পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত বৰঠাকুৰ)
সচৰাচৰ দেখি থকা পঁইতাচোৰাৰ শ্বেতসাৰ আৰু প্ৰটিন জাতীয় আহাৰেই প্ৰথম পচন্দ যদিও মানুহৰ বাবে উপযোগী আন যিকোনো খাদ্যকেই ইহঁতে খাই ভাল পায়। ইয়াৰ উপৰিও, পৰিস্থিতিসাপেক্ষে পঁইতাচোৰাই কাপোৰ, চাবোন, গ্ৰীজ, আঠা, দাঁত ঘঁহা মলম, পচিবলৈ ধৰা ধাতু আদিও খাদ্য হিচাবে গ্ৰহণ কৰিব পাৰে। খাদ্য সংকটৰ পৰিস্থিতি অধিক ভয়াবহ হ’লে ইহঁতে লাহে লাহে অন্য পঁইতাচোৰাৰ ঠেং, পাখি আদি দেহৰ অংগসমূহো খাবলৈ আৰম্ভ কৰে। এটা প্ৰাপ্তবয়ষ্ক পঁইতাচোৰাই তিনিমাহ পৰ্যন্ত আহাৰ নোখোৱাকৈয়ে (কেৱল পানী খাই) জীয়াই থাকিব পাৰে বুলি কোৱা হয়। বীয়েৰ জাতীয় সুৰাৰ প্ৰতি ইহঁতৰ আসক্তি অতি বেছি বুলি জনা যায়। বীয়েৰৰ গোন্ধত সহজে সন্মোহিত হোৱা বাবে পঁইতাচোৰা ধ্বংস কৰিবৰ উদ্দেশ্য আজিকালি বহুতো স্থানত বীয়েৰক টোপ হিচাবে ব্যৱহাৰ কৰা হয়।
শেহতীয়া গৱেষণাৰ জৰিয়তে জানিব পৰা গৈছে যে পঁইতাচোৰাই অধিক মিঠা স্বাদৰ আহাৰ গ্ৰহণ নকৰে। পুৰণি কালত মিঠা আহাৰৰ লগত বিহ দি পঁইতাচোৰা হত্যা কৰাৰ যি পন্থা অৱলম্বণ কৰা হৈছিল, সেয়া এতিয়া অতীত হৈ আহিছে। বংশানুক্ৰমিক উৎপৰিবৰ্তনৰ বাবে গ্লুক’জ বা অন্য মিঠা স্বাদৰ আহাৰৰ প্ৰতি ইহঁতে লাহে লাহে বিতৃষ্ণা অনুভৱ কৰিবলৈ লৈছে। উত্তৰ কেৰ’লাইনাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এদল গৱেষকে পঁইতাচোৰাৰ স্বাদ ইন্দ্ৰিয়ত সূক্ষ্ম বিদ্যুত বিশ্লেষক(tiny electrode) স্থাপন কৰি তাৰ জৰিয়তে পঁইতাচোৰাৰ মগজুলৈ পৰিবাহিত হোৱা স্বাদ সংকেতসমূহ পৰীক্ষা কৰি চাইছিল। দেখা গৈছিল যে মানুহৰ বাবে অতি মিঠা সোৱাদযুক্ত আহাৰসমূহ পঁইতাচোৰাৰ স্বাদ ইন্দ্ৰিয়সমূহৰ সংস্পৰ্ষলৈ আহিলে ইন্দ্ৰিয়সমূহে ইহঁতৰ মগজুলৈ তিতা স্বাদৰ সংকেতহে প্ৰেৰণ কৰে আৰু তেনেকুৱা তিক্ত আহাৰ গ্ৰহণ কৰাৰ পৰা ইহঁত বিৰত থাকে। ঘটনাটোক প্ৰাকৃতিক উৎপৰিবৰ্তন বুলি ভবা হৈছে যদিও ইয়াৰ সিদ্ধান্তৰ বিষয়ে অধিক অধ্যয়ণ চলি আছে।
এইখিনিতে উল্লেখ কৰিব পাৰি যে পঁইতাচোৰাৰ স্বাদ গ্ৰহণৰ বাবে জিভা ব্যৱহাৰ নকৰে। ইহঁতৰ স্বাদ ইন্দ্ৰিয়সমূহ মূখৰ বাহিৰতেই অৱস্থিত। শ্বাস-প্ৰশ্বাসৰ বাবে ইহঁতে নাক ব্যৱহাৰ নকৰে, দেহৰ প্ৰান্তীয় অংশত থকা ৰন্ধ্ৰসমূহেদিয়েই ইহঁতৰ উশাহ-নিশাহ চলি থাকে। পঁইতাচোৰাৰ মগজুটোও আচলতে ইহঁতৰ মূৰত নাথাকে। পঁইতাচোৰাৰ শৰীৰ বা মনক নিয়ন্ত্ৰণ কৰা অংগবিলাক তাৰ গোটেই দেহতে বিয়পি থাকে, সেয়ে দেহৰ পৰা মূৰ বিচ্চিন্ন কৰি দিয়াৰ পিছতো এটা পঁইতাচোৰা এসপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে। এসপ্তাহৰ পিছত হয়তো মূৰবিহীন পঁইতাচোৰা এটাৰ মৃত্যু ঘটিব পাৰে, সেয়া কিন্তু আহাৰৰ অভাৱত নহয়, মূৰৰ লগত শৰীৰৰ পৰা মূখখনো আতৰি অহাৰ ফলত ইহঁতে পানী খাব নোৱাৰিহে ইমান সোনকালে মৃত্যুক সাবটি ল’ব লগা হয়।
মানুহে অপৰিষ্কাৰ বুলি গণ্য কৰিলেও পঁইতাচোৰাৰ হৃদয়খন কিন্তু অতিকে বিশাল। অবশ্যে এই বিশালতাৰ সংজ্ঞা ঠিক সাহিত্যৰ দ্বাৰা বুজাবলৈ গ’লে সিমান শুদ্ধ নহ’বও পাৰে। পঁইতাচোৰাৰ কলিজাখন আচলতে তেৰ কোঠলীয়া, পেশীবহুল আৰু এইখন ইয়াৰ পৃষ্ঠীয় অঞ্চলেদি ডিঙিৰ ঠিক তলৰ পৰা দেহৰ শেষ অংশলৈকে দীঘলীয়াকৈ বিয়পি থাকে। ইহঁতৰ দেহৰ তেজ চলাচল কৰা ব্যৱস্থাটোক মুক্ত ৰক্তসঞ্চালন ব্যৱস্থা বুলি কোৱা হয় আৰু ৰক্ত পৰিবহণৰ কাৰণে শিৰা বা ধমনীৰ দৰে কোনো কৈশিক নলীকা নাথাকে। দেহৰ কাষত থকা ৰন্ধ্ৰবিলাকেদি তেজৰ লগত অক্সিজেন মিহলি হৈ হৃদয়ৰ প্ৰতিটো কোঠালিলৈ পোণে পোণে এনে অক্সিজেন মিহলি তেজ প্ৰৱেশ কৰিব পাৰে আৰু প্ৰতিটো কোঠালিয়েই দেহৰ বেলেগ বেলেগ অংশলৈ এনে তেজ পাম্প কৰিব পাৰে। হৃদয়ৰ কোঠালিবিলাকত ভাল্ভৰ ব্যৱস্থা থাকে যদিও কিবা কাৰণত এই কোঠালিবিলাকৰ কোনোবা দুই-এটাই কাম কৰিবলৈ বন্ধ কৰি দিলেও শৰীৰটোৰ কোনো অংগলৈকে তেজ চলাচল কৰাত বিশেষ অসুবিধা নহয়। এইখিনিতে উল্লেখ কৰা ভাল যে, মানুহৰ হৃদয়ত মাত্ৰ চাৰিটা কোঠালিহে থাকে আৰু কিবা কাৰণত তাৰে মাত্ৰ কোনো এটা কোঠালি অসুস্থ হৈ পৰিলে মানুহজনৰ জীৱনৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি হয়।
”অপৰিষ্কাৰ” পঁইতাচোৰাৰ হৃদয়ৰ এনে দক্ষতা দেখি বিজ্ঞানীসকলো অনুপ্ৰাণিত হৈছে। ভাৰতৰ পশ্চিমবঙ্গস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(চমুকৈ আই আই টি)ত প্ৰফেছাৰ সঞ্জয় গুহৰ অধীনত দহজনীয়া এটা বিজ্ঞানীৰ দলে পঁইতাচোৰাৰ হৃদয়ৰ আৰ্হিত ধাতু আৰু প্লাষ্টিকেৰে হৃদযন্ত্ৰ নিৰ্মান কৰি ভেকুলীৰ দেহত প্ৰতিষ্ঠাপন কৰি সফলতা লাভ কৰিছে বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু ইয়াক পৰ্যায়ক্ৰমে উন্নত প্ৰাণীৰ দেহত পৰীক্ষা কৰি শেষত মানুহৰ বাবে উপযোগীকৈ নিৰ্মান কৰি উলিওৱাৰ পৰিকল্পনা কৰি আছে। এনে এটা বহুকোঠলীয়া হৃদযন্ত্ৰৰ দ্বাৰা প্ৰতিটো কোঠালিৰ পৰা কম কমকৈ চাপ সৃষ্টি কৰি দেহত ৰক্তসঞ্চালনৰ বাবে প্ৰয়োজনীয় চাপৰ জোৰা মাৰিব পৰা হ’ব আৰু তাৰে কোনো এটা কোঠালি কিবাকৈ বিকল হ’লেও ই অন্য ৰক্তপৰিবাহী অংগসমূহৰ ওপৰত বা ৰক্তকণাসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলাব বুলি আশা কৰা হৈছে। এই পৰ্যন্ত মানুহৰ দেহত কৃত্ৰিমভাবে সংস্থাপন কৰিব পৰা ব্যৱসায়িকভাবে উপলব্ধ হৃদযন্ত্ৰবিলাকত ৰক্তচাপ সৃষ্টি কৰিবলৈ মাত্ৰ এটা কোঠালিহে পোৱা যায় আৰু তেনে যন্ত্ৰৰ বিকলতা অতিকে বিপজ্জনক হয়। ইয়াৰ তুলনাত পঁইতাচোৰাৰ অনুকৰণত হোৱা সম্ভাব্য নতুন উদ্ভাৱনটো বহুপৰিমাণে কম বিপদজনক আৰু ত্ৰিশগুণতকৈও বেছি সস্তাতে পোৱা যাব বুলি ভবা হৈছে। ২০০৯ চনত বিজ্ঞানীৰ দলটোৱে দিয়া এক বিবৃতিত এনে এটা কৃত্ৰিম হৃদযন্ত্ৰ মাত্ৰ একলাখমান টকাতেই উপলব্ধ কৰাব পৰা যাব বুলি ব্যক্ত কৰিছিল।
“মোক এজন বগা মানুহ দিয়া যাৰ ৰক্ত বগা
মোক এজন ক’লা মানুহ দিয়া যাৰ ৰক্ত ক’লা
যদি দিব পাৰা, প্ৰতিদান যি বিচৰা
হওক অমূল্য পাব পাৰা….”
মানুহৰ চালৰ বৰণৰ ভিন্নতাৰ লগত তেজৰ বৰণ সলনি নহয়। বহুতে বগা ৰঙক পৰিষ্কাৰ বা ক’লা ৰঙক অপৰিষ্কাৰ অনুভৱৰ প্ৰতীক বুলি ভাবিলেও সুধাকণ্ঠই গীতৰ মাধ্যমেৰে যেন তাৰ অসাৰতাকেই স্পষ্টকৈ প্ৰকাশ কৰিছে। আকৌ, মানুহে প্ৰথম দৃষ্টিতে পঁইতাচোৰাক অপৰিষ্কাৰ বুলি গণ্য কৰিলেও পঁইতাচোৰাৰ তেজৰ বৰণ কিন্তু ক’লা নহয়। অবশ্যে, বগা বা ক’লা মানুহৰ তেজৰ দৰে পঁইতাচোৰাৰ তেজ ৰঙাও নহয় যদিও কিন্তু, বগা-ক’লাৰ দৃষ্টিৰে চাবলৈ গ’লে পঁইতাচোৰাৰ তেজ মানুহতকৈ পৰিষ্কাৰেই বুলিব পাৰি।
পঁইতাচোৰাৰ তেজৰ ৰং সাধাৰণতে পাতল বগা, পাতল সেউজীয়া বা পাতল সুমথিৰা ধৰণৰ হয়। মানুহৰ তেজত অক্সিজেন পৰিবহণৰ কাৰণে থকাৰ দৰে পঁইতাচোৰাৰ তেজত হিম’গ্ল’বিন নাথাকে আৰু সেই কাৰণেই পঁইতাচোৰাৰ তেজ ৰঙা নহয়। পঁইতাচোৰাৰ তেজক হিম’লিম্ফ (hemolymph বা haemolymph) বোলা হয় আৰু অক্সিজেন বা কাৰ্বণ-ডাই-অক্সাইডৰ পৰিবহণত ইয়াৰ ব্যৱহাৰ মানুহৰ দৰে জটিল নহয়। মুক্ত ৰক্ত সঞ্চালন ব্যৱস্থাৰ জৰিয়তে তেজৰ যোগেদি অতি সহজ প্ৰণালীৰে বায়ুৰ পৰা ইহঁতৰ দেহৰ কোষ আৰু কলালৈ অক্সিজেন আৰু কাৰ্বণ-ডাই অক্সাইডৰ যাতায়ত চলে। তেজৰ মূল ৰঞ্জক, হিম’গ্ল’বিনৰ অনুপস্থিতিৰ বাবে পঁইতাচোৰাৰ তেজৰ ৰং নিৰ্ধাৰণ কৰা কাৰকসমূহহে সলনি হৈ থাকে। পোৱালি আৰু প্ৰাপ্তবয়ষ্ক মতা পঁইতাচোৰাৰ তেজ সাধাৰণতে স্বচ্চৰ পৰা সামান্য বগা হোৱা দেখা যায়। খাদ্যাভাস বা চৌপাশৰ পৰিবেশৰ লগত ই কেতিয়াবা সামান্য সেউজীয়ালৈ পৰিবৰ্তিত হ’ব পাৰে। গৰ্ভৱতী পঁইতাচোৰাৰ যকৃতে ভাইটেল’জেনিন(Vitellogenin) নামৰ এবিধ প্ৰ’টিন প্ৰস্তুত কৰি তেজৰ যোগেদি ইহঁতৰ ডিম্বাশয়লৈ প্ৰেৰণ ধৰে। এইবিধ প্ৰটিনৰ ৰং হাঁহ বা কুকুৰাৰ কণীৰ কুহুমৰ দৰে হোৱা বাবে গৰ্ভৱতী অৱস্থাত মাইকী পঁইতাচোৰাৰ তেজ পাতল সুমথিৰা বৰণৰ হৈ পৰে।
“অপৰিষ্কাৰ” পঁইতাচোৰাৰ তেজ পৰিশোধনৰ বাবে ইহঁতৰ দেহত বৃক্কৰ দৰে এক ব্যৱস্থা আছে। ইহঁতৰ দেহত থকা মালপিঘিয়ান নলীকা (Malpighian tubules)ৰ জৰিয়তে হিম’লিম্ফ বা তেজৰ পৰিশোধন হয়। সোতৰশ শতিকাত মাৰ্ছেল’ মালপিঘিনি(Marcello Malpighi) নামৰ ইটালিয়ান বিজ্ঞানী এজনে পঁইতাচোৰাৰ দেহৰ পাচনতন্ত্ৰৰ মধ্যাংশত সংযুক্ত হৈ থকা এনে একাধিক নলীকা আৰু সিহঁতৰ কাৰ্যপ্ৰণালী আৱিষ্কাৰ কৰিছিল। পঁইতাচোৰাৰ দেহত উৎপন্ন হৈ তেজত মিহলি হৈ পৰা পটাছিয়াম ইউৰেট আৰু আন নাইট্ৰ’জেনযুক্ত লৱণসমূহ মালপিঘিয়ান নলীকাবিলাকে পানীৰ দ্ৰৱ হিচাবে শোষণ কৰি লয়। নলিকাবিলাকৰ কোষসমূহৰ ভিতৰত কাৰ্বণ-ডাই-অক্সাইডৰ উপস্থিতিত পানীৰ সৈতে পটাছিয়াম ইউৰেটে বিক্ৰিয়া কৰি ইউৰিক এচিড আৰু পটাছিয়াম-বাই-কাৰ্বণেট প্ৰস্তুত কৰে। এই পটেছিয়াম-বাই-কাৰ্বণেট পঁইতাচোৰাৰ তেজলৈ পুণৰ প্ৰৱেশ কৰি দেহৰ প্ৰয়োজনীয় কামত অংশগ্ৰণ কৰে আৰু পানীৰ সৈতে ইউৰিক এচিডখিনি নলীকাসমূহৰ ভিতৰত ৰৈ যায়। মালপিঘিয়ান নলীকাৰ কোষবিলাকৰ মাজত ইউৰিক এচিডৰ লগত থকা পানীভাগ শোষণ হৈ পুণৰ তাৰ দেহলৈ প্ৰৱেশ কৰে আৰু ইউৰিক এচিডখিনিয়ে শুকান অৱস্থাপ্ৰাপ্ত হৈ খাদ্যনলীৰ বৰ্জ্য পদাৰ্থসমূহৰ লগত মিহলি হৈ শেষত বিষ্ঠাৰ জৰিয়তে দেহৰ বাহিৰ হৈ যায়। এনেদৰে পঁইতাচোৰাই তাৰ দেহত পানীৰ পুণৰ্ব্যৱহাৰৰ কৰি পানীৰ সংৰক্ষণৰ প্ৰশংসনীয় আদৰ্শও দাঙি ধৰে। উল্লেখযোগ্য যে, এনে নলীকাসমূহ হিম’লিম্ফযুক্ত অন্যান্য পতংগৰ দেহতো পোৱা যায় আৰু নিজৰ কাম কৰি থকা অৱস্থাত মালপিঘিয়ান নলীকাসমূহে সৰ্পিল গতিৰে লৰচৰ কৰি থাকে।
মানুহৰ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো অপৰিষ্কাৰ পঁইতাচোৰাৰ পৰিষ্কাৰ অৱদানৰ বিষয়ে জানিব পৰা গৈছে। কোৰিয়াত আৰম্ভ হোৱা পঁইতাচোৰা ফেছিয়েল (Cockroach Facial Mask) ব্যৱস্থাই শেহতীয়াকৈ বিশ্বৰ অন্যান্য স্থানতো সৌন্দৰ্যপ্ৰয়াসী সকলৰ মাজত যঠেষ্ট আগ্ৰহ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। পদ্ধতিটোত প্ৰথমে কেইবাটাও জীৱিত পঁইতাচোৰাক এটা মিশ্ৰকযন্ত্ৰৰ ভিতৰত লৈ মিহিকৈ খুণ্ডি পেলোৱা হয়। টেপটেপীয়া হৈ পৰা এই পদাৰ্থখিনিৰ লগত নুখুণ্ডাকৈ থাকি যোৱা পঁইতাচোৰাৰ কিছুমান ঠেং মিহলি কৰি দিয়া হয়। পঁইতাচোৰা ফেছিয়েলত এই ঠেংবিলাকৰ পৰা অতিৰিক্ত গুণাগুণ পোৱা যায় বুলি বিশ্বাস কৰা হয়। পদাৰ্থখিনিৰ লগত বজাৰত পোৱা অন্য ফেছিয়েল লেই মিহলি কৰি তাৰ গুণাগুণ আৰু বৃদ্ধি হ’বলৈ দিয়া হয়। এনেদৰে তৈয়াৰ হোৱা সেই মিশ্ৰণটোৰে মূখমণ্ডলত লাহে লাহে আৰু সমানকৈ প্ৰলেপ দিয়া হয়। নিৰ্দিষ্ট সময়ৰ পিছত, ফেছিয়েলৰ অন্যান্য প্ৰচলিত পদ্ধতিত কৰাৰ দৰে পানীৰে ধুই মূখৰ পৰা প্ৰলেপটো আঁতৰাই পেলোৱা হয়।
মাদাগাস্কাৰ নামৰ ঠাইত পোৱা এবিধ পঁইতাচোৰাক (Madagascar Hissing Cockroach, Gromphadorhina portentosa) এক বিশাল আকৃতিৰ পঁইতাচোৰাক সংক্ৰামক বেক্তেৰিয়াৰ বিষয়ে অধ্যয়ণ কৰিবলৈ পোষক “মডেল” হিচাবে ব্যৱহাৰ কৰাৰ যো-জা চলি আছে। এইবিধ পঁইতাচোৰা পাঁছবছৰ পৰ্যন্ত জীয়াই থাকে আৰু আকাৰত ডাঙৰ হোৱা বাবে অধ্যয়ণৰ বাবে সুবিধা হ’ব বুলি ভবা হৈছে। এইবিধ পঁইতাচোৰাৰ দেহত পোৱা হিম’চাইট কণিকাসমূহে স্তন্যপায়ী প্ৰাণীৰ তেজত পোৱা নিউট্ৰ’ফিলৰ দৰে কাম কৰে। ইহঁতৰ দেহলৈ বেক্তেৰিয়াসমূহে প্ৰৱেশ কৰিব পৰা উপায়বোৰো স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত হোৱাৰ দৰে একেধৰণৰ। পঁইতাচোৰাৰ নিউট্ৰ’ফিলে সাধাৰণতে তাৰ দেহলৈ প্ৰৱেশ কৰা পৃথিৱীৰ অধিকাংশ বেক্তেৰিয়াকেই সহজে ধ্বংস কৰি পেলায় যদিও Burkholderia pseudomallei, B. mallei বা B. thailandensis জাতীয় বেক্তেৰিয়াই কিন্তু ইয়াৰ দেহত খোপনি পুতিব বা বংশ বৃদ্ধি কৰিব পাৰে। মানুহৰ বাবে অপকাৰী এনে বেক্তেৰিয়াসমূহ মাদাগাস্কাৰীয় পঁইতাচোৰাবিধৰ দেহলৈ সুমুৱাই তাত ইয়াৰ বিকাশ হ’বলৈ দি ইহঁতৰ জিনীয় প্ৰকৃতি আৰু আণবিক উপাদানসমূহৰ বিষয়ে অধ্যয়ণ কৰিবলৈ সুবিধা হ’ব যেন দেখা গৈছে। এনে অধ্যয়ণৰ ফলত মানুহৰ দেহত সেইবিলাক বেক্তেৰিয়াই সৃষ্টি কৰা সংক্ৰমণজনিত ৰোগসমূহৰ চিকিৎসাৰ উপায় উদ্ভাৱন কৰিবলৈ সুবিধা হ’ব বুলি আশা কৰা হৈছে।
তথ্যসূত্ৰসমূহ:-
(১) http://www.bbc.co.uk/news/science-environment-22611143
(২) http://en.wikipedia.org/wiki/German_cockroach#Diet
(৩) http://www.internet4classrooms.com/susan/cockroach_factpage.htm