অনুবাদকৰ ভূমিকা- কুল শইকীয়া

অনুবাদে এখন বৃহৎ বহুভাষিক দেশৰ এটা ভাষাৰ পৰা আন এটা ভাষালৈ সাহিত্যৰ উত্তম সৃষ্টিৰাজি প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথাৰ ক্ষেত্ৰত কাৰো দ্বিমত থাকিব নোৱাৰে৷ সাহিত্যৰ অনুবাদে লেখকৰ সৃষ্টিৰাজিক নিজ প্ৰদেশ বা ভাষাৰ গণ্ডীত সীমাবদ্ধ নকৰি দেশ-বিদেশৰ বৃহত্তৰ পাঠকগোষ্ঠীৰ কাষলৈ যোৱাৰ সুযোগ প্ৰদান কৰাৰ বাহিৰেও অনুবাদৰ জৰিয়তে লেখক তথা অনুবাদকজনৰ এই কাৰ্য্য বাণিজ্যিকভাবেও লাভজনক হোৱা দেখা যায়৷ অনুবাদ কাৰ্য্যই কোনো এটা ভাষাৰ সাহিত্যৰ জগতখনক বহিৰ্বিশ্বৰ সৈতে সংযোগ কৰি ভৌগোলিক, ৰাজনৈতিক অথবা সামাজিকভাবে কম পৰিচিত সাহিত্যৰাজিক নতুন ৰচনাশৈলী আৰু নতুন বিষয়বস্তুৰ বিষয়ে পথপ্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰে৷ বিভিন্ন ভাষিক জনসাধাৰণৰ মাজত সাহিত্যৰ প্ৰসাৰৰ বাবে অনুবাদৰ প্ৰয়োজন থাকিলেও অনুবাদৰ সমস্ত প্ৰচেষ্টা বা কাৰ্য্যাৱলী কিছুমান আনুষ্ঠানিকভাৱে অনুমোদিত অনুবাদনীতি বা বিধিবদ্ধ নিয়মৰ দ্বাৰা পৰিচালিত হোৱাটো গ্ৰহণযোগ্য হব নোৱাৰে৷ অনুবাদৰ বাবে কিতাপৰ বাচনি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আমোলাতান্ত্ৰিক কামকাজৰ দৰে এক কঠোৰ নীতিয়ে অনুবাদ সাহিত্যৰ বৃদ্ধিক লেকাম লগাই সাধাৰণ পাঠকৰ পঢ়াৰ আনন্দ আৰু স্পৃহাক ম্লান কৰিব পাৰে৷

অনুবাদ সাহিত্যক গতিশীলতা প্ৰদান কৰা বা অনুবাদ সাহিত্যৰ ক্ষেত্ৰত জড়িত থকাসকলক উৎসাহিত কৰাৰ বাবে বিভিন্ন ভাষা বা অঞ্চলব্যাপি এটা সুনিৰ্দিষ্ট নীতি আৰু আচনি থকাৰ কথাটোহে অতি প্ৰয়োজনীয় কথা৷ এনে এক ব্যৱস্থাই অনুবাদ সাহিত্যৰ সৈতে জড়িত থকা নতুন প্ৰজন্মৰ অনুবাদকসকলক অনুবাদ সাহিত্যলৈ নতুন সৃষ্টিৰ বাবে নতুন উৎসাহ যোগাব৷ ইয়াৰ ফলস্বৰূপে সাহিত্যৰ এই দিশটোৱে এখন নতুন তথা বৃহৎ বজাৰ লাভ কৰি এক বৃহত্তৰ পাঠকসমাজৰো সৃষ্টি কৰিবলৈ সক্ষম হ’ব৷ এখন অনুবাদিত ৰচনা বা অনূদিত সাহিত্যৰ এটি অংশৰ ‘সাফল্য’ৰ বিষয়ে কোনো এক বিশেষ গাণিতিক উপপাদ্য বা কোনো এজন ৰসায়নবিদৰ সূত্ৰৰ দৰে বিশ্লেষণ কৰাটো সম্ভব নহয়৷ কিছুসংখ্যক অনুবাদ কৰ্মক ‘ভাল অনুবাদ’ হিচাবে শ্ৰেণীবদ্ধ কৰাটো সহজ কাম নহয়৷ এটা সফল অনুবাদৰ পথৰ বাধাসমূহৰ বেছিভাগেই বিভিন্ন বিষয়ৰ হব পাৰে৷ অনুবাদকে তেনেবোৰ বিষয়ৰ অন্তৰ্নিহিত তাৎপৰ্য্যৰ জ্ঞান আহৰণ কৰি শুদ্ধ তথা পাঠকৰ মনোগ্ৰাহীকৈ উপস্থাপন কৰাৰ ক্ষেত্ৰত পোৱা বাধাসমূহ অতিক্ৰম কৰাটো ইমান সহজ নহয়৷ অনুবাদ যদি সাৰ্থক হয় তেনেহলে পাঠকে সেই অনুবাদিত সাহিত্যৰ মূল ৰচনাখন পঢ়াৰ দৰেই সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হয়৷ এনে ক্ষেত্ৰত অনুবাদকজনে মূল ৰচনা আৰু অনুবাদিত অংশৰ ক্ষেত্ৰত এখন সুদৃঢ় সাঁকো গঢ়ি তুলিবলৈ সক্ষম হ’লে অনুবাদ কৰাৰ ক্ষেত্ৰত সফল হোৱা বুলি আমি ডাঠি কব পাৰো৷

এজন পাঠকে মূল ৰচনাখন পঢ়ি পোৱা অনুভৱ আৰু অনূদিত ৰচনাখনৰ পাঠকজনৰ অনুভৱ একে হোৱা কথাটোৱেই এখন ৰচনাৰ ভাল অনুবাদৰ মাপকাঠি হব পাৰে৷ অনুবাদকজনে এটা ভাষাৰ সাহিত্যিক সৃষ্টিৰাজিক আন এটা ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত কিছুমান শব্দৰ প্ৰয়োগ বা সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো দৰকাৰী কথা৷ সামাজিক তথা অঞ্চলবিশেষে সৰ্বসাধাৰণে ব্যৱহাৰ কৰা ভাষাৰ শব্দৰ ক্ষেত্ৰত তাৰতম্য আহিব পাৰে৷ সেয়ে অনুবাদকজনে অনূদিত কৰ্মৰ ক্ষেত্ৰত বিশেষ কিছুমান শব্দৰ বিভিন্ন অৰ্থলৈ লক্ষ্য ৰখাটো প্ৰয়োজনীয় কথা৷ মাতৃভাষাত কিছুমান এনে শব্দ থাকিব পাৰে যিবোৰৰ কোনো সমতুল্য শব্দ অন্য ভাষাত পোৱা নাযাবও পাৰে৷ সমাৰ্থক শব্দক সঠিক আৰু সুচাৰুৰূপে ব্যৱহাৰ কৰা কথাটোৱেই অনুবাদক এজনে কোনো এটি বাক্যাংশ আন এটা ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত সাধাৰণতে মুখামুখি হোৱা এটা ডাঙৰ সমস্যা৷

অনুবাদকজনে কেতিয়াবা কিছুমান শব্দৰ ভাবৰ অনুবাদৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সম্মুখীন হব পাৰে৷ একেটা শব্দৰ বিভিন্ন সময়, বিভিন্ন পৰিস্থিতিত বা বিভিন্ন আবেগ মুহূৰ্তৰ অৰ্থ বেলেগ বেলেগ হ’ব পাৰে৷ উদাহৰণস্বৰূপে ’পুৱা’ শব্দটিয়ে সময় বা পৰিস্থিতিসাপেক্ষে দিনৰ আগবেলাৰ বিভিন্ন সময়ৰ কথাৰ ধাৰণা ব্যক্ত কৰিব পাৰে৷ এটি শব্দ কমবেছি পৰিমাণে সংস্কৃতি বা সভ্যতাৰ ওপৰতো নিৰ্ভৰশীল হ’ব পাৰে৷ এটা অঞ্চলৰ সংস্কৃতি, জনবিশ্বাস আৰু ঐতিহ্য সম্পৰ্কে অনুবাদকৰ যথোপযুক্ত জ্ঞান নাথাকিলে অনুবাদকজনে পাঠকক মুল ৰচনাৰ প্ৰাসংগিক অৰ্থ বুজাবলৈ অক্ষম হোৱাটো স্বাভাবিক কথা৷ কেতিয়াবা কোনো এটি বিশেষ শব্দই সমগ্ৰ ৰচনাখনৰ সামগ্ৰিক প্ৰেক্ষাপটৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে৷

অনুবাদকসকলেও তেখেতসকলৰ কষ্টসাধ্য অনুবাদ কৰ্মৰ বিপৰীতে যথাযথ মাননী পোৱাটোও আন এটা দৰকাৰী কথা৷ আচলতে অনেক ক্ষেত্ৰতে মূল লেখকসকলেও তেখেতসকলৰ মূল ৰচনাৰ বাবে প্ৰাপ্য অৰ্থ তথা স্বীকৃতিৰ পৰা বঞ্চিত হোৱা দেখা যায়৷ কিতাপৰ বিক্ৰী সন্তোষজনক হলেও বেছিভাগ আঞ্চলিক ভাষাৰ লেখকেই খুব সামান্য ধনহে ‘ৰয়েল্টি’ হিচাপে পোৱা দেখা যায়৷ আচল কথাটো হ’ল লেখকসকলে বেছিভাগ সময়তেই বাধ্যতামূলকভাৱে ডাঙৰ ডাঙৰ প্ৰকাশনগোষ্ঠীৰ অনুগ্ৰহধন্য হৈ থাকিব লগা হয়৷ বহু লেখকেই প্ৰকৃত প্ৰাপ্য অৰ্থৰ এক সামান্য অংশহে পাবলৈ সক্ষম হয় মাথোন৷

অনুবাদৰ ক্ষেত্ৰত নতুনকৈ প্ৰৱেশ কৰাসকলে কিছুমান গুৰুত্বপুৰ্ণ কথাৰ প্ৰতি নজৰ দিয়াতো প্ৰয়োজনীয় কথা৷ ভিন্ন ধৰণৰ সংস্কৃতি সম্পৰ্কিত শব্দ, বিশ্বাস আৰু ঐতিহ্যৰে ভাষা এটা সংপৃক্ত হয়৷ এই ক্ষেত্ৰত অনুবাদকজনে ভাষাৰ সম্পূৰ্ণ শুদ্ধতাৰ জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো উচিত৷ ভাল অনুবাদৰ স্বীকৃতি পাবলৈ হ’লে অনূদিত ৰচনাৰ লগত মূল ৰচনাৰ সামগ্ৰিক নিৰ্য্যাস একে থকাটো বাঞ্চনীয়৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!