অসভ্য (বি জে ৰঞ্জন)
-“যাঃ এইডাল। ৱাক্ থুই!”
খং-বিৰক্তিত মানসীৰ মুখখন বেঁকা হৈ গ’ল।
যাদৱহঁতে মানসী আৰু ৰুমীক ৰাষ্টাত পাই এসোপামান ৰং ঘঁহি দিছে গায়ে মূৰে।
সিহঁতলৈ আঙুলি টোৱাই দুজনমানে খেক-খেকাই হাঁহিত ৰক্ষাই নোপোৱা হ’ল।
-“হিঃ হিঃ হিঃ, ধুনীয়া দেখা হৈছে ঐ। চিৰিয়াখানাত গছত উঠি থকা কেইটাৰ নিচিনা একদম।”
-“যাঃ অসভ্য।”
ৰুমীক হাতত ধৰি প্ৰায় দৌৰি যোৱাৰ দৰে টানি নিলে মানসীয়ে।
-“মানসী, ফটো এখন তুলিবি দেই এনেকে।”
পিছপিনৰ পৰা আকৌ জোকালে এজনে।
মানসী তিহবিহাই উঠিল।
-“গুন…কৰবাৰ। তহঁতৰ মতলব ভালকৈ জানোঁ।” সিহঁতে নুশুনাকৈ কৈ তাই ৰুমীৰ হাতখনত ধৰি বেগাবলৈ ধৰিলে।
মানসী ধুনীয়া, মৰমলগা। তাইলৈ সকলোৰে চকু। ৰুমীয়ে মানসীলৈ ইৰ্ষা অনুভৱ কৰিলে।
-“কামবন নাই, এইকেইটাৰ উত্পাতত ৰাষ্টাৰে খোজ কঢ়াই মস্কিল হৈ গৈছে।”
ৰুমীয়ে ক’লে-“একো নহয় দে, ফাকুৱা হে দিছে।”
-“ইহ্ ফাকুৱা দিছে! ফাকু এনেকৈ হেঁচা মাৰি ধৰি দিয়ে নেকি কোনোবাই? অসভ্য সংসাৰৰ।”
ৰুমীয়ে হাঁহিলে, মানসীক ক’লে-“বাৰু বাৰু, ঘৰলৈ যাবগৈ পাৰিবি নে এতিয়া, মই যাওঁগৈ নে? ”
মানসীয়ে চাৰিওঁফালে ঘুৰি মেলি চাই ৰুমীক ক’লে-“যা তেনেহ’লে।”
ৰুমীয়ে ঘুৰি আহি থাকোতে যাদৱহঁতক দূৰৰ পৰা দেখা পালে। আটাইকেইটা ৰাষ্টাৰ পকীত ঘেলোমেলো কৰি আছে -কেইটামান বহি আছে, কেইটামানে বা আকৌ শুয়ে দিছে। ভয়ংকৰ চেহেৰা একোটাৰ, কি বেশভূষা।
যদি ৰং সানি দিয়ে তাইক বেয়াকৈ? যদি সিহঁতে অকলে পাই গবা মাৰি ধৰে? কি কৰিব তাই?
এহ্ কি কৰে কৰকচোন। ৰংহে দিব, এদিনহে। ক্ষীণ মিন হলেওঁ তাইৰ সাহস আছে। ফাকুৱা এবাৰেই আহে বছৰত, তাতো ইমান হকাবধা নে? মানুহবোৰো যে আৰু, ফুৰ্টিকে কৰিব নাজানে, অক্কণো ভাল নালাগে। ভাবি ভাবি তাই আগবাঢ়ি থাকিল।
তাইক দেখি যাদৱে একে জাপে যেন চোঁচাহে ল’লে।
-“নিদিবি নিদিবি, হৈছে আৰু।”
দুয়ো হাতেৰে মুখখন ঢাকি লৈ তাই ৰাষ্টাতে বহি যোৱাৰ উপক্ৰম হ’ল।
যাদৱৰ পিছে পিছে দুজনমান আহি তাইক আগুৰি ধৰিলেহি।
কোনোমতে মূৰটো ডাঙি তাই সিহঁতলৈ কেঁৰাকেৰি কৰি চাব ধৰিলে। নাই- সিহঁতে ৰং দিয়াৰ কোনো উমঘামে দেখা নাপালে তাই।
যাদৱে তাইলৈ চাই আছে, তাৰ মুখমণ্ডলে অদ্ভুত বৰণ লৈছে। চকু দুটা মাত্ৰ ৰং লাগিবলৈ বাকী।
সি সুধিলে-“কি কৈছে অ’ তাই?”
-“কোনে?”
-“মানে, মানসীয়ে কি কৈছে হোলী লগোৱা বাবে, কিবা কৈছে নেকি মোৰ কথা?”
ৰুমীয়ে ক’লে- “একো নাই কোৱা।”
যাদৱৰ চকু দুটা হতাশ হ’ল, চিন্তিতমনে ক’লে-“এহ্ হয় নেকি? বেয়াই পালে নেকি তাই?”
ৰুমীয়ে একো নকৈ লাহেকৈ ফালৰি কাটি ঘৰলৈ বুলি বাট বুলিলে।
-“ঔ ৰুমী, কোনে তোৰ এই অৱস্থা কৰিলে ঔ, মুখখন দেখোন চিনিবই নোৱাৰি?”
চিত্ৰা বৌৱে ৰাষ্টাৰে তাই গৈ থকা দেখি তেওঁলোকৰ চোতালৰ পৰা গেৰিয়ালে।
ৰুমীয়ে পিছলৈ চাই মুখখন বিকটাই উত্তৰ দিলে- “এই যাদৱহঁতে….ফটুৱাকেইটা। সংসাৰৰ অসভ্য কৰবাৰ, কামবন নাই……” ।।।