পথবোৰ.. (জাহ্নৱী গগৈ)

||

এই যে ফটাকানিৰ টুকুৰাটো, ই এসময়ত গৰাকীৰ হেপাঁহৰ আছিল।‌ ভাল কাপোৰৰ দোকান এখনৰ শ্বকেচত ওলমি ৰোৱাৰ গৌৰৱৰ অধিকাৰী হৈছিল এই ফটাকানিৰ টুকুৰাটো; যি তেতিয়া এখন চাদৰ আছিল।‌
পিছত এদিন সলনি হৈছিল চাদৰখনৰ গৰাকী। এইবাৰৰ গৰাকীয়ে বেছি আটোলটোলকৈ ৰাখিছিল চাদৰখন, যাৰ ঘৰ আছিল এই ৰাজপথটি।‌
দিন বাগৰিছিল, চাদৰখন ফিচিকিছিল, ফাটিছিল। যিদৰে ফিচিকিছিল তেওঁৰ অশীতিপৰ দেহটো।

এটা শীতৰ পুৱা পথৰ দাঁতিত শুই ৰোৱা তেওঁৰ প্ৰাণহীন দেহটোৰ পৰা ফেৰফেৰীয়া বতাহ এজাকে এৰুৱাই লৈ গৈছিল শতছিন্ন চাদৰখন। তাৰ ওপৰেৰে পাৰ হৈ গল কত যে গাড়ী, অথবা পথচাৰী!
এতিয়া অৱশিষ্ট হিচাপে বাকী ৰৈছে কেৱল ফটাকানিৰ এই টুকুৰাটো।‌


—-
|
|

, ব! এই যে দেখিছে কাগজৰ দৰেই চেপেটা হৈ পৰা চিপ্‌চৰ পেকেটটো।ইয়াৰো কাহিনী আছে।‌ 
আপুনি ভবাৰ দৰে মধ্যবিত্তৰ লৰা-ছোৱালীয়ে খাই পেলাই দিয়া পেকেট নহয় এইটো।‌ এই পেকেটটোৰ বাবে হেঁপাহ কৰা লৰা ছোৱালীকেইটাৰ মাকৰ চৰুত তিনিটকীয়া চাউল সিজে। 
এই পেকেটটো আছিল তিনিওটা লৰা ছোৱালীৰ বাবে উপহাৰ। ৰাসৰ মেলা চাবলৈ মাকে দিয়া দহটকাৰে এপেকেট চিপচ্ খোৱা সেই সুখী মূহুৰ্তৰ সাক্ষী হৈ পৰি ৰৈছে এই পেকেটটো।


—–
|
|

এই যে অকণমানি লাফিং বুদ্ধৰ মূৰ্তিটো। এইটো চাবিৰ ৰিং এটাৰ অংশ আছিল।‌ 
দিওঁতাজনে অলেখ হেঁপাহ আৰু শুভকামনাৰে দিছিল, আৰু লওঁতাই আগ্রহেৰেই লৈছিল।‌ 
এদিন বাইক এখনৰ শোভাবর্ধন কৰিছিল চাবিৰ ৰিংটোৱে। 
আৰু এদিন দূর্ঘটনাগ্রস্ত হোৱা বাইকখনৰ পৰা চিটিকি পৰিছিল বুদ্ধ, মুখত সেই চিৰন্তন মৃত্যুঞ্জয়ী হাঁহি। এতিয়াও।

.

————    উপসংহাৰ  —

পথবোৰৰ বুকুত এইদৰেই বাগৰি ফুৰে, চিটিকি পৰে, অথবা চেপেটা লাগি ৰয় একোটা কাহিনী। আপোনাৰ, মোৰ সময় নাথাকে কাহিনীবোৰ খোঁচৰাৰ। কিন্তু আপুনিও হয়তো হব পাৰে পথৰ অলেখ কাহিনীৰ মাজৰ এটা কাহিনী। মইয়ো। প্রতিজন বাটৰুৱা, প্রতিজন যাত্রীৰে থাকে পথৰ কাহিনী।‌

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!