কাটাৰৰ ডায়েৰী – কাৰ বেচি উত্তাপ – বতৰৰ নে ৰাজনীতি চৰ্চাৰ?( ডা° ভূপেন্দ্ৰ নাথ শইকীয়া)


ডোহাৰ তাপমান এতিয়া মে মাহৰ মাজভাগত সৰ্বোচ্চ ৩৬ডিগ্ৰী চেলচিয়াচ চলি আছে৷ বাতাবৰণত দিনটো উষ্ম বায়ু প্ৰবাহমান৷ ক্ৰমে এই উত্তাপ বাঢ়ি ৪২ডিগ্ৰী চেলচিয়াচৰ সীমা অতিক্ৰম কৰিব৷ দেশখনৰ ৰাজধানীত এতিয়া কিন্তু আন এক চৰ্চাই পৰিবেশ ভিতৰে ভিতৰে
উত্তপ্ত কৰি ৰাখিছে৷ দেশখনৰ ৰাজধানী চহৰ ডোহাত ২০২২চনত ফুটবল বিশ্বকাপৰ প্ৰস্তুতি তুংগত চলাৰ সময়তে বাতৰি ওলাইছে – কাটাৰত ফুটবল বিশ্বকাপৰ অনুমতি দি ফিফাই ভুল কৰিলে৷ বাতৰিটো আজি ১৭৷ ৫৷ ২০১৪ৰ অসমৰ শংকৰজ্যোতি আৰু দৈনিক বাতৰিকে ধৰি
( http://www.sankarjyoti.com/new_window.php?q=upload/242_10.jpg আৰু http://www.ajirdainikbatori.com/current/sports.htm) ভাৰতবৰ্ষ আৰু বিশ্বৰ অন্যান্য সংবাদপত্ৰটো প্ৰকাশিত হৈছে৷ লগতে যোৱা বেচ কিছুদিনৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা কথা বহুল প্ৰচাৰিত হৈ আছে যে কাটাৰত বনুৱাই প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৷ আনকি উষ্ণ বতৰত কাম কৰাৰ বাবে প্ৰতি বছৰে শতাধিকজনৰ মৃত্যুও ঘটি আহিছে – http://wonderfulengineering.com/qatars-2022-football-world-cup-is-expected-to-take-more-lives-than-911-heres-why/ ৷ নানান এনে চাপত পৰি চৰকাৰে দেশখনৰ সকলো প্ৰবাসীৰ বাবে আইনৰ কিছু সংশোধন ঘটোৱাৰ ইচ্ছাৰ কথা সংবাদমেল পাতি যোৱা ১৪মে তাৰিখে ঘোষণা কৰিলে –
http://www.gulf-times.com/pdflinks//PDFs/2014/5/15/Daily%20newspaper_2014_05_15_000000.pdf
পিছদিনাৰ কাটাৰৰ সকলো বাতৰি কাকতৰ হেডলাইন ওলাল – কাটাৰে স্পন্সৰশ্বিপ আইন সংশোধনীৰ ক্ষেত্ৰত পদক্ষেপ লব৷ বৰ্তমানলৈ চলি থকা নিয়ম অনুসৰি কোনো কৰ্মচাৰীয়েই নিজৰ স্পন্সৰৰ অনুমতি অবিহনে কৰ্মস্থান সলনি কৰিব নোৱাৰে৷ চাকৰি সলনি কৰিবলৈ হলে দেশ এৰি যোৱাৰ দুবছৰকাল সম্পূৰ্ণ হলেহে কাটাৰলৈ পুনৰ নতুন চাকৰি কৰিবলৈ আহিব পাৰিব৷ নতুন ড্ৰাফ্টমতে চাকৰিৰ চুক্তিকাল শেষ হলে NOC (No Objection Letter) নোহোৱাকৈয়ো এজন কৰ্মচাৰীয়ে নিজৰ নতুন কৰ্মস্থল বাচি লব পাৰিব৷ এই ড্ৰাফ্টখন সংসদত গৃহীত হলে আইনত ৰূপান্তৰিত হব৷ উল্লেখযোগ্যযে কাটাৰৰ বৰ্তমানৰ প্ৰচলিত আইন ব্যৱস্থাৰ বিশ্বৰ বিভিন্ন মানৱ অধিকাৰ সংস্থাই বিৰোধিতা কৰি আহিছে৷ চৰকাৰে ঘোষণা কৰিছে – সকলো বনুৱাৰ থকা-মেলাৰ সা-সুবিধাৰ প্ৰতি চৰকাৰে নজৰ দিব৷ ইউনিয়ন খোলাৰ অনুমতি দিব৷ ঘৰৰ কাম কৰা বনুৱায়ো মালিক সলনি কৰাত আপত্তি নাথাকিব৷ স্পন্সৰৰ আপত্তি নাথাকিলে পাৰ্টটাইম চাকৰি কৰিব পাৰিব৷
নিয়োগকৰ্তাৰ দ্বাৰা কৰ্মচাৰীৰ পাচপ’ৰ্ট জব্দ কৰি ৰাখিলে জৰিমনাৰ পৰিমাণ বৰ্তমানৰ ১০হেজাৰ ৰিয়ালৰ পৰা ৫০হাজাৰ ৰিয়াললৈ বৃদ্ধি কৰাৰো প্ৰস্তাৱ ৰখা হৈছে৷

লগেলগে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিল এনেদৰে –
– এই ড্ৰাফ্টখন আইনলৈ কেতিয়া ৰূপান্তৰিত হব তাৰ কোনো সময় সীমা উল্লেখ কৰা নাই৷
– স্পন্সৰৰ হাতত থকা এক্সিট ভিছাৰ ক্ষমতাৰ বিলুপ্তি নঘটিল৷ চৰকাৰো মাজতে সোমাই ৩দিনৰ পূৰ্ব ঘোষণাৰ সময় বান্ধি প্ৰক্ৰিয়াটো জটিলহে কৰি তুলিলে৷ উল্লেখযোগ্য যে এই দেশত কৰ্মৰত কোনো কৰ্মচাৰীয়ে স্পন্সৰৰ ’এক্সিট ভিছা’ অবিহনে দেশত্যাগ কৰিব নোৱাৰে৷
– ’কৰ্মচাৰী-স্পন্সৰৰ চুক্তি’ মতে চুক্তিৰ ম্যাদ শেষ হলে নতুবা ৫বছৰ চাকৰি কৰিলেহে কৰ্মস্থান বদলি কৰিব পাৰিব৷ এই বন্দোবস্তক ’কাফিলা’ অৰ্থাৎ নিয়োগৰ চুক্তি বোলা হৈছিল৷ চৰকাৰৰমতে ’কাফিলা’ উঠি যাব, তাৰ ঠাই লব ’কৰ্মচাৰী-স্পন্সৰৰ চুক্তিপত্ৰ’ই৷ অৰ্থাৎ নতুন বটলত পূৰণি মদ৷
– কাৰোবাৰ গৃহত কাম কৰালোকে ১০০ৰিয়াল মাহিলি বৰ্ধিত দৰ্মহা পালেই চাকৰি সলোৱাৰ সুযোগ পাব৷
– নতুন আইনত ন্যুনতম দৰ্মহাৰ কোনো উল্লেখ নাই৷

বিলাতৰ সংবাদপত্ৰসমূহে কাটাৰৰ বনুৱাৰ প্ৰতি মালিকপক্ষই কৰা কঠোৰ নীতিৰ সদায় নিৰ্মম সমলোচনা কৰি আহিছে৷ এতিয়াও এই চৰকাৰী ঘোষণাত মুঠেই আশ্বস্ত হব পৰা নাই৷

* কাটাৰত ভাৰতবৰ্ষৰ নিৰ্বাচনৰ প্ৰভাৱ

কাটাৰৰ প্ৰধানমন্ত্ৰী (যাৰ হাতত গৃহদপ্তৰো আছে) আব্দুল্লা বিন নাচেৰ বিন খলিফা অল থানিয়ে ১৬মেৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগেই ভাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেলিফোনযোগে অভিনন্দন জনায়৷
কাটাৰৰ সৰ্বাধিক প্ৰচাৰিত ইংৰাজী দৈনিক গাল্ফ টাইমচ্ (http://www.gulf-times.com/pdflinks//PDFs/2014/5/17/Daily%20newspaper_2014_05_17_000000.pdf) আৰু আন আন সংবাদ পত্ৰটো মোডীৰ ৰঙীন ফটোসহ ভাৰতৰ নিৰ্বাচনৰ ফলাফলৰ বিস্তাৰিত খবৰে শীৰ্ষত ঠাই পাইছে৷
কাটাৰৰ ভাৰতীয় দূতাবাসে ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ অশোকা হলত নিৰ্বাচনৰ ফলাফল চোৱাৰ বিশেষ আয়োজন কৰিছিল৷ মঞ্চত ডাঙৰ টিভি স্ক্ৰিণত ফলাফলৰ লাইভ টেলিকাষ্ট চোৱাৰ ব্যৱস্থা কৰা হৈছিল৷ বুজন সংখ্যক প্ৰবাসী ভাৰতীয়ৰ মাজত আমাৰ ৰাজদূতৰ কেইজনমান কাটাৰী বন্ধুও উপস্থিত আছিল৷ গোটেই পৰিবেশটো হৈ পৰিছিল উৎসৱমূখৰ৷

কাটাৰৰ ডায়েৰী আজিলৈ ইমানেই৷ ডোহাৰ লুলু হাইপাৰমাৰ্কেটত সপ্তাহজোৰা ’আম উৎসৱ’ (Mango Festival) আৰম্ভ হৈছে য’ত বিশ্বৰ ২৭খন দেশৰ আম প্ৰদৰ্শিত আৰু বিক্ৰী হৈছে ৷ কেইদিনমানৰ আগতে বাতৰিত পঢ়িছিলোঁ চৌডি আৰৱত ভাৰতীয় আম আৰু জলকীয়া অধিক কীটনাশক দ্ৰব্যৰ পৰিমাণ পোৱাৰ হেতুকে আমদনি নিষিদ্ধ কৰা হৈছে বুলি৷

১৭ মে ২০১৪,শনিবাৰ
ডোহা, কাটাৰৰ পৰা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!