পঢ়ে, পঢ়ুৱায়, ৰোৱে পাণ (ইমৰান শ্বাহ)
পঢ়ে, পঢ়ুৱায়, ৰোৱে পাণ
ইমৰান শ্বাহ
পাণ ৰুবলৈ কিমান টান মই সঠিকভাৱে ক’ব নোৱাৰিম। কথাষাৰৰ আচল অৰ্থটো লৈ কেতিয়াবা আলোচনা-বিলোচনা হোৱা দেখিছোঁ। মই পিচে তেনেই সাধাৰণভাৱে পিচৰ শাৰীটোত “আন” শব্দটো থকা কাৰণেহে “পাণ” শব্দটো লোৱা হৈছে বুলি ভাবি থৈ দিছোঁ। কাৰণ খেতিৰ মানুহে এনেও ক’ব, পাণ বুলি কি কথা আছে। ৰোওঁ বুলিলে কোনো গছেই চেলেং পেটেঙকৈ ৰুব নোৱাৰি। টিপাতে শিপাৰ পৰা জেঙা লাগে। আৰু জীৱনৰ কোনটো কামনো আওকণীয়া হৈ কৰিলে ভালকৈ কৰিব পাৰি। মই অকণমান স্বাধীনতা ল’ব খুজিছোঁ। পান ৰোৱা মানুহক ল’ৰা-ছোৱালীৰ অভিভাৱকৰ ৰূপক বুলি ধৰি ল’ব খুজিছোঁ। বৰ বেছি ভুলো হ’ব নেলাগে বুলিও ভাবিছোঁ।
মানুহে কয় বোলে হাতী পোৱালি এটাক হাতী কৰি তুলিবলৈ যিমান টান, মানুহ পোৱালি এটাক মানুহ কৰি তুলিবলৈ তাতোকৈ বহুত টান। হাতী পোৱালি ডাঙৰ হ’লে হাতী হ’বই। গৰু হ’ব নোৱাৰে। কিন্তু মানুহৰ পোৱালি এটা ডাঙৰ হৈ আচল অৰ্থত মানুহ নহ’বও পাৰে। সেইযে “ৰেখেছ বাঙালী কৰে মানুষ কৰনি” তেনেকুৱা। মই “গাধও হ’ব পাৰে” বুলি কোৱা নাই কিন্তু। মানুহ পোৱালিক মানুহ কৰি তোলাত অভিভাৱকৰ ভূমিকা এটা বৰ দৰকাৰী চিন্তাৰ বিষয়।
এটা বেচ আহল-বহল ড্ৰয়িং ৰূমত হাতী পোৱালি একোটা হেন চোফাত বহি, বহা কোৱাতকৈ উপবিষ্ট কোৱা ভাল, বাপেকে বন্ধুৰ লগত কথা পাতিছে। এচুকত নিজৰ টেবুলত কিতাপ মেলি লৈ চিক্স-চেভেনত পঢ়া পুতেকে পঢ়ি আছে। অন্ততঃ তেনেকুৱা কৰি আছে। বাপেকহঁতৰ কথা তাৰ কাণত বঢ়িয়াকৈ পৰি আছে। এইবাৰ তেওঁলোকৰ কথা গৈ মাছৰ ওচৰ পাইছে। আৰু বাপেকে ডিঙিটো হতাশাৰে তিয়াই লৈ কৈছে- কেনেকৈ মাছ খাবাহে! বজাৰত জুই। তাতোকৈ পইছা চোবোৱাই ভাল। কেতিয়া খাইছিলোঁ মনতে নপৰে।
চাওঁ বুলি নভবাকৈয়ে পুতেকে বাপেকৰ তেজাল মুখখনলৈ চালে। কি কয় তাৰ এই বাপেকটোৱে। বেছি চাবও নোৱাৰি। বকনি খাব। কিন্তু আজি কিমান দিন প্ৰতিটো সাজত মাছ বা মাংস কিবা এটা নোহোৱাকৈ সিহঁতে ভাতেই খোৱা নাই তাৰ দেখোন মনতে নপৰে। তেন্তে? এই ল’ৰাটোৱে লাহে লাহে কথাবোৰ বুজি আহিব। লাহে লাহে সি এনে এখন আস্থাহীন জগতত প্ৰৱেশ কৰিব য’ত তাৰ নিজৰ ওপৰতো আস্থা ৰখাৰ কোনো প্ৰয়োজন নেথাকিব। কিতাপৰ কথাবোৰ তাৰ বাবে অৰ্থহীন পৰীক্ষা নামৰ প্ৰহসন এটা নেলেখিলে নোহোৱা কিছুমান জাবৰ-জোথৰত পৰিণত হ’ব।
“Type of wise who soars, but never roam.”
বাইদেৱে ব্যাখ্যা লিখি নিবলৈ কৈছে। ছোৱালীজনীয়ে এফালৰ পৰা কুতুৰি গৈছে। বি.এ. পাচ মাকে অকণমান বুজাই দিব পাৰেইবা। লিখি দিলে কথাই নাই। মাকৰ সময় নাই। পাৰ্টিৰ পৰা আহি চিধাই টিভি-ত। চ’নীত চিৰিয়েল। মিছ কৰিব নোৱাৰি। বাপেকক খট বান্ধ। -একো মনত নাই অ’ মা। পঢ়িছিলোঁ যেন লাগিছে ক’ৰবাত। পাহৰিলোঁ। ককায়েৰক সোধ। ককায়েক কলেজত পঢ়া। ন’ৰলেই। অ’ সেইটো। সেইটোনো এটা কথানে। ৰ, মই দিছোঁ। এইখন হ’ল। ইয়াত চব আছে। কি লাগে আখৰে আখৰে তুলি দে। বাইদেউ খুচ হৈ যাব। এখন সহায়িকাৰ কিতাপ। অৰ্থাৎ- অৰ্থাৎ সকলোৱে কেৱল roam কৰিছে। কোনেও Soar কৰা নাই। Type of wise নো তেন্তে কাক কোৱা হ’ব। ছোৱালীজনীয়ে মাকক পইছা খুজিছে। এখন কিতাপ কিনিব। এশ টকা। শিক্ষান্ত পৰীক্ষাৰ নিশ্চিত সফলতা। মাকে নেজানে জীয়েকে দহটকীয়া পাঠ্যপুথিখন কিনিলেনে নাই। দেশখনত সহায়িকা লিখা সাহিত্যিক দেধাৰ। মাৰুতি, দুমহলীয়া ঘৰ। পাঠ্যপুথি লিখা সাহিত্যিকৰ বৰ অভাৱ। কেৱল পঢ়াই মৰা মাষ্টৰবোৰ মাহ-তৰা মানুহ। অঁকৰা।
মাক, বাপেক আৰু দহবছৰীয়া জীয়েকে বহি টি.ভি-ত চিনেমা চাইছে। প্ৰেমিকা নায়িকা সগৰ্ভা হ’ল। বৰষুণ দিলে পৰিত্যক্ত ঘৰত সোমালেই দিগদাৰ। তাৰ পিছত প্ৰেমিক নায়ক জাক ফুৰি উঠাৰ পিছৰ শান্ত গৰু। একো ক’বই নোৱাৰে। ক’ত কি হ’ল। নায়িকাৰ দুখ। কন্দা-কটা। বাপেক-মাকৰ অস্বস্তি। অলপ আগতে কাৰেণ্ট যোৱা হ’লেই ভাল আছিল। জীয়েকক তই ইয়াৰ পৰা যা বুলিও ক’ব নোৱাৰে। জীয়েক কিন্তু নিৰ্ব্বিকাৰ। তাইৰ মুখৰ পৰা কেজুৱেলি ওলায়েই গ’ল- এইজনী বেঙীজনী ক’ৰবাৰ। পিল খাব নোৱাৰিলি। চেহেলী, এভ্ৰিডে। বাপেকে মাকলৈ চালে। মাকে অতি মনোযোগেৰে পৰ্দালৈ চাই ক’লে-টাবটো দেখিছা। বৰ ধুনীয়া ফুল। “বিশ্ব যদি চলে যায়……একা আমি বসে ৰ’ব….” কি আছিল জানো গোটেই শাৰীটো। চাপৰিলে মেঘ নেৰায়। কি যে এটা মান্ধাতা আপ্ত বাক্য।
এইটো আকৌ এটা পুৰণি তথ্য। হ’লেও এতিয়াও নতুন। মানে আমাৰ ইয়াত এনেকৈয়ে চলি আছে। পুতেকে ফে’ল কৰিলে। বাপেকে সুধিছে- কিহতনো ফেল কৰিলি? সি কৈছে- চবতে পাচ কৰিছিলোঁলো। মাত্ৰ এগ্ৰিগেটত ফেল কৰিলোঁ। বাপেকে কৈছে-ইচ ইচ। সেইটোনো ভালকৈ নপঢ়িলি কেলৈ? এইজন পঢ়াশুনা নজনা মানুহ। জনাৰো তথৈবচ। মোৰ সন্দেহ আছে কেইজন ইংৰাজী ফৰফৰাই থকা অভিভাৱকে পুতেক জীয়েকৰ পাঠ্যক্ৰমৰ কিবা হদিচ্ পায়। তৰ্ক ই পাৰে, লৰেন্সৰ “মহ” কবিতাটো আচলতে ৰোমাণ্টিক হয়নে নহয়। দেহ বিচাৰৰ গীতবোৰ মেটাফিজিকেল হ’ব পাৰে নে নোৱাৰে। ঘৰতে এইবোৰ লৈ তৰ্ক এখন চলি থাকিলে অপূৰ্ব পৰিবেশ নিৰ্মাণ হয়। শাৰীৰ দাম, লিপষ্টিকৰ নাম আৰু হ’ব- জোঁৱাইৰ কামৰ কথাকে পাতি থকা ঘৰত সৰস্বতী প্ৰৱেশ নকৰে। আমাৰ বাবেতো চাৰ্টিফিকেট মানে চাকৰিৰ পাৰপত্ৰ।
এতিয়া এটা পুণ্য দাসৰ গল্প। সেইযে বিখ্যাত অভিনেতা। দ’লমুখত “বিশ্বকোষ” পাতি “ৰন্ধন প্ৰণালী” পৰ্য্যন্ত কিতাপ বেচে। মনটো বিশ্বমুখী। কিন্তু হ’লে কি হ’ব। পইছা আহে আখলমুখিতাৰ ফালৰ পৰাহে। কি কৰা যাব পাৰে। নৰেন্দ্ৰ আহোম দোকানলৈ আহিলে চকী এখন আগবঢ়াই দিবই লাগে। গধুৰ আৰু পুৰণি মক্কেল। পঢ়েনে সজাই সেইটো তেওঁৰ নিজৰ কথা। দাসৰ কথা হ’ল মানুহজনে কিতাপ কিনে। তেওঁ আহিলেই দাসৰ মনত খেলায় আহোম এটা উপাধি কেনেকৈ হ’ব পাৰে। কেতিয়াও সোধা নাই। আচলতে আলেঙে আলেঙে কিছুমান কথা ভবাত এটা আমেজ আছে। ভেদ ভাগিলে মজা নেথাকে। সেইবাৰ পুতেকক লৈ আহিছে। ল’ৰাই চিলেবাচত থকা বিভিন্ন ৰেফাৰেন্সৰ কিতাপবোৰ বিচাৰিছে। এইবোৰ আচলতে কেৱল দেখুৱাবলৈ দিয়া নাম। কোনেও নপঢ়ে। নপঢ়াকৈয়ে বি.এ.-এম.এ. হয়। বিশ্বকোষত মাত্ৰ এখন আছিল। বিলাতী লিখক। দাম আঢ়ৈশ। নৰেন্দ্ৰ আহোমে দামটো দিলে। দাসৰ গা চেবাইছিল। কিন্তু মুখেৰে একো নক’লে। ব্যৱসায়ত মানুহৰ মুখলৈ চালে কাম নচলে।
কেইদিনমানৰ পিচত পুত্ৰ আহোম আহি ওলালহি। চুচুক-চামাক। চকুমুখত সৰলতা, গোপনীয়তা দাসৰ শেণচকুতো ধৰা পৰা নাই। -দাদা, এটা কথা হ’ল। কি? এই কিতাপখন লাইব্ৰেৰীত পাইছোঁ। ঘূৰাই লয় যদি। পিছত আন কিতাপ কিনিম। খেলাখন দাসৰ চিনাকি। খন্তেক পুত্ৰ আহোমৰ মুখলৈ চাই ৰ’ল। তাৰ পিচত ক’লে- দিব পাৰা। টকাটো পিছে মই দেউতাৰাকহে দিম। মেহেঙা-মেহেঙকৈ সেই যি গ’ল আৰু নাহিল। পুতেকো বাপেকো। পিতৃৰ জেপৰ পইছা পুত্ৰই ক’ত খৰচ কৰে পিতৃয়ে গম নেপালে বা পাবলৈ যত্ন নকৰিলে বহুতো অথন্তৰ ঘটে। মানুহ ধনী হোৱাত আপত্তি নাই। কিন্তু পুত্ৰধন কন্যাৰত্ন সকলো ধনতকৈ দামী।
এইবোৰ কথা, এনেধৰণৰ বহুতো কথাৰে প্ৰবন্ধ দীঘলীয়া কৰিব পাৰি। মুঠ কথা হ’ল অনীতি, অসত্য, স্বাৰ্থান্ধতা আদি এশ এটা সভ্য মানুহৰ পৰিপন্থী কথাৰে আমাৰ জাতিটো এনেদৰে আচ্ছন্ন হৈ পৰিছে যে আমি কাৰোবাৰ অভিভাৱক হোৱাৰ অধিকাৰ প্ৰায় হেৰুৱাই পেলাইছোঁ। এই অৱস্থাটোৰ পৰিৱৰ্তন হ’ব লাগে। অন্যথা দেশৰ শৈক্ষিক দিশটো এনে এক গভীৰ পঙ্কত নিমজ্জিত হ’ব যে তাৰ পৰা উদ্ধাৰ পোৱা অসম্ভৱ হ’ব। এটা অশিক্ষিত বা কু-শিক্ষিত জাতিৰ জাতি হিচাপে জীয়াই থকাৰ অধিকাৰ নেথাকে।
————————-
আজিৰ অভিভাৱকসকলে এই লেখাটো পঢ়া উচিত আৰু সামাজিক স্বাৰ্থতে নিজৰ সন্তানক মানুহ কৰা উচিত৷ কাৰণ এখন শিক্ষিত ঘৰেহে এজন সুষ্ঠ মানুহৰ জন্ম দিব পাৰিব আৰু এজন সুষ্ঠ মানুহৰ পৰাহে সামগ্ৰিক অৰ্থত সমাজখন বৰ্তি থাকিব৷
ভাল লাগিল ।প্ৰতিজন অভিভাবকে উক্ত কথাখিনি পঢ়া বা জনা উচিত ।