন্ন সামগ্ৰীৰ দোকান-পোহাৰ, টেম্প’ ৰখা এটি ষ্টেণ্ড, কিছু দূৰত মেল-মিটিং হোৱা গান্ধী ভৱনটো। সপ্তাহৰ প্ৰথমটো বাৰ, লানি নিছিগাকৈ যোৱা মানুহ গৈছে, অহা মানুহ আহিছে। ব্যস্ততাৰ যেন শেষ নাই। চাই থাকোতেই শ্লোগান দি দি দীঘলীয়া এটি সমদল পাৰ হৈ গ’ল। মতা- মাইকী, বুঢ়া – বুঢ়ী, শিশু সকলো আহিছে। ৰঙা নিচান আৰু কাঁচিৰ চিহ্ন দেখিয়ে ভাবিলো নিশ্চয় কোনো শ্ৰমিক সন্থাৰ সমদল। প্ৰখৰ ৰ’দত সকলোৰে শেষত এগৰাকী অশীতিপৰ বৃদ্ধাই ৰঙা পতাকা লৈ গৈছে। থৰক বৰক খোজ। তেওঁ বাৰু ক’ৰ শ্ৰমিক? আৰু সেই শিশুবোৰ? যোৱাবাৰৰ পৌৰসভাৰ নিৰ্বাচনত শুনিছিলো, সমদলত ওলালে গাইপতি পঞ্চাশ টকা। তেওঁও বাৰু সেইবাবেই ওলালে নেকি? হ’ব পাৰে, হ’ব পাৰে। আজি আৰু কাইলৈৰ সাঁজৰ বাবে অন্ততঃ যোগাৰ হৈছে। কি কি পাব বাৰু পঞ্চাশ টকাত তেওঁ? বজাৰত যি হে জুই!!
চকুয়ে বৃদ্ধাৰ পিছে পিছে গৈ আছিল। হঠাৎ এটা বিকট চিঞৰত চকু ঘূৰিলে উৎস বিচাৰি। ধুমুহাৰ দৰে বাইক চলাই অহা চেঙেলীয়া লৰাটোৱে টেম্প’ এখনত খুন্দা মাৰি বাইক সহিতে বাগৰি পৰিছে।মূহুৰ্ততে গুমুটি দোকানত চাধা মাৰি থকা, তামোল চোবাই চাৰিওফালে ৰঙা পিক্ চটিয়াই থকা মানুহবোৰ দৌৰি আহি জমা হ’ল। হৈ – হাল্লা, চিঞৰ বাখৰ এটা উজাই আহিল। তাৰ মাজতো যোৱাই গৈছে, অহাই আহিছে। গাড়ীৰে যোৱা বোৰে এবাৰ এনেই ভুমুকিয়াই চাইছে। দূৰৈৰ পৰা চাই কিছুমানে আমেজ লৈছে। বাইক চলাই অহা লৰাটোলৈ চালো, হাতত কিছু আঘাত পাইছে। তাৰ চুলিখিনিলৈ চকু গল, দীঘল। পিন্ধনত বেটমেনৰ ছবি থকা এটা ক’লা টি চাৰ্ট, সৰি পৰো সৰি পৰো জিনচ্। অত্যাধুনিক বাইক। “হবই এনেকুৱা, কোন বা ধনীৰ দুলাল?”, সহজাত ভাৱটো মনলৈ আহিল। কিন্তু মোক আচৰিত কৰি সি প্ৰথমে বিনম্ৰতাৰে টেম্প’ চালক আৰু যাত্রী সকলক ক্ষমা খুজিলে। কোনোবাই আঘাত পাইছে নেকি সুধিলে। পিঠিত লোৱা বেগটোৰ পৰা পানীৰ বটলতো উলিয়াই তেওঁলোকক দিলে। নিজৰ আঘাতপ্ৰাপ্ত হাত খনলৈ ভ্ৰূক্ষেপ নাই।
সৰু লৰাটোলৈ মৰমত উঠলি উঠিল মনটো। সাজ-পোছাকক লৈ যে কিমান সংকীৰ্ণ আমাৰ মনবোৰ। অমায়িক, ভদ্ৰ লৰাটোৰ কথা কেৱল তাৰ পোছাকযোৰ দেখিয়ে বেয়াকৈ ভাবিলো, অপৰাধী যেন লাগিল নিজকে। সি ক্ষমা খোজা স্বত্বেও কিন্তু হুলস্থুল শাম কটা নাছিল। তামোলৰ পিক্ চটিয়াই চৌদিশ লেতেৰা কৰি থকা মানুহবোৰৰ লেতেৰা মুখবোৰ যেন বন্ধই নহব!! এসময়ত ট্ৰেফিক পুলিচ এজন অহা দেখা মাত্ৰকে সকলোৱে ফৰিং চিটিকা দিলে। অসহায় ল’ৰাটোৰ পৰা পুলিচ জনে টকা অলপ সৰকালে। অৱশেষত নাটকৰ যৱনিকা পৰিল।
সৰু লৰাটোৰ বাইকৰ পিছে পিছে যেন মনটোৱে কিছু দূৰ দৌৰি থাকিল। এসময়ত বাওঁহাতখন দাঙি ঘড়ীটোলৈ চালো। এক বাজি পঞ্চাশ মিনিট। ইমান দেৰি লাগিছেনে? অথনিৰ পেটৰ কলমলনিটোৱে ইতিমধ্যে হুলস্থুলৰ ৰূপ লৈছে। “কিবা এটা খাওঁগৈ নেকি সমুখৰ বেকাৰী দোকানখনত?”, ভাবিলো। টেম্প’ ষ্টেণ্ডৰ ওচৰতে দোকানখন। এবাৰ চকু ফুৰালোঁ এনেয়ে। কাষৰ কৃষ্ণচূড়া গছজোপাৰ তলতে মানুহ এহাল ৰৈ আছে। হয়তো টেম্প’ৰ বাবে। ক্ষীণ-মীন কমবয়সীয়া মানুহজনীয়ে এহাতেৰে দুবছৰীয়া সন্তানটিক দাঙিছে, আনখন হাতেৰে ডাঙৰ মোনা এখন দাঙি আছে। কাষত মাকৰ ভৰিতে সাৱটি ধৰি পাঁচবছৰীয়া মান আনটো সন্তান। গৰমত ঘামি জামি গোটেই মানুহজনী হায়ৰাণ হৈ পৰিছে। লগত থকা মানুহ জনলৈ চালো, নিশ্চয় স্বামীয়ে হব। পত্নী-সন্তানলৈ ভ্ৰূক্ষেপ নাই। দুহাতেৰে চাধা মাৰি মাৰি লুভীয়া চকুৰে পাৰ হৈ যোৱা কলেজীয়া ছোৱালী দুজনীলৈ চাই আছে। খং আৰু বিতৃষ্ণাত মুখ খন নজনাকৈয়ে কোঁচ খাই আহিল। “মানুহজনীয়ে দেখিও একো কোৱা নাই কিয়?” পিছমুহূৰ্ততে ভাবিলো, কি নো নতুন কথা? এয়াইতো আমাৰ পুৰুষ প্ৰধান সমাজ। প্ৰতিবাদৰ অভাৱত এনেকৈয়ে অশিষ্টাচাৰবোৰে এদিন নিয়মৰ ৰূপ লয়, তাৰ পিছত প্ৰথাৰ ৰূপ ধৰি সমাজ কলূষিত কৰে।
মনটো গধূৰ হৈ আহিল, চিন্তাবোৰ তাতোকৈও। “বাইদেউ, আপুনি ভিতৰলৈ যাব পাৰে।”, ৰিচেপচন কাউন্টাৰত বহা ল’ৰাজনৰ মাতত বাস্তৱলৈ ঘূৰি আহিলো। দীঘলকৈ উশাহ এটা সলাই হাতঘড়ীটোলৈ চালোঁ, দুই বাজি পোন্ধৰ মিনিট। এৰা! মাথোঁ দুঘণ্টাৰ পৃথিৱী, অথচ দুখ-সুখ, ভাল-বেয়াৰ সমাহাৰেৰে কি যে বিচিত্ৰ এই পৃথিৱী।।