নিৰ্বাত দিনৰ স্বপ্ন – জ্যোতি চলিহা

গ্ৰীষ্মৰ বিমৰ্ষ তাপত
অতিষ্ঠ প্ৰকৃতিয়ে
সপোন দেখে
নামি অহা এছাটি নিশ্চিত
বতাহৰ মৃদু কম্পন
নিদাঘ স্থিতিয়ে
অৱস্থিতিৰ ৰূপ লৈ
বাউল কৰে
বেদনাৰে সংপৃক্ত
কাৰোবাৰ নিঃসঙ্গতাক
সেউজীয়া বাসনাত
আৰক্ত বিলাসী স্বপ্ন
অহা হলে বৰষি
এজাক বৰষা
জীৱন মৰুত
বিস্ফোৰিত আকাঙ্খাবোৰ
নিঃসৰিত হয়
বন্ধ কোঠাৰ
নিষেধ ফাঁকেৰে
তেতিয়া মনৰ দিগন্তত
ওলমি ৰয়
এজাক বৰষুণৰ টোপাল ।
■■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!