প্ৰতাৰণা – বৰ্ণালী ফুকন

হঠাৎ তাই চিন্তুক দেখা পাই গ’ল৷ শূলীন নামৰ তিনি তাৰকাযুক্ত হোটেলখনৰ পৰা গহীন খোজেৰে চিগাৰেট হুপি হুপি ফুটপাথেৰে ৰিলায়েন্স মলটোৰ দিশত আগুৱাই যোৱা দেখিলে৷ তাৰ পিচে পিচে চুৰিদাৰ পৰিহিতা এগৰাকী মহিলা, খুব সম্ভৱ তাৰ ঘৈণীয়েক৷

তাই আছে ৰাস্তাৰ সিটো পাৰে, সিহঁতৰ ঠিক বিপৰীতে৷ তাই আঁৰ লৈ সিহঁতৰ গতিবিধি লক্ষ্য কৰি থাকিল৷ ৰিলায়েন্সৰ মুখত ৰৈ সি চিগাৰেটৰ শেষ হোপাটো মাৰি চিগাৰেটটো দলি মাৰি চিৰি বগাই ওপৰলৈ উঠিল৷ ইমান পৰে লক্ষ্য কৰি থাকি তাই লাহেকৈ ৰাস্তাটো পাৰ হ’ল৷ তাক দেখাৰ লগে লগে ইমান দিনে উমি-উমি জ্বলি থকা প্ৰতিশোধৰ জুইকুৰা দপ-দপাই জ্বলি উঠিল৷ বিশটা বছৰৰ আগৰ প্ৰতাৰণা, ইমান দিন যোৱাৰ পাছতো কমা নাই প্ৰতিশোধৰ জ্বালা৷ বৰঞ্চ সময় যায় মানে পুৰণি মদৰ দৰে চোক বাঢ়িছেহে৷

তাই চিৰি বগাই ৰিলায়েন্সৰ ভিতৰত প্ৰবেশ কৰিলে৷ দুৱাৰ মুখৰ চিনাকি চিকিউৰিটিৰ ল’ৰাটোৱে কিবা কৈছিল৷ তাইৰ আজি একো শুনাৰ ধৈৰ্য্য নাই, তাইৰ মন মগজুত চিন্তুয়ে ভৰ কৰি আছে৷ ইফালে সিফালে তাই তাক বিচাৰিব ধৰিলে৷ ঘৈণীয়েক বুলি ভবা মানুহ গৰাকী ইতিমধ্যে কেইবাটাও কুৰ্টা হাতত লৈ ট্ৰায়েল ৰুমলৈ সোমাই গ’ল৷ এয়াই সুবৰ্ণ সুযোগ৷ তাই এইবাৰ চিন্তুক বিচৰাত লাগিল৷ সি টি চাৰ্ট এটা লৈ লিৰিকি বিদাৰি আছে৷ তাই ভাবিলে ঘৈণীয়েক ওলোৱালৈ বাট চাই এখন নাটকৰ সৃষ্টি কৰিব নে আগতেই তাক আগ ভেটিব৷ তাই ফোনটো খেপিয়াই চালে, সি সদায় কৈ অহাৰ দৰে অপমান কৰি ফং বনালোঁ, আজি তাক ঘৈণীয়েকৰ আগত ফং বনাবলৈ সকলো তথ্য সহকাৰে প্ৰমাণ আছে৷ তাইৰ ৰৈ থাকি সময় নষ্ট কৰিবলৈ মন নগ’ল৷ তাই লৰালৰিকৈ চিন্তুৰ কাষত থিয় হৈ হেল্ল’ বুলি কৈ তালৈ চাই থাকিল৷ আকস্মিক ভাবে অপৰিচিত এটুকুৰা ঠাইত তাক কোনোবাই চিনি পাই হেল্ল’ কব সি ভাবিবই পৰা নাছিল৷ তাকো সি এসময়ত প্ৰতাৰণা কৰি একো এটা নোকোৱাকৈ পলাই অহা তাৰ এসময়ৰ প্ৰেমিকা আহি তাৰ সন্মুখত থিয় হবহি সি ভাবিবই পৰা নাই৷ এটা মুহূৰ্তৰ বাবে সি হতভম্ব হ’ল৷ তাৰ পিচতেই একোৱেই যেন হোৱা নাই এনে ভাবেৰে তাইক সুধিলে – ভালে আছ?

তাই হুঁটা মাত এটা উলিয়াই দাবী দিয়াৰ সুৰত কৈ উঠিল -ভাল বেয়াৰ খবৰ লবলৈ বা দিবলৈ অহা নাই মই৷ মোক আজি তই কৰা প্ৰতাৰণাৰ দাম লাগে৷ সি ভয় খোৱা যেন লাগিল তাইৰ, সি কৈফিয়ৎ দিব বিচাৰি কিবাকিবি কবলৈ লওঁতেই তাক ৰখাই দি ক’লে -মই তোৰ ওচৰত কৈফিয়ৎ বিচাৰি অহা নাই, মই প্ৰতিশোধ লবলৈ আহিছোঁ৷ ঘৈণীয়েৰৰ আগত আজি তোক ফং বনাম আৰু গোটেই জীৱন এই মানুহজনীৰ চকুত চকু মিলাব নোৱাৰা কৰিম বুলি কৈ তাই তাৰ চকুলৈ চালে৷ তাক খুব অসহায় যেন দেখা গ’ল৷

অকস্মাৎ পাছফালৰ পৰা অহা মাতত দুয়োটাই উভতি চালে৷ মানুহ গৰাকীলৈ চাই তাই কিবা ভাবিলে, হঠাৎ তাই একো নোকোৱাকৈ ৰিলায়েন্সৰ পৰা ওলাই আহিল৷ পিচফালৰ পৰা ঘৈণীয়েকে চিন্তুক কোৱা শুনিলে-কোন তেখেত? চিন্তুৱে উত্তৰত কি ক’লে শুনিবলৈ তাইৰ সময় নাই৷

ঘৰলৈ বুলি আহি থাকোঁতে তাই বাটে বাটে ভাবি আহিল-ভালপোৱাই জানো দাম বিচাৰে, ভালপালে জানো প্ৰতিশোধ লব পাৰি? তাইৰ আজি মনটো ফৰকাল লাগিল৷ খংটো আজি আয়ত্তলৈ ননা হেঁতেন এখন সংসাৰ তাইৰ বাবেই ভাগিল হয়৷

প্ৰতাৰণাৰ খেলত সদায় জিকি অহা চিন্তু এইবাৰ এজনী সাধাৰণ ছোৱালীৰ ওচৰত বেয়াকৈ হাৰিল৷
■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!