নিচুকনি গীত -(বৰা নিতুল)

নিচুকনি গীত

-বৰা নিতুল
অসমীয়াৰ লোক সাহিত্যৰ প্ৰধান অঙ্গ বুলিব পাৰি নিচুকনি গীতক। এই সাহিত্য সমাজৰ উমৈহতীয়া সৃষ্টি। সৰু ল’ৰা-ছোৱালীৰ কান্দোন বন্ধ কৰিবৰ বাবে নিচুকনি গীত গোৱা হয়। সাধাৰণতে শিশুৰ মাকে এইবিধ গীত গাই শিশুক টোপনি নিয়াবৰ বাবেও যত্ন কৰে। মাকৰ গীত শিশুৱে কাণ পাতি শুনিবলৈ বৰ ভালপায় আৰু গীত শুনি থাকোঁতেই কেতিয়া টোপনি যায় শিশুৱে গমকে নাপায়। এই গীতবোৰে শিশুক অপাৰ আনন্দ দিয়ে। এই গীতৰে শিশুক সান্ত্বনাও দিয়া হয়। এই গীতবিলাকত জোন, বেলি, তৰা, ফুল, চৰাই, জীৱ-জন্তু যেনে মেকুৰীক-মেউ, বাঘক-হাও, গৰুপোৱালীক-হেম্বে মাইনা, বান্দৰ, হাতী, আদিকে ধৰি বিভিন্ন জন্তুৰ কথা জড়িত কৰি ৰখা হয়। জোনবাইক লৈ মাকে গীত শুনায় এনেকৈয়ে…
জোনবাই এ বেজি এটা দিয়া,
বেজীনো কেলৈ?
মোনা সিবলৈ,
মোনানো কেলৈ?
ধন ভৰাবলৈ,
ধননো কেলৈ?
হাতী কিনিবলৈ,
হাতীনো কেলৈ?
উঠি ফুৰিবলৈ,
হাতীত উঠিলে কি হয়?
হাতীত উঠি মাইনাই ফুৰিবলৈ যায়,
আলিবাটৰ মানুহে ঘুৰি ঘুৰি চায়।
এনেকৈ শিয়ালীৰ কথা কৈ গায়-
শিয়ালী এ নাহিবি ৰাতি,
তোৰে কাণ কাটি লগামে বাতি।
আমাৰে মইনা শুব এ,
বাৰীতে বগৰী ৰুৱ এ,
বাৰীৰে বগৰী পকি সৰিলে,
মইনাই বুটলি খাব এ।
নিচুকনি গীতক ধাইনামো কোনো কোনো অঞ্চলত বোলা হয়। বৈষ্ণৱ সাহিত্যতো নিচুকনি গীতৰ প্ৰভাৱ দেখা যায়। মাধৱদেৱৰ বৰগীতত আৰু শ্ৰীধৰ কন্দলীৰ কাণখোৱাত নিচুকনি গীতৰ উল্লেখ আছে।
কানখোৱা এ নাহিবি ৰাতি,
তোৰে কাণ কাটি লগামে চাকি,
চাকি নুমাল বাতি নুমাল,
আমাৰ সোণে দেখে আন্ধাৰ,
দুৱাৰ মুখত বহি আছে হলৌ বান্দৰ।
কেৱল টোপনি নিয়াবলৈ যে নিচুকনি গীত গোৱা নহয়, কেচুৱাই খোজ কাঢ়িবলৈ লওঁতেও এই গীত গোৱা হয়। পিঠিত বা তপিনাত চপৰিয়াই চপৰিয়াই সোনকালে টোপনি আহিবলৈ এই গীত গোৱা হয়। এনে নিচুকনি গীতে শিশুৰ প্ৰাণ স্পৰ্শ কৰি যায়।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!