ওপজা দিনৰ অসুখ (- কিশোৰ কুমাৰ তালুকদাৰ)

upoja dinor axukh_kishore

মাজনিশা কোঙা হৈ জন্মিছিল ছোৱালীজনী
আজি তাইৰ আনুস্থানিক ওপজা দিন!
শৈশৱৰ সেউজীয়া সপোনবোৰ চুৰমাৰ কৰি
কংক্ৰিটৰ যান্ত্ৰিক অৰণ্য স্থাপন হ’ল
কৈশোৰৰ কল্যাণকামী কল্পনাবোৰ মোহাৰি
শইচ সম্ভবা পথাৰত বণিকৰ বহা থিয় হ’ল
বঞ্চনাৰ বুৰঞ্জীৰ বোজা টানি টানি
সমাজ বিৱৰ্তনৰ বয়স বাঢ়ি গ’ল
আজি তাই যুৱতী,
পুষ্টিহীনতাত পিষ্ট অনাদৃতা আপচু যুৱতী!
আজি তাইৰ আনুস্থানিক ওপজা দিন!
কচাই অভিভাৱকৰ উদ্যোগত আড়ম্বপূৰ্ণ আয়োজন
তাইৰ কংকালসাৰ দেহত আছে যি কিঞ্চিত যৌৱন
তাকে লৈ হিংস্ৰ দালালৰ চকুত লোলুপ আকৰ্ষণ
ওপজা দিনটো আহিলে তাইৰ এনেকুৱাই হয়
অস্তিত্বৰ শংকাত শিয়ৰি উঠে গাৰ নোম
অথৰ্ব দেহাটো চোচোৰাই চোচোৰাই
এন্ধাৰ কলা আচল বতাহত উৰুৱাই
আজিও বিচাৰি ফুৰিছে তাই
জন্মতেই নিৰুদিষ্ট হোৱা জন্মস্বত্ব!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!