প্ৰাপ্তি- অপ্ৰাপ্তি (মোহন পাচনি)

পুৱাৰ চোকা ৰ’দ চেৰেঙা খিড়িকীৰ পৰ্দাৰ ফাকেৰে আহি মুখত পৰাত সাৰ পাই উঠিল পল্লৱ ৷ এঙামুৰি দি হাতৰ ঘড়ীটোলৈ চালে…৭.৩০ বাজিলেই ৷ জাঁপ মাৰি বিচনাৰ পৰা নামিল সি ৷ চকু-মুখ ধুই, চকুত কেইবাবাৰো পানী ছটিয়াই ডিউটিলৈ পিন্ধি যোৱা কাপোৰযোৰ সলালে ৷ পাইলটৰ বিচনাখন ৰ’দে নোচোৱেহি ৷ নাক বজাই, লাল-কাল দি পৰি আছে মৃদুল ৷ হেচুঁকি হেচুঁকি জগালে তাক ৷

গোটেই নিশাটোত চাৰিটা মেডিকেল কেচ আৰু শেষৰ এম্বুলেঞ্চ ডেলিভাৰী কেচটোৱে পাইলট মৃদুল আৰু পল্লৱক বাৰুকৈয়ে ভাগৰুৱা কৰি পেলাইছিল ৷ ডেলিভাৰী কেচটো হাস্পটালত এডমিট কৰি আহি লোকেশ্যন সোমাওঁতে পূবে ধলফাট দিছিল ৷ মৃদুলৰ সহায়ত ৰোগীৰ কেবিনটো ডিচইনফেকটেণ্ট লিকুইড, ফ্ল’ৰ ক্লিনাৰেৰে মচি, পানী ঢালি ঢালি পৰিষ্কাৰ কৰি আজৰি হওঁতে প্ৰাতঃভ্ৰমণলৈ দুই এজন লোক ওলাইছিল ৷ হাত ভৰি ধুই আহি, আঁঠুৱা তৰিবলৈ আৰু ডিউটিৰ কাপোৰ সাজ সলাবলৈ ধৈৰ্য নাছিল সিহঁতৰ ৷ তেনেকৈয়ে বিচনাত পৰাৰ লগে লগে ভাগৰ আৰু টোপনিয়ে হেঁচা মাৰি ধৰিছিল দুয়োটাকে ৷

চৌবিশ ঘণ্টীয়া ডিউটিৰ সকলো ৰেকৰ্ড আপডেট কৰি, ৰিপৰ্ট লিখি বাহিৰলৈ ওলাই আহিল পল্লৱ ৷ মৃদুলেও তাৰ ৰিপৰ্টবোৰ লিখি এম্বুলেঞ্চখনৰ পাইলট কেবিনটো পৰিষ্কাৰ কৰাত লাগিছেহি ৷ ৰোগীৰ কেবিনটো চালে পল্লৱে….শুকালে ৷ আগৰ দৰেই পৰিষ্কাৰ হৈ আছে ৷ নাকত লাগিলহি বীজানু নাশকৰ গোন্ধ ৷ সন্তুষ্ট হৈ দুৱাৰখন বন্ধ কৰিলে সি ৷ দহ বিশ মিনিটৰ ভিতৰত ৰিলিভাৰজন আহি পালেই আজৰি হ’ব পাৰিব সিহঁত ৷ ঘৰলৈ গৈ বাহিৰে বাহিৰে পিন্ধা পোছাকবোৰ আৰু গাটো ভালদৰে ধুই গহপুৰলৈ ওলাই যাব লাগিব ৷ কলেজ টাইম ! বহুদিনৰ, বহু চেষ্টাৰ মূৰত বাস্তৱ হ’বলৈ আগবাঢ়িছে তাৰ সপোনবোৰ ৷ আগতে অনুভৱ কৰিব নোৱাৰা মিঠা মিঠা কিছুমান অনুভূতিৰে পুলকিত কৰি তুলিলে তাৰ মনটো….!
চাইৰেণৰ শব্দৰ ৰিংট’নেৰে লোকেশ্যনৰ ফোনটো বাজি উঠিল ৷ দেখিলে হে’ড অফিচৰ পৰা ডি.অ’.ৰ কল… ‘হেণ্ডছ ফ্ৰি’ কৰি ৰিচিভ কৰিলে সি….

: গুড্ মৰণিং কলাবাৰী লোকেশ্যন!

: গুড্ মৰণিং  ই এম টি ছাৰ, এটা আৰ টি এ কে’চ আছে ৰাষ্ট্ৰীয় ঘাঁইপথত, চেংমৰা বজাৰৰ ওচৰত ৷ এজন ত্ৰিশ-পয়ত্ৰিশ বছৰীয়া বাইক আৰোহীক এখন ট্ৰাকে খুন্দিয়াই গৈছে ৷ কেচটো আপোনালোকে ল’ব পাৰিব, নহয় জানো ?
: নিশ্চয় পাৰিম, দিয়ক ৷

: থেংক ইউ ই এম টি ছাৰ . কেচ আইডি আৰু কলাৰ ফোন নম্বৰ ল’ব…৷

কেচ আইডি আৰু কলাৰ ফোন নম্বৰ টুকি ল’লে পল্লৱে ৷ কনফাৰেঞ্চত কলাৰৰ সৈতে কথা পাতি এক্সিডেণ্টটো আৰু ইনচিডেণ্ট লোকেশ্যনৰ বিষয়ে জানি ল’লে মুহূৰ্ততে ৷ মৃদুলে ইতিমধ্যে পিচিআৰ বহী আৰু এপ্ৰ’ন লৈ ৰুমৰ দুৱাৰত তলা লগালেই ৷ সিও এপ্ৰ’নটো পিন্ধি এম্বুলেঞ্চত জাপ মাৰি উঠিল ৷ মৃদুলৰ দক্ষ হাতত চাইৰেণ বজাই এম্বুলেঞ্চ দ্ৰুত গতিৰে ধাৱমান হ’ল ৷ পল্লৱে অনুমান কৰি ল’লে ইনচিডেণ্ট লোকেশ্যন পাবলৈ আৰু দহ মিনিটো নালাগে ৷ সি হাতত গ্লোভছ আৰু মুখত মাস্ক পিন্ধি ল’লে ৷ এজন মটৰচাইকেল আৰোহীৰ ভৰিৰ ওপৰেৰে ট্ৰাক এখনৰ চকা উঠি গৈছে ৷ দুৰ্ভগীয়া ৰোগীজনৰ অৱস্থা তাৰ মনলৈ আহিল ৷ প্ৰদান কৰিবলগা জৰুৰীকালীন সেৱাখিনি আৰু পৰিস্থিতিটো কেনেকৈ চম্ভালিব সি মনতে যুগুতাই ল’লে ৷
ৰাস্তাৰ কাষত তেজেৰে তূমুৰলি হৈ, অৰ্ধচেতন অৱস্থাত হাত ভৰি আচাৰি পৰি আছে যুৱকজন ৷ দুবাৰমান মাতিলে কথা ক’ব পৰা অৱস্থাত আছেনে নাই জানিবলৈ, সঁহাৰি নাপালে ৷ হাতৰ পাল্ছ চালে, ধৰিব নোৱাৰিলে ৷ বহু কষ্টৰে মৃদুল আৰু পথচাৰীৰ সহায়ত যুৱকজনক স্পাইন ব’ৰ্ডত তুলি ষ্ট্ৰেচাৰত শুৱাই দিলে ৷ মূৰত অলপ আঘাত পাইছে ৷ ড্ৰেছিং কৰি দিলে ৷ পেণ্টৰ ভিতৰত ভৰিৰ হাঁড় কিমান ভাগিছে আৰু মঙহ ফাটি কিমান নষ্ট হৈছে পল্লৱে অনুমান কৰিব নোৱাৰিলে ৷ ৰক্তক্ষৰণ বন্ধ কৰিবলৈ ক্ষিপ্ৰতাৰে ‘স্প্লিণ্ট’ লগাই বেণ্ডেজ কৰি দিলে ৷ দক্ষ হাতেৰে  ‘এইটটিন গ’জ’ৰ ‘কেনুলা’ এটা লগাই ‘আৰ এল চেলাইন’ এটা সংযোগ কৰি দিলে ৷ নতুন অক্সিজেন মাস্ক এটা লগাবলৈ যাওঁতেই মৃদুলে বুজি পাই গ’ল কি কৰিব লাগিব সি ৷ পাইলটৰ দুৱাৰৰ কাষৰ চিলিণ্ডাৰৰ কোঠাটো খুলি অক্সিজেন চিলিণ্ডাৰৰ ৰেগুলেটৰটো খুলি দিলে ৷ ৰোগীজনৰ মুখত অক্সিজেন মাস্কটো লগাই দি পাল্ছ, বি.পি. আৰু আন ‘ভাইটেলছ চে’ক’ কৰিলে পল্লৱে ৷ এইখিনি কৰি থাকোতে পথচাৰীৰ মন্তব্যবোৰ উফৰি উফৰি কাণত পৰিলেহি পল্লৱৰ…. ”ৰাস্তাৰ কাষত যুঁজি থকা দমৰা গৰু দুটাৰ এটা হঠাতে ৰাস্তাৰ মাজেৰে দৌৰি পাৰ হৈ গৈছিল ৷ মটৰচাইকেল আৰোহীজনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল… সেই মুহূৰ্ততে পিছে পিছে অহা দ্ৰুতবেগী ট্ৰাকখনৰ চকা….” চিন্তিত হৈ পৰিল সি, যিকোনো মুহূৰ্ততে ৰোগীজন শ্বকত যাব পাৰে ৷ যিমান পাৰি সোনকালে হাস্পটাল পোৱাব লাগিব ৰোগীক ৷ কেবিনৰ মুখলৈ আহি ৰোগীৰ আত্মীয়ক বিচাৰিলে ৰোগীৰ লগত যাবলৈ ৷ কিন্তু অকলশৰীয়া, দুৰ্ঘটনাগ্ৰস্ত ৰোগীজন কাৰোৰে চিনাকি নাছিল । দুশ্চিন্তাত পৰিল পল্লৱ ৷ অগ্যতা পথচাৰী সকলকে সি অনুৰোধ কৰিলে অন্ততঃ দুই বা এজন হাস্পটাললৈ যাবলৈ । কিন্তু কোনো এজন ওলাই নাহিল । উঠি অহা খংটো সম্বৰণ কৰি ল’লে ….(কিবা কাৰণত এম্বুলেঞ্চ আহি পোৱা অলপ দেৰি হোৱা হ’লেই এম্বুলেঞ্চ ভাঙি চূৰমাৰ কৰিবলৈ বহুত ওলালহেঁতেন, কিন্তু ৰোগী এজনৰ লগত হাস্পটাললৈ যাবলৈ কোনো নোলায়…!) । উপায়ন্তৰ হৈ সি থানালৈ ফোন কৰিলে । বহু সময় ৰিং হোৱাৰ পিছত সঁহাৰি আহিল…”আপোনালোকে পেচেণ্টক গহপুৰলৈ লৈ যাওঁক, আমি গৈ আছোঁ…” বেছি আৰু ভাবিব নোৱাৰিলে পল্লৱে, মৃদুলক ইংগিত দিলে….ম’ভ !!
আঢ়ৈ বছৰীয়া অভিজ্ঞতাৰে ভালদৰে বুজিছে পল্লৱে, কোনো আত্মীয় বা শুভাকাংক্ষী লগত নথকাৰ কাৰণে ৰোগীজনৰ কি অৱস্থা হ’বগৈ হাস্পটালত…! ৰোগীজনৰ পকেটত হাত ফুৰালে সি ৰোগীৰ ম’বাইল অথবা নাম-ঠিকনা আৰু আত্মীয়ৰ লগত যোগাযোগৰ নম্বৰ পাই নেকি । সৌভাগ্যক্ৰমে পেণ্টৰ পকেটতে পালে ম’বাইল ফোন এটা । আনলক কৰি স্ক্ৰীণত দেখিলে এটা নাম…. বিকাশ বৰুৱা ৷  কল হিষ্ট’ৰিলৈ গৈ দেখিলে দুটা আউটগয়িং কল, নাম নাই । তৃতীয়টোত হ’ম, চল্লিছ মিনিট আগতে…ফোন কৰিলে সেই নম্বৰতে ।
: হেল্ল’, এইটো বিকাশ বৰুৱাৰ ঘৰ হয় নে ?

: হেল্ল’ , হয় হয়, আপুনি কোনে কৈছে বাৰু ??

: মই কলাবাৰী ১০৮ এম্বুলেঞ্চৰ পৰা কৈছোঁ । আপোনালোকৰ ঘৰ ক’ত ? আপোনালোকৰ দুজনমান গহপুৰ চিভিল হাস্পটাললৈ আহকচোন সোনকালে ।

:ঘৰ বিহালীত । কি হৈছে ? কিয় যাব লাগেনো ??

:বিকাশ বৰুৱাৰ চেংমৰাৰ ওচৰত এক্সিডেণ্ট হৈছে, গুৰুতৰ । আপোনালোক সোনকালে আহক ।
ফোনটো কাটি দিলে সি । বেছি কথা পাতিবলৈ সময় নাই তাৰ । দেহৰ আন অংশৰ আঘাতবোৰকলৈ ব্যস্ত হৈ পৰিল পল্লৱ । বেণ্ডেজৰ মাজেৰে তেজ বিৰিঙিছে । কল চেণ্টাৰলৈ ফোন কৰি কনফাৰেঞ্চত ইমাৰজেন্সী ৰেচপ’ন্স চেণ্টাৰ ফিজিচিয়ানক ৰোগীৰ বিষয়ে সবিশেষ জনাই পৰামৰ্শ বিচাৰিলে । আচলতে যিকোনো ৰোগীক চিকিৎসা আগবঢ়োৱাৰ আগতেই ইআৰচিপিৰ পৰামৰ্শ ল’ব লাগে আৰু পৰামৰ্শমতেহে চিকিৎসা কৰিব লাগে । কিন্তু এনেকুৱা পৰিস্থিতিত সি তাৰ অভিজ্ঞতাৰে সেৱাখিনি আগবঢ়াই, পিছতহে ইআৰচিপিক জনায় । কেতিয়াবা এম্বুলেঞ্চ চলি থকা অৱস্থাত ফোনত কথা পাতিবলৈও অসুবিধা আৰু সময়ো নহয় । ইআৰচিপিৰ পৰামৰ্শ অনুসৰি ভৰিটোৰ আঘাতপ্ৰাপ্ত অংশৰ ওপৰত ‘টৰ্ণিকুইট’ৰে টানকৈ বান্ধি গাঁঠি দি দিলে আৰু চেলাইনৰ গতিবেগ বঢ়াই দিলে সি ।
এম্বুলেঞ্চ ইতিমধ্যে গহপুৰ মহকুমা অসামৰিক হাস্পটালত প্ৰৱেশ কৰিলে । কোনো আত্মীয় লগত নথকা ৰোগীজনক প্ৰাথমিক চিকিৎসা অলপ কৰি লগে লগে বিশ্বনাথ চাৰিআলি অসামৰিক হাস্পটাললৈ ৰেফাৰ কৰিলে । অলপো দেৰি নকৰাকৈ ৰোগীজনক লৈ সিহঁত বিশ্বনাথ চাৰিআলি অভিমুখে ধাৱমান হ’ল । অলপ সকাহ অনুভৱ কৰিলে পল্লৱে । ৰোগীজনক নতুনকৈ ‘কেনুলা’ এটা আৰু ‘হেমচিয়েল’ এটা লগাই দিছে হাস্পটালত । অলপ তিষ্ঠিব পাৰিব ৰোগীজনে । ৰোগীৰ ম’বাইলটো হাতত ল’লে সি, কেইবাটাও মিচড্ কল । ফোন কৰিলে ঘৰলৈ, বিশ্বনাথ চাৰিআলিলৈ গৈ থকাৰ কথা জনালে । তেওঁলোকে অনুৰোধ কৰিলে প্ৰথমে কেথলিক হাস্পটাললৈ নিবলৈ । সিও তাকেই আশা কৰিছিল, ৰোগীজনৰ জীৱনৰ বাবে যিমান পাৰি সোনকালে উন্নত চিকিৎসাৰ প্ৰয়োজন । ৰোগীৰ ভাইটেলছ্ পুনৰ পৰীক্ষা কৰিলে পল্লৱে । শ্বকৰ শংকামুক্ত হোৱা নাই এতিয়াও । নতুনকৈ চেলাইন এটা লগাই দি মৃদুলক ইংগিত দিলে কেথলিক হাস্পটাললৈ ।
কেথলিক হাস্পটালৰ কেজুৱেলিটিত দেখিলে ৰোগীৰ ভৰিৰ অৱস্থা । মেজৰ অপাৰেশ্যন কৰিব লাগিব । হয়তো ভৰিখন….! ভালদৰে হাত ধুই, কেচটো হেণ্ড অ’ভাৰ কৰি, পিচিআৰ বহীত ডাক্তৰ আৰু আত্মীয়ৰ চহী লৈ ওলাই আহিল পল্লৱ । বাহিৰত আত্মীয়সকল আগবাঢ়ি আহিল । ধন্যবাদ আৰু কৃতজ্ঞতাৰে উপচাই পেলালে সিহঁত দুয়োটাক । দেউতাকজনে তাৰ দুহাতত সাবটি ধৰিলে, মুখেৰে একো ক’ব নোৱাৰিলে । সি বুজি পালে সেই নীৰৱ ভাষা । মনটো সীমাহীন প্ৰশান্তিৰে ভৰি পৰিল তাৰ….।

ঘড়ীলৈ চালে পল্লবে ১০.৩০ বাজি গৈছে । বুকুখন চিৰিংকৈ উঠিল তাৰ । ন বজাত লগ ধৰাৰ কথা আছিল ছাঁয়াক । ম’বাইলটো উলিয়াই চালে ত্ৰিশটা মিচড্ কল । কেচত ব্যস্ত থাকোঁতে চাইলেণ্টত আছিল যদিও ভাইব্ৰেচন হৈছিল । সিহে ধ্যান দিব পৰা নাছিল । ইনবক্সত থকা মেচেজটো পঢ়িলে—– “এনেকুৱা ফাঁকি মাৰিব বুলি আগতে জনা হ’লে মোৰ লগতে লগৰজনীৰো ক্লাছ ক্ষতি কৰি নাহিলোহেঁতেন । ফোনটো ৰিচিভ কৰিবলৈও প্ৰয়োজন অনুভৱ নকৰিলে ? ভুল মোৰেই, সহজেই বিশ্বাস কৰিছিলোঁ । এনে ভুল আৰু কেতিয়াও নকৰোঁ….” হাহাকাৰ কৰি উঠিল সি । ফোন কৰিলে । নাই,ছুইটছ্ অ’ফ ! দেহটো সম্পূৰ্ণ এৰি দিলে ছিটত । পৃথিৱীৰ সমস্ত ভাগৰে যেন হেঁচা মাৰি ধৰিলেহি তাক । গোটেই নিশাৰ ভাগৰ আৰু টোপনি, শেষৰ কেচদুটাত লাভ কৰা ক্ষণিকৰ প্ৰশান্তি আৰু এই মুহূৰ্তৰ হতাশা আৰু অশান্তি সকলোবোৰে একেলগে আহি হেঁচি ধৰিছেহি ৷ দেহটো সম্পূৰ্ণ এৰি দিলে ছিটত । পৃথিৱীৰ সমস্ত ভাগৰে যেন হেঁচা মাৰি ধৰিলেহি তাক ৷ তাৰ মগজুত । মূৰটো আওঁজাই দিলে….বোজা ল’বলৈ যেন অসমৰ্থ ! ধোঁৱাৰদৰে কুণ্ডলী পকাই যেন উৰুৱাই দিব সকলো ! ডেচব’ৰ্ডৰ পেকেটটোলৈ হাত গ’ল তাৰ । নাই, খালী ! ক্ষণিকৰ এইকণ সুখৰ পৰাও বঞ্চিত সি এতিয়া……!
(১০৮ এম্বুলেঞ্চ সেৱাৰ তিনিবছৰীয়া জৰুৰীকালীন চিকিৎসা-কৰ্মী ইএমটি জীৱনৰ কিছু মিঠা-তিঁতা অভিজ্ঞতাক গল্পৰ ৰূপ দিবলৈ দুঃসাহস এই নিঃকিনৰ ৷ ফলাফল আপোনালোক শ্ৰদ্ধাৰ পাঠক সমাজৰ ৷)

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

সুন্দৰ!

Copying is Prohibited!