শিশুৰ বিকাশত ওমলা গীত -(দ্বিজেন্দ্ৰ নাথ শৰ্মা)

(কাব্য সাহিত্য বিশেষ)

শিশুৰ বিকাশত ওমলা গীত
-দ্বিজেন্দ্ৰ নাথ শৰ্মা

ওমলা গীত, নিচুকনী গীত আদি গীতি কবিতাসমূহ এক পৃথিৱী ব্যাপ্ত সংস্কৃতি। শিশু নিচুকাবলৈ শ্ৰুতিমধুৰ এই কবিতা সমূহ (নিচুকনী গীত)-ৰ ব্যৱহাৰ কৰা হয়। আনহাতে পুৰণি কালৰ পৰাই শিশুসকলৰ স্বৰৰ বিকাশৰ বাবে ওমলা গীত গাবলৈ শিকোৱা হয়। এই চুটি চুটি কবিতাসমূহ পৌৰাণিক কাহিনীৰ বা প্ৰাকৃতিক বৰ্ণনাৰে সমৃদ্ধ। অতীতৰ পৰাই প্ৰচলিত হৈ অহা এই ওমলা গীতবোৰ আজিও প্ৰচলিত হৈ আছে। এই ওমলা গীতবোৰৰ শিশুৰ বিকাশত গুৰুত্বপূৰ্ণ ভুমিকা আছে। বিশেষকৈ শিশুৰ কণ্ঠৰ স্পষ্টতাৰ বিকাশত এই গীতবোৰৰ বিশেষ ভুমিকা আছে। বৰ আকৰ্ষণীয় আৰু সহজে মনত ৰাখিব পৰা ধৰণৰ। লগতে ছন্দোবদ্ধ হোৱাৰ বাবে শিশু সকলে ওমলা গীতবোৰ সহজতে মনত ৰাখিব পাৰে। ঠুনুক-ঠানাক মাত ওলোৱাৰ পৰাই শিশুসকলক ওমলা গীত শিকোৱা হয়। এইবিলাক আওঁৰাইয়ে শিশুৰ উচ্চাৰণৰ অভ্যাস আৰু বোধ শক্তিৰ বিকাশ ঘটে। এই সহজ-সৰল চুটি ওমলা গীতবোৰে শিশুসকলৰ মন বিশেষভাবে আকৰ্ষিত কৰে। ইয়াৰ ধ্বনি-বিন্যাস আৰু ছন্দোবদ্ধ মসৃণতাই শিশুমনক চুই যায় আৰু ইয়াৰ গীতিধৰ্মিতাই মনৰ ৰখাত সহায় কৰে। প্ৰথমতে শিশুৱে এই ওমলা গীতবোৰ একো নুবুজাকৈয়ে মনত ৰাখে। লাহে লাহে এই গীতবোৰৰ অৰ্থবোধ হ’বলৈ আৰম্ভ কৰে। স্মৰণ শক্তি শিশুৰ যথেষ্ঠ বেছি হয়, বাৰে বাৰে আওঁৰাই এইবিলাক স্মৰণ কৰি শিশুমনে ইয়াৰ অৰ্থ বিছাৰিব আৰম্ভ কৰে আৰু এনেদৰে বোধ শক্তিৰ বিকাশত এই ওমলা গীতবোৰে বিশেষ ভূমিকা পালন কৰে।
 
শিশুকালৰ বিভিন্ন স্তৰত এই ওমলা গীতবিলাকৰ ভূমিকাও বেলেগ বেলেগ। প্ৰাথমিক স্তৰৰ শিশুবিলাকৰ মাজত চুটি চুটি ওমলা গীত বিলাক বেছি জনপ্ৰিয় হোৱা দেখা যায়। বৰ্দ্ধিত স্তৰৰ শিশুৰ বিকাশতো ওমলা গীত প্ৰভাৱ আছে। শিশুৰ বিকাশত প্ৰতিটো স্তৰত ওমলা গীত বিলাকৰ বেলেগ বেলেগ ভূমিকা আছে। কিছু ডাঙৰ শিশুৰ ক্ষেত্ৰত এই ওমলা গীতবোৰ শিক্ষা দিয়াৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পৰা যায় বা কৰা হয়। অংক(সংখ্যা), চৰাই-চিৰিকতি, শাক-পাচলি, ফল-মূল, নৈ-নিজৰা, জোন-তৰা আদিক লৈ সৃষ্টি হোৱা বিভিন্ন ছন্দোবদ্ধ কবিতাৰ জড়িয়তে শিশুক মনোৰঞ্জনৰ মাধ্যমত শিক্ষা দিব পৰা যায়। সকলো দেশৰে প্ৰাথমিক স্তৰৰ শিক্ষাত বিভিন্ন ওমলা গীত প্ৰয়োগ কৰা হয়। শিশু মনঃস্তত্বতো এইটো কথা সৰ্বজনগ্ৰাহ্য বুলি বিবেচিত হৈছে যে ওমলা গীত মাধ্যমত শিশুক সহজতে শিক্ষা প্ৰদান কৰিব পৰা যায় আৰু ই শিশুক শিক্ষা গ্ৰহণৰ প্ৰতি আাগ্ৰহী কৰি তোলে। ই শিশুৰ স্বৰৰ বিকাশ, পঠন শক্তিৰ উৎকৰ্ষ আৰু ধ্বনি সচেতনতা বৃদ্ধি কৰে। ওমলা গীতবিলাকৰ শ্ৰুতি মধুৰতাই শিশুক শুনাৰ বাবে আগ্ৰহী কৰি তোলে আৰু ই শিশুৰ মনোযোগ বৃদ্ধিত সহায় কৰে। লাহে লাহে এই মনোযোগে পঢ়াৰ প্ৰতিও এটা আকৰ্ষণ সৃষ্টি কৰে।
 
এটা কথা অনস্বীকাৰ্য যে ওমলা গীতৰ সৰ্বোত্তম প্ৰভাৱ মাতৃভাষাৰ মাধ্যমৰ ওমলা গীতবোৰৰ বেছি। ইয়াত মাতৃভাষা বুলি কওঁতে ঘৰুৱা পৰিবেশত ব্যৱহৃত ভাষাৰ কথা কোৱা হৈছে। শিশুৰ প্ৰাথমিক স্তৰৰ বিকাশত শিক্ষাগৃহৰ পৰিবেশতকৈ আচলতে ঘৰুৱা পৰিবেশৰ (home environment) প্ৰভাৱ বেছি। গতিকে ঘৰুৱা পৰিবেশৰ প্ৰকাশৰ মাধ্যমৰ ওমলা গীতবোৰ শিশুৱে বেছি সহজতে আয়ত্ব কৰিব পাৰে। সেই কাৰণে শিশুক যি মাধ্যমত শিক্ষা দিয়া হয় সেই মাধ্যমৰ ঘৰুৱা পৰিবেশ দিব পৰিলে শিশুৰ সৰ্বোচ্চ বিকাশ হয় বুলি কোৱা হয়। নহ’লে শিশুৰ ঘৰুৱা পৰিবেশ আৰু শিক্ষা পৰিবেশৰ পাৰ্থক্যই প্ৰাথমিক স্তৰত এটা সংঘাত সৃষ্টি কৰাৰ অৱকাশ থাকে। বোধশক্তিৰ বিকাশৰ প্ৰাথমিক স্তৰত এই পৰিবেশৰ পাৰ্থক্যই এটা অনাহুত চাপ পেলায়।
 
অৱশ্যে আমাৰ পাশ্চাত্য প্ৰীতিয়ে আমাৰ নিজস্ব ওলোমা গীতবিলাকক কিছু অৱহেলিত স্থানলৈ ঠেলি তাৰ ঠাইত নাৰ্চাৰি ৰাইমচৰ প্ৰৱেশৰ বাট মুকলি কৰি দিছে।
গতিকে,
“জোনবাই এ বেজী এটি দিয়া
বেজীনো কেলৈ
মোনা চিলাবলৈ
মোনানো কেলৈ
ধন ভৰাবলৈ”—ৰ স্থান “টুইঙ্কল টুইঙ্কল লিটিল ষ্টাৰে” লোৱা দেখা গৈছে। ইংৰাজী শিক্ষাৰ প্ৰীতিয়ে আমাৰ সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ এই ওমলা গীতবোৰ কিছু পৰিমাণে হ’লেও পাহৰণিৰ গৰ্ভলৈ ঠেলি দিয়াৰ প্ৰয়াস কৰা যেন দেখা গৈছে।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!