প্রবেশিকা পৰীক্ষাৰ ফলাফলৰ আগমুহূৰ্তত মানসিক সন্তোলনি ….!!(-সুৰজিত্ নেওগ)
বন্ধুবৰ প্ৰতিভু দত্তৰ মেট্রিক পৰীক্ষা সম্বন্ধীয় সচা ৰস ৰচনাখন পঢ়ি মোৰো সেই দিনবোৰলৈ মনত পৰি গ’ল…। মোৰ ল’ৰাটোৰ বয়স অনুপাতে তাৰ ডাড়ি-মোছ বেছ আগতীয়াকৈ গজিব ধৰিছে…তাৰ বয়স চাৰে বাৰ এতিয়া; প্রায় ৪-৫ বছৰমান আগৰেপৰা থুতিয়াই এতিয়া মোটামুটি গোটেইটো ভোবোকাৰ হৈ পৰিছে..। গতিকে ১০-১৫ দিনৰ অন্তৰে অন্তৰে তাৰ সেই ডাড়ি-মোছসোপা কেচিৰে চিকুনাই থাকিব লগা হয়…খুৰ এতিয়াও লগোৱা নাই যদিও বুজিছো যে অচিৰেই সেইখনৰ প্রয়োগ আৱ্শ্যম্ভাবি। সেই দিনা সি মোক সুধিলে “দেউতা, তুমি কেতিয়া প্রথম দাড়ি খুৰাইছিলা?” তপৰাই মাত দিলো “মেট্রিক পৰীক্ষাৰ ৰিজাল্ট ওলোৱা দিনা।” …. ঠিক, হয়.. মেট্রিকৰ ৰিজাল্ট ওলোৱা দিনাই পথম খুৰ লগাই দাড়ি কাটিছিলো; তাকো চেলুনত …
এক সাধাৰণ পৰ্য্যায়ৰ মজলীয়া মগজুৰ অধিকাৰি হিচাপে মোৰ জীৱনত বিশেষ উচ্চাকাংখ্যা নাছিল (আৰু এতিয়াও নাই) আৰু মই নিশ্চিত আছিলো যে জীৱনৰ প্ৰথম গুৰুত্বপূৰ্ণ পাঠ্যপুথিয় পৰীক্ষাটোত ফেইল নকৰো বুলি… কেতিয়াও কোনো কথা বৰ চিৰিয়াচকে (ইয়াৰ অসমীয়া প্রতিশব্দটো কি? গুৰুত্বসহকাৰে ?) নোলোৱাৰ, জীৱ্নটো যেতিয়া যেনেদৰে আহে তেনেদৰে আকোৱালি লোৱাৰ আৰু পৰাপক্ষত টেনচন নোলোৱাৰ যাক আজিৰ অসমীয়াত ‘বিন্দাচ’ (!!) বুলি কয় তেনে এক মানসিকতাৰ দ্বাৰা মই পৰিচালিত হোৱাৰ সুবাদত মেট্রিক পৰীক্ষাটো উত্তীৰ্ণ হমেই বুলি বন্ধুকেইজনমানৰ লগত ফলাফল ল’বলৈ বুলি ওলাই গলো। সেই সময়ত আমাৰ ফলাফলবোৰ তিনিচুকীয়াত (তেতিয়াৰ মহকুমা) দিয়া হৈছিল আৰু আমাৰ মফচলীয়া ঠাইখনৰ বিদ্যালয়বোৰৰ প্রধান শিক্ষক সকল পুৱাই তিনিচুকীয়ালৈ ৰাওনা হৈ ১১ মান বজাত ফলাফলসহ ঘুৰি আহি পাইছিল। কিমান “ভাল” হ’ব সেই লৈ কিছু অস্থিৰতা মনে মনে অনুভৱ কৰিবলৈ ধৰিলো সময় যোৱাৰ লগে লগে। মই মোৰ সীমাবদ্ধতাৰ বিষয়ে ভালকৈয়ে জ্ঞাত আছিলো যদিও মোৰ শুভাকাংশীসকলৰ ধাৰণা আছিল যে মই কিবা সাংঘাটিক ৰিজাল্ট এটা কৰিম বুলি…!! সেয়ে শেষমুহুৰ্তৰ সেই অভাৱনীয় ‘প্রেচাৰ এবজৰ্ভ’ কৰাটো মোৰ বাবে মুটামুটি অসহনীয় হৈ পৰিছিল। এতিয়াৰ দৰে তেতিয়া সুৰা ইমান সহজলভ্য হোৱাহেতেন হয়তো কেইঢোক মান তাকে ডিঙিত ঢালি অলপ স্বস্তি পালোহেতেন…চিগাৰেটো তেতিয়া এটা দুটা খাইছিলো… গতিকে কি কৰিম ???
১০-৩০ মান বাজিছে তেতিয়া… ইতিমধ্যে বিদ্যালয়লৈ দুৰভাষত খবৰ আহিছে যে আমাৰ প্রধান শিক্ষক সিং চাৰ এঘাৰমান বজাত আহি পাবহি। লাহে লাহে অস্থিৰ হৈ পৰিছো….. হঠাৎ মনলৈ আহিল জীৱ্নৰ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ ফলাফল ওলোৱাৰ দিনা ময়ো মোৰ জীৱনৰ এটা অন্যতম প্রধান কাম কৰো প্রথমবাৰৰ বাবে… আৰু সেয়া আছিল ল’ৰাৰ পৰা মানুহ (মতা মানুহ !!) হোৱাৰ প্রথম পদক্ষেপ হিচাপে দাড়ি খুৰুৱা…. বছ.. যি চিন্তা সেই মতে কাম…. ৰামনৰেশৰ চেলুনত যেতিয়া দাড়ি খুৰাই আছো, তেতিয়া দোকানৰ প্র্কাণ্ড আইনাখনত দেখো সিং চাৰ এটা ডাঙৰ বেগ লৈ আমাৰ বিদ্যালয়ৰেই আন এজন শিক্ষকৰ ৰাজদুত মটৰ চাইকেল খনত পাৰ হৈ গৈছে….!! . . . . পোন্ধৰ বিশ মিনিট মানৰ পিছত যেতিয়া অকলে চুচুক চামাককৈ বিদ্যালয় খনলৈ সোমাই গলো, দেখো মোৰ দেউতাৰ (য একেখন বিদ্যালয়ৰেই বিষয় শিক্ষক আছিল আৰু পিছলৈ প্রধানশিক্ষক হৈছিল) মুখত এক প্র্শান্তিৰ হাহিঁ… ইতিমধ্যে অনুমাই কৰিছো মই কাকো নিৰাশ কৰা নাই তাৰমানে…. মোৰ দেউতাই মোক সাৱতি ধৰি (জনা হোৱাৰ পিছত বোধকৰো প্রথমবাৰলৈ আৰু এতিয়ালৈকে শেষবাৰলৈ ..!!) ক’লে… অলপতে থাকি গ’ল.. চাৰিটাত লেটাৰ পাইছ..হ’ব ..!! এইবাৰ মোৰ অবাক হোৱাৰ পাল… !! নিজৰ চিকুন মুখখনত নিজে হাত ফুৰাই জীৱনত প্রথমবাৰলৈ অনুভৱ কৰিলো যে মোৰ মুৰটো তাৰমানে ইমান বেয়া নহয়; অলপ খটুৱালে কিবা কিবি হব …. আৰু সেইযে তেতিয়াৰ পৰা মুৰটো খটোৱাই আছো, এতিয়াও খটোৱায়েই আছো আজি ২৮-২৯ বছৰে…. মাজে মাজে ‘মাথা মাৰি’ দিছো… কিন্তু …. একো হোৱাগৈহে নাই দেখোন … !!
[ মেট্রিক পৰীক্ষাৰ ফলাফল ওলোৱাৰ আগ মুহুৰ্তত মানসিক অৱস্থা সকলোৰে কিজানি একেই হয় … লেখাটো সকলো পৰীক্ষাৰ্থীলৈ উচৰ্গা কৰিলো ….]