কিছুমান কথাই কেতিয়াবা নষ্টালজিক কৰি তোলে(- দিগন্ত কুমাৰ ভট্টাচাৰ্য)
আজি পুৱা অ’ফিচৰ ড্ৰয়াৰটোত ডাক-টিকট কেইটামান পৰি থকা দেখিলোঁ। কেতিয়া থৈছিলোঁ মনতেই নাই। দুটামানত দাগ লাগিছে। সেইকেইটা ব্যৱহাৰ কৰিব পাৰিম নে নাই ভাবি থাকোঁতে সৰুকালৰ কথা কিছুমান মনত পৰিল। আগতে ঘৰলৈ প্ৰায় প্ৰতিদিনেই চিঠি আহিছিল। লেফাফাৰ ওপৰত ব্যৱহাৰ কৰা টিকটবোৰ ভালদৰে চাই কোনোবাটিত যদি ষ্টাম্পৰ কলা দাগ নপৰা যেন পাইছিলোঁ, সেইটো খুউব সাৱধানেৰে বেজী-ব্লেডেৰে লেফাফাটোৰ পৰা কাটি উলিয়াবলৈ যত্ন কৰিছিলোঁ। উদ্দেশ্য এটাই আছিল-তাক ‘ৰি-ইউজ’ কৰি আমি পঠিয়াবলগীয়া কোনো চিঠিৰ লেফাফাত সেইটো লগোৱা। এটকা বাচিলেও কম নে!! বহুবাৰ এনে কৰি এক বিমল আনন্দ পাইছিলোঁ, পইচা বচোৱাৰ সুখ!
কথাটো মই আমাৰ গ্ৰুপৰ কেইজনক কোৱাত দুজনমানে চিঞৰি উঠিল-‘হাঁ, হাঁ..মেইনে ভী কিয়া থা!’ সেইদুজনমানৰ কোনোবা মধ্যপ্ৰদেশৰ, কোনোবাজন আকৌ নাগপুৰৰ ওচৰৰ!
আমি প্ৰায়েই জিৰণিৰ সময়ত নিজৰ নিজৰ শৈশৱৰ কথা আলোচনা কৰোঁ। কাঠপেঞ্চিলেৰে ঘূৰাই কেছেটৰ ৰীল ভৰোৱাটোতো সকলোৰে ‘কমন’। সিদিনা মই ক’লোঁ-‘সৰু থাকোতে আমাৰ ঘৰলৈ প্ৰায়েই দূৰ সম্পৰ্কীয় কোনোবা নহ’লে ওচৰৰ আহিছিলেই। তেওঁলোক থকা সময়খিনি মোৰ বাবে বৰ অশান্তিকৰ আছিল। কিবা এক লাজ-শংকাত তেওঁলোকৰ সন্মুখত ওলাবলৈ মোৰ ঠিক লগা নাছিল। নতুন দৰা-কইনা হ’লেতো কথাই নাই। মই পঢ়া-টেবুলত খুব মনোযোগেৰে কিবা পঢ়ি থকা দেখুৱাইছিলোঁ, যাতে আলহীৰ আগত ওলাব নালাগে। শেষত তেওঁলোকে যেতিয়া ‘হেৰিক দেখোন নেদেখিলোঁৱে..মাতি দিয়কচোন, চাই যাওঁ তাক’ বুলি মা’ক কৈছিল, উপায় নাপাই তলমূৰকৈ ওলাবলগীয়া হৈছিল।’
ক্লাছ ছিক্স-চেভেনমানত থাকোতে বিয়া আদিত কাৰোবাৰ ঘৰলৈ ৰাতি থকাকৈ গ’লে এটা ভয়ে মোক খেদি ফুৰিছিল-‘ৰাতি বা মোক কাৰ লগত থাকিবলৈ দিয়ে!’ মা’ক সৰুকৈ কৈছিলোঁ-‘তোৰ লগতে থাকিম মই’। মায়ে কৈছিল-‘ধেইত, আমি তিৰোতাবোৰে তলতে বিচনা কৰি থাকিম। তোক সৌটো ৰুমত মনোহৰৰ লগতে থাকিবলৈ দিছে।’ এহ, এতিয়া এই মনোহৰ বা কোন! পাছত সুধি গম পাওঁ সেই মনোহৰ হ’ল আমাৰ দূৰ সম্পৰ্কীয় ভিনদেউৰ ভনীয়েকৰ গিৰীয়েকৰ দূৰ সম্পৰ্কীয় ভায়েক, যাক মই সিদিনালৈ দেখা নাই! শেষত এক কুইন্টলমান দুখৰ বোজা বুকুত বান্ধি সেই মনোহৰ ভিনদেউৰ লগতে বিচনাত পৰোঁগৈ! ভগৱানক খাটো-‘প্ৰভু, আজিৰ ৰাতিটো যেন আটাইতকৈ চুটি ৰাতি হয়..সোনকালে ‘পুৱা’ কৰি দিয়া’!
….মই এইবোৰ কৈ থাকোতে সেইফালৰ পৰা হাৰিয়ানাৰ ময়াংকে হিন্দীতে কৈ উঠে -‘হাঁ য়াৰ, মোৰো একেই প্ৰ’ব্লেম আছিল!’
তেতিয়া বুজি উঠো- ভিন্ন ঠাইৰ হ’লেও শৈশৱ আমাৰ অভিন্নই আছিল!