নাং-ফা: মহীয়সী নাৰী জয়মতী কুৱঁৰীৰ মৰ্মন্তুদ জীৱন গাঁথা (প্ৰফুল্ল গগৈ)

অসমৰ স্বৰ্ণময় আহোম ৰাজতন্ত্ৰৰ ছশবছৰীয়া ইতিহাসৰ সামন্ততান্ত্ৰিক ক’লা অধ্যায়, কলংকিত ইতিহাসৰ কৰুণ পৰিহাসৰ বীৰাংগনা নাৰী জয়মতী কুৱঁৰী আজি কেৱল ইতিহাসৰ পাতৰ ইতিহাস নহয়, –এই মহীয়সী নাৰী চৰিত্ৰটো জনমানসৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত এটি বিস্ময়-ব্যতিক্ৰম প্ৰবাদপ্ৰতীম ইতিহাস; সাহিত্য-সমাজ-সংস্কৃতি সকলোতে ভিন্নৰূপত পৰিব্যাপ্ত এটি অতি জনপ্ৰিয় চৰিত্ৰ। ঐতিহাসিকত্বক বিকৃতকৰণ কৌশলী, বুদ্ধিনিষ্ঠ এচাম ইতিহাস নিৰ্মাণকাৰীয়ে সদায়ে ‘জয়মতী’ৰ প্ৰতি এটি সন্দেহ, অৱজ্ঞা-অৱহেলাৰ দৃষ্টি দি আহিছে। তেওঁলোকৰ অভিপ্ৰায়ক প্ৰত্যাহ্বান জনাবলৈ ইতিহাস নিজেই স্ব-শক্তিৰে মহিমামণ্ডিত হৈ থকাৰ অজস্ৰ প্ৰমাণ আছে। ইতিহাস সত্য বিকৃতকৰণৰ অপ-প্ৰয়াসক শেহতীয়াকৈ কেইজনমান গৱেষক-লেখকে জয়মতী সন্দৰ্ভত চিন্তা-চৰ্চা, তথ্য উদ্‌ঘাট কৰি অসমীয়া ভাষা-সাহিত্য-ইতিহাসলৈ গৱেষণামূলক গ্ৰন্থৰ অনবদ্য উপহাৰ দি ইতিহাসৰ ঐতহাসিকত্ব-শক্তি প্ৰমাণ কৰিলে। বহু চৰ্চিত, বহু বন্দিত, বিতৰ্কিত ইতিহাস—‘জয়মতী’ৰ সৈতে জড়িত হৈ পৰাটো, এই ঐতিহাসিক চৰিত্ৰটোৰ প্ৰতি কৰা এক অৱমাননা স্বৰূপ। জয়মতী কুৱঁৰীৰ ঐতিহাসিকত্বত বুৰঞ্জীবিদ আৰু পণ্ডিতৰ মাজত থকা মতদ্বৈধতা নিৰ্মূলৰ বাবে গৱেষক-লেখক সকলে কৰা প্ৰয়াসত চিন্তাশিল পাঠকে মনোযোগেৰে মনোনিবেশ কৰাটো সমীচিন।

আমাৰ পাতনিৰ মুখ্য কথাও জয়মতী কুৱঁৰীক লৈ ৰচিত এখনি জীৱনী ভিত্তিক ঐতিহাসিক উপন্যাস, –টাই-আহোম ভাষাত উপন্যাসখনৰ নামকৰণ কৰা হৈছে ‘নাং-ফা’—অৰ্থ ৰাজকুমাৰী। লেখিকা জুৰী বৰা বৰগোহাঞিৰ পঞ্চমখন উপন্যাস। ইতিপূৰ্বে প্ৰকাশিত তেওঁৰ উপন্যাসবোৰ হৈছে- ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী’, ‘আপোনজনৰ ঠিকনা’, ‘অভিলাষী যাত্ৰা’, ‘ৰাগ…ইমন’। প্ৰাপ্ত খবৰ মতে ‘নাং-ফা’ই অসমীয়া পাঠক সমাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে। ‘নাং-ফা’ৰ পাছত যোৱাটো বৰ্ষত তেওঁ ঐতিহসিক ষ্টিলৱেল ৰোড নিৰ্মাণৰ আঁৰৰ কাহিনীৰে ‘লিড’লাম’ নামৰ অন্য এখন উপন্যাস পাঠকলৈ আগবঢ়াইছে।

‘নাং-ফা’। গ্ৰন্থখনি হাতত লৈ এক অৰ্থত একে বহাতে পঢ়ি শেষ কৰিবলৈ উৎসাহিত, অনুপ্ৰাণিত হলো আৰু ৩৬১ পৃষ্ঠাৰ, ৩২ টা পৰিচ্ছেদৰ, ৭৫ টা পাদটীকা, ৪৪ টা গ্ৰন্থ তথ্য উৎস, ২২ খন সাঁচিপতীয়া বুৰঞ্জী (অপ্ৰকাশিত), ২৩ টা জয়মতী সম্পৰ্কীয় ভিন্ন প্ৰৱন্ধৰ তথ্য সম্বলিত দীঘল উপন্যাসখনিত ‘জয়মতী’ কুৱঁৰীক ঐতিহাসিক ভাৱে পাই তৃপ্ত হলো।

‘জয়মতী’ কেৱল প্ৰবাদ সৃষ্টিকাৰী, পতিপ্ৰাণা মহিলাই নহয়, –তেওঁৰ স্বদেশ আৰু স্বজাতি প্ৰীতিৰ বিৰল নিদৰ্শন অন্য এক ইতিহাস। লেখিকা জুৰী বৰা বৰগোহাঞিয়ে ‘নাং-ফা’ৰ জন্মস্থান মেছাগড়-মাদুৰিৰ ঐতিহাসিক গাম্ভীৰ্যপূৰ্ণ কীৰ্তিচিহ্ন সমূহ প্ৰথম সেই অঞ্চলৰ বোৱাৰী ৰূপে স্ব-স্বক্ষে প্ৰত্যক্ষ কৰি, জনতাৰ মুখে-মুখে, গীতে-মাতে, পুথিয়ে-পাঁজিয়ে অমৰ জীৱন গাঁথা হৈ ৰোৱা মৰ্মন্তুদ কাহিনী প্ৰৱাহ ইতিহাস সমৃদ্ধ তথ্য-সম্ভাৰেৰে উপন্যাস ৰূপত চয়ন কৰিছে। উপন্যাসখনত সেই সময়ৰ সামাজিক-সাংস্কৃতিক-অৰ্থনৈতিক-ৰাজনৈতিক সকলো দিশেই পৰিস্ফুত হৈছে। আহোম ৰাজতন্ত্ৰৰ কৃষি প্ৰাধান্য সমাজ-সংস্কৃতি-অৰ্থনীতিৰ এক সুন্দৰ পৰিপূৰ্ণ ছবিৰ মাজত “জয়মতী’’ চৰিত্ৰক সংস্থাপিত কৰা হৈছে ।

“জয়মতী’’–লেখিকাৰ মনৰ পেড়াত থিত দি ভাস্বৰ হৈ উঠা “নাংফা”ত– কিশোৰী নাংফাৰ জীৱনচিত্ৰৰ পৰা উপন্যাসখন আৰম্ভ কৰা হৈছে। ৰাজতান্ত্ৰিক পৃষ্ঠভূমি– মাদুৰিৰ লাইথেপেনা বৰগোহাঁইৰ প্ৰকাণ্ড ৰাজহাউলিৰ ৰাজকীয় পৰিৱেশত ডাঙৰ দীঘল হৈছে, বহু লিগিৰা লিগিৰীৰ আল-পৈচান আৰু পৰিচয্যাত কৈশোৰৰ সোণাময় সময় পাৰ কৰিছে। জয়া লাইথেপেনা বৰগোহাঁইৰ বৰ জীয়ৰী আগৰ সাতটা ককায়েকৰ পিছৰ প্ৰথম কন্যা সন্তান, সকলোৰে আদৰৰ। নিজৰ জন্মদাত্ৰী মাতৃৰ বাহিৰেও অন্য মাহীমাক সকলেও অত্যাধিক মৰম দিছে– তাৰ মাজতে অসমীয়া নাৰীৰ প্ৰধান এক শিল্প বয়ন শিল্পত পাৰ্গত কৰিবলৈ জয়াক সকলো শিকাইছে; আহোম ৰাজতন্ত্ৰত এক প্ৰবাদ স্বৰূপ নিশাটোৰ ভিতৰতে সুতাকাটি, উঘাই, ব-তুলি সমুদায় কাম সমাধা কৰি কৱচ কাপোৰ বৈ উলিওৱাৰ শিক্ষা দিছে। এগৰাকী অসমীয়া গাভৰুক দিব লগা সকলো শিক্ষা মাকহঁতে দিছে। এয়া অসমীয়া জাতীয় ঐতিহ্য; গৌৰৱময় ইতিহাস; মহিমাময়ী অসমীয়া নাৰীৰ কলাত্মক জীৱন বৰ্ণালী, — জয়াই সকলো দিশকে কিশোৰী অৱস্থাতে শিকিছে।

উপন্যাসখনত ‘জয়মতী’ ডাঙৰ হোৱা ৰাজকীয় পৰিৱেশটো ছশবছৰীয়া আহোম ৰাজতন্ত্ৰৰ এক বৰ্ণময় ইতিহাসৰ চিত্ৰৰূপে ইতিহাসৰ আধাৰত ঔপন্যাসিকাই দাঙি ধৰিছে– পৰৱৰ্তী সময়ত সামাজিক প্ৰথানুসৰি ভৰযৌৱনা হোৱাৰ পূৰ্বেই চকলং পৰম্পৰাৰে জয়মতীৰ টিংখাঙৰ বীৰবংশ তুংখুঙীয়া ফৈদৰ বলৱান, বুদ্ধিদীপ্ত, সুঠাম ডেকা গদাপাণিৰ হৈতে বিবাহ সম্পন্ন হৈছে। উপন্যাসৰ ঘটনাচক্ৰ বিবাহোত্তৰ কালীন আহোম ৰাজতন্ত্ৰৰ ইতিহাস। সামন্ততন্ত্ৰত হব নোৱাৰে কি অথচ সামন্ততন্ত্ৰ হলেও আহোম ৰাজশাসন চলিছিল এক অৰ্থত গণতান্ত্ৰিক প্ৰণালীৰে; আহোম ৰাজ পৰিষদৰ অনুমোদন সাপেক্ষে সকলো কাম হৈছিল, –এইদৰে চলিছিল প্ৰায় চাৰিশ বছৰ। সামন্ততন্ত্ৰ পতনৰ বীজ সামতন্ত্ৰীয় মনস্কতাত নিহিত হৈ আছিল। কালচক্ৰৰ গতি কলঙ্ক-কালিমা মুখী হৈ এদিন ৰাজতন্ত্ৰৰ সকলো নিয়ম-নীতি, আচাৰ-আচৰণ, মৰ্যাদা প্ৰস্থিতি ভু-লুণ্ঠিত কৰি ৰাজ বসনা চৰিতাৰ্থৰ নিকৃষ্ট কামনাৰে লালোকসোলা বৰফুকনে অঘটন ঘটালে। গদকোঁৱৰক পত্নী জয়াই দেশ আৰু জাতিৰ স্বাৰ্থত পলুৱাই পঠালে। পৰিস্থিতি ভয়ঙ্কৰ হ’ল। জয়াক সকলো মান-মৰ্যাদা নাশি বন্দীশালৰ অন্ধকুঠৰী, তাৰ পিছত বিশাল জেৰেঙা পথাৰৰ নিৰ্জন পৰিবেশত কাঁইটীয়া কুটকুৰা গছত বান্ধি চাওদাঙৰ হতুৱাই অমানুসিক অত্যাচাৰেৰে চৈধ্য দিন নিকাৰ ভুগালে। অৱশেষত অসমীয়া নাৰীৰ সকলো মান-মৰ্যাদা ভৰিৰে মোহাৰি, ৰাজতন্ত্ৰৰ সু-শক্তিক অপ-শক্তিলৈ পৰ্যবশিত কৰা হ’ল। ‘জয়মতী’ শ্বহীদ হ’ল। যিখন আহোম ৰাজতন্ত্ৰৰ অসম দেশত ৰাজন্যবৰ্গৰ মৃত্যুৰ পাছত মান্যানুসাৰে মৈদাম দিয়া ইতিহাস আছিল- তাকো নাশ কৰি লালোকসোলা আৰু গীদাগাঠি হাজৰিকাই জেৰেঙাৰ নাতিদূৰৰ পিতনিত লুকুৱাই পেলোৱাৰ বৰ্বৰ ইতিহাস ৰচিলে।

‘নাং-ফা’ উপন্যাসত জয়াৰ কিশোৰী অৱস্থাৰ পৰা বিবাহোত্তৰ কালত দুটি যমজ সন্তান জন্ম দি গড়গাঁৱৰ ৰাজহাউলিত ৰাজকীয় জীৱন যাপন কৰি, গৰ্ভত তৃতীয় সন্তানৰ আগমনৰ ক্ষণ গণি থকা অৱস্থাতেই ঘটিছে এই অঘটন। কিশোৰী কালৰে পৰা উপন্যাসত জেৰেঙা পথাৰত চৈধ্যদিন শস্তি দিয়ালৈকে– এই সময় খণ্ডতে উপন্যাসৰ কাহিনী সামৰিছে অতি বৰ্ণাঢ্য, চিত্ৰণেৰে।

ঔপন্যাসিকাই ৩২ টা পৰিচ্ছেদৰ উপন্যাসখনত কেৱল জয়মতীৰ উকা জীৱন চক্ৰ চিত্ৰিত কৰা নাই; উপন্যাসখনত অসমীয়া জাতীয় জীৱন বৈভৱপূৰ্ণ হৈ উঠিছে। বিশেষকৈ আহোম সকলৰ সমাজ, সংস্কৃতি-ধৰ্ম, আচাৰ-আচৰণ, বিশ্বাস-পৰম্পৰা, পূজা-পাতল, ধুতি-নীতি, শিল্প-সাহিত্য, বিবাহ-খেল-ধেমালি, ফৈদ-খেল, বিষয়ববীয়া, অয়-অলঙ্কাৰৰ প্ৰাচুৰ্যময় শৈল্পিক সুষমা– কোনো দিশকে উপেক্ষা নকৰাকৈ কেৱল এটা চৰিত্ৰৰ একাধিপত্য স্বত্বেও সমুদায় তদানীন্তন ৰাজতান্ত্ৰিক পৰিবেশ-সমাজ-সংস্কৃতিক বৰ্ণময় ৰূপত ডাঙি ধৰিছে। এনেকৈয়ো কব পাৰি ‘নাং-ফা’ উপন্যাসখনত আহোম ৰাজতান্ত্ৰিক ষোড়শ শতিকাৰ সেই বৰ্ণিল সামাজিক জীৱন প্ৰবাহ, সাংস্কৃতিক বৈচিত্ৰ-বৈভৱক ‘ভুৰুকাত হাতী ভৰোৱা’ৰ দৰেই সমাবেশ ঘটাই ঔপন্যাসিকাই এক মহাকাব্যিক অৱধাৰণা সৃষ্টি কৰিছে। উদাহৰণ স্বৰূপে- আহোম প্ৰণালীৰ এখন বিয়াৰ সমুদায় চিত্ৰখন গদাপাণি-জয়মতীৰ বিবাহৰ মাধ্যমত অতি নিখুঁতকৈ দাঙি ধৰিছে। আহোমসকলৰ ধৰ্মীয় ক্ষেত্ৰখন, পূজা-পাতল, বিশ্বাস-পৰম্পৰাৰ চিত্ৰখন পাঠকৰ বাবে এখন সংস্কৃতি-সমীক্ষাত্মক গ্ৰন্থৰ দৰে লাভ কৰা সম্ভৱ হ’ব।

জয়মতী কুৱঁৰীৰ জীৱন চৰ্যাৰ উপন্যাসোপম উপন্যাস ‘নাং-ফা’– জয়মতী চৰিত্ৰৰ প্ৰধান্য থকা স্বত্বেও গদাপাণিৰ চৰিত্ৰৰো বিকাশ উপেক্ষিত হোৱা নাই। মাদুৰিৰ লাইথেপেনা বৰগোহাঁইৰ ৰাজবংশ, গড়গাঁৱৰ ৰাজহাউলি, চাৰিঙৰ ৰাজাখাতৰ বৰ্ণনা উপন্যাসখনিৰ প্ৰতিপাদ্য বিষয় হৈছে ঐতিহাসিকভাৱে। “নাংফা’’ এখন ঐতিহাসিক উপন্যাস, সিও জীৱনভিত্তিক। ইতিহাসৰ দে-ধাৰ তথ্য অধাৰিত হোৱা স্বত্বেও লোক-গাঁথাত বৰ্ণময় হৈ থকা জয়মতী প্ৰবাদৰ আধাৰো লেখিকাই গ্ৰহণ কৰিছে। সুখপাঠ্য, মনোৰম বৰ্ণনাভংগীৰে তৃতীয় পুৰুষত ৰচিত “নাং-ফা’’ জুৰী বৰা বৰগোহাঞিৰ সম্ভাৱনা আৰু প্ৰতিশ্ৰুতিৰ অনন্য ফচল।

গ্ৰন্থখনি অতি সুন্দৰ সাজ-সজ্জাৰে, আকৰ্ষণীয় বেটুপাতেৰে প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ প্ৰখ্যাত “বনলতা’’ই। প্ৰকাশক প্ৰদ্যুৎ হাজৰিকাই ‘প্ৰকাশকৰ একাষাৰ’ত “নাং-ফা’’ৰ গৱেষণাধৰ্মী গুণটোৰে আকৃষ্ট হোৱাৰ স্বীকাৰোক্তি দিছে। লেখিকাই ‘পাতনি’ত স্বীকাৰোক্তি দিছে যে বুৰঞ্জীৰ লগতে সাহিত্যৰ দিশটোকো উপন্যাস “নাং-ফা’’ত গুৰুত্ব দিছে। সাহিত্যই হওক, ইতিহাসেই হওক,– প্ৰবাদ প্ৰতীম ঐতিহাসিক চৰিত্ৰ ‘জয়মতী’ সকলো হ’ব পাৰে।

——————————————-

লেখকৰ ঠিকনা-
সহযোগী অধ্যাপক,
অসমীয়া বিভাগ,
ডি ডি আৰ কলেজ,
ডিব্ৰুগড়, ফোন 99549-54075

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments