পেৰালাইচিছ আৰু ইয়াৰ শুশ্ৰূষা – নীত কাশ্যপ
জীৱন এখন যুদ্ধ! নিৰন্তৰ আমি ব্যস্ত হৈ থাকোঁ জীৱন যুঁজৰ আখৰাত৷ পুৱা সাৰ পাই উঠাৰ পৰা ৰাতি পুনৰ শুই পৰালৈকে৷ তথাপি চলি থাকে আমাৰ জীৱন, বাঢ়ি থাকে জীয়াই থকাৰ স্পৃহা৷ পক্ষাঘাত (Paralysis)! পক্ষাঘাতত আক্ৰান্তসকল যেন জীৱনৰ এই যুঁজত হঠাতেই আহত হৈ পৰা সৈনিক৷ কিন্তু পক্ষাঘাত কি?
বিভিন্ন কাৰণত, যেনে – ষ্ট্ৰোক, Spinal cord ৰ আঘাত, মূৰৰ আঘাত আদিৰ ফলত হোৱা মগজুৰ ক্ষতিৰ ফলত কিছুমান অংগ বিশেষকৈ হাত-ভৰি অকামিলা বা অকাৰ্যক্ষম হৈ পৰাটোকে চমুকৈ পক্ষাঘাত বোলে৷ ব্যস্ততাপূৰ্ণ জীৱনটোত হঠাতেই অকামিলা হৈ পৰা শৰীৰটোৰে প্ৰায়ে পক্ষাঘাতত আক্ৰান্তসকলৰ বাবে ঘৰখন হৈ পৰে এটি সঁজাৰ দৰে৷ আৱদ্ধ এটা কোঠা, সঙ্গী এখন হুইলচেয়াৰ বা এখন বিছনা, অলৰ-অচৰ শৰীৰৰ একাংশৰে জীৱনটো আগুৱাই নিয়াটো কিমান কষ্টকৰ, দুখদায়ক হয়তো কোনোৱেই নুবুজে! আৰু এই “কোনোৱেই নুবুজে” ধাৰণাটো যেতিয়াই আক্ৰান্তসকলৰ মনত খোপনি পুতি লয় তেতিয়া জীৱনটো তেওঁলোকৰ বাবে বেছি দুৰ্বিসহ হৈ পৰে৷ প্ৰায়ে তেনেবোৰ লোক হৈ পৰে মানসিক হতাশাৰ চিকাৰ৷ অকলশৰীয়া, আত্মীয়ৰ ওপৰত বোজা, অকৰ্মণ্যতাৰ অনুভৱে বহুসময়ত আত্মহত্যাৰ ইচ্ছাও প্ৰৱল কৰি তোলে৷ ৰোগী খিংখিঙীয়া হৈ পৰে৷ লাহে লাহে পৰিস্থিতি বেছি বেয়ালৈ ধাল খাবলৈ ধৰে৷ অসুস্থ আপোনজনৰ সলনি হৈ পৰা এনে মানসিক অৱস্থা আমাৰ বাবেও এক নুবুজা সাঁথৰ হৈ পৰে৷
একেদৰেই কোনোবা আপোনজন পেৰালাইচিছত আক্ৰান্ত হ’লে তেওঁক শুশ্ৰূষা কৰাটোও শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট কষ্টকৰ কাম৷ ৰোগীৰ দৰেই সমান মানসিক চাপৰ মাজেৰেই পাৰ হয় শুশ্ৰূষাকাৰী সকলোৰো জীৱন৷ ৰোগীৰ অসহযোগিতাই বহুত ক্ষেত্ৰত সোনকালেই হতাশ কৰি তোলে শুশ্ৰূষাকাৰী আপোন মানুহবোৰক৷ তথাপি জীৱনটো চলাই যাব লাগিব৷ অসুস্থ আপোনজনক শুশ্ৰূষা কৰিবই লাগিব৷ কিন্তু কেনেকৈ? কিছুমান সাধাৰণ আৰু সহজ কথা মানি চলি আমি বহুক্ষেত্ৰত উদ্ভৱ হোৱা এনে পৰিস্থিতিবোৰৰ পৰা বহুখিনি দূৰৈত থাকিব পাৰোঁ৷ যেনে:
১) নিয়মিত ব্যায়াম:
পেৰালাইচিছৰ প্ৰধান আৰু একমাত্ৰ চিকিৎসা হৈছে ব্যায়াম৷ কিন্তু ৰোগীৰ লগতে ঘৰৰ আন সদস্য সকলোৰো এইক্ষেত্ৰত কৰা হেমাহিৰ ফলত ৰোগীৰ মাংসপেশীসমূহ অকামিলা হৈ পৰে৷ ফলত মাংসপেশীসমূহ জঁঠৰ আৰু শুকাই যাব ধৰে৷ নিয়মীয়াকৈ অতিকমেও দুবাৰকৈ উপযুক্ত ব্যায়ামসমূহ কৰাটো অত্যাৱশ্যকীয়৷
২) পেৰালাইচিছত সঘনে উদ্ভৱ হোৱা এক সমস্যা হৈছে চাপৰ ফলত সৃষ্টি হোৱা ঘাঁ বা pressure sore (or bed sore)৷ একেটা অৱস্থাতেই দীৰ্ঘসময়ৰ বাবে শুই বা বহি থকাৰ ফলত বেছিকৈ হেঁচা পৰি থকা ঠাইসমূহত ৰক্তসঞ্চালনত বাধা হৈ এনেকুৱা ঘাঁৰ সৃষ্টি হয়৷ এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ ৰোগীক একেটা অৱস্থাতেই ২-৩ ঘণ্টাতকৈ বেছি সময় নাৰাখি মাজে মাজে ইকাটি-সিকাটিকৈ শুবলৈ দিব লাগে৷
৩) সৰু-বৰ দুৰ্ঘটনা:
পেৰালাইচিছত আক্ৰান্তসকলৰ প্ৰতি ঘৰৰ মানুহৰ অমনোযোগিতাৰ ফলত প্ৰায়ে কেতবোৰ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হয়৷ তাৰ ভিতৰত পিছল খাই পৰি যোৱা এক প্ৰধান দুৰ্ঘটনা৷ আক্ৰান্তসকলৰ শৰীৰ অনিয়ন্ত্ৰিত হৈ থকাৰ ফলত এই সমস্যাৰ সৃষ্টি হয়৷ উপযুক্ত ’ৱাকাৰ’, ষ্টীকৰ ব্যৱহাৰ, গা-ধোৱা ঘৰ/টয়লেত আদিত ভালকৈ ধৰিব পৰাকৈ সুবিধা কৰি দিলে এই সমস্যাৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি৷
৪) মুকলি পৰিৱেশ:
পেৰালাইচিছ আক্ৰান্তসকলক সদায় বন্ধ ঘৰৰ ভিতৰত নাৰাখি মাজে-সময়ে মুকলি পৰিৱেশলৈ উলিয়াই আনক, প্ৰাতঃভ্ৰমণ, সান্ধ্যভ্ৰমণ কৰোৱাওঁক৷ তেওঁলোকে সতেজ অনুভৱ কৰাৰ লগতে মানসিক চাপো বহুখিনি হ্ৰাস পাব৷
৫) বাৰ্তালাপ:
প্ৰায়ে মুখৰ মাংসপেশীসমূহ অকাৰ্যক্ষম হৈ পৰাৰ ফলত পেৰালাইচিছত আক্ৰান্তসকলৰ কথাবোৰ অস্পষ্ট হয়৷ এনেক্ষেত্ৰত আমি দৈনন্দিন খৰখেদাৰ মাজত তেওঁলোকৰ ক’বলগীয়া দৰকাৰী কথাখিনিও আওকাণ কৰোঁ৷ ফলত প্ৰায়ে তেওঁলোকে অনুভৱ কৰা বিষ-বেদনাৰ কথাও আমি নজনাকৈ থাকি যাওঁ৷ প্ৰথম অৱস্থাত কিছু সমস্যা হ’লেও মনোযোগ দি শুনিলে আপোন মানুহখিনিৰ কাৰণে এই অস্পষ্ট কথাবোৰো লাহে লাহে বুজিবলৈ সহজ হৈ পৰে৷
৬) পৰিষ্কাৰ-পৰিচ্ছন্নতা:
প্ৰায়ে অমনোযোগিতাৰ অন্য এক দিশ হৈছে ৰোগীজনক পৰিষ্কাৰকৈ ৰখাটো৷ বহু ৰোগীৰ ক্ষেত্ৰত পেচাৱ-পায়খানাৰ ওপৰত নিয়ন্ত্ৰণ কমি যোৱাৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হয়৷ তদুপৰি লেতেৰা কাপোৰ, অনিয়মিত স্নান আদিৰ ফলত অতি সহজে বীজাণু সংক্ৰমণ (infection) হোৱাৰ সম্ভাৱনা থাকে৷ পৰিষ্কাৰ পৰিচ্ছন্নতাই ৰোগীৰ মনতো ধনাত্মক প্ৰভাৱ পেলায়৷
৭) উৎসাহী কৰা:
পেৰালাইচিছত আক্ৰান্তজনক সম্পূৰ্ণৰূপে পৰনিৰ্ভৰশীল হ’বলৈ নিদি যিমানখিনি কাম নিজেই কৰিব পাৰে সিমানখিনিলৈকে নিজেই কৰিবলৈ উৎসাহী কৰাৰ প্ৰয়োজন৷ আপোন মানুহখিনিৰ মুখত দেখি থকা সাহসী আৰু ‘কেতিয়াও হাৰ নামানিবা’ অভিব্যক্তিয়ে আক্ৰান্তজনক বহু বেছি পৰিমাণে সাহসী আৰু উৎসাহী কৰি তুলিব পাৰে৷
শিশু এটি যিদৰে পৰনিৰ্ভৰশীল হৈ থকাৰ পৰা একোলা-দুকোলাকৈ ডাঙৰ হয়, শাৰীৰিক নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা পেৰালাইচিছত আক্ৰান্ত ব্যক্তি এজনো লাহে লাহে সুস্থ অৱস্থালৈ ঘূৰি আহে৷ প্ৰয়োজন হয় আমাৰ ধৈৰ্যৰ৷ জীৱনৰ এই জটিল সময়ছোৱাত আক্ৰান্তজনক প্ৰয়োজন সঠিক শুশ্ৰূষাৰ লগতে সঠিক বুজাপৰাৰ৷ অতি বেছি মৰম বা অতি বেছি শাসনে যেনেকৈ শিশুক নষ্ট কৰে তেনেকৈয়েই পেৰালাইচিছত আক্ৰান্তজনৰ প্ৰতি কৰা অতি বেছি মৰম, সহানুভূতি বা অতি বেছি অমনোযোগিতাও বহু সময়ত পৰিস্থিতিৰ অৱনতি ঘটায়৷ শেষত কওঁ, সঠিক শুশ্ৰূষা আৰু অদম্য ইচ্ছাই ডাঙৰতকৈও ডাঙৰ শাৰীৰিক সমস্যাক মষিমূৰ কৰিব পাৰে৷