অতীতক নাযাবা পাহৰি (১) – অভিনিৱেশ শৰ্মা

প্রবাসী অসমীয়া হিচাপে অসমখন বাহিৰৰ পৰা চাবলৈ এক সুবিধা পাইছোঁ।  কিন্তু বর্ত্তমানৰ পৰিৱেশ দেখি মনটো প্রায়েই সেমেকি যায়। মাতৃভাষাৰ প্রতি অৱহেলাৰ ভাৱ,ৰাজনীতিবিদ সকলৰ দুর্নীতিপৰায়ণতা, মধ্যবিত্ত শ্রেণীৰ ক’লা ধনৰ প্রতি আকৰ্ষণ, যুৱ প্রজন্মৰ উদ্ভণ্ডালি আদি এখন স্খলিত সমাজৰ পৰিচায়ক। এইবোৰ দেখি নিজকে প্রশ্ন কৰিবলৈ ধৰিলোঁ – অসমীয়া সমাজখন সদায় এনেকুৱা বিশৃংখলেই আছিল নেকি?এই অৱস্থাৰ পৰা অসমীয়া সমাজখনৰ কেতিয়াও পুনৰুদ্ধাৰ নহ’ব নে? নিভাঁজ অসমীয়াত্ব নো কি? অসমৰ ইতিহাসে ইয়াৰ কিবা সমাধান দিব নেকি?
ইতিহাসৰ ছাত্র হিছাপে অতীতক ৰোমন্থন কৰি ভাল পাওঁ। কিন্তু ইতিহাসক বর্ত্তমানৰ সৈতে প্ৰাসঙ্গিক কৰাতহে মই বেছি আগ্রহী। সেয়েহে উনবিংশ শতিকা আৰু বিংশ শতিকাৰ আৰম্ভণিচোৱাৰ অসমীয়া সমাজখন এবাৰ নতুন ৰূপত চাবলৈ মন গ’ল। অসমৰ ইতিহাসত মই ভাৱোঁ, নৱন্যাসৰ কালচোৱা সবাতোতকৈ ব্যতিক্রমী আৰু গুৰুত্বপূৰ্ণ।  সেয়ে পঢ়িবলৈ তুলি ল’লোঁ, প্রয়াত বেণুধৰ শর্মাদেৱে ৰচনা কৰা কিছু জীৱনীমূলক প্রবন্ধ সন্নিৱিষ্ট হৈ থকা “চন্দন চ’ৰা” নামৰ গ্ৰন্থখন। শর্মাদেৱৰ অনৱদ্য গদ্যৰীতিয়ে অনুপম কৰি তোলা গ্ৰন্থখন পঢ়ি আধুনিক অসমৰ সকলো বিষয়তে মূধাফুটা ব্যক্তিৰ সৈতে মোৰ পৰিচয় ঘটিল আৰু লগতে নানা সৰু বৰ ঘটনাৰ সৈতেও।  বিশেষ কোনো স্বীকৃতি নোপোৱাকৈয়ে এইকেইজন ব্যক্তি সময়ৰ সোঁতত হেৰাই গ’ল। কিন্তু ইতিহাসে লেখ নোলোৱা, বিশেষ দৃষ্টিভংগীৰ লোকৰ চকুত সামান্য বুলি গণ্য হোৱা মানুহ আৰু ঘটনাও একোটা কালত একেবোৰ মানুহৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠে। দেখা যায় সৰ্বসাধাৰণৰ চকুত নপৰা সৰু সৰু ঘটনাই সময়ত বহুত নজনা কথাৰ সম্ভেদ দিয়ে আৰু লগতে জাতিগত নানা সমস্যাৰ সমাধানো। পিছে ৰসেহে মানুহক তৃপ্তি দিয়ে আৰু যিহেতু এই বুৰঞ্জীত ৰস আছে সেইবাবে কোনো বৌদ্ধিক বিশ্লেষণৰ বোজা নলৈ বেণুধৰ শর্মাদেৱৰ কলমে অমৰ কৰি যোৱা নৱন্যাস যুগৰ জনদিয়েক পুৰোধা ব্যক্তিৰ বিৰল ব্যক্তিত্বৰ সুবাস অসমীয়া কথা বতৰাৰ সদস্য সকললৈ আগবঢ়ালোঁ ।
১৮৮৫ চন। চাবর্ডিনেট একজিকিউটিভ চার্ভিছৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা। অসমীয়া ভাষাৰ প্রশ্ন কাকত। দুজন পৰীক্ষার্থী। কেম্পবেল বুলি এজন ইংৰাজ আৰু শিৱসাগৰৰ ফণিধৰ চলিহা (পাছলৈ ৰায় বাহাদুৰ,স্বাধীনতা সংগ্রামী কুলধৰ চলিহাৰ পিতৃ)। দুয়ো পৰীক্ষা দিলে। পৰীক্ষা হৈ গ’ল। খবৰ ওলাল অসমীয়া ফণিধৰ চলিহাই অসমীয়াৰ কাকতত ৩০ নম্বৰ আৰু চাহাব কেম্পবেলে ৭০ নম্বৰ পাইছে। চলিহা ডাঙৰীয়াই কথাটো বিশ্বাস কৰিব নোৱাৰি চয়-নিচয় এটা প্রমাণ কৰিবলৈ দর্খাস্ত কৰি নিয়ম মতে উত্তৰৰ কাকতবোৰ অনাই নিজে চালে। দেখিলে কথা সঁচা, চাহাবে সঁচাকৈয়ে ৭০ আৰু তেখেতে ৩০ নম্বৰ পাইছে। অসমীয়া কাকত খনৰ প্রশ্ন আছিল মুঠেই এটা । প্রশ্নটো আছিল- ‘Translate into idiomatic Assamese :-“Look before you leap.”
উত্তৰ-কাকতত ওলাই পৰিল চলিহা ডাঙৰীয়াই অনুবাদ কৰিছে-
“জাঁপ মাৰলে চাই জাঁপ মাৰিবা। ”চাহাবে লিখিছে –
“নেচাই ডেলে গালৈকে ঘাটি। ” প্রশ্নোত্তৰ দেখি ফণিধৰ চলিহা ‘চন্দুৱা’ পৰিল। তেতিয়া তেখেতে স্বগতঃ উক্তি কৰিলে, – “মই ত্রিছ নম্বৰ পাব নেপাওঁ। মই পৰীক্ষক হোৱা হ’লে, সেই ত্রিছ নম্বৰ কেম্পবেলকে দি দিলোঁহেঁতেন। ” এনেকৈ নিজৰ ভুল মানি লোৱাটো আজিৰ অসমীয়া সমাজত বিৰল। পৰীক্ষাত অসমীয়া বিষয়ত কম নম্বৰ পালে,  “অসমীয়া হে, হ’ব একো কামত নাহে” বুলি কোৱা ছাত্র-ছাত্রী আৰু লগতে তেওঁলোকৰ অভিভাৱক সকলেও নিশ্চয় ইয়াৰ পৰা শিকিব পাৰিব।
দ্বাৰকানাথ ঠাকুৰৰ গলিত থকা ঠাকুৰ পৰিয়ালৰ ঘৰত প্ৰতি বছৰ আদি-ব্রাহ্ম সমাজৰ মহোৎসৱ পতা হৈছিল। সেই উৎসৱত যোগ দিবলৈ পোৱাটো বৰ ডাঙৰ কথা। যাৰ বংশ-গৌৰৱ আছে আৰু যাৰ অর্থ সম্পদ আছে তেনে মানুহকহে তালৈ নিমন্ত্ৰণ কৰা হৈছিল। কলিকতাপ্রৱাসী অসমীয়া মানুহলৈ, ঠাকুৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠতা থকা বনফুলৰ কবি স্বর্গীয় যতীন্দ্রনাথ দুৱৰাৰ যোগেদিয়েই প্রায়েই নিমন্ত্রণী-পত্র দিয়া হৈছিল। একপ্রকাৰ হয় ৰঙা কার্ডত আৰু একপ্রকাৰ হয় বগা কার্ডত।  ৰঙা কার্ড পোৱাবিলাকে তলত অর্থাৎ চোতালত বহিব লাগে আৰু বগা পোৱাবিলাকে ওপৰ মহলত স্থান পায়। হাইক’র্টৰ জজ ,জমিদাৰ, বেৰিষ্টাৰ আদি উচ্চপদাধিকাৰ,প্রতিপত্তিশালী নিমন্ত্রিতসকল ওপৰ-মহলতেই বহে; সেইসকলৰ লগতে লক্ষীনাথ বেজবৰুৱাও।
লেখককে ধৰি কেইজনমান অসমীয়া ছাত্রই হাতত ৰঙা কার্ড লৈ সেই চোতালৰ সমাজতে বহিবলৈ লৈছে । এনেতে ওপৰ বাৰাণ্ডাৰ পৰা বেজবৰুৱাই ছাত্রকিজনক দেখিলে। দেখা মাত্রকে সমাজৰ পৰা উঠি আহি তেওঁলোকক ওপৰলৈ লৈ গ’ল আৰু তাত বহি থকা বিদ্বানসকলৰ আগত ছাত্রকিজনক চিনাকি কৰি দি ক’লে,-  “এই কিজন মোৰ দেশৰ ডেকা। তলত কিয় বহিব? এতিয়া একোটোপা চাহ দিয়াহঁক। ” বেজবৰুৱাৰ মুখৰ পৰা কথাষাৰ ওলাল কি নোলাল, “বিজুলীলতা সদৃশ বঙ্গজা কামিনীৰ চাহ দিবলৈ উথপ্‌থপ্‌ লাগিল। ”
অসমৰ বাহিৰত বসবাস কৰাসকলৰ নিজৰ জন্মস্থানখনলৈ টানটো বেছি হয়। বিদেশত আন এজন অসমীয়াক দেখিলে বা লগ পালে উল্লাসিত হোৱা সকলে (মই এবাৰ দুবাৰ অসমীয়া বুলি অনা অসমীয়া এজনক “অসমৰ?” বুলি মাতি লাজো পাই থৈছোঁ পিচে!) নিশ্চয় বেজবৰুৱাৰ সৈতে নিজৰ সামঞ্জস্য  দেখা পাব।
তেনেকুৱা আৰু এক ঘটনা হৈছিল কাশীত। ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা এবাৰ কাশীত তীর্থ কৰিবলৈ গৈছিল। অসংখ্য তীর্থযাত্রীৰ মাজতে এদিন এজন নগণ্য অসমীয়া তীর্থযাত্রীয়ে তেওঁৰ ভৰিত ধৰি সুধিলে, – ”দেউতা নো কাহানি আহিল?” বিদেশত অসমীয়া মাত শুনি বৰুৱা ডাঙৰীয়া চক খাই গ’ল আৰু মাতৃভাষাৰ মোহত পৰি সেই মানুহজনক তেখেতে ততালিকৈ গবা মাৰি ধৰিলে। শর্মাদেৱে লিখিছে, – “নগাঁৱত হোৱা হ’লে সেই নগণ্য মানুহজনে ৰায়বাহাদুৰক চৰণত ধৰাহে নেলাগে দর্শন পাবলৈকে সাদিন-সাত ৰাতি খাপ দিব লাগিলহেঁতেন। ”
আনহাতে একোটা বাক্য বা খণ্ডবাক্য ফঁহিয়াই চালেই জাতিগত বৈশিষ্ট্যটি আপোনা-আপুনি ওলাই পৰে। অসমীয়া-বঙালীৰ পার্থক্যটোও সেইদৰ সাধাৰণ কথা একোটাতে ধৰা পৰে। ৰ’দ টান হ’লে অসমীয়া মানুহে কয় ‘টিকাফটা ৰ’দ’ আৰু বঙালীয়ে কয় “কাঠফাটা ৰোদ”। এদিন “লৰলছ”-অত (বেজবৰুৱা থকা ঘৰটোৰ নাম) এজন বঙালী ভদ্রলোকে অসমীয়াক এলেহুৱা বোলোঁতে বেজবৰুৱাই এই দৰে খণ্ডবাক্য এটাকে কৈ মোখনি মাৰি থৈছিল, “বঙালীবিলাক সঁচাকৈয়ে এলেহুৱা হয়। কিয় নো, তেওঁলোকে ৰ’দ টান হ’লে পিৰালিতে বহি দুৱাৰ মুখৰ গছ নো ফাটিছেনে নাই, চাই থাকিব। ৰ’দৰ তাপত গছৰ গা ফাটি গলেই, “বাপৰে বাপ, কি কাঠফাটা ৰোদ” বুলি টিকা জঁপিয়াই উঠিব। আৰু অসমীয়াই কৰিব কি ? তেওঁলোকে ৰ’দ-বৰষুণলৈ ভ্ৰূক্ষেপ নকৰি পথাৰত কোৰ মাৰিয়েই থাকিব। যেতিয়াই চুৰিয়াৰ তলেদি ৰ’দৰ তাপ ভেদি টিকাত ধৰিবগৈ, তেতিয়াহে তেওঁলোকৰ গম হয় ৰ’দ টান হৈছে বুলি। তেতিয়াহে ‘টিকা ফটা ৰ’দ’,বুলি তেওঁলোকে কোৰৰ নাল এৰিব। এতেকে এলেহুৱা নো কোন, অসমীয়া নে বঙালী ‘টিকাফটা ৰ’দ’-‘কাঠফটা ৰোদ’ৰ অৰ্থটো কৰিলেই ওলাই পৰে দেখোন। ”
জ্ঞানদাভিৰাম বৰুৱা আছিল এজন প্রসিদ্ধ বেৰিষ্টাৰ।  আর্ল ল’ কলেজৰ প্রথম অধ্যক্ষ। বিলাতত পঢ়ি শুনি বিলাততে ‘মেট্রিকুলেশ্যন’ পৰীক্ষা পাছ কৰি ,বিলাতৰ পৰাই বেৰিষ্টাৰ হৈ আহি, তেওঁ সম্ভ্রান্ত ঠাকুৰ পৰিয়ালৰ কন্যা বিয়া কৰাইছিল। শর্মাদেৱে লিখিছে, – “১৮৮০ চনত জ্ঞানদাভিৰামৰ নগাঁৱত জন্ম। ১৮৯৬ চনত তেওঁ বিলাতলৈ যায়। এই ষোল বছৰৰ ভিতৰতে তেওঁ যি অসমীয়া ভাষা শুনিবলৈ পালে বা শিকিবলৈ পালে, তাকো আকৌ অ’ত এদিন, ত’ত এদিন থাকি । আগডোখৰত নগঞা মাত কথা শুনিলে,পাচডোখৰ ঘৰৰ বাহিৰত বঙলা শিকোতেই গ’ল। যিবা মনত আছিল, সিও লণ্ডন পাই ইংৰাজী ভাষাৰ হেঁচাত লনদন হৈ গ’ল।” তথাপিও বৰুৱাদেৱে নিৰহ নিপানী অসমীয়া ভাষাত “বিলাতৰ কথা”,“ভেনিছৰ সাউদ”,”দদাইৰ পঁজা”, আদি কিতাপ লেখিছিল। ভাষাৰ শুদ্ধতা বা পৱিত্রতাৰ ফালে ডেকা লেখকবিলাকে চকু নিদিয়াত সদায় তেওঁ বেজাৰ কৰিছিল। তাতোতকৈও তেওঁ বৰ দুখ কৰিছিল তেতিয়া ,যেতিয়া শুধৰাই দিলেও সিবিলাকে শুদ্ধ কথাষাৰ গ্রহণ নকৰিছিল।
এদিন তেখেতে তেখেতৰ লগুৱাটোক মাতি শর্মাদেৱক কমলা এটা দিবলৈ কৈছিল। শর্মাদেৱে তেখেতৰ আসোঁৱাহ ধৰি ক’লে, ”আপুনি লোকক হে অসমীয়া লেখোঁতে বঙলা শব্দ ব্যৱহাৰ কৰাত খং কৰে। এতিয়া আপুনিয়েই দেখোন “কমলা” বুলি ক’লে।  আমি “সুমথিৰা” বা “সোণতৰা” বুলি হে কওঁ । ” শর্মাদেৱৰ কথাষাৰ শুনিয়েই তৎক্ষণাত তেখেতৰ ভগনীয়া লগুৱাটোক ক’লে “আজিৰপৰা এই কমলাটোক সুমথিৰা টেঙা বুলি কবি দেই। ”আজিকালি ভাষাৰ শুদ্ধতা বজাই ৰখা মানুহতো নায়েই, শুধৰাই দিয়া মানুহো নাইকিয়া হ’ল। জ্ঞানদাভিৰামে ন-কৈ অসমীয়া ভাষা শিকিছিল, আৰু শিকিছিল শুদ্ধ অসমীয়া। কেইমাহমান বিদেশত থাকি কওঁ-নকওঁকৈ অসমীয়া কোৱাসকলে(আমি যাক ধেমালিতে “এচেমীজ” বুলি সম্বোধন কৰো!)এই উদাহৰণটোৰ পৰা নিশ্চয় কিবা শিকিব পাৰিব।
১৯২২ চনত যোৰহাট জেলত কর্মবীৰ নবীনচন্দ্র বৰদলৈৰ লগত শর্মাদেৱো আছিল। জেলত নাপিত নাই।  দাড়ি-গোঁফ খুৰাবলৈ একেখন খুৰেৰেই বহুতৰ ক্ষৌৰকার্য্য সমাধা কৰা হয়। কেতিয়াবা কঢ়া-আঁজোৰত কাৰো কাৰো কাজিয়াও লাগে। বৰদলৈৰ তেতিয়া ডাঠ, ফেৰমেলা গোঁফ একোচা আছিল। ডেকাহঁতে নিতৌ দাড়ি গোঁফ খুৰোৱা দেখি দুখকৈ কৈছিল,“দাড়ি-গোঁফ খুৰোৱাই তোমালোক ডেকা ল’ৰাবোৰ তিৰিমুৱা হ’লাহঁক। গোঁফ মনুষ্যত্ব বিকাশৰ চিন। ” কিন্তু তেওঁৰ দাড়ি-চুলিবোৰ অলপ পক ধৰি অহাত জেলৰ পৰা ওলাই আহি তেৱোঁ গোঁফ খুৰাই পেলালে। শর্মাদেৱে শিৱসাগৰৰ বৰ পুখুৰীৰ পাৰত হঠাতে এদিন লগ পাই সুধিলে, – “চাৰ আপোনাৰ গোঁফ কি হ’ল? নির্বাচনে নিলে নেকি ?” কর্মবীৰে তপকৰে ক’লে- “ওৱান চুড ম’ভ উইথ দি টাইমচ। সময়ৰ লগত উজাব লাগে বুজিছা, বেণু বোপা। দেখিলোঁ, প্রত্যেক কথাটোৱেই যুগে যুগে অৱতাৰ। এতিয়া আত্মৰক্ষাৰ দিন। মোৰ বয়সো পৰি আহিছে। মন হ’লে পৰা নাই। আধুনিক ডেকাৰ লগত ফেৰ মাৰিবলৈ আধুনিক নহ’লে কি ৰক্ষা আছে?”
পণ্ডিতপ্রৱৰ কৃষ্ণকান্ত সন্দিকৈ বেণুধৰ শর্মাদেৱৰ সমনীয়া আছিল। কলিকতাত পঢ়ি থাকোঁতে দুয়োজন ৪৩ নং আমহার্ষ্ট ষ্ট্রীটত একেটা ঘৰতে আছিল। এদিন দুয়ো কলেজ স্কোৱাৰৰ ফালে পুৰণি কিতাপ বেচা দোকানলৈ গৈ আছে ; এনেতে কিতাপৰ শাৰীলৈ সন্দিকৈৰ চকু পৰিল। দেখিলে নামজ্বলা ইতিহাসবিদ ৰমেশ চন্দ্র দত্তৰ ‘Ancient Civilisation of India’ গ্রন্থখন। বিলাতত আই.চি.এচ পঢ়োতে তেখেত আনন্দৰাম বৰুৱাৰ সহপাঠী আছিল। কিতাপৰ নামটো দেখিয়েই সন্দিকৈয়ে দাঙি আনি পাত লুটিয়াই চাই দেখে-সেইখন ৰমেশ দত্তই আনন্দৰামক উপহাৰ দিয়া কিতাপ ! সন্দিকৈ ভক্তিত গদ্‌গদ্‌ হ’ল। তৎক্ষণাত দোকানীটোক “দাম কিমান লাগে” বুলি সুধিলে। দোকানীয়ে বৰ গেৰোঁ-গেথোকৈ ক’লে – ‘‘দুটকা দিয়ক। ” সন্দিকৈয়ে শর্মাদেৱক ক’লে যে-  “ কিতাপখনৰ দাম দুটকা একোৱেই নহয় । এক বন্ধু ৰমেশ দত্তই আন এজন বন্ধু আনন্দৰাম বৰুৱাক উপহাৰ দিয়া কিতাপ। তাতে ৰমেশ দত্তৰ হস্তাক্ষৰ আছে। দুয়ো গৰাকীয়ে ভাৰতৰ পূজনীয়,বিদ্বান আৰ বিদগ্ধ পণ্ডিত। এই কিতাপটিয়েই এটি ডাঙৰ সম্পদ। ”-এই বুলি কৈ দোকানীটোক দুটকাৰ ঠাইত দহ টকীয়া নোট এখন উলিয়াই দিলে। “সঁচাকৈ ৰতনে হে ৰতন চিনে। ”
কলিকতা বিশ্ববিদ্যালয়ত এম-এ পঢ়োঁতে সন্দিকৈয়ে প্রথমতে বিষয় লৈছিল এটা।  তাৰ বাবেই চাৰ আশুতোষ মুখার্জীয়ে তিনিজন অধ্যাপক নিযুক্ত কৰিছিল। তাৰ এজন সংস্কৃতৰ অগাধ পণ্ডিত – পণ্ডিত ভাণ্ডাৰকাৰ। অকল সন্দিকৈৰ বাবেই অনা হৈছিল মহাৰাষ্ট্রৰ পৰা। সন্দিকৈৰ প্রতিভা দেখি সেই অধ্যাপক কিজন যি মুগ্ধ হৈছিলেই,  চাৰ আশুতোষ মুখার্জী ভাইচ চেঞ্চেলৰো আচৰিত হৈছিল।
আপোনভোলা প্রকৃতিৰ আৰু প্রায়েই পাণ্ডিত্যপূর্ণ গ্রন্থৰ মাজতে ডুবি থকা সন্দিকৈৰ ওচৰলৈ এদিন সু-সাহিত্যিক ভ্রমৰ চন্দ্র শইকীয়া গৈ তেওঁক চিৰিয়াখানাখন দেখুৱাই আনিবলৈ খাটিলে। সন্দিকৈয়ে কিন্তু চিৰিয়াখানা ক’ত আগে-পিছে দেখা নাই। তথাপি ক’ৰবাত ভ্রমৰ শইকীয়াই একো নেজানে বুলি কিজানি ভাবেই, এই বুলি হ’বলা টকচালি হৈ ওলালেই- “ব’লক শইকীয়া, যাওঁ। ” চৌৰঙ্গীৰ পৰা ট্রামত উঠি আগতে পোৱা মিউজিয়াম বা যাদুঘৰৰ আগতে নামিলে। চিৰিয়াখানা বহুদূৰ আগলৈ থাকিল। যাদুঘৰত সোমাই এটা দুটা বস্তু চোৱাৰ পিছত শইকীয়াই আচৰিত হৈ সুধিলে- “ক’তা ইয়াত দেখোন চৰাই-চিৰিকতি নাই।  মানুহৰ হাড়-মূৰ হে আছে। ” সন্দিকৈয়ে ক’লে- “আজিলৈ ইয়াকে চাওকচোন বাৰু। ” শইকীয়াই চিৰিয়াখানা চাব নোপোৱাৰ বেদনা শর্মাৰ আগত প্রকাশ কৰাত শর্মাই এই বুলি সান্ত্বনা দিছিল-“হওক তেওঁ, সন্দিকৈৰ অনুগ্রহত তাকে যে দেখিলে !”
(ক্ৰমশঃ )
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!