পাঠানকোটৰ পাঠ…. ( সাম্প্ৰতিক প্ৰসংগ) (অজয় লাল দত্ত)

নতুন বছৰটোৰ আৰম্ভণিতেই ৰাষ্ট্ৰ কঁপালে পাঠানকোটৰ ভাৰতীয় বায়ু সেনা শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাতৰিয়ে৷ এয়া আন্তৰ্জাতিক সন্ত্ৰাসবাদৰেই ক্ৰমবৰ্ধমান হাতোৰাৰ শেহতীয়া যোগসূত্ৰৰ ফল বুলিও প্ৰতিৰক্ষা বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে৷ পাকিস্তানৰ ভূমিৰ পৰা চলি থকা ভাৰত বিৰোধী সন্ত্ৰাসবাদী সংগঠন সমূহৰ পৰিচালনাত, আত্মঘাতী সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত হোৱা ঘটনাৰ প্ৰাথমিক তথ্যই কেইবাটাও দিশৰ উন্মোচন কৰিছে৷ অহা ১৫জানুৱাৰীত ভাৰতৰ সৈতে পাকিস্তানৰ বৈদিশিক সচিব পৰ্যায়ত আয়োজিত আলোচনা প্ৰক্ৰিয়াক কাৰ্যত ব্যাহত কৰাৰ বাবেই দক্ষিণ-পূৱ এছিয়াৰ প্ৰতিবেশী দুখনৰ মাজত শান্তি কামনা নকৰা সন্ত্ৰাসবাদী শক্তিৰ এই প্ৰদৰ্শন বুলিও কূটনীতিবিদ সকলে আঙুলিয়াই দিছে৷ নৱাজ শ্বৰীফৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে হঠাত লাহোৰত উপস্থিত হৈ ‘জন্মদিনৰ কূটনীতি’ৰ প্ৰশংসা বোটলা তথা বন্ধুত্বৰ হাত আগবঢ়াই দিয়া ভাৰতীয় প্ৰধানমন্ত্ৰীৰ সৌজন্যতাৰ প্ৰতিদান, প্ৰতিবেশীয়ে এয়া কি দিলে বুলিও প্ৰশ্ন উঠিছে৷

এই বিষয়ত বাজপেয়ী চৰকাৰৰ দিনত বৈদেশিক মন্ত্ৰী হিচাবে সেৱা আগবঢ়োৱা যশবন্ত সিনহাদেৱে কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে৷ বাস্তৱিকতে ধৰাতলত সম্পৰ্কৰ কোনো উন্নতি নঘটাকৈ তথা পূৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰাজিৰ বিষয়ত পাকিস্তানত বসবাস কৰি থকা সন্ত্ৰাবাদীৰ বিৰুদ্ধে প্ৰমাণ দিয়াৰ পাছতো কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰা বৰ্তমানৰ শ্বৰীফ চৰকাৰখনৰ সৈতে, হঠাত মোদী ডাঙৰীয়াৰ কিনো দৰদ উথলি উঠিল তাকে লৈও প্ৰশ্ন তুলিছে৷ তেখেতে লাহোৰলৈ বাজপেয়ীৰ ঐতিহাসিক বাছ যাত্ৰাৰ পাছতে কাৰ্গিলৰ যুদ্ধ, পাৰভেজ মুছাৰফৰ আজমীৰ ভ্ৰমণৰ পাছতে সংসদ ভৱনৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে পাকিস্তানৰ সৈতে সু-সম্পৰ্ক গঢ়াৰ পদক্ষেপবোৰৰ তিতা অভিজ্ঞতাৰ কথাবোৰলৈকো আঙুলিয়াই দিয়ে৷ মোদী চাহাবৰ আকস্মিক ভ্ৰমণে যে এনেকুৱা আকস্মিক আক্ৰমণৰো সংকেতেই কঢ়িয়াই অনাতো স্বাভাৱিক, সেয়া অনুমান কৰাতো পাকিস্তানৰ সৈতে সম্পৰ্কৰ বুৰঞ্জী জনা লোকৰ বাবে কঠিন কথা নাছিল বুলিও উল্লেখ কৰিছে৷

পাকিস্তানৰ ৰাজনৈতিক পটভূমি ভাৰতৰ দৰে শান্তিপূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰ দৰে সৰল নহয়৷ সামৰিক বাহিনীৰ ৰাউলপিণ্ডিস্থ মুখ্য কাৰ্যালয়ৰ মতৰ সৈতে অসন্মত হৈ কোনো অসামৰিক চৰকাৰে যে তাত শাসন চলাব পাৰে, সেয়া কল্পনাৰো অগোচৰ৷ এই প্ৰসংগতে ৰাজদীপ সৰদেশাইৰ ‘২০১৪: দ্য ইলেকচন ডেট চেঞ্জ ইণ্ডিয়া’ত প্ৰকাশ পোৱা এষাৰ কথা উল্লেখ কৰিব পাৰি৷ ভাৰতত এজন প্ৰধানমন্ত্ৰী সলনি হ’লে ইজনে সিজনক ফুলৰ তোৰাৰে বিদায় দিব পাৰে, কিন্তু পাকিস্তানত হব লগা হয় দেশান্তৰিত! এই কথা হেনো খোদ শ্বৰীফ চাহাবৰ মুখৰ কথা! আনকি ধনী সামন্ত প্ৰভূ সকলৰ পৰিয়ালৰ সতি-সন্ততিৰ হাততে এতিয়াও পাকিস্তানৰ সামৰিক বাহিনীৰ শক্তি বন্দী৷ এই বিষয়ত আলোকপাত কৰাৰ অপৰাধতে সেই দেশৰ লেখিকা আয়েশা চিদ্দিকাৰ গ্ৰন্থ ‘মিলিটেৰী ইংকঃ ইনছাইড পাকিস্তানচ মিলিটেৰী ইকনমি’ এতিয়াও তাত নিষিদ্ধ ঘোষিত হৈ আছে! সামৰিক প্ৰতিষ্ঠানৰ বিলিয়ন ডলাৰৰ বাণিজ্য সাম্ৰাজ্য, সামৰিক অভ্যুত্থানৰ ইতিহাস, চোৰাংচোৱা সংস্থা আই.এছ.আইৰ নিয়ন্ত্ৰণ, বিভিন্ন সংস্থা, ফাউণ্ডেচনৰ বেনাৰত মৌলবাদী শক্তি সমূহক পুষ্ট কৰি ভাৰতক অস্থিৰ কৰাৰ লক্ষ্যত ছাঁয়াযুদ্ধৰ সেই কথাবোৰক আলোকপাত কৰিবলৈ দেশ এখনে দিবইবা কেনেকৈ? তাৰোপৰি, ভৌগোলিক কাৰণত নিয়ন্ত্ৰণহীন কিছু অঞ্চল, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে স্পষ্ট, কঠোৰ আৰু কাৰ্যকৰী কৰিব নোৱাৰা ধূসৰ নীতিয়ে পাকিস্তানকেই বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছে৷ নিজৰ মাটিত বিষফলৰ গছ প্ৰতিপালন কৰাৰ ফল পাকিস্তানৰ মানুহেই বেছিকৈ ভূগিছে৷ পেছোৱাৰৰ ঘটনাৰ দৰে নিশংসতা, মালালাৰ বিৰুদ্ধে আক্ৰমণ, ধৰ্মীয়স্থল, ৰাজহুৱা স্থানত আক্ৰমণৰ সঘন ঘটনাৰাজিয়ে সেই দেশৰ অন্তঃদেৰ্শীয় সমস্যা আৰু সংঘাতকো প্ৰতীয়মান কৰেই৷

চ’ছিয়েল মেডিয়া যোগে এতিয়া কিন্তু, মৌলবাদী তথা চৰকাৰী তন্ত্ৰৰ প্ৰত্যক্ষ-পৰোক্ষ পৃষ্ঠপোষকতাত সাৰপানী পাই অহা এনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নৱ-প্ৰজন্মই প্ৰতিবাদ কৰিবলৈ লৈছে৷ এই বিষয়ে ইণ্টাৰনেটত সমলৰ সন্ধান কৰিলেই এনে প্ৰচেষ্টাবোৰ জিলিকি উঠাতো আশাপ্ৰদ কথা হৈছে৷ গোড়া তথা যুগৰ সৈতে খাপ নোখোৱা ধৰ্মীয় চিন্তাৰে নতুন সকলৰ জীৱন-যাত্ৰাক প্ৰভাৱিত কৰিব বিচৰাৰ বিৰুদ্ধে হাস্য-ব্যংগ তথা চিৰিয়াছ দুয়ো ধৰণেৰেই প্ৰচেষ্টা তাতো চলি আছে! তাতো শিক্ষিত-ধনিক শ্ৰেণীৰ বিলাসী-অত্যাধুনিক জীৱনৰ বিপৰীতে বেছিভাগ দৰিদ্ৰ-অশিক্ষিতৰ ধৰ্মীয় গোড়ামিৰ চেপাঁৰ সৈতে নৰকসদৃশ জীৱন যন্ত্ৰণা ভাৰততকৈ কিছু ক্ষেত্ৰত বেছি পুতৌলগাহে! এই আধুনিকতা, ধৰ্মীয় প্ৰভাৱে কেনেকৈ পৰিয়াল সমূহত প্ৰভাৱ পেলাইছে, এজন ভাতৃক আমেৰিকাত সংগীতৰ গৱেষক কৰিছে আনজনক তালিবানী, তাৰেই কেঁচা ঘাঁবোৰ ‘খোদা কে লিয়ে’ৰ দৰে পাকিস্তানী চিনেমাই উন্মোচনো কৰি দিছে৷ ইউ-টিউবতো ছবিখন উপলদ্ধ, আগ্ৰহী পাঠকে সন্ত্ৰাসবাদৰ পোখা আৰু হাতোৰা বিষয়ৰ কিছু মৰ্ম চিনেমাখনৰ জৰিয়তে উপলদ্ধি কৰিবলৈ সক্ষম হব৷

পাঠানকোটৰ এই আক্ৰমণৰ ঘটনাৰ বাবে ভাৰতে ৰাষ্ট্ৰ হিচাবে নিজৰ আন্তৰ্জাতিক সীমাৰ নিছিদ্ৰতা আৰু গৃহভূমিৰ সুৰক্ষাৰ প্ৰশ্নত নিজকে কাঠগড়াত তুলিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ জম্মুৰ কাষতে থকা পাঠানকোট দেশৰ সামৰিক সুৰক্ষাৰ ক্ষেত্ৰত এটা বিশাল কৌশলগত আস্থান৷ ইয়াত কেৱল বায়ুসেনাৰে নহয়, আছে স্থল সেনাৰো ভেটি৷ অতি অত্যাধুনিক প্ৰযুক্তিৰ মিগ ২১ বিমান, আক্ৰমণ চলাব পৰা হেলিকপ্তাৰ সমৃদ্ধ এয়াৰ বেছটোত কেইজনমান সন্ত্ৰাসবাদীয়ে সুৰক্ষা বেষ্টনী ফালি কেনেকৈ ভিতৰত প্ৰৱেশ কৰিলে, সেয়া দেশকেই লজ্জানত কৰা বিষয় নহয়নে? পুৱতি নিশা তথাকথিত সুৰক্ষাৰ জাল ভেদি এয়াৰ বেছত প্ৰৱেশ কৰা আততায়ী সকলক কেণ্টিনত পুৱা ব্ৰেকফাষ্ট বনাই থকা অৱ্স্থাৰ পৰা এজন ৰান্ধনিয়ে দেখি আক্ৰমণ কৰি সন্ত্ৰাসবাদীক নিহত কৰাৰ খবৰটোৱে বাস্তৱিকতে সকলোকে সচকিত কৰিছে৷ সঁচাই এয়াই নে দেশৰ নিৰাপত্তাৰ দ্বায়িত্বত থকা এটা বিশাল বায়ুসেনা ঘাটিৰ সুৰক্ষাৰ নমুনা!

আনফালে আকৌ খবৰ, কাষৰীয়া জিলা গুৰুদাসপুৰৰ আৰক্ষী অধীক্ষকৰ গাড়ী অপহৰণ কৰি তেওঁক পেলাই থৈ যোৱাৰ প্ৰায় ২৪ঘণ্টাৰ পাছতো এয়াৰ বেছৰ সুৰক্ষাক ছিদ্ৰশূণ্য কৰা নহ’ল কিয়? এগৰাকী এছপিয়ে আৰ্মীৰ ড্ৰেছত সন্ত্ৰাসবাদীয়ে গাড়ী কাঢ়ি নিয়াৰ খবৰ দিয়াৰ পাছতো যদি প্ৰতিৰোধ গঢ়াত বিফল হ’ল, তেন্তে একোজন সাধাৰণ মানুহে দিয়া খবৰৰ ভিত্তিত সুৰক্ষা এজেন্সি সমূহে কি দৰে পদক্ষেপ লয় সেয়া সহজেই অনুমান কৰিব নোৱাৰিনে? সীমান্তইদি কেনেকৈ পাৰ হৈ আহিল সন্ত্ৰাসবাদী, আহিলেই যদি ৰাজ্যৰ মাটিলৈ, তেন্তে তাৰ পাছৰ দায়িত্ব সীমা সুৰক্ষা বলৰ পৰা কেতিয়া পাঞ্জাৱ পুলিচলৈ আহিল, কিমান ঘটনা গুৰুতৰ হ’লে তাৰ পাছত স্থল সেনাই দায়িত্ব লব, নেচনেল চিকিউৰিটি গাৰ্ডে দায়িত্ব লব, এয়াৰ বেছৰ সুৰক্ষা ফালি সোমালে কোনে সন্ত্ৰাসবাদীক আক্ৰমণ কৰিব, এইবোৰ বিষয়ত সমন্বয়হীনতাৰ কথাও এই ঘটনাৰ আলোচনা কৰি দেশৰ সুৰক্ষা বিশেষজ্ঞ সকলে আঙুলিয়াই দিছে৷ এতিয়া গোচৰ হব, প্ৰতিৰক্ষা তথা গৃহ বিভাগে নিজানিজা তদন্ত কৰিব৷ তাৰ ফলাফল কি ওলাব কোনেও নাজানে, কিন্তু দেশৰ ৰাইজে ভৱিষ্যতে কোনো পক্ষৰ পৰাই কোনোধৰণৰ সুৰুঙা যে আশা কৰা নকৰে, সেই কথা কিন্তু স্পষ্ট হৈ পৰিছে৷

বিষয়টোত মুম্বাই পুলিচৰ সন্ত্ৰাবাদী প্ৰতিৰোধ স্কোৱাডৰ প্ৰাক্তন এগৰাকী মুৰব্বীয়ে এই আক্ৰমণৰ ঘটনাৰ পৰিকল্পনা কৰা সকলৰ হাতত নিশ্চয়কৈ এয়াৰ বেছৰ ভিতৰুৱা তথ্য থাকিবই লাগিব বুলি দাবী কৰিছে৷ জি.পি.এচ, গুগোল মেপৰ যুগতো কিন্তু ভিতৰুৱা নক্সা অবিহনে এনে আঁচনি সম্ভৱ নহয়৷ কিছুদিন পূৰ্বে এগৰাকী সেনা বিষয়াই ইণ্টাৰনেটৰ জৰিয়তে চিনাকি হোৱা কোনো সুন্দৰীৰ জালত পৰি এনেকুৱা গোপন কথা সদৰী কৰাৰ খবৰে ৰাষ্ট্ৰীয় সংবাদ শিৰোনাম দখল কৰিছিল৷ লক্ষণীয় কথা যে, এতিয়া আক্ৰমণ হোৱা কেম্পটোৰ সন্দৰ্ভতো এই হ’নী ট্ৰেপিংৰ জৰিয়তে বছৰ পূৰ্বে তথ্য নিগৰাৰ কথা বাতৰিটোত উল্লেখ আছিল! চোৰাংচোৱাৰ আগতীয়া ইনপুট থকা স্বত্বেও কিয় ছিদ্ৰশূণ্য নহ’ল, সেই বিষয়টোত আসোঁৱাহ থকাৰ কথা প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰে মানি লৈ তদন্ত ঘোষণা কৰিছে আৰু দেশৰ অন্যান্য সামৰিক ঘাটি সমূহৰ সুৰক্ষা নিকপকপীয়া কৰিবলৈ জাননী জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে কথাবোৰৰ গুৰুত্ব এতিয়া উপলদ্ধি কৰি সামৰিক বিষয়া সকলৰ ব্যক্তিগত জীৱনক চ’ছিয়েল মেডিয়া যোগে শ্বেয়াৰ কৰাৰ ক্ষেত্ৰতো প্ৰায় দহোটা নতুন নীতি নিয়ম বান্ধি দিছে৷ তাৰে ভিতৰত কোন স্থানত কোন পষ্টত কৰ্মৰত তাৰ প্ৰকাশ কৰাত নিষেধাজ্ঞা, নীলা ছবি চোৱা তথা পুৰস্কাৰৰ প্ৰলোভন আদিৰ লিংকত ক্লিক নকৰা, ইউনিফৰ্মত ফটো আপলোড নকৰা, সুৰক্ষা তথা কৰ্মস্থান বিষয়ক কোনো আলোচনা, ফটো ইণ্টাৰনেট তথা চ’চিয়েল মেডিয়াৰ মাধ্যমত শ্বেয়াৰ নকৰিবলৈকো পৰামৰ্শ দিয়া হৈছে৷

ভাৰত শলঠেকত পৰিব লগা হৈছে কেইবাটাও কাৰণত। পূৰ্বৰ সন্ত্ৰাসবাদী ঘটনাবোৰৰ ক্ষেত্ৰত পদক্ষেপ নোলোৱা পৰ্যন্ত কোনো আলোচনাত নবহাৰ সিদ্ধান্তৰ নীতি, কাৰ স্বাৰ্থত এই চৰকাৰে সলনি কৰিছে তাকে লৈও প্ৰশ্ন উঠিছে। বহু কেইটা দেশীয় কোম্পানীৰ পাকিস্তানত বাণিজ্যিক প্ৰকল্প ৰাজনৈতিক সু-সম্পৰ্কৰ অভাৱৰ বাবে স্থবিৰ হৈ থকাৰ বাতৰিও উল্লেখযোগ্য। বিশেষকৈ আদানী গ্ৰুপৰ গুজৰাট উপকূলৰ পৰা ৪০০০মেগাৱাট বিজুলী পাকিস্তানত বিপনন কৰাৰ প্ৰকল্পৰ স্থবিৰতাক গতি দিয়াৰ বাবেহে মোদী চাহাবৰ লাহোৰ ইভেণ্টৰ সৌদাৰ্যতা বুলিও সমালোচকে আঙুলিয়াই দিব খোজে! আন্তৰ্জাতিক ভাৱে দক্ষিণ পূৱ এছিয়াত শান্তি প্ৰতিষ্ঠাৰ বাবে হেঁচা আছেই, আছে বহুকেইটা ৰাষ্ট্ৰীয় গুৰুত্ব থকা আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পৰ স্বাৰ্থও। কিন্তু বাস্তৱিকতে পাকিস্তানৰ ৰাষ্ট্ৰীয় চৰিত্ৰৰ ডিএনএত ‘সন্ত্ৰাসবাদ’য়ে খোপনি লোৱাৰ অভিযোগটোও নুই কৰিব নোৱাৰা। প্ৰতিবেশীৰ সৈতে শান্তি প্ৰতিষ্ঠা কৰি পাকিস্তানৰ সৰ্বোচ্চ শাসক সামৰিক শক্তিয়ে কেতিয়াও পাকিস্তানী জনতাৰ চকুত নিজৰ প্ৰাগংসিকতা কমাব নোখোজে, হেৰুৱাব নোখোজে বিলিয়ন ডলাৰৰ বাণিজ্যৰ সাম্ৰাজ্যও। সেইদৰে কাশ্মীৰৰ দৰে এটা চিৰকলীয়া সমস্যাৰ আবেগৰ ধুমুহাৰ পৰাও এচাম মানুহৰ মনক নিস্কৃতি দিয়াটো প্ৰায় অসম্ভৱেই, তাতেই আকৌ ইছলামিক ষ্টেটৰ দৰে ধৰ্মীয় ভাবাবেগৰ জেহাদী শক্তিৰ ঘিউ ঢলাৰ বৰ্তমানৰ পৰিস্থিতিয়ে জইচ-ঈ-মহম্মদৰ দৰে শক্তিৰ উত্থান ঘটাইছে। ১৩টা সন্ত্ৰাসবাদী সংগঠনৰ সমন্বয়ৰক্ষী সমিতিয়ে এনে ছায়াযুদ্ধৰ আঁত ধৰাটো আজি ভাৰতৰ বাবে এটা গভীৰ প্ৰত্যাহ্বানেই। পাৰমাণৱিক শক্তি হিচাবে দুই দেশেই কেতিয়াও সমুখ সমৰত নামিব নোৱাৰাৰ পাছত এতিয়া প্ৰক্সি ৱাৰৰ এই বেমাৰটোৰেই যে প্ৰতিকাৰ কৰিব লাগিব, সেয়াও বাস্তৱ। উন্নত প্ৰযুক্তি, সামৰিক সমল আদিৰে কেৱল বেৰেক ভৰাই ৰখাৰ পৰিবৰ্তে সামৰিক শক্তিক যে দেশৰ আভ্যন্তৰিণ সুৰক্ষাৰ প্ৰশ্নটো কাৰ্যকৰী ৰূপত ব্যৱহাৰ কৰাৰ সময় আহিল সেই কথাও অনুধাৱন কৰিব লাগিব। ৰাজ্যৰ আৰক্ষী, সেনাৰ মাজত প্ৰয়োজনবোধে ইউনিফাইণ্ড কামাণ্ডৰ নিচিনা সমন্বয়সাধন কৰি ৰাষ্ট্ৰৰ বিভিন্ন স্পৰ্শকাতৰ স্থানত স্থায়ী সামৰিক তালাচী চকীৰ ব্যৱস্থাৰো প্ৰয়োজন হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় সীমাত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ, মানৱ সম্পদক সদা সতৰ্ক আৰু জৱাবদিহি কৰা, নিৰ্দিষ্ট ৰোল-ৰোষ্টাৰ-ৰেচপনচিবিলিটিৰ সংজ্ঞা নিৰূপণ কৰি এনে ঘটনাৰ পুণৰাবৃত্তি নোহোৱাটোৰ নিশ্চিতি এতিয়া দেশবাসীয়ে আশা কৰিছে।

আমেৰিকায়ো দক্ষিণ এছিয়াত শান্তি প্ৰতিষ্ঠাৰ নিশ্চিতিৰ বাবে পাকিস্তানক সন্ত্ৰাসবাদবিৰোধী কাৰ্যকৰী ব্যৱস্থা লবলৈ সঁকিয়াই দিছে। পাকিস্তানী প্ৰধানমন্ত্ৰীকো মোদী চাহাবে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সাংগঠিক মুৰব্বী সকলৰ বিৰুদ্ধে দিয়া তথ্য আৰু প্ৰমাণৰ ভিত্তিত কাৰ্যব্যৱস্থা লবলৈ আহ্বান জনাইছে। তাৰ বিপৰীতে সন্ত্ৰাসৰ ক্ষেত্ৰত সদায়েই দুমুখীয়া সাপৰ ভূমিকা লোৱা পাকিস্তানৰ সৈতে আলোচনাত বহি আন্তৰ্জাতিক মঞ্চত সন্মান দি থকাৰ প্ৰয়োজন নাই, তাৰ বিপৰীতে পাকিস্তানৰ আচল চৰিত্ৰ উদঙাই দি আন্তঃৰাষ্ট্ৰীয় হেঁচাৰে সন্ত্ৰাসৰ পৃষ্ঠপোষক দেশ হিচাবে এঘৰীয়া কৰাৰ কূটনীতিৰহে আজি প্ৰয়োজন হৈছে বুলিও বৈদেশিক পৰিক্ৰমাৰ কিছু বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। এনে বহুস্তৰীয় কাৰকেই যে ভাৰত-পাকিস্তানৰ সম্পৰ্কক জটিল কৰি ৰাখিছে সেই পটভূমিও আমি অনুধাৱন কৰিব লাগিব।

মালালা ইউচুফজাইয়ে কৈছে, এটা গুলীয়ে এজন সন্ত্ৰাসবাদীক নিঃশেষ কৰিব পাৰে, কিন্তু শিক্ষাই সন্ত্ৰাসবাদকেই! গতিকে পাঠানকোটৰ এই ঘটনাৰ পৰা উচিত শিক্ষা লৈ কূটনৈতিক, সামৰিক, প্ৰতিৰোধমূলক অথবা ছায়াযুদ্ধৰে ভাৰতবিৰোধী সন্ত্ৰাসবাদৰেই পুলি পোখা উঘলাৰ বাবে প্ৰতিবেশীক উচিত শিক্ষা দিয়াৰ কথাও চিন্তা কৰিব লাগিব। সুপৰিকল্পনাৰে তাকে কৰিব নোৱাৰিলে, নিজৰ মাটিতে সাতোজন বীৰ শ্বহীদ হেৰুৱাৰ আৰু বিশগৰাকীতকৈ অধিক অংগক্ষত জোৱানৰ বেদনা, অনাগত দিনটো যে ভাৰত মাতাই বাৰে বাৰে পাই থাকিব লাগিব, সেই কথাও কিন্তু নিশ্চিত!

(লেখাটি অসমীয়াৰ সুখ-দুখৰ পাততো প্ৰকাশ পাইছে)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!