অথিৰ এহু সংসাৰ- অনুপমা বৰগোহাঁই
সেউজীয়া পাটৰ মেখেলা চাদৰ পিন্ধা ওখ বোৱাৰীজনী। হাত, কাণ, ডিঙি, নাকত কাপোৰৰ বৰণৰ লগত মিলাই পিন্ধিছে এসোপা গহণা গাথৰি। সেউজীয়া আৰু সোণালী এজোঠা খাৰু পৰিবিষ্ট লাহী বাওঁহাতখনৰ লিহিৰী আঙুলি কেইটাই ধৰি আছে সোণৰ দৰে চিকমিক কৰি থকা এটা বানবাতি। সোণৰ শিকলিৰ ঘড়ী পিন্ধা সোঁহাতখনে চামুচ এখন হুইল চেয়াৰখনত বহি থকা বৃদ্ধৰ মুখৰ ওচৰলৈ লৈ গৈছে। বৃদ্ধৰ চকুকেইটা জাপ খোৱা। তেখেতৰ মূৰটোও বাওঁফালে হালি পৰিছে। হুইল চেয়াৰখনৰ পিছফালে থিয় হৈ থকা দহ বছৰীয়া ছোৱালী এজনীয়ে বৃদ্ধৰ হালি পৰা মুৰটো চিধা কৰিবলৈ চেষ্টা কৰি আছে। পিছে তাইৰ চকু বৃদ্ধৰ পৰিৱৰ্তে ভিডিঅ’ কেমেৰাতহে আৱদ্ধ।
……… শহুৰেকৰ ওঁঠৰ ওচৰত চামুচ খন লগাই বৌয়েকে কেমেৰালৈ চাওঁতেই অপৰা ওপৰৰ ৰুমটোৰ পৰা দপ দপকৈ ওলাই গ’ল। ছিঃ – কেনে দৃষ্টিকটু নাটক !!
::::::
: ” দেউতাৰ শেষ সময়ৰ ভিডিঅ’ অলপ ৰাখি থৈছিলো। ওপৰৰ ৰুমত সকলোৱে সেই ভিডিঅ’টোকে চাই আছে। তয়ো চাগৈ যা।”
: ” তুমিও আহা চাবলৈ ডাঙৰ দা। ” – তাই কৈছিল।
: ” মই চাইছো আগতে। তাৰোপৰি দেউতাৰ শেষৰ সময়ত মই তেওঁৰ লগতে আছিলোঁ। তইহে দেউতাক শেষৰ সময়তো চোৱা চিতা কৰিবলৈ নোৱাৰিলি। ভিডিঅ’টো চালে গম পাবি – সকলোৱে দেউতাক কিমান ভালদৰে শুশ্ৰূষা কৰিছিল ! ”
ককায়েক সৌগতৰ কথা কেইষাৰত সোমাই থকা শ্লেষখিনি বুজিও নুবুজাকৈ থাকিবলৈ যত্ন কৰিলে তাই। এৰা, তাইনো কি কৰিলে দেউতাৰ বাবে। দেউতাকে তাইৰ বাবে কিমান কি কৰা নাছিল !
———————–
মানুহজন শকত-আৱত। বেমাৰ আজাৰে সতকাই স্পৰ্শ কৰিব নোৱাৰে। হাঁহি মুখৰ হলেও মানুহজনে কথা বৰ কমকৈ কয়। বন্ধু- বান্ধৱো তেনেই কম। মানুহে তেওঁক সমীহ কৰে। নিজৰ ল’ৰা ছোৱালীয়েও সমীহ কৰে। মানুহজনে অফিচলৈ যোৱাৰ সময় চাই মানুহে ঘড়ীৰ কাটা মিলাব পাৰে। অফিচৰ কাম ঘৰত আৰু ঘৰৰ কাম অফিচত তেওঁ কেতিয়াও কৰা নাই।
সদায় পুৱা চাৰি বজাতে উঠি আগফালৰ বাৰাণ্ডাখনত কঠ এখন পাৰি অলপ সময় প্ৰাণায়াম কৰে। তাৰপিছত পিছফালে থকা ডাঙৰ শাকনি বাৰীখনত কাম কৰে। বন চিকুণায়। শাকৰ গুৰিবোৰ খুচৰি দিয়ে , পানী দিয়ে। এইবোৰ কাম কৰি থাকোঁতে তেওঁৰ মুখত লাগি থাকে এটি সন্তুষ্টিৰ হাঁহি। কামৰ মাজে মাজে বৰগীত, নামঘোষা দুই এফাঁকিও গায় থাকে।
: ” ৰাতি নৌ পুৱাঁওতেই আগফালৰ দুৱাৰ খুলি পাছফালে কাম কৰি থাকোঁতে কেতিয়াবা চোৰে আহি সকলো বয়-বস্তু লৈ যাব — অলপ সাৱধান হ’বচোন !” – পত্নীয়ে তেওঁক প্ৰায়ে সকিয়াই থাকে। পত্নীৰ সকিয়নিয়ে মানুহজনৰ স্বভাৱ সলনি কৰিব নোৱাৰিলে।
: ” এহ , হ’ব দিয়া। তোমালোকে কুম্ভকৰ্ণৰ দৰে শুই থাকিলে চোৰে বস্তু কি মানুহকে লৈ যাব।” মানুহজনে কেতিয়াবা ভেকাঁহি মাৰি কয়।
: ” ঘৰৰ কাম,স্কুলৰ কাম আৰু ল’ৰা-ছোৱালীৰ জেঙা মাৰি ৰাতি দহ এঘাৰ বজাত মই শুওঁ। আপোনাৰ দৰে ফুট গধূলিতে নাকে কাণে ভাত দুটামান গুজি শুবলৈ পোৱা হ’লে মই চাৰি বজাত কিয় – তিনি বজাতে উঠিলোহেঁতেন !” মানুহজনীয়ে হাঁহি হাঁহি কয়।
মানুহজনে আৰু একো কথা নকয়। মনে মনে থাকিলেও তেওঁ সকলো বুজে। পত্নীৰ কষ্টবোৰ অনুভৱ কৰিব পাৰে ।
সেয়ে ঘৰত থকা সময়ত যিমান পাৰে পত্নীক সহায় কৰে। সৰু ছোৱালী অপৰাক তেৱেঁই অনবৰতে বুকুৰ মাজত ৰাখি ডাঙৰ কৰিছে।
————-
স্বাগতৰ মুখখন মেঘে ছানি ধৰা আকাশৰ দৰে হৈ আছে। এবাৰো তাইৰ ফালে চোৱা নাই। এষাৰো কথা সোধা নাই। জোৰ জবৰদস্তি এইজনীয়ে বুঢ়াক হস্পিটেলত ভৰ্তি কৰিছে। ঘৰত চিকিৎসা আৰু যত্নৰ অভাৱ হৈছিল নেকি ? বুঢ়া বয়সত এইবোৰ হয়েই ! এইটো বয়সত মানুহক হস্পিটেলত ভৰ্তি কৰি কিবা লাভ আছেনে ? হস্পিটেলত ৰখা মানেই সদায় কোনোবা এটা অহা যোৱা কৰি থাকিব লাগিব। ৰাতি ৰাতি আহি পৰ দিব লাগিব। কোনে এইবোৰ কৰিব হা ?? কাৰ সময় আছে ? সকলো মানুহ নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত। হস্পিটেললৈ অহা যোৱা কৰাজনেহে গম পায়। দূৰত থাকি দুদিনৰ বাবে ঘৰলৈ আহি বৰ বৰ কথা ক’বলৈ আহিছে। নাহিলেও নহয় বাবেহে সি হস্পিটেললৈ আহিছে। নহলে ইমান দিনে সিহঁতে কৰা সকলো কষ্টৰ ক্ৰেডিট বুঢ়াৰ মৰমৰ সৰু জীয়েকেহে লৈ যাব। বাকী কেইজনী জীয়েকে বুঢ়াৰ কাৰণে অলপ অচৰপ কিবা কৰিলেও এইজনীয়েটো একোৱেই কৰা নাই। বিয়াৰ আগতেও সকলোৰে মুৰৰ কামুৰণি আছিল এইজনী। বিয়া হৈ ইমান দূৰলৈ গৈও কামুৰিবলৈ এৰা নাই ! বুঢ়াৰ মৰমৰ পেটমুচা জীয়েক ! হুহ !
: ” উস দেউতাই দুখ পাব – ধূতিখন ইমান জোৰকৈ নাটানিবাচোন !”
কথাষাৰ অপৰাৰ মুখৰ পৰা ওলাবলৈ পালেহে – স্বাগতৰ মুখত ইমান সময়ে লাগি থকা ডাৱৰখিনি গিৰ গিৰ
গালিৰ বৰষুণ হৈ নামি আহিল।
: ” আমেৰিকান মানুহে আমাক শিক্ষা নিদিলেও হ’ব। অতদিনে আমিয়েই দেউতাক চোৱা চিতা কৰি আছোঁ। পেচাব পায়খানা কৰা কাপোৰ ধুইছোঁ। সদায় এনেকৈয়ে কাপোৰ সলাইছোঁ। এইবোৰে ওপৰতে ওস্তাদি মাৰিবলৈ আহে। …. ”
: ” এদিন হলেও এইচবে ধুই পাইছেনে বুঢ়াৰ গু মূতৰ কাপোৰ ? কথা ক’বলৈ আহিছে …. ”
: ” কোনজনী বোৱাৰীয়েকে, কোনজনী জীয়েকে বুঢ়াক এটা ৰাতি পৰ দিছে ? গোটেই ৰাতি বুঢ়াৰ চিঞৰ বাখৰ শুনি পাৰ কৰিছে ?… সেইবোৰ একো নেদেখে। বুঢ়াৰ লগতে পুৰণা ঘৰটোত আমি থাকোঁ বাবেই সৰু মানুহ বুলি ভাবে। বাকীবোৰৰ সমান পইচা নাই মোৰ ! কিন্তু একো নজনা মূৰ্খ নহয়! ”
জাউৰিয়ে জাউৰিয়ে গালিৰ বৰষুণত তিতি তাই জুৰুলি জুপুৰি হ’ল। কিন্তু তাইৰ অলপো আমনি লগা নাই , ভয় লগা নাই। নিৰ্বিকাৰে তাই এইজাক বৰষুণত থিয় হৈ থাকিল। বৰষুণত তিতিব নোৱাৰাকৈ দেউতাকে সদায় তাইৰ মুৰৰ ওপৰত এক অদৃশ্য ছাতি মেলি থৈছে ..।
:::::
এটা থুলন্তৰ শৰীৰৰ অধিকাৰী , পৃথিৱীৰ সকলোতকৈ শক্তিশালী , সকলোতকৈ জ্ঞানী অপৰাৰ দেউতাক- শিৱ বৰুৱা! দেউতাকক ডাঙৰ ডাঙৰকৈ কথা কোৱা দূৰৰ কথা – চকুত চকু থৈ সাধাৰণ কথা এষাৰ ক’বলৈও সাহস নকৰিছিল এটা সময়ত স্বাগতে। এতিয়া সেই স্বাগতে তাইৰ চকুৰ সন্মুখতে উলংগ কৰি দিলে দেউতাকক! মৃত্যুৰ সৈতে কেঁকাই গেঁথাই যুঁজ কৰি থকা এই অৰ্ধচেতন বৃদ্ধ শিৱ বৰুৱা দুখ সুখ লজ্জ্বা আবেগ অনুভূতি নথকা মাটিৰ মূৰ্তি এটা যেন ! পূজা কৰি শেষ হোৱাৰ পিছত কাপোৰ কানি, অলংকাৰ খুলি পানীত পেলাই দিবলৈ ওলোৱা এক মাটিৰ দেৱতা !
নাই ! হ’বই নোৱাৰে এইজন অপৰাৰৰ মৰমৰ দেউতাক! দেউতাক যে কিমান শক্তিশালী আছিল ! কিমান ডাঙৰলৈকে তাইক বোকোচাত লৈ ফুৰিছিল ! কিমান যে কথা জানিছিল ! সৰুতে অপৰাৰ ভাব হৈছিল – এই পৃথিৱীত দেউতাকে নজনা একো কথা নাই – দেউতাকে কৰিব নোৱাৰা একো কাম নাই। নতুনকৈ ইংৰাজীৰ বৰ্ণমালাবোৰ শিকিবলৈ আৰম্ভ কৰোতে তাই দেউতাকক যিকোনো ইংৰাজী বৰ্ণ লগ লগাই কি শব্দ হ’ব সুধে। তাইক আচৰিত কৰি দেউতাকে সকলো ইংৰাজী শব্দৰ জোঁটনি ভাঙি দিছিল ক্ষন্তেকতে। তাই সুধে –
: ”চি – এ – পি – এই বৰ্ণ কেইটা লগ লগালে কি শব্দ হ’ব দেতা ? ”
: ” কেপ হ’ব মাজনী।”
: ” জি – কে – পি – এই আখৰ কেইটা লগ লগালে কি হ’ব ?”
: ” একো নহয় – কাৰণ ইয়াত ভাৱেল নাই। ভাৱেল, মানে এ , ই , আই , অ, ইউ — এই কেইটা বৰ্ণৰ যিকোনো এটা হলেহে ইংৰাজীত উচ্চাৰণ কৰিব পৰা শব্দ হয় মাজনী।”
: কিন্তু আমাৰ অসমীয়াত যিকোনো বৰ্ণ যেনে তেনে লগ লগালেই উচ্চাৰণ কৰিব পৰা শব্দ হয় দেতা। চোৱা খ- দ- ল ব -ম। এই কেইটা বৰ্ণ লগ লগাই মই শব্দ
কব পাৰোঁ চোৱা – খদলবম।”
হিঃ হিঃ শব্দটো উচ্চাৰণ কৰি তাই হাঁহিত বাগৰি পৰে। দেউতাকেও মুখত মৰমৰ হাঁহি এটা লৈ মাকক কয় –
: ” আমাৰ মাজনী বৰ বুদ্ধিমান। বহুত ডাঙৰ মানুহ হ’ব মোৰ মাজনী।”
: ” হ’ব দিয়ক। মৰম কৰি কৰি , ভাল ভাল বুলি সন্মুখতে কৈ কৈ ছোৱালীজনীক নষ্ট কৰিলে। বায়েক ককায়েকহঁতৰ কোনো কথাই তাই নুশুনে। ডাঙৰৰ মুখে মুখে কথা কয় আপোনাৰ সৰু জীয়েৰে।” -মাক সদায় নিৰপেক্ষ। গোটেই কেইটা ল’ৰা ছোৱালীৰ প্ৰতি তেওঁৰ সমান দৃষ্টি।
::::::
মানুহজনৰ দায়িত্ববোৰ শেষ হৈছিল। আজৰি সময়ো অলপ ওলাইছিল। বিয়া কৰি অনাৰে পৰা তেওঁৰ পত্নীয়ে কেৱল ঘৰৰ আৰু স্কুলখনৰে কাম কৰি দিনবোৰ পাৰ কৰিছে। সেয়ে এতিয়া পত্নীক চাকৰিৰ পৰা আগতীয়া অৱসৰ ল’বলৈ কৈ আছে। অলপ জিৰণি লওক ! কিন্তু নাই , তেওঁৰ কথা নুশুনে মানুহজনীয়ে ! গোটেই জীৱন কাম কৰি কৰি কামৰ প্ৰতি যেন নিচাসক্ত হৈ গৈছে মানুহজনী।
: ৰ’বচোন, আৰু কেইটামান বছৰ। তাৰপিছত মই চাকৰি এৰি দিম। আমি দুয়ো ল’ৰা ছোৱালীবোৰৰ ঘৰলৈ গৈ মাজে সময়ে কেইটামান দিন কটাম। অলপ তীৰ্থ ভ্ৰমণো কৰিম।
মানুহজনীয়ে তেওঁক মিছা কথা কৈছিল। জীৱনৰ প্ৰথম আৰু শেষ মিছা কথা। চাকৰি এৰি তেওঁৰ লগত ল’ৰা ছোৱালীবোৰৰ ঘৰলৈ মাজে মাজে ফুৰিবলৈ যোৱা, তীৰ্থ ভ্ৰমণ কৰা – এইবোৰ সকলো মিছা আশা দেখুৱাই মানুহজনী অকলেই কোনোবা অজান ঠাইলৈ গুচি গৈছিল।
ক’ত জানো ভুল হৈ গৈছিল ! ইমান কামুক, শৰীৰ সৰ্বস্বওতো নাছিল তেওঁ। বিয়াৰ কেইটামান মাহৰ পিছতে মানুহজনীৰ পৰা পোৱা প্ৰথম ‘ভাল খবৰ’ টোৱে তেওঁক কিমান যে আনন্দিত কৰিছিল ! জীৱনটো সাৰ্থক যেন লাগিছিল। আহিব লগীয়া সন্তানটিক লৈ তেওঁ সপোনৰ দৌল বান্ধিছিল। সঁচাকৈযে প্ৰথম সন্তানটিয়ে তেওঁৰ সপোনৰ দৌলটোকে মজবুত কৰি গৈ আছিল। তাৰপিছত আহিছিল দ্বিতীয়টো ‘ভাল খবৰ ‘ – তৃতীয় , চতুৰ্থ ….। কিন্তু ইয়াৰ পিছত অহা ‘ভাল খবৰ’বোৰ তেওঁৰ বাবে আতংক হৈ পৰিছিল। দুখ লাগিছিল মানুহজনীলৈ। লাজ লাগিছিল নিজৰ সংযমহীনতাক লৈ। কিন্তু সকলো ভগবানৰ উপহাৰ বুলি হাঁহি মুখে এটা সন্তান কোলাত , এটাক পিঠিত বান্ধি লৈ কাম কৰি গৈছিল মানুহজনীয়ে।
পৰিয়াল পৰিকল্পনা বোলা ৰঙা ত্ৰিভুজটোক বুজিবৰ বাবে তেওঁ ডাক্তৰৰ ওচৰলৈ নগৈ ভগবানৰ ওচৰ চাপিছিল। সেয়াই তেওঁৰ ভুল আছিল। সংযম বাঢ়িছিল তেওৰঁ। কিন্তু তাৰ মাজতে কেনেকৈ যে এদিন সংযমহীন হৈ পৰিছিল। ছয়টা ল’ৰা ছোৱালীয়ে জীৱন সৃষ্টিৰ ৰহস্য অলপ অচৰপ বুজি পোৱাৰ বয়সতে মানুহজনীয়ে তেওঁক আকৌ এবাৰ ‘ভাল খবৰ’ দিবলৈ সাজু হ’ল।
এইবাৰ মানুহজনীক বহুতে পৰামৰ্শ দিলে।
” যোৱা, খহাই পেলোৱা এই সন্তান। বহুত হ’ল আৰু। তোমাৰ মানুহজন কেনেকুৱা হে ? নিজে আনন্দ ল’ব আৰু এই বয়সতো তোমাৰ পেটত আৰু এটা কেঁচুৱাৰ ভাৰ বোৱাব ! ….. ”
নাই , মানুহজনীয়ে কোনো দিনে তেওঁৰ বিষয়ে এটাও বেয়া কথা শুনিব বিচৰা নাছিল। সকলোকে উত্তৰ দিছিল- ”মানুহজনৰ গাত কোনো ভুল নাই। তেওঁ পুৰুষ। পুৰুষ হৈয়ো বহুত সংযমশীল। মোৰ শৰীৰটোৱেহে মোক চলনা কৰে। সকলো ভগবানৰ দান। ভগবানে যেনেকৈ সৃষ্টি কৰিছে – তেনেকৈয়ে জীয়াই ৰাখিব। আমিবোৰ নিমিত্তহে মাত্ৰ।”
আমিবোৰ নিমিত্ত মাত্ৰ – কথাষাৰ মানুহজনীয়ে অন্তঃকৰণেৰে বিশ্বাস কৰিছিল। প্ৰতিটো সন্তানকে সমান মৰম চেনেহ আৰু যত্নৰে লালন পালন কৰিছিল। কাৰো পৰা একো আশা কৰা নাছিল তেওঁ। ভগবানৰ পৰাও একো বিচাৰা নাছিল। ইমানবোৰ ল’ৰা ছোৱালী জন্ম দিয়াৰ পাছতো মানুহজনীৰ শৰীৰ আৰু মনত অলপো ভাগৰৰ চিন নাছিল।
কেৱল কাম আৰু কাম কৰি গৈছিল। সিদিনা স্কুলৰ পৰা আহি চাহ বাকি তেওঁক খাবলৈ দি নিজেও একাপ খালে। চাহকাপ খাই উঠি য়েই ‘গাটো অলপ বেয়া লাগিছে ‘ বুলি বিচনাখনত বাগৰি পৰিল যি পৰিলেই – তাৰ পিছত আৰু কোনোদিনে উঠি নাহিল।
:::::
অপৰাই নোৱাৰিলে । শান্তিৰ শেষ শয্যাত পৰি থকা মাকক নয়ন ভৰাই এপলক চাবৰ বাবেও আহিব তাই নোৱাৰিলে। নতুনকৈ এইচ ওৱান ভিছাখন পাই চাকৰিত জইন কৰিছে। এতিয়া যদি তাই ভাৰতলৈ যায় – পুনৰ ঘূৰি আহি চাকৰি কৰা দূৰৰ কথা , এইখন দেশলৈ আকৌ ঘুৰি আহিবলৈকে অনুমতি নাপাব। অনুপেও অলপতে নতুন এটা চাকৰিত জইন কৰিছে। যিমান সা সুবিধা , টকা পইচা নাপাওক কিয় – এইখন দেশত চাকৰিৰ নিৰাপত্তা কোনোদিনেই নাই।
কিন্তু এইবোৰ আচলতে তাইৰ অজুহাত। হয় , হয় কেৱল অজুহাত। কাম আৰু ব্যস্ততাৰ কৃত্ৰিম খোলাৰ ভিতৰত সোমাই থকা সিহঁতবোৰ প্ৰকৃততে ভীষণ স্বাৰ্থপৰ , আত্মকেন্দ্ৰিক। যিমানেই পঢ়া শুনা কৰিলে , মনবোৰ সিমানেই আত্মকেন্দ্ৰিক হৈ পৰিছে। অন্তৰৰ আবেগ অনুভৱ মৰম চেনেহবোৰো যেন গণিতৰ হিচাপ নিকাচৰ দৰে পৰিপাটি অথচ নীৰস হৈ গৈছে। সুখী নে বাৰু সিহঁত ? এই যে তাইৰ মাকজনী , কোনোদিনেই কাৰো পৰা একো দাবী নকৰা, কেতিয়াও জীৱনক লৈ অভিযোগ কৰি নোপোৱা অল্পশিক্ষিত মাকজনীতকৈও সুখী নে বাৰু তাই ?
তাইৰ মাকৰ জীৱনটো বাৰু সফল বুলি ক’ব পাৰিনে ?
কোন বাৰু সফল – তাইৰ বায়েকহঁত ? ককায়েকহঁত ? নে তাই নিজে ?
নাই , বায়েক ককায়েকহঁতক কেতিয়াও সুখী যেন লগা নাই তাইৰ। ডাঙৰ চাকৰি কৰি সমাজত প্ৰতিষ্ঠা লাভ কৰিছে যদিও সিহঁত যেন বৰ অসন্তুষ্ট , অসম্পূৰ্ণ। সফলতাৰ পিছত দৌৰি দৌৰি সিহঁতবোৰ ভাগৰি পৰিছে। নিজৰ সৰু সংসাৰখনৰ বাহিৰে কাকো সিহঁতি চিনি নাপায়। মাক দেউতাকে সৃষ্টি কৰা ডাঙৰ সংসাৰখনৰ পৰা নিজৰ নিজৰ ভাগটো চিকুটি চিকুটি লৈ সিহঁত তেনেই অসন্তুষ্ট আৰু নিসংগ হৈ সংসাৰৰ মায়াজালৰ এটা চুকত বন্দী হৈ পৰি আছে। বায়েক ককায়েকহঁতে পৰস্পৰে পৰস্পৰক প্ৰতিদ্বন্দ্বী বুলি ভাবে। তাইকো সিহঁতি নিজৰ প্ৰতিদ্বন্দ্বী বুলিয়েই গণ্য কৰি আহিছে। ছয়টা ল’ৰা ছোৱালীৰ মৰম চেনেহবোৰৰ অবাঞ্চিত অধিকাৰী হৈ তাই পৃথিৱীলৈ আহিছিল।
কিন্তু ক’তা। মাক দেউতাকেচোন কেতিয়াও কাকো পক্ষপাতিত্ব কৰা তাই দেখা নাছিল। কাকোৱেইতো বঞ্চিত কৰা নাছিল ! তেওঁলোকৰ ধন ঐশ্বৰ্য্য , মৰম চেনেহ , আদৰ্শ, মূল্যবোধৰ চন্দুকটো অনবৰতে খুলি ৰাখিছিল।
আহচোন বোপাই হঁত – যাক যি লাগে, যিমান লাগে বুটলি ল। – এনেকৈয়েটো কৈছিল। এৰা, যাক যি লাগে তাকেই বুটলি লৈছিল।
তায়ো বুটলি লৈছিল – মাক-দেউতাকৰ মৰম,চেনেহ, মূল্যবোধ আৰু আদৰ্শ।
:::
মানুহজন এতিয়াও পুৱা চাৰিবজাতে উঠে। নিঃশব্দে বিচনাত বহি থাকে। শব্দ কৰিবলৈ , লাইট জ্বলাবলৈ , দুৱাৰ খুলিবলৈ সংকোচ কৰে। পুতেক, বোৱাৰীয়েকৰ খং উঠিব। দিনৰ দিনটো বোৱাৰীয়েকে কাম কৰিব লাগে। ঘৰত কামকৰা ছোৱালী এজনী থাকিলেও সকলো কামৰ তদাৰক বোৱাৰীয়েকে কৰিব লাগে। পুৱাৰ চিকুন টোপনি ভাঙি গলে দিনটোৰ বাবে বোৱাৰীৰ মন বেয়া হৈ থাকে।
মানুহজনীয়ে প্ৰায়ে তেওঁক কৈছিল : ‘ অৱসৰ লোৱাৰ পিছত মাজে মাজে ল’ৰা ছোৱালীবোৰৰ ঘৰত থাকিম – তীৰ্থযাত্ৰা কৰিম।”…..
এতিয়া ল’ৰা ছোৱালীৰ ঘৰলৈ যোৱাটোৱেই মানুহজনৰ বাবে তীৰ্থযাত্ৰা। কিন্তু আকৌ ক’ত জানো ভুল হ’ল তেওঁৰ। তীৰ্থ যাত্ৰাৰ বাবে তেওঁ যাবই নোৱাৰিলে। কেতিয়াও কোনো এখন তীৰ্থস্থানৰ দুৱাৰেই তেওঁৰ বাবে খোল নাখালে ।
মৰমৰ জীয়াৰী অপৰা – তাইকো ইমান দূৰলৈ বিয়া দিলে। তেওঁ তাইৰ ওচৰলৈ অকলে যাব নোৱাৰে। নতুনকৈ সংসাৰ কৰা আজলী ছোৱালীজনীৰ বোজা হ’বলৈও তেওঁ নিবিচাৰে। কিমান যে ব্যস্ততা ছোৱালীজনীৰ ! সুখীনে বাৰু তাই ?
ল’ৰা ছোৱালীক জীৱন যাত্ৰাৰ দূৰন্ত ৰেচত জয়ী হ’ব পৰা সকলো শিক্ষাই তেওঁ দিলে। কিন্তু সুখী হ’ব পৰা মন্ত্ৰ শিকাব নোৱাৰিলে। তেওঁৰ সহজ সৰল অল্পশিক্ষিত মানুহজনী কিমান যে সুখী আছিল ! ক’ত আৰু কেনেকৈ যে শিকিছিল মানুহজনীয়ে সুখী হোৱাৰ মন্ত্ৰ ! ল’ৰা ছোৱালীবোৰ তেওঁৰ দৰে উচ্চশিক্ষিত নহৈ মাকৰ দৰে অল্পশিক্ষিত আৰু সুখী হোৱা হলে ….!
পাৱে পৰি হৰি কৰোহোঁ কাতৰি প্ৰাণ ৰাখবি মোৰ।।
বিষয় বিষধৰ বিষে জৰ জৰ , জীৱন নাৰহে মোৰ।।
অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু ……..
আজিকালি মানুহজনৰ মুখত অনবৰতেই এই বৰগীতটোৱেই লাগি থাকে ।
::::
অপৰাৰ সদায় দেউতাকক লৈয়ে চিন্তা হৈ থাকে। মাকৰ দৰে দেউতাককো জীৱনৰ শেষ সময়ত হেঁপাহ পলুৱাই চাবলৈ নাপাব – এই চিন্তাই অপৰাক প্ৰায়ে বিচলিত কৰে। ককায়েক বায়েকহঁতে উপযাচি তাইৰ কোনো খবৰ নলয় – তাইকো খবৰ নিদিয়ে। তাই দি থৈ অহা চেলফোনটোও দেউতাকে ব্যৱহাৰ কৰিব নাজানে। লেণ্ডলাইনৰ ফোনটোও দেউতাকে ব্যৱহাৰ কৰিব পৰা সুবিধাজনক স্থানত নাই।
আৰু অৱশেষত ইমান দিনে তাই যি শংকা কৰিছিল , সেয়াই হ’ল।
গু মূতৰ বিচনাত লেটি লৈ অসহায় ভাবে পৰি থকা দেউতাকক তাই জোৰ জবৰদস্তি হস্পিটেলত ভৰ্তি কৰিলে। গোটেই কেইটা ককায়েক বায়েকক ফোন কৰি ঘৰলৈ মতাই আনিলে। মাত্ৰ কেইটামান দিন দেউতাকৰ লগত থাকি তাই পুনৰ নিজৰ কৰ্মভূমিলৈ উভটি গ’ল। এইবাৰ তাই শেষ সিদ্ধান্ত লৈ পেলাইছে। এটা সপ্তাহৰ ভিতৰতে সেই দেশত থকা সকলো লেন দেন শেষ কৰি ভাৰতলৈ, নিজৰ দেউতাকৰ ওচৰলৈ একেবাৰে ঘূৰি যাব। বাকী থকা কামবোৰ সামৰি অনুপো একেবাৰে ঘূৰি আহিব নিজৰ দেশলৈ।
এটা সপ্তাহ – সাতটা দিন। শিৱ বৰুৱাৰ ছয়জন সন্তানে হেঁপাহ পলুৱাই যতন ল’লে দেউতাকৰ। কোনো দিনে শহুৰেকক চাহ একাপ বাকি খোৱাই নোপোৱা সৰু বোৱাৰীয়েকেও বানবাটিত চুৰুহা লৈ নিজ হাতেৰে খুৱাইছে। তেওঁলোকে লোৱা যতনৰ স্মৃতি চিহ্নও ধৰি ৰাখিবলৈ পাহৰা নাই।
সাত দিনৰ দিনা সাত নম্বৰ সন্তান অপৰাও দেউতাকৰ ওচৰ পালেহি। কিন্তু … ঠিক সেইদিনাই তাইক সেৱা শুশ্ৰূষাৰ কোনো সুবিধা নিদিয়াকৈ দেউতাকে সংসাৰৰ পৰা চিৰ বিদায় ল’লে।
অপৰাক মাক -দেউতাকে কোনোদিনে অলপো কষ্ট নিদিলে – আমনি নিদিলে। উস- কেৱল তাইৰ বাবেই মাক দেউতাহালে কিমান কথা যে সহ্য কৰি গ’ল ! অশেষ যত্নৰে তাইক ডাঙৰ কৰিলে। কিন্তু কি পালে বাৰু বিনিময়ত এই মানুহহালে ? অপৰাই জানে – মাকে জীৱনত একোৱেই বিচৰা নাছিল। নিজৰ ল’ৰা ছোৱালীকেইটাক লৈয়ো ডাঙৰ সপোন ৰচা নাছিল। সিহঁতক মৰম দিব লাগে – সময়মতে খাব দিব লাগে – দুই এটা ভাল কথা শিকাব লাগে। ইয়াকে মাত্ৰ জানিছিল । প্ৰতিটো মূহূৰ্ততে মাকক সুখী দেখিছিল তাই। অৱশ্যে দেউতাকৰ মনত আটাইকেইটা সন্তান, বিশেষকৈ তাইক লৈ বহুত সপোন আছিল। সেই সপোনবোৰ বাস্তৱ হ’ল যদিও দেউতাক জানো সুখী হ’ব পাৰিলে ? কিমান যে নিঃসংগ হৈ পৰিছিল দেউতাক ! জীৱনৰ শেষ সময়ত পিতৃ-মাতৃক চোৱা চিতা কৰাৰ নামত সন্তানে পৰস্পৰৰ মাজত বগিয়া বগি কৰা দেখিলে – কোন মানুহ বাৰু সুখী হ’ব পাৰিব !!
অপৰাৰ মনটো হঠাৎ বিতৃষ্ণাৰে ভৰি পৰিল। কি আছে এই জীৱনৰ ? সিহঁততকৈচোন বহু উচ্চ পশু পক্ষীৰে জীৱন। আমি মানুহবোৰে সংসাৰৰ মোহত বন্দী হৈ কিমান যে দুখ খান্দি লওঁ ! ভবিষ্যতৰ অমূলক চিন্তাত বৰ্তমানৰ প্ৰতিটো ক্ষণ উপভোগ কৰাৰ পৰা বঞ্চিত হৈ থাকোঁ।
নাই – অপৰাই সংসাৰৰ অলীক মায়াজালত বন্দী হৈ চটফট নকৰে। ভবিষ্যতৰ সোণালী কাৰেং গঢ়াৰ স্বপ্নত বৰ্তমানৰ সোণালী সময়বোৰ নষ্ট নকৰে। তাই নিস্বাৰ্থ মৰম দিব সকলোকে। নিজৰ সামৰ্থৰে যি পাৰে দিব – মাথো দিব। কেতিয়াও কাৰো পৰা কিবা পোৱাৰ আশা নকৰে। দিয়াতেই সুখ বিচাৰি ল’ব।
তাইৰ এখন ডাঙৰ সংসাৰ হ’ব। কেৱল নিজৰ তেজ মঙহৰ সন্তানক লৈয়ে তাইৰ সংসাৰ নহয়। তাইক অন্তঃকৰণেৰে ভালপোৱা , তাইক বিচাৰা , তাইক লগত সংযুক্ত হৈ সুখী হৈ পৰা সকলোকে লৈ তাই এখন ডাঙৰ সংসাৰ গঢ়িব। তাইৰ সংসাৰত কোনো নীতি নিয়ম , বান্ধোন অনুশাসন নাথাকিব। যাৰ যেতিয়াই ইচ্ছা তাইৰ সংসাৰৰ পৰা চিন্ন হ’ব পাৰিব। যাৰ যেতিয়া ইচ্ছা ঘুৰি আহিবও পাৰিব। অন্তৰৰ বিশুদ্ধ ভালপোৱাৰ বাহিৰে তাইৰ সংসাৰত কোনো কাৰো প্ৰতি দায়বদ্ধও নহ’ব।
হয় , হ’ব তাইৰ এনে এখন সংসাৰ।
:::
দেউতাকৰ ফটোখনৰ সন্মুখত জ্বলি থকা চাকি গছিত আৰু অলপ তেল ঢালি অপৰাই দেউতাকৰ প্ৰিয় বৰগীতটো দুইহাত যোৰ কৰি গাবলৈ লাগিল … পাৱে পৰি হৰি ..
: : : : : : : : : : : : : : : : :
ৰৰ সন্দৰ গল্প