পাগলী … (-প্ৰাণজিৎ বৰুৱা)
পাগলী গ’লগৈ,
কেতেকীজনীৰ দৰে,
পাগলী গ’লগৈ,
সোণাৰু পাহিৰ দৰেই,
পাগলী হেৰাই থাকিল,
সুগন্ধি পখিলা হৈ,
পাগলী হেৰাই থাকিল,
মহাদেৱৰ পগলা পাৰ্বতী হৈ…
পাগলী ক’লৈ গ’ল,
পাগলী নিৰুদ্দেশ হ’ল…
মোৰ
পাগলী প্ৰেমিক
আছিল হীৰুদাৰ,
মোৰ পাগলী,
পাগলী প্ৰেমিক আছিল সৌৰভৰ
সোণাৰু হালধীয়াৰ,
পাগলীৰ প্ৰিয় আছিল,
শাৰী শাৰী পাইন,
পাগলীৰ দেহত আছিল,
কবিতাৰ ৱাইন …
পাগলীৰ হাঁহিত,
কেতিয়াবা সৰিও পৰিছিল শেৱালি
এপাহি দুপাহি,
পাগলীৰ মাতত,
দুটি ঠেং ডাঙি
নাচিছিল দহিকতৰা এটাই
দুপৰীয়া আহি…
আস পাগলীৰ স’তে যে ক’ত সপোন,
পাগলী ধান কটা দাৱনী,
বুকুৰ ৰোৱনী,
পাগলীৰো মোৰ বাবেই
কিমান যে সাজোন কাচোন…!
হঠাৎ এদিন
নাজানোঁ পাগলী জনীৰ
কি ঠেঁহ লাগিল,
ঘপহকৈ নোকোৱা নেমেলাকৈ,
অকৰা জোনটোৰ দৰেই পাগলীও ঢুকাই থাকিল…!
ক্ৰমশঃ
কিছুদিন পাছত
জোনটো কিন্তু আকৌ ন হৈ ওলাল,
পিছে
মোৰ পাগলী আকৌ
যে নোলাল,
সানি বিন্ধি মোৰ
কলিজাৰ এফাল,
কোৱা শুনিছো
পাগলী হেনো
কাৰোবাৰ বুকুত এতিয়া
নিগাজীকৈ সোমাল…!!
দ্বিতীয় বাৰ আকৌ আলোচনীত পঢ়ি সুখী হলো