পথৰুঘাটৰ ৰণ আৰু দলিপুৰাণ -(কুমুদ ডেকা)

পথৰুঘাটৰ ৰণ আৰু দলিপুৰাণ
-কুমুদ ডেকা
১৮৯৪ চনৰ ২৮ ফেব্ৰুৱাৰীৰ কৃষক বিদ্ৰোহৰ পৰা পথৰুঘাট প্ৰসিদ্ধ। বৃটিছৰ নিৰ্মম বন্দুকে নিৰস্ত্ৰ জনতাৰ ওপৰত সংহাৰ সাধি ইতিহাসত থৈ গ’ল এটা মচিব নোৱাৰা ক’লা দাগ।
ইংৰাজ চৰকাৰে দৰঙত প্ৰথমে লগায় ‘নাঙল কৰ’; খনে প্ৰতি তিনি টকাকৈ। তাৰ পিছত আহিল এক নতুন পিয়ল। মাটি জৰীপ কৰি তিনি ভাগত বিভক্ত কৰা হ’ল আৰু সেইদৰে খাজানা ধাৰ্য্য কৰা হ’ল- ১/ বস্তিমাটি –ঘৰবাৰী কৰাৰ উপযুক্ত, ২/ ৰুপিত মাটি – দ আৰু খেতিৰ উপযোগী, ৩/ ফৰিঙ্গতি মাটি-বাম খেতিৰ যোগ্য। এপুৰা মাটিত (চাৰি বিঘা মাটিৰে এপুৰা) খাজানা ধাৰ্য্য কৰা হৈছিল: বস্তি বছৰি এটকা, ৰুপিত ডেৰ টকা আৰু ফৰঙ্গতি এটকাকৈ। এইদৰে সঘন মাটি পিয়ল আৰু কৰ বৃদ্ধিত ৰাইজ অতীষ্ট হৈ বিদেশী শাসনৰ প্ৰতি চৰম অসন্তুষ্টিত এক গণ আন্দোলনৰ মনোভাৱ গঢ় লৈ উঠিল। ঘৰে-বাহিৰে, পামে-পথাৰে, বজাৰে-সমাৰে, সভাই-সমিতিয়ে, য’তে-ত’তে এইটোৱেই হ’ল ঘাই আলোচ্য বিষয়। বিশদ আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হ’ল যে, সমূহ ৰাইজ একত্ৰিত হৈ পথৰুঘাট তহচিলদাৰ অফিচৰ সন্মুখত, বাৰে বাৰে কৰা জৰীপ আৰু কৰবৃদ্ধিত ৰাইজৰ ক্ষোভ প্ৰকাশ কৰা হওঁক আৰু তৎকালে বৰ্দ্ধিত নিৰিখ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱা হওঁক।
এনেদৰে বহু বছৰ পাৰ হ’ল। ৰাইজে সিদ্ধান্ত ল’লে যে এনে বৰ্ধিত হাৰত খাজানা নিদিয়ে আৰু সেই কথা তহচিলদাৰ ডাঙৰীয়াক জনাই দিয়া হ’ল। তেনে সময়তে প্ৰশাসনে পুনৰ এটা জৰীপৰ কাম সম্পূৰ্ণ কৰে। জুইত ঘিঁউ পৰিল। খাজানা আৰু বৃদ্ধি কৰাৰ ঘোষণা শুনাৰ পিছত ৰাইজৰ ধৈৰ্য্যৰ সীমা পাৰ হৈ গ’ল। আগ্নেয়গিৰিত বিস্ফোৰণ ঘটিল। ৰাইজে খাজানা নিদিবলৈ প্ৰত্যক্ষভাৱে থিৰাং কৰিলে, যেতিয়ালৈকে গ্ৰহণীয় মীমাংসা নহয়। তহচিলদাৰ ডাঙৰীয়াই সেইদৰেই ওপৰলৈ ৰিপোৰ্ট পঠিয়ালে।
১৮৯৪ চনৰ ২৬ জানুৱাৰী। পথৰুঘাটৰ ৰাইজমেলত পুনৰ দোহাৰা হ’ল-বৰ্দ্ধিত নিৰিখত ৰাইজে খাজানা নিদিয়ে। সেই সময়ৰ তহচিলদাৰ ভৱানী ভট্টই ৰাইজক প্ৰবোধ দিলে যে, অহা ২৮ জানুৱাৰী তাৰিখে জিলাধিপতিক ব্যক্তিগতভাৱে ৰাইজৰ কথা শুনিবলৈ, পথৰুঘাটলৈ অনাৰ ব্যৱস্থা কৰা হব।
আন্দোলনৰ প্ৰস্তুতিৰ ভিতৰুৱা খবৰ প্ৰশাসনে নিতৌ ৰাখিছিল। পৰিস্থিতিৰ সন্মুখীন হবলৈ বিশাল নিৰাপত্তা বাহিনী লৈ ২৮ জানুৱাৰী তাৰিখে দৰং জিলাধিপতি মিঃ এণ্ডাৰচন, আৰক্ষী অধীক্ষক মিঃ ৰেমচন চাহাব পথৰুঘাটলৈ আহিল।
ৰাতিপুৱাৰ পৰা শ শ কৃষক আৰু সাধাৰণ প্ৰজা চৌদিশৰ পৰা পথৰুঘাটত গোট খাবলৈ ল’লে। লোকে লোকাৰণ্য। ‘হৰিবোল হৰি বোল’, ‘আল্লাহু আকবৰ আল্লাহু আকবৰ’ ধ্বনিয়ে পথৰুঘাটৰ আকাশ কঁপাই তুলিলে। ৰাইজৰ আশা, চৰকাৰে নিশ্চয় ৰাইজৰ আপত্তি সহানুভূতি সহকাৰে বিবেচনা কৰি কিছু হ’লেও ৰেহাই ঘোষণা কৰিব।
দুপৰীয়া অশ্বপৃষ্ঠে ওলালহি তিনি চাহাব। লগত সশস্ত্ৰ সেনা আৰু বন্দুকধাৰী সাধাৰণ পুলিচ। ৰাইজে তেওঁলোকক ‘হৰিবোল হৰিবোল’ আৰু ‘আল্লাহু আকবৰ আল্লাহু আকবৰ’ ধ্বনিৰে স্বাগতম জনালে। চাহাব সকলে পোনে পোনে ডাক-বঙলাত প্ৰৱেশ কৰিলে। জিৰণি লব। ইফালে অপেক্ষা কৰি থকা ৰাইজ ধৈৰ্য্যচ্যুত হ’ল। চাহাব কেইজন ডাক বঙলাৰ পৰা নোলায়হে নোলায়। আবেলি তিনিমান বজাতহে চাহাবসকলে দৰ্শন দিলে, তাকো পুলিচ সেনাৰ আৱেষ্টনীৰ মাজত। ৰাইজ মুখামুখি হ’ল তেওঁলোকৰ আপত্তিবোৰ জনাবলৈ। কিন্তু জিলাধিপতিয়ে পোনচাটেই ৰাইজৰ কথা শুনিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে আৰু নিৰ্দিষ্ট হাৰত খাজানা আদায় দিবই লাগিব, কোনো আপত্তি-বিপত্তিক প্ৰশ্ৰয় দিয়া নহব বুলি জনাই তেওঁলোক ভিতৰ সোমাবলৈ ওলাল। ইফালে নৰম-গৰম তৰ্কা-তৰ্কিৰ পাছত উন্মত্ত ৰাইজ চাহাব সকলৰ ফালে আগুৱাই যাবলৈ ধৰিলে। পুষ্ট-জঙ্গী-ৰক্ষী জোৱান কঠোৰ ভাৱে বাধা দিয়াত ৰাইজ অধিক উত্তেজিত হৈ আৰু অধিক জোৰেৰে অগ্ৰসৰ হব খোজাত আৰক্ষী অধীক্ষকে আদেশ দিলে ৰাইজক মাৰপিট কৰি খুন্দিয়াই পঠিয়াব লাগে। লগে লগে পুলিচ মিলিটেৰী সাধাৰণ খেতিয়ক ৰাইজৰ ওপৰত জঁপিয়াই পৰিল। ৰাইফল বন্দুকৰ কুণ্ডাৰে যধেমধে ৰাইজক খেদি পঠিয়াবলৈ ধৰিলে সশস্ত্ৰ জোৱানে। এনেতে ফুকলু শেখ নামৰ লোক এজনে ৰাইজক খুন্দিয়াই দিবলৈ আদেশ দিয়া পুলিচ চুপাৰজনৰ মূৰত চল চাই একোব সোধাই দিবলৈ সক্ষম হ’ল। চাহাবৰ ঠঙনা খোৱা ঠাইৰ পৰা তেজ ওলাল। টিঙৰি তুলা হৈ জিলাধিপতি বাহিৰ ওলাই চিঞৰিলে “ভাগ যাওঁ, হট যাওঁ” আৰু হুকুম দিয়ে “ফায়াৰ”-লগে লগে জাঁই জাঁই গুলী ৰবষিল নিৰস্ত্ৰ জনতাৰ ওপৰত। সন্মুখৰবোৰ ঢলি পৰিল, ঘাইল হ’ল, কাৰোবাৰ হাত-ভৰি চিঙিল, কাৰোবাৰ পেট ফালিল, নাড়ী-ভূৰু বাহিৰ হ’ল; কাৰোবাৰ দেহ তেজেৰে তুমৰলি হ’ল, মূৰ ফাটি মগজু ওলাল, তেজেৰে লুটুৰি-পুটুৰি দেহৰ চটফটনি চলি থাকিল। পিছ ফালৰ পৰা ৰাইজে হাতত যি পায়, তাকে লৈ মৰসাহেৰে আগবাঢ়ি আহিল। মাটিৰ চপৰা, লাঠী-টাঙোন, ফৰ্মূটি কৰি সেইবোৰকে বন্দুকধাৰী চিপাহীৰ গালৈ দলি মাৰি পঠিয়াই প্ৰতিশোধ ল’লে। পিছ হোঁহকি নাহি বুকু পাতি ল’লে গোড়া চিপাহীৰ গুলী। চাৰিওফালৰ পৰা মাৰনাস্ত্ৰৰ আক্ৰমণত ছেদেলি-ভেদেলি হ’ল নিৰীহ জনতা। পলাব খিজা সকলক পিছে পিছে খেদি কুকুৰ শিয়ালৰ দৰে বন্দুক বাৰীবোৰে গুলীয়াই নিপাত কৰিলে।
নিহত আৰু আহত সকল য’তে পৰিল ত’তে ৰ’ল বহু সময়। ওচৰলৈ কাকো যাব দিয়া নাই। গঞা লোকক ধৰি আনি বলপূৰ্বক তেওঁলোকক তেওঁলোকৰ পিঠিত আহত সকলত তুলি দি মঙ্গলদৈ  অসামৰিক চিকিৎসালয়লৈ অনা হ’ল। গধূলি চকা মকা পোহৰৰ আশ্ৰয় লৈ বাছি যোৱা সকল ঘৰ পালেগৈ। তেওঁলোকে নাজানে কোন মৰিল, কোন তৰিল, কোন আহত হ’ল। আন্ধাৰৰ আঁৰ লৈ নিশা মৃতসকলৰ শবোৰ চোঁচৰাই আনি ওচৰৰ সৰু পুখুৰীটোত একেলগে পুতি থোৱা হ’ল, কোনো চিন চাব নৰখাকৈ। কোনেও মৃতকলৈ শেষ শ্ৰদ্ধাকণো জনাব নোৱাৰিলে।
পথৰুঘাটৰ ৰণ এখন যুদ্ধ নাছিল। এফালে সশস্ত্ৰ বিদেশী প্ৰসাশকৰ দল এটা, আনফালে নিৰস্ত্ৰ গঞা ৰাইজৰ বিৰাট সমাৱেশ। কৃষক ৰাইজৰ মূৰত মাধমাৰ মৰা বলপূৰ্বক খাজনা বৃদ্ধি-এইটোৱেই আছিল মূল কাৰণ। ইয়াকে সাধাৰণ ৰাইজে প্ৰতিবাদ কৰিবলৈ গৈ ১৪০ জন কৃষক শ্বহীদ হৈছিল আৰু ১৫০ জনমান গোটেই গোটেই জীৱনৰ কাৰণে পঙ্গু হৈছিল। (সঠিক সংখ্যা নিৰূপিত কৰা সম্ভৱ নহ’ল)। প্ৰকৃত ঘটনাৰ কোনোৰকম বা-বাতৰি যাতে প্ৰকাশ –প্ৰচাৰ নহয় তাৰ বাবে চোকা নজৰ ৰখা হৈছিল। ৰাজ্যৰ বা দেশৰ জনসাধাৰণে ইয়াৰ খবৰ নাপালে। কৃষক বিদ্ৰোহ সংঘটিত হোৱাৰ ৬৩ বছৰ পাছতহে ছপা আখৰত প্ৰকাশ হ’ল ঘটনাৰ বিৱৰণ। এই ‘দলিপুৰাণ’ নামৰ কবিতাপুথিখনে পথৰুঘাটৰ ৰণৰ একমাত্ৰ লিখিত বুৰঞ্জী।
 
(আগলৈ)
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments